প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আজি এক টেলিফোনিক বাৰ্তালাপত ২০১৯ বৰ্ষৰ শুভকামনা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ৰাছিয়ান জনসাধাৰণক খ্ৰীষ্টমাছৰো শুভকামনা জনায়৷ উল্লেখ্য যে ৰাছিয়াবাসীয়ে আজি খ্ৰীষ্টমাছ উদযাপন কৰিছে৷
বিগত বছৰসমূহত দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ কৌশলগত সহযোগিতাক দুয়োগৰাকী নেতাই প্ৰশংসা কৰে৷ ছ’চীত মে’ত হৈ যোৱা বিস্তৃত আলোচনা আৰু অক্টোবৰত ৰাষ্ট্ৰপতি পুটিনৰ নতুন দিল্লী ভ্ৰমণৰ সময়ত হোৱা আলোচনাৰ কথা স্মৰণ কৰি তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ এই গতি অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে৷ ৰাষ্ট্ৰপতি পুটিনে ২০১৯ৰ ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামলৈ প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণো জনায়৷
প্ৰতিৰক্ষা আৰু সন্ত্ৰাস বিৰোধী অভিযানকে ধৰি কেইবাটাও মুখ্য দিশত দ্বিপাক্ষিক সহোযোগিতা সন্দৰ্ভতো আলোচনা হয়৷
দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘ, ব্ৰিকছ আৰু ছাংহাই কোঅ’পাৰেচন অৰ্গেনাইজেচনৰ লগতে আন বহুপাক্ষিক সংস্থাৰ মজিয়াত তেওঁলোকৰ দিহা-পৰামৰ্শ অটুট ৰাখিবলৈ সন্মতি ব্যক্ত কৰে৷