Quoteপ্ৰধানমন্ত্ৰীয়ে যুৱপ্ৰজন্মৰ সৈতে স্পষ্টভাষাৰে আৰু মুকলি মনেৰে কথা-বতৰাত মিলিত হয়
Quote‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ বিভিন্ন দিশৰ লগতে তেওঁৰ পৰা আমিনো কি শিকনি ল’ব পাৰো সেই সন্দৰ্ভত আলোচনা কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক ঐতিহাসিক ব্যক্তিসকলে তেওঁলোকৰ জীৱনত কেনে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু তেওঁলোকেনো সেয়া কেনেকৈ অতিক্ৰম কৰিছিল জানিবৰ বাবে তেওঁলোকৰ জীৱনকাহিনী পঢ়িবলৈ পৰামৰ্শ দিয়ে
Quoteযুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰীক লগ পোৱা আৰু সংসদৰ ‘চেণ্ট্ৰেল হল’ত তেওঁৰ কাষত বহিবলৈ পোৱাৰ অনন্য অভিজ্ঞতাৰ বিষয়ে অৱগত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদৰ কেন্দ্ৰীয় হলত নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান জনোৱাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ 'ন ইয়ৰ লীডাৰ্ছ' শীৰ্ষক কাৰ্যসূচীৰ অধীনত নিৰ্বাচিত যুৱক-যুৱতীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপ ৭, লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত অনুষ্ঠিত হৈছিল।

|

প্ৰধানমন্ত্ৰীয়ে যুৱসকলৰ সৈতে এক স্পষ্ট ভাষা আৰু মুকলি মনেৰে কথা-বতৰাত মিলিত হয়। ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ বিভিন্ন দিশ আৰু আমিনো তেওঁৰ পৰা কি শিকিব পাৰোঁ সেই বিষয়ে তেওঁ আলোচনা কৰিছিল। ঐতিহাসিক ব্যক্তিসকলে তেওঁলোকৰ জীৱনত কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তেওঁলোকেনো কেনেদৰে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিছিল সেই বিষয়ে জনাৰ বাবে এই সেইসকল ব্যক্তিত্বৰ জীৱনী পঢ়িবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক পৰামৰ্শ দিয়ে।

|

যুৱক-যুৱতীসকলে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ আৰু সংসদৰ ‘চেণ্ট্ৰেল হল’ত বহিবলৈ অনন্য সুযোগ লাভ কৰি উত্ফুল্লিত হোৱাৰ কথা জানিবলৈ দিয়ে। এই কাৰ্যসূচীয়ে তেওঁলোকক দেশৰ সকলো কোণৰ পৰা সমবেত হোৱা ব্যক্তিসকলক লগ পাই বৈচিত্ৰ্যৰ মাজত একতা কি সেই কথা হৃদয়ংগম কৰাৰো সুযোগ দিলে বুলি তেওঁলোকে লগতে জানিবলৈ দিয়ে।

|

সংসদত ৰাষ্ট্ৰীয় পুৰোধাকলক পুষ্পাঞ্জলি জ্ঞাপন কৰিবলৈ কেৱল বিশিষ্ট ব্যক্তিসকলকহে আমন্ত্ৰণ জনোৱাৰ পুৰণি প্ৰথাৰ সলনি এক আদৰণিমূলক পৰিৱৰ্তনৰ জৰিয়তে ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুক সন্মান জনাবলৈ সংসদত আয়োজিত পুষ্পাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ দেশৰ পৰা এই ৮০ গৰাকী যুৱক-যুৱতীক বাছনি কৰা হৈছিল। তেওঁলোকক 'ন ইয়ৰ লীডাৰ্ছ' কাৰ্যসূচীৰ অধীনত বাছনি কৰা হৈছিল, যাৰ জৰিয়তে সংসদত অনুষ্ঠিত হোৱা পুষ্পাঞ্জলি অনুষ্ঠানসমূহ দেশৰ যুৱক-যুৱতীসকলৰ মাজত দেশৰ ৰাষ্ট্ৰীয় পুৰোধাসকলৰ জীৱন আৰু অৱদানৰ বিষয়ে অধিক জ্ঞান আৰু সজাগতা সৃষ্টিৰ এক কাৰ্যকৰী মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হৈছে।

‘দীক্ষা পৰ্টেল’ আৰু ‘মাইগভ’ত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ লগতে এক বিস্তৃত, উদ্দেশ্যমূলক আৰু যোগ্যতা আধাৰিত প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক বাছনি কৰা হৈছিল; জিলা আৰু ৰাজ্যিক পৰ্যায়ত বাকপটুতা/বক্তৃতা প্ৰতিযোগিতা; আৰু ‘নেতাজী’ৰ জীৱন আৰু অৱদান সম্পৰ্কীয় প্ৰতিযোগিতাৰ জৰিয়তে এইসকল যুৱক-যুৱতীক বিশ্ববিদ্যালয়সমূহৰ পৰা বাছনি কৰা হয়। তেওঁলোকৰ ৩১ গৰাকীয়ে সংসদৰ কেন্দ্ৰীয় হলত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ‘নেতাজী’ৰ অৱদান সন্দৰ্ভত বক্তব্য ৰখাৰ সুযোগ লাভ কৰে। তেওঁলোকে পাঁচটা ভাষাত কথা পাতিছিল: হিন্দী, ইংৰাজী, সংস্কৃত, মাৰাঠী আৰু বাংলা।

|
  • ganesh joshi April 30, 2023

    🌹🕉️ श्री स्वामी समर्थ 🕉️🌹 🌼 भारत सुप्रसिद्ध ज्योतिषाचार्य पं. आचार्य श्री गाणेशजी जोशी (कुंडली तज्ञ वास्तुतज्ञ ज्योतिष विशारद आणी रत्न पारखी )🌼 🙏मिळवा आपल्या प्रत्येक समस्येचे समाधान घरच्या घरी आपल्या एका फोन कॉल द्वारा.☎️7350050583 समस्या ती कोणतीही असो जसे की, 💋प्रेम विवाह, 🏌️नोकरी प्रमोशन, 💯शिक्षण, आर्थिक अडचण, 💎 व्यापारहानी,🙏 राजकारण,👪पती-पत्नीत वाद विवाद, 🤰संतान सुख, 🧔गुप्त शत्रु, 👩‍❤️‍👨गृह क्लेश, 🪐विदेश भ्रमण, करिअर सल्ला व मार्गदर्शन, 🧭कुंडलीतील ग्रह दोष, 🏡वास्तुदोष, 👽बाहेरील बाधा, 🌹वशीकरण अशा प्रत्येक समस्यांचे खात्रीशीर मार्गदर्शन व 💯%योग्य उपाय शास्त्रोक्त पद्धतीने करून मिळेल. 🧭 आपल्या जन्म कुंडली विश्लेषण याकरिता आपली जन्मतारीख, जन्मवेळ व जन्मस्थळ 🕉️ गुरुजींना️~☎️7350050583व्हाट्सअप करून आपल्याला मार्गदर्शनाची वेळ निश्चित करून घ्यावी. 🙏संपर्क करण्याची वेळ सकाळी 7 ते सायंकाळी 7पर्यंत. 🙏🙏 ज्यांची श्रद्धा व भक्ति असेल त्यांनी अवश्य कॉल करावा. 🙏 माता-भगिनी सुद्धा निशंक कॉल करून आपली समस्या कळवू शकतात. 🙏 अधिक माहितीसाठी आजच संपर्क करा 🙏 🌼
  • Ramamurthy Avasarala February 18, 2023

    It’s very necessary the younger generation to know the history and the legends of nation like Vivekanand who has taken the values of our nation to the world Sardar vallabhai patel the then home minster after independence Vajpayeeji our royal Prmeminister so many legends
  • Yogesh Chandra Srivastava February 02, 2023

    बहुत बहुत शुभकामनाएं ❤️🙏🙏🙏❤️
  • Vksp February 01, 2023

    जय श्री राम
  • Raju c k January 30, 2023

    namo narayana
  • Mohan singh Dharmraj January 26, 2023

    🇮🇳 भावनात्मक सम्मान से बडा कोई सम्मान नहीं, और उसकी आपके पास कमी नहीं🙏🙏हर हर मोदी🚩💐💐
  • T S KARTHIK January 26, 2023

    hockey Deccan Chronicle Chennai 26 January 2023
  • pmramakanth January 26, 2023

    pmramakanth
  • Geeta gupta January 26, 2023

    namo narayana 🇮🇳🌷
  • Atul Kumar Mishra January 26, 2023

    नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar

Media Coverage

'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মাৰ্চ 2025
March 30, 2025

Citizens Appreciate Economic Surge: India Soars with PM Modi’s Leadership