প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কাৰ্টোছাট-৩ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় এক ডজন ক্ষুদ্ৰ উপগ্ৰহ কঢ়িয়াই নিয়া পিএছএলভি-চি৪৭ৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দন জনাইছে৷
“থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কাৰ্টোছাট-৩ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় এক ডজন ক্ষুদ্ৰ উপগ্ৰহ কঢ়িয়াই নিয়া পিএছএলভি-চি৪৭ৰ সফল উৎক্ষেপনেৰে আন এক সাফল্য ৰচা ইছৰোক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷
অত্যাধুনিক কাৰ্টোছাট-৩য়ে আমাৰ উচ্চ ক্ষমতাসম্পন্ন আলোকচিত্ৰ গ্ৰহণ সক্ষমতা বৃদ্ধি কৰিব৷ ইছৰোৱে পুনৰ এবাৰ দেশবাসীক গৌৰবান্বিত কৰিলে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷
I heartily congratulate the entire @isro team on yet another successful launch of PSLV-C47 carrying indigenous Cartosat-3 satellite and over a dozen nano satellites of USA.
— Narendra Modi (@narendramodi) November 27, 2019