আন্দামানত প্ৰধানমন্ত্ৰী;

Published By : Admin | December 30, 2018 | 17:00 IST

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জৰ পোৰ্ট ব্লেয়াৰ ভ্ৰমণ কৰে৷

পোৰ্ট ব্লেয়াৰত তেওঁ শ্বহীদ স্তম্ভত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে চেলুলাৰ জে’লো পৰিদৰ্শন কৰে৷ চেলুলাৰ জে’লত বীৰ ছাভাৰকাৰ আৰু অন্যান্য মুক্তি যুঁজাৰুসকলৰ ৰখা কক্ষবোৰ পৰিদৰ্শন কৰে৷ তেওঁ তাত এখন সুউচ্চ পতাকা উত্তোলন কৰাৰ লগতে নেতাজী সুভাষ চন্দ্ৰ বসূৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷

|

নেতাজী সুভাষ চন্দ্ৰ বসূৰ দ্বাৰা ভাৰত ভূমিত প্ৰথম ত্ৰিৰংগা পতাকা উত্তোলনৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে এটা স্বাৰক ডাকটিকট, মুদ্ৰা আৰু ফাৰ্ষ্ট ডে কভাৰ মুকলি কৰে৷

|

প্ৰধানমন্ত্ৰীয়ে লগতে শক্তি, যোগাযোগ আৰু স্বাস্থ্য খণ্ডৰ এলানি উন্নয়নমূলক প্ৰকল্পও মুকলি কৰে৷

এই উপলক্ষে ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ কেৱল ভাৰত প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতীকৰ উপৰি ই ভাৰতীয়সকলৰ তীৰ্থস্থানো৷ আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জ আমাক আমাক মুক্তিযোদ্ধাসকলৰ সামূহিক সংকল্পক মনত পেলায় দিয়ে৷

|

তেওঁ কয় যে দীপপূঞ্জবাসীৰ সবলীকৰণ আৰু উন্নয়নৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতিবদ্ধ৷ ইফালে, আজি উদ্বোধন কৰা উন্নয়নমূলক প্ৰকল্পসমূহে শিক্ষা, স্বাস্থ্য, যোগাযোগ, পৰ্যটন আৰু সংস্থাপনৰ বৃদ্ধিত অৰিহণা যোগাব৷
৭৫ বছৰৰ পূৰ্বে নেতাজী সুভাষ চন্দ্ৰ বসূয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰা দিনটোত প্ৰধানমন্ত্ৰীয়ে চেলুলাৰ জে’ল পৰিদৰ্শন কৰা বুলি উল্লেখ কৰে৷ তেওঁ কয় যে সহস্ৰাধিক মুক্তিযোদ্ধাই বন্দীত্বৰ জীৱন কটোৱা চেলুলাৰ জে’ল উপাসনা কৰা স্থানতকৈ কোনো গুনে কম নহয়৷ তেওঁ কয় যে দেশবাসীয়ে মুক্তিযোদ্ধাসকলৰ ত্যাগক কেতিয়াও পাহৰিব নালাগিব৷

নেতাজী সুভাষ চন্দ্ৰ বসূক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজীৰ আহ্বান ক্ৰমে আন্দামানৰ বহু যুৱকে ভাৰতৰ স্বাধীনতা আন্দোলনত নিজকে উচৰ্গা কৰিছিল৷ তেওঁ কয় যে ১৫০ ফুট উচ্চতাৰ এই পতাকা হৈছে ১৯৪৩ চনৰ আজি দিনটোৰ স্মৃতি ৰক্ষাৰ এক প্ৰয়াস, যিদিনা নেতাজীয়ে ত্ৰিৰংগা উত্তোলন কৰিছিল৷

|

এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰোজ আইলেণ্ডক নেতাজী সুভাষ চন্দ্ৰ বসূ দ্বীপ; নেইল আইলেণ্ডক শ্বহীদ দ্বীপ আু হেভলক আইলেণ্ডক স্বৰাজ দ্বীপ হিচাপে নতুনকৈ নামকৰণ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান ভাৰতীয়সকলে নেতাজীৰ সপোন বাস্তৱ কৰিবলৈ এখন শক্তিশালী ভাৰত গঢ়াৰ দিশত কাম কৰি আছে৷

প্ৰধানমন্ত্রীয়ে কয় যে চৰকাৰে সমগ্ৰ দেশৰ যোগাযোগ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তোলাৰ দিশত কাম কৰি আহিছে৷ দেশৰ বীৰ-বীৰাংগনাসকলক স্মৰণ কৰা আৰু সন্মান জনোৱাৰ দৰে বিষয়সমূহে জাতীয় সংহতিবোধক আৰু মজবুত কৰাত সহায় কৰে৷ দেশৰ ইতিহাসৰ প্ৰতিটো গৌৰৱপূৰ্ণ অধ্যায় আলোকপাত কৰিবলৈ চৰকাৰৰ সর্বাত্মক প্ৰয়াসৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে বাবাচাহেব আম্বেদকাৰৰ স্মৃতি-বিজড়িত পঞ্চতীর্থ, ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধ আৰু ‘একতাৰ মূর্তি’ৰ কথা উল্লেখ কৰে৷ নেতাজী সুভাষ চন্দ্ৰ বসূ আৰু চর্দাৰ পেটেলেৰ নামত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদানৰ কথা ঘোষণা কৰা হৈছে বুলি তেওঁ সদৰি কৰে৷

|

নেতাজী আৰু চর্দাৰ পেটেলৰ দৰে অন্যান্য নেতৃবৰ্গৰ অনুপ্রেৰণাতে নতুন ভাৰত গঢ়ি তোলা হৈছে, যাৰ মুলতে হৈছে উন্নয়ন৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিৱেশৰ চাহিদা পুৰন কৰিবলৈ এই দ্বীপপুঞ্জৰ উন্নয়ন সাধন কৰা হ’ব৷ উদ্যোগীকৰণৰ অংগ হিচাপে পর্যটন, খাদ্য প্ৰস্তুতকৰণ আৰু তথ্যপ্ৰযুক্তি ক্ষেত্রত বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব৷

|

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক যিমানদূৰ সম্ভৱ আত্মনির্ভৰশীল কৰি তুলিবলৈ যাৱতীয় প্ৰয়াস গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে পোর্ট ব্লেয়াৰ বন্দৰৰ সম্প্ৰসাৰণৰ কথা দোঁহাৰে৷ তেওঁ কয় যে বন্দৰটোৰ সম্প্ৰসাৰণৰ কাম শেষ হ’লে বৃহৎ জাহাজৰ ৰক্ষণাবেক্ষনৰ কাম সম্ভৱ হৈ পৰিব৷ এই দ্বীপপুঞ্জৰ গ্রামীণ পথৰ বর্তমান অৱস্থা সম্পর্কে দু’সপ্তাহৰ ভিতৰত প্ৰতিবেদন বিচৰা হৈছে বুলি সদৰি কৰি প্ৰধানমন্ত্রীয়ে কয় যে প্ৰতিবেদন লাভ কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে তাক চালি-জাৰি চাই সাম্ভাব্য সকলো সহায় আগবঢ়োৱা চেষ্টা কৰিব৷

|

প্ৰধানমন্ত্রীয়ে লগত কয় যে বীৰ ছাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন এটা সুসংহত টার্মিনেল ভৱন গঢ়ি তোলা হৈছে৷ চেন্নাইৰ পৰা সমুদ্রৰ তলেৰে অপ্টিকেল ফাইবাৰ কেবলৰ জৰিয়তে এই দ্বীপপুঞ্জক সংযোগ কৰাৰ কাম শেষ হ’লে আন্দামান আৰু নিকোবৰত ইন্টাৰনেট যোগাযোগ আৰু বৃদ্ধি পাব৷ এই দ্বীপপুঞ্জত জল, বিদ্যুৎ, স্বচ্ছ শক্তি আৰু স্বাস্থ্য খণ্ডত চলি থকা উন্নয়নমূলক কামসমূহ সন্দৰ্ভতো ভাষণত সবিস্তাৰে উল্লেখ কৰে প্ৰধানমন্ত্রী মোদীয়ে৷

|

Click here to read full text of speech

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Blood boiling but national unity will steer Pahalgam response: PM Modi

Media Coverage

Blood boiling but national unity will steer Pahalgam response: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Civil Investiture Ceremony-I
April 28, 2025

Prime Minister, Shri Narendra Modi, today, attended the Civil Investiture Ceremony-I where the Padma Awards were presented."Outstanding individuals from all walks of life were honoured for their service and achievements", Shri Modi said.

The Prime Minister posted on X :

"Attended the Civil Investiture Ceremony-I where the Padma Awards were presented. Outstanding individuals from all walks of life were honoured for their service and achievements."

|