গ্ৰামীন আন্তঃগাঁথনি হৈছে সৰ্বাঙ্গীন উন্নয়নৰ আধাৰশিলা। মোদী চৰকাৰৰ শাসনকালত গ্ৰামীন আৰু নগৰীয়া জীৱনৰ মাজৰ পৃথকতাৰ সেঁতু বন্ধনৰ ক্ষেত্ৰত এই খণ্ডটোৱে বৃহৎ উদগনি লাভ কৰিছে।
অগ্ৰাধিকাৰ ভিত্তিত গ্ৰামীন পথ নিৰ্মাণ
গ্ৰামীন পথসমূহ হৈছে গ্ৰামীন আন্তঃগাঁথিনৰ এক এৰাব নোৱৰা আংশ, যিয়ে বজাৰ আৰু সেৱাক সংযুক্ত কৰাৰ লগতে গ্ৰামীন আৰ্থব্যৱস্থাৰ বিকাশতো সহায় কৰে।
গ্ৰামীন পথ নিৰ্মাণৰ গতি ২০১৩-১৪ চনত প্ৰতিদিনে ৬৯ কিঃমিঃ আছিল যদিও সেয়া বাঢ়ি ২০১৭-১৮ ত ১৩৪ কিঃমিঃ প্ৰতিদিন হৈছে। ২০১৪ চনৰ মাৰ্চত ৫৫ শতাংশৰ তুলনাত ২০১৮ চনৰ আক্টোবৰত গ্ৰামীন পথ সংযোগ ৯১ শতাংশৰো আধিক হৈছেগৈ। ইয়ে সূচায় যে গাঁৱত নতুন ভাৰতৰ বিকাশৰ পথত অগ্ৰসৰ হৈছে।
প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত ২০১৩-১৪ চনৰ পৰা এতিয়ালৈকে ১.৯৫ লাখ কিঃমিঃ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হৈছে। দূৰ-দূৰণিৰ অধিকসংখ্যক বস্তি আগতেই পথৰ সৈতে সংলগ্ন কৰা হৈছে। আনহাতে ২০১৯ চনৰ মাৰ্চৈল ১০০ শতাংশ কানেক্টিভিটীৰ লক্ষ্য বান্ধি লোৱা হৈছে। এই প্ৰকল্পৰ দ্বাৰা গাঁওসমূহলৈ সামগ্ৰী আৰু সেৱা উপলব্ধ কৰা, খেতিয়কসকলক প্ৰত্যক্ষভাৱে বজাৰ উপলব্ধ কৰোৱাত সুবিধা হোৱাৰ লগতে ইয়াৰ পৰা যুৱক-যুৱতীসকলে শিক্ষাৰ লগতে সংস্থাপনৰ সুযোগৰো লাভ উঠাই আছে। নক্সালবাদ আৰু আতংকবাদত প্ৰভাৱিত ঠাইসমূহত হেজাৰ হেজাৰ কিলোমিটাৰ দীঘল পথ নিৰ্মাণৰ লক্ষ্যই এই পিছপৰা অঞ্চলৰ বিকাশত সহায়ক হৈছে।
গ্ৰামীন বৈদ্যুতিকৰণত অভিলেখ স্থাপন
গাঁৱত বিজুলীয়ে শিশুক ৰাতি পঢ়া-শুনাত সক্ষম কৰি তোলাৰ পৰা কৃষি আৰু প্ৰাসঙ্গিক কামকাজত সুযোগৰ এখন নতুন পৃথিৱী মুকলি কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰিছিল যে, তেওঁৰ চৰকাৰে ১,০০০ দিনৰ ভিতৰত প্ৰত্যেক গাঁৱকেই বৈদ্যুতিকৰণ কৰিব। আনকি নিৰ্ধাৰিত সময়ৰ আগতেই এই লক্ষ্যত উপনীত হ’ল। মোদী চৰকাৰে ১৮,০০০ খনৰো আধিক গাঁও বৈদ্যুতিকৰণ কৰিলে, ইয়াৰে বহুতো দুৰ্গম আঞ্চল আৰু পাহাৰ এলেকাৰ। যেতিয়া ভাৰতৰ শেষ বিদুৎহীন গাঁও মণিপুৰৰ লেইচাং বৈদ্যুতিকৰণ কৰা হয় তেতিয়া সমগ্ৰ দেশত আনন্দৰ জোৱাৰ উঠিল। বিকাশ বাস্তৱত এক জন আন্দোলনত পৰিণত হ’ল।
আজি দেশৰ প্ৰত্যেক ঘৰতে বিজুলী আছে আৰু ২.৫ কোটি ঘৰক আগতেই ২০১৯ ফেব্ৰুৱাৰী পযৰ্ন্ত সৌভাগ্য আঁচিনৰ মাধ্যমেৰে পোহৰাই তোলা হৈছে। মনত ৰখা ভাল যে এইিবলাকৰ মাজত বহুতো দুখীয়া আৰু বঞ্চিত লোকৰ আছে, যিসকল প্ৰায়ে গাঁও বা গ্ৰামীন এলেকাত বাস কৰে।
মোদী চৰকাৰৰ দ্বাৰা দেশৰ প্ৰত্যেকখন গাঁৱত বিজুলী প্ৰদান কৰাৰ প্ৰচেষ্টাক আন্তঃৰাষ্ট্ৰীয় শক্তি এজেঞ্চিৰ দ্বাৰা সন্মানিত কৰা হৈছে। এজেঞ্চিয়ে ইয়াৰ ৱৰ্ল্ড এনাৰ্জী আউটলুক ২০১৮ ৰিপোৰ্টত এই প্ৰচেষ্টাক বিগত বছৰত বিশ্বৰ বৃহৎ সফলতাৰ কাহিনীসমূহৰ ভিতৰত এটা বুলি উল্লেখ কৰিছে।
গ্ৰামাঞ্চলত কানেক্টিভিটীৰ সংস্কাৰ
মোদী চৰকাৰে ভাৰতৰ গাঁওসমূহক আধুনিক প্ৰযুক্তিৰে সু-সজ্জিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ফলস্বৰূপে, ভাৰত নেট প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে তথা বিস্তাৰিতভাৱে চলি আছে।
২০১৪ চনৰ মেত প্ৰাথমিক যোগাযোগ আন্তঃগাঁথিন বন্ধ কৰি দিয়া হৈছিল আৰু কেৱল ৫৯৮ খন গাঁও পঞ্চায়তক এই সেৱাৰ বাবে সাজু কৰা হৈছিল, যাৰ কেৱল ৩৫৮ কিঃমিঃ আপ্টিকেল ফাইবাৰ কেবল বহুওৱা হৈছিল।
ইয়াৰ বিপৰীতে, ২০১৯ চনৰ ফেব্ৰুৱাৰীলৈ ৩.১৩ লাখ কিঃমিঃ ওএফচি বহুওৱা হৈছে, যিয়ে ১.২৪ লাখ গাঁও পঞ্চায়তক সামৰি লৈছে। ইয়াৰ ভিতৰত ১.১৭ লাখ গাঁও পঞ্চায়তৰ জিপিএছ হাই-স্পীড ব্ৰাণ্ডেডেৰে সংলগ্ন কৰা হৈছে আৰু সেৱা প্ৰদান কৰাৰ বাবে সাজু আছে।
মোদী চৰকাৰ অহাৰ সময়ত সমগ্ৰ দেশত কেৱল ৮৩,০০০ কমন চাৰ্ভিছ চেণ্টাৰ আছিল। মোদী চৰকাৰৰ মাত্ৰ ৪.৫ বছৰত ইয়াৰ সংখা বাঢ়ি প্ৰায় ৩ লাখ হৈছে। এই কমন চাৰ্ভিছ চেণ্টাৰ গাঁও স্তৰত উদ্যেগীৰ দ্বাৰা চলোৱা হয় আৰু জনসাধাৰণক বহুতো ডিজিটেল আৰু প্ৰয়োজনীয় সেৱা প্ৰদান কৰে। ইয়ে গাওঁ সমূহৰ যুৱক-যুৱতীক ৰোজগাৰ সুবিধা প্ৰদান কৰে আৰু গাঁৱৰ আৰ্থিক বৃদ্ধিত ক্ষিপ্ৰতা আনে।
সকলো গাঁৱকেই উন্নতকৰি তোলাৰ লক্ষৰে আগবাঢ়িছে মোডী চৰকাৰ। কোনোখন গাঁও যাতে পিছপৰি নাথাকে সেই লক্ষ্য আগত ৰাখি মোদী চৰকাৰে গ্ৰামীন আন্তঃগাঁথিন সম্পূৰ্ণৰূপে বিকশিত কৰাত ব্ৰতী হৈছে আৰু এনেদৰেই এক নতুন ভাৰতৰ পথ প্ৰশস্ত হৈ আছে যিটো প্ৰগতিশীল আৰু আধুনিক আন্তঃগাঁথনিৰে সু-সজ্জিত।