প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰে পৰা শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিআইপি সংস্কৃতি বন্ধ কৰাত গুৰুত্ব প্ৰদান কৰিছে যি দেশত বহু দশকজুৰি চলি আহিছিল৷ তেওঁৰ শক্তিশালী ভাষণ আৰু কাৰ্যৰে তেওঁ দেখুৱাইছে যে সকলো নাগৰিকেই সমান আৰু দেশত বৈষম্যতাৰ কোনো স্থান নাই৷
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে নতুন ভাৰতত এতিয়া আছে ইপিআই (প্ৰত্যেকজন ব্যক্তিয়েই গুৰুত্বপূৰ্ণ) আৰু নাই ভিআইপি যিয়ে নীতি নিৰ্ধাৰণ কৰে৷
তেওঁ ইয়াক গাজিয়াবাদত ১০ মাৰ্চ ২০১৯ তাৰিখে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী (চিআইএছএফ)ৰ ৫০তম উত্থান দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰিছিল৷
প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি সংগঠনৰ হৈ কাম কৰা দিনৰ কথা এটা সোঁৱৰণ কৰি কয় যে কিদৰে তেওঁ দলৰ সহকৰ্মী এজনক বিমান বন্দৰত চিআইএছএফ বাহিনীয়ে পৰীক্ষা কৰাত ক্ৰোধান্বিত হোৱাৰ তেওঁৰ ক্ৰোধ সম্বৰণ কৰোৱাত সফল হৈছিল৷
চিআইএছএফ বাহিনীক প্ৰশংসা কৰি তেওঁ কয় যে নানা চাপৰ মাজতো তেওঁলোকে নিজৰ কৰ্তব্য কৰে আৰু দেশক সুৰক্ষা প্ৰদান কৰে৷
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াকো কয় যে ৰাজনৈতিক নেতাসকলেই হ’ল সেইসকল ব্যক্তি যাৰ বাবে চিআইএছএফ বাহিনীয়ে তেওঁলোকৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰাত বাধা পায়৷
তেওঁৰ বক্তৃতাৰ এই অংশটোৱে দৰ্শকৰ পৰা জাউৰিয়ে জাউৰিয়ে হাত-তালি লাভ কৰিবলৈ সক্ষম হৈছিল৷
প্ৰধানমন্ত্ৰী মোদীয়ে কি কৈছিল চাওকঃ