প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ সমাৱেশত উপস্থিত থাকে৷ সমাৱেশত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন এনচিচি বাহিনী আৰু আন চুবুৰীয়া ৰাষ্ট্ৰৰ কেডেটসকলৰ গাৰ্ড অৱ অনা আৰু কুচকাৱাজ পৰিদৰ্শন কৰে৷
বড়ো চুক্তি আৰু ব্ৰু-ৰিয়াং চুক্তিঃ
উত্তৰ-পূবৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে এই অঞ্চলটো অৱহেলিত হৈ আছিল আৰু সন্ত্ৰাসবাদৰে যুঁজ দিবলগীয়া হৈছিল৷ বহুতো নিৰপৰাধী লোকে প্ৰাণ হেৰুৱাইছিল৷ কিন্তু এইখন চৰকাৰে উত্তৰ-পূবৰ উন্নয়নৰ বাবে অভূতপূৰ্ব পৰিকল্পনা গ্ৰহণ কৰিছে আৰু আনহাতে সকলো পক্ষৰ সৈতে মুকলি মনেৰে আলোচনাৰ ব্যৱস্থা কৰা হৈছে৷ বড়ো শান্তি চুক্তি ইয়াৰে ফল৷ এয়া হ’ল যুৱ ভাৰতৰ চিন্তা৷
মিজোৰাম আৰু ত্ৰিপুৰাৰ মাজত ব্ৰু-ৰিয়াং চুক্তি সম্পাদিত হোৱাৰ পাছত ব্ৰু জনজাতিৰ সৈতে জড়িত ২৩ বছৰ পুৰণি সমস্যা সমাধান হ’ল৷ এয়া হ’ল যুৱ ভাৰতৰ চিন্তা৷ আমি সকলোকে লগত লৈ, সকলোকে বিকশিত কৰি, সকলোৰে বিশ্বাস আদায় কৰি দেশখন আগুৱাই নি আছো৷
নাগৰিকত্ব সংশোধনী আইন
প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে সঠিকভাৱে জনাটো দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰযোজন৷ স্বাধীনতাৰ পিছৰ পৰা ভাৰতবৰ্ষই পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ হিন্দু-শিখ আৰু আন সংখ্যালঘু লোকক প্ৰতিশ্ৰুতি দি আহিছে যে তেওঁলোকে প্ৰয়োজনবোধত ভাৰতলৈ আহিব পাৰে৷ তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ভাৰতবৰ্ষ তেওঁলোকৰ সৈতে আছে৷ এয়া জাতিৰ পিতা মহাত্মা গান্ধীৰো ইচ্ছা আছিল৷ আনকি ১৯৫০ৰ নেহৰু-লিয়াকট চুক্তিৰো এয়াই মূল বিষয় আছিল৷ “এই দেশসমূহত যিসকল ব্যক্তিয়ে নিজৰ ধৰ্মীয় বিশ্বাসৰ বাবে অত্যাচাৰৰ সন্মুখীন হয়, তেন্তে তেওঁলোকক আশ্ৰয় দিয়াটো ভাৰতৰ কৰ্তব্য৷ তেনেকুৱা লোকৰ ক্ষেত্ৰত হৈ থকা ঐতিহাসিক অন্যায় দূৰ কৰিবলৈয়ে আজি আমাৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন আনিছে৷ তেনেকুৱা লোকক ভাৰতৰ নাগৰিকত্ব দিয়াটো ভাৰতৰ পুৰণি প্ৰতিশ্ৰুতি৷” —প্ৰধানমন্ত্ৰীয়ে কয়৷
প্ৰধানমন্ত্ৰীয়ে কয় যে দেশ বিভাজনৰ সময়ত বহুতো লোকে ভাৰত এৰি যাবলগীয়া গৈছিল কিন্তু ইয়াৰ সম্পত্তিৰ ওপৰত অধিকাৰ ৰাখি গৈছিল৷ কোটি কোটি টকাৰ এই সম্পত্তিসমূহৰ ওপৰত ভাৰতৰ অধিকাৰ সত্ত্বেও দশক দশক ধৰি শত্ৰু সম্পত্তি আইনক স্থগিত কৰি ৰখা হৈছে৷ তেওঁ পুনৰ কয় যে যিসকলে শত্ৰু সম্পত্তি আইনৰ বিৰোধিতা কৰি আহিছে, তেওঁলোকেই এতিয়া নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ ৰাজপথলৈ ওলাইছে৷
ভাৰত-বাংলাদেশ সীমান্ত বিতৰ্কঃ
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত আৰু বাংলাদেশ সীমান্তৰ বিবাদ অন্ত পেলোৱাৰ বাবে পূৰ্বে কোনো দৃঢ় পদক্ষেপ নাছিল৷ সীমান্ত যেতিয়ালৈ বিবদমান হৈ থাকিব, তেতিয়ালৈকে অনুপ্ৰৱেশ বন্ধ নহয়৷ বিবাদ জীয়াই ৰাখি, অনু্প্ৰৱেশকাৰীৰ বাবে পথ মুকলি কৰি ৰাখি তেওঁলোকে নিজৰ ৰাজনীতি চলাই আছিল৷
প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে উভয় পক্ষৰ সৈতে আলোচনা আৰু সন্মতিক্ৰমে বাংলাদেশ সীমান্ত বিবাদ নিষ্পত্তি কৰিছে৷ তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে কেৱল সীমান্ত বিবাদ নিষ্পত্তি হোৱাই নহয়, ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কই আজি ঐতিহাসিক উচ্চতা স্পৰ্শ কৰিছে আৰু দুয়োখন ৰাষ্ট্ৰই ঐক্যবদ্ধভাৱে দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷
কাৰ্টাৰপুৰ কৰিড’ৰঃ
প্ৰধানমন্ত্ৰীয়ে কয় যে বিভাজনে গুৰুদ্বাৰ কাৰ্টাৰপুৰ ছাহিবক আমাৰ পৰা দূৰলৈ লৈ গৈছিল আৰু ই পাকিস্তানৰ অংশ হৈছিল৷ কাৰ্টাৰপুৰ হ’ল গুৰু নানকৰ ভূমি৷ দেশৰ কোটি কোটি লোকৰ বিশ্বাস এই পবিত্ৰ ভূমিৰ সৈতে জড়িত হৈ আছে৷ দশক দশক ধৰি শিখ ভক্তসকলে কাৰ্টাৰপুৰ দৰ্শন আৰু গুৰু ভূমিৰ স্পৰ্শ পাবলৈ অপেক্ষা কৰি আছিল৷ এই চৰকাৰে কাৰ্টাৰপুৰ ক’ৰিডৰ স্থাপন কৰি শিখ ভক্তসকলৰ মনোকামনা পূৰণ কৰিছে৷