প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইচ.ই. ডঃ এঞ্জেলা মাৰ্কেলক টেলিফোনৰ জৰিয়তে তেখেতৰ ক্ৰমাগত চতুৰ্থটো কালৰ বাবে ফেডাৰেল ৰিপাব্লিক অব জাৰ্মানীৰ চেঞ্চেলৰ বিষয়া পদত অধিষ্ঠিত হোৱা বাবে অভিনন্দন জ্ঞাপন কৰে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানীত চেঞ্চেলৰ মাৰ্কেলে শক্তিশালী নেতৃত্ব প্ৰদান কৰাৰ বাবে তথা তেওঁৰ নেতৃত্বৰ কালছোৱাত ইউৰোপীয়ান পৰিক্ৰমাত জাৰ্মানীয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ইণ্ডো-জাৰ্মান দ্বি-পাক্ষিক সম্বন্ধ উত্তৰণ তথা শক্তিশালী কৰাৰ বাবে চেঞ্চেলৰ মাৰ্কেলৰ সৈতে অবিৰত সহযোগিতা প্ৰদান কৰি যাব বুলি মন্তব্য কৰে৷
ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে মাৰ্চ মাহৰ ২২-২৬ তাৰিখলৈ ৰাজ্য পৰিদৰ্শনৰ বাবে ভাৰতলৈ অহা ৰাষ্ট্ৰপতি ফ্ৰেংক ৱাল্টাৰ ষ্টেইনমিয়েৰৰ সৈতে তেওঁৰ পৰৱৰ্তী বৈঠকখনৰ বাবে আগ্ৰহেৰে বাট চাব৷