Quoteমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে উক্ত স্থানত নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি প্ৰদৰ্শিত হ’ব
Quoteপৰাক্ৰম দিৱসত প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম মূৰ্তি উন্মোচন কৰিব
Quote২০১৯ ৰ পৰা ২০২২ চনলৈকে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰসমূহো প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে


মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ তম জন্ম জয়ন্তী আৰু বছৰজোৰা উদযাপনৰ অংশ হিচাপে চৰকাৰে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। আমাৰ স্বাধীনতা সংগ্ৰামত নেতাজীৰ অপৰিসীম অৱদানৰ প্ৰতি যথোচিত সন্মান প্ৰদৰ্শনৰ অংশ হিচাপে গ্ৰেনাইটেৰে নিৰ্মিত এই মূৰ্তিটো স্থাপন কৰা হ’ব। তেওঁৰ সংগ্ৰামৰ প্ৰতি দেশ ঋণী আৰু ইয়াৰ জৰিয়তে দেশে তেওঁৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিব। প্ৰতিমূৰ্তিটোৰ কাম সম্পূৰ্ণ নোহোৱালৈকে নেতাজীৰ এটা হলোগ্ৰাম মূৰ্তি একে ঠাইতে প্ৰদৰ্শিত হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত ইণ্ডিয়া গেটত নেতাজীৰ হলোগ্ৰাম প্ৰতিমূৰ্তিটো উন্মোচন কৰিব।

হলোগ্ৰামৰ মূৰ্তিটো ৩০,০০ লুমেন ৪কে প্ৰজেক্টৰৰ দ্বাৰা চালিত হ’ব। ৯০শতাংশ স্বচ্ছ উন্নতমানৰ হলোগ্ৰাফিক স্ক্ৰীণত ই প্ৰদৰ্শিত হ’ব। এই স্ক্ৰীণখন ইমানেই উন্নতমানৰ যে দৰ্শনাৰ্থীসকলে কেৱল মাত্ৰ নেতাজীৰ প্ৰতিমূৰ্তিকেই দেখিবলৈ পাব। নেতাজীৰ ত্ৰিমূৰ্তি হলোগ্ৰাম মূৰ্তিটোৰ ২৮ ফুট উচ্চতা আৰু ৬ ফুট প্ৰস্থৰ ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ২০১৯, ২০২০, ২০২১ আৰু ২০২২ বৰ্ষৰ সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰসমূহ প্ৰদান কৰিব। অনুষ্ঠানত মুঠ সাতটা বঁটা প্ৰদান কৰা হ’ব।

 কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যক্তি বিশেষ আৰু সংগঠনসমূহে আগবঢ়োৱা অমূল্য অৱদান আৰু নিস্বাৰ্থ সেৱাক স্বীকৃতি আৰু সন্মান জনোৱাৰ বাবে প্ৰতি বছৰে সুভাষ চন্দ্ৰ বসু আপদা প্ৰবন্ধন পুৰস্কাৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতি বছৰে ২৩ জানুৱাৰীত এই বঁটা ঘোষণা কৰা হয়। এই বঁটাত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত নগদ ৫১ লাখ টকা আৰু প্ৰমাণপত্ৰ আৰু ব্যক্তি বিশেষৰ ক্ষেত্ৰত ৫ লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

স্বাধীনতা সংগ্ৰামীসকলক উপযুক্তভাৱে সন্মান জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈ আহিছে তাৰ অংশ হিচাপে কিংবদন্তী স্বাধীনতা সংগ্ৰামী আৰু দূৰদৰ্শী নেতা নেতা সুভাষ চন্দ্ৰ বসুৰ প্ৰতি সন্মান জনাবলৈ এই বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে। এই ক্ষেত্ৰত কেইবাটাও পদক্ষেপ লোৱা হৈছে, যাৰ ভিতৰত আছে প্ৰতি বছৰে তেওঁৰ জন্ম জয়ন্তী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰা হ’ব। এই মনোভাৱৰ সৈতে সংগতি ৰাখি গণতন্ত্ৰ দিৱস উদযাপন এদিন আগে অৰ্থাত্ ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব।

 

  • Jayanta Kumar Bhadra June 02, 2022

    Jay Jai Krishna
  • Jayanta Kumar Bhadra June 02, 2022

    Jai Jay Ganesh
  • Jayanta Kumar Bhadra June 02, 2022

    Jai Jay Ram
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🙏🚩🙏
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🙏🚩
  • Laxman singh Rana May 19, 2022

    namo namo 🇮🇳🙏🌷
  • G.shankar Srivastav April 08, 2022

    जय हो
  • Vivek Kumar Gupta April 06, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta April 06, 2022

    नमो नमो.
  • Vivek Kumar Gupta April 06, 2022

    जयश्रीराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 238 crore cylinders refilled in nine years, reflects success of PM Ujjwala Yojana: Hardeep Puri

Media Coverage

Over 238 crore cylinders refilled in nine years, reflects success of PM Ujjwala Yojana: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 5 মে’ 2025
May 05, 2025

PM Modi's People-centric Policies Continue Winning Hearts Across Sectors