উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, সম্পদ আৰু ভাষা ৰক্ষাৰ বাবে এনডিএ চৰকাৰে সম্পূৰ্ণৰূপেদায়বদ্ধঃ প্ৰধানমন্ত্ৰী

 

প্ৰধানমন্ত্ৰীৰ অৰুণাচল, অসম আৰু ত্ৰিপুৰাৰ ভ্ৰমণৰ অংশ হিচাপে আজি তেওঁ গুৱাহাটী ভ্ৰমণ কৰে৷ ৰাজ্যখনত বিভিন্ন উন্নয়নমূলক আঁচনি মুকলি কৰাৰ লগতে তেওঁ উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলাও স্থাপন কৰে৷

|

এই উপলক্ষে তেওঁ ভাষণ প্ৰদান কৰি কয়, ‘‘আজি উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক ঐতিহাসিক দিন আৰু আমাৰ চৰকাৰৰ বাবে এই অঞ্চলটো সদায়েই প্ৰথম অগ্ৰাধিকাৰযোগ্য হৈ আহিছে৷’’ তেওঁ অসম উন্নতিৰ দিশত অগ্ৰসৰ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি কয় যে শেহতীয়া বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা প্ৰকাশ পাইছে আৰু তাৰে ফলশ্ৰুতিতেই অঞ্চলটোৰ বাবে বাজেট আৱণ্টন ২১%লৈ বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ লগতে অঞ্চলটোৰ সংস্কৃতি, সম্পদ আৰু ভাষাৰ ৰক্ষাৰ বাবে দায়বদ্ধ৷ নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত উৰাবাতৰিসমূহক গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনাই তেওঁ কয় যে অসম চুক্তিৰ ৩৬ বৰ্ষৰ পিছতো ইয়াৰ ৰূপায়ন হোৱা নাছিল, কেৱল মোদী নেতৃত্বাধীন চৰকাৰেহে ইয়াক প্ৰণয়ন কৰাৰ দিশত আগবাঢ়িছে৷ প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দলসমূহক জনসাধাৰণৰ আবেগৰ সৈতে খেলা নকৰিবলৈ তথা ৰাজনৈতিক লাভালাভ আৰু ভোটবেংকৰ স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়৷ নাগৰিকত্ব(সংশোধনী) বিধেয়েকৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ লেশমানো ক্ষতি নহয় বুলি তেওঁ নিশ্চিতি প্ৰদান কৰে৷ অসম চুক্তি ৰূপায়নৰ দাবীও পূৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

দুৰ্নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘চকীদাৰে দুৰ্নীতি নাশ কৰিছে৷ পূৰ্বৰ চৰকাৰে দুৰ্নীতিক সাধাৰণ অৱস্থালৈ পৰিণত কৰিছিল কিন্তু আমি ইয়াৰ সমুলঞ্চে নাশ কৰাৰ বাবে উঠি–পৰি লাগিছো৷’’

অঞ্চলটোত প্ৰাকৃতিক গেছৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে তথা ঔদ্যোগিক উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূব গেছ গ্ৰীডৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ তিনিচুকীয়াৰ হলং মডুলাৰ গেছ প্ৰচেছিং প্ৰকল্প মুকলি কৰে যিয়ে অসমৰ মুঠ উৎপাদিত গেছৰ ১৫% যোগান ধৰিব৷ প্ৰধানমন্ত্ৰীয়ে উত্তৰ গুৱাহাটীত মাউণ্টেড ষ্ট’ৰেজ ভেছেলৰ এলপিজি কেপাচিটী অগমেণ্টেচনো মুকলি কৰে৷

|

 

ইয়াৰ পিছত তেওঁ নুমলীগড়ৰ এনআৰএল বায়’-শোধনাগাৰ আৰু বিহাৰ, পশ্চিমবংগ, ছিক্কিম তথা অসমৰ মাজেৰে পাৰ হৈ যোৱা বাৰাউনী–গুৱাহাটীৰ ৭২৯ কিলোমিটাৰৰ গেছ পাইপলাইনৰ আধাৰশিলা স্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সমগ্ৰ ভাৰতত নিৰ্মিত ১২টা বায়’-শোধনাগাৰৰ ভিতৰত নুমলীগড় অন্যতম৷ ইয়াৰ জৰিয়তে অসম তেল আৰু প্ৰাকৃতিক গেছৰ কেন্দ্ৰ হিচাপে পৰিচিত হৈ দেশৰ অৰ্থনীতিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াব৷ তেওঁ চৰকাৰৰ ১০% পৰ্যন্ত ইথানল সংমিশ্ৰণৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে৷

তেওঁ কামৰূপ, কাচাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত চিটী গেছ বিতৰণ নেটৱৰ্কৰ আধাৰশিলা স্থাপন কৰে৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘২০১৪ চনলৈ কেৱল ২৫ লাখ পিএনজি সংযোগৰ সুবিধা আছিল, কিন্তু মাত্ৰ চাৰি বছৰতে এই সংখ্যা ৪৬ লাখলৈ বৃদ্ধি পাইছে৷ আনহাতে চিএনজি ৰিফুৱেলিং ষ্টেচনৰ সংখ্যাও ৯৫০ৰ পৰা ১৫০০লৈ বৃদ্ধি পাইছে৷’’

প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া ছয়লেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ কয় যে আজিৰে পৰা আমি ব্ৰহ্মপুত্ৰৰ ওপৰত ছয় লেনযুক্ত দলঙৰ কাম আৰম্ভ কৰিছো৷ ইয়াৰ দ্বাৰা দুয়োটা পাৰৰ দূৰত্ব ১ ঘণ্টা ৩০ মিনিটৰ ঠাইত ১৫ মিনিটলৈ হ্ৰাস হ’ব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকালৈ ভাৰতৰত্ন প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছে৷ তেওঁ কয়, ‘‘ভূপেন হাজৰিকাই আজি সোশৰীৰে এই পুৰষ্কাৰ লাভ কৰিব পাৰিলেহেঁতেন কিন্তু পূৰ্বৰ চৰকাৰে ভাৰতৰত্ন কিছুমান বিশেষ লোকৰ বাবেহে সংৰক্ষিত কৰি ৰাখিছিল৷ যিসকলৈ ৰাষ্ট্ৰলৈ সন্মান কঢ়িয়াই আনিছিল তেওঁলোকক পুৰষ্কৃত কৰাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হৈছিল৷’’ 

  • Rupam Kakati January 03, 2024

    Great 🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's defence exports surge to record Rs 23,622 crore in 2024-25: Rajnath Singh

Media Coverage

India's defence exports surge to record Rs 23,622 crore in 2024-25: Rajnath Singh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 2 এপ্ৰিল 2025
April 02, 2025

Citizens Appreciate Sustainable and Self-Reliant Future: PM Modi's Aatmanirbhar Vision