প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰা শিশুসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে মতবিনিময় কৰে৷ শিশুসকলে তেওঁলোকৰ বিশেষ সাফল্য আৰু প্ৰেৰণাদায়ী কাহিনীসমূহ প্ৰধানমন্ত্ৰীৰ সন্মুখত ব্যক্ত কৰে৷
প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক বঁটা জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷
তেওঁ কয় যে এই বঁটাই প্ৰতিভাৱান শিশুসকলক স্বীকৃতি দিয়াৰ এক সুন্দৰ সুযোগ কঢ়িয়াই আনিছে আৰু ইয়ে তেওঁলোকৰ দৰে আন বহুতো শিশুক উৎসাহিত কৰিব৷
প্ৰধানমন্ত্ৰীয়ে শিশুসকলক প্ৰকৃতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়৷
প্ৰধানমন্ত্ৰীয়ে শিশুসকলক প্ৰকৃতিৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায়৷
তেওঁ শিশুসকলৰ সৈতে এক ৰসাল মুহূৰ্ত অতিবাহিত কৰে আৰু প্ৰতিভাৱান শিশুসকলৰ অনুৰোধ ৰক্ষা কৰি অটোগ্ৰাফো দিয়ে৷
পটভূমিঃ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দুটা শাখাত আগবঢ়োৱা হৈছে৷ ব্যক্তিগত শাখাৰ বাবে বাল শক্তি পুৰস্কাৰ আৰু শিশুৰ বাবে কাম কৰা প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষলৈ বাল কল্যাণ পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে৷
এই বছৰ বাল শক্তি পুৰস্কাৰৰ বাবে মুঠ ৭৮৩ খন আবেদন লাভ কৰা হৈছিল৷
মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে উদ্ভাৱন, ক্ৰীড়া, কলা আৰু সংস্কৃতি, সামাজিক সেৱা, সাহসিকতা আৰু শৈক্ষিক পাৰদৰ্শিতাৰ অধীনত ২৬গৰাকী শিশুক বাল শক্তি পুৰস্কাৰৰ বাবে নিৰ্বাচিত কৰে৷
ৰাষ্ট্ৰীয় বাছনি কমিটীয়ে ২ ব্যক্তি বিশেষ আৰু ৩ প্ৰতিষ্ঠানক বাল কল্যাণ পুৰস্কাৰৰ বাবে মনোনীত কৰে৷