উত্তৰ প্ৰদেশৰ কানপুৰৰ কলাৱতী দেৱীৰ জীৱন কাহিনী সঁচাকৈয়ো অসাধাৰণ৷ তেওঁ লক্ষাধিক মহিলাৰ প্ৰেৰণাৰ উৎস৷ তেওঁ আজি প্ৰধানমন্ত্ৰী মোদীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে নিজৰ প্ৰেৰণাদায়ী কাহিনী বিনিময় কৰে৷ যিসকল লোকে শৌচাগাৰ নিৰ্মাণৰ ব্যয় বহন কৰিব নোৱাৰে তেওঁলোকৰ বাবে কলাৱতী দেৱীয়ে শৌচাগাৰ নিৰ্মাণ কৰি দিয়ে৷
তেওঁ গাঁওবাসীৰ পৰা ধন সংগ্ৰহ কৰি জনসাধাৰণক স্বচ্ছতা সন্দৰ্ভত সজাগতা প্ৰদান কৰিছিল৷ নিজৰ অটুট সিদ্ধান্তৰ জৰিয়তে তেওঁ সহস্ৰাধিক শৌচাগাৰ নিৰ্মাণ কৰিছে আৰু জনসাধাৰণক ব্যক্তিগত স্বাস্থ্যবিধি পালনৰ বাবে উৎসাহিত কৰিছে৷ তেওঁ কয়, ‘‘সুস্থ হৈ থাকিবলৈ স্বাস্থ্যবিধি অতিশয় প্ৰয়োজনীয়৷’’
দেশৰ সকলো মহিলালৈ কলাৱতী দেৱীয়ে এটা বাৰ্তা বিনিময় কৰিছে৷ তেওঁ কয়, ‘‘নিষ্ঠাপূৰ্ণ প্ৰয়াসে সমাজক কেতিয়াও ব্যৰ্থ হ’বলৈ নিদিয়ে৷ ঘৰৰ পৰা ওলাই আহক৷ যদি কোনো বিৰোধিতা অথবা তৰ্ক কৰে তেন্তে তেওঁক কৰিবলৈ দিয়ক৷ যদি আপুনি লক্ষ্যত উপনীত হ’ব বিচাৰিছে তেন্তে পিছলৈ ঘূৰি নাচাব৷’’
मैं जिस जगह पे रहती थी, वहां हर तरफ गंदगी ही गंदगी थी। लेकिन दृढ़ विश्वास था कि स्वच्छता के जरिए हम इस स्थिति को बदल सकते हैं।
— Narendra Modi (@narendramodi) March 8, 2020
लोगों को समझाने का फैसला किया। शौचालय बनाने के लिए घूम-घूमकर एक-एक पैसा इकट्ठा किया।
आखिरकार सफलता हाथ लगी।
कलावती देवी, कानपुर #SheInspiresUs pic.twitter.com/t9b6deXt4g