শততম উপগ্ৰহৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷
‘পিএছএলভিৰ সফল উৎক্ষেপনৰ বাবে ইছৰো আৰু তেওঁলোকৰ সকলো বিজ্ঞানীলৈ মই আন্তৰিক অভিনন্দন জনাইছো৷ নৱবৰ্ষৰ আৰম্ভণিতে লাভ কৰা এই সাফল্যই মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশৰ ক্ৰমবৰ্ধমান গৌৰৱ বৃদ্ধি কৰাৰ লগতে দেশৰ নাগৰিক, কৃষক আৰু মাছমৰীয়াসকলক উপকৃত কৰিব৷
ইছৰোৰ শততম উপগ্ৰহ উৎক্ষেপনে ইয়াৰ গৌৰৱময় সাফল্যৰ সমান্তৰালকৈ ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ উজ্জ্বল ভৱিষ্যতৰ দিশো প্ৰতিফলিত কৰে৷
ভাৰতৰ সাফল্যৰদ্বাৰা আমাৰ সহযোগী ৰাষ্ট্ৰবোৰো উপকৃত হ’বলৈ সক্ষম হৈছে৷ আজিৰ উৎক্ষেপনৰ জৰিয়তে মুঠ ৩১টা উপগ্ৰহৰ ভিতৰত আন ছয় দেশৰ ২৮টা উপগ্ৰহ মহাকাশলৈ কঢ়িয়াই নিয়া হৈছে৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷
My heartiest congratulations to @isro and its scientists on the successful launch of PSLV today. This success in the New Year will bring benefits of the country's rapid strides in space technology to our citizens, farmers, fishermen etc.
— Narendra Modi (@narendramodi) January 12, 2018
The launch of the 100th satellite by @isro signifies both its glorious achievements, and also the bright future of India's space programme.
— Narendra Modi (@narendramodi) January 12, 2018
Benefits of India's success are available to our partners! Out of the 31 Satellites, 28 belonging to 6 other countries are carried by today's launch.
— Narendra Modi (@narendramodi) January 12, 2018