- পলাতক অৰ্থনৈতিক অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জি-২০ সদস্যভুক্ত দেশসমূহৰ মাজত সক্ৰিয় আৰু শক্তিশালী সহযোগিতা বৃদ্ধিত গুৰুত্ব দিয়া।
- আইনী প্ৰক্রিয়াৰ মাজেৰে সহযোগিতা বৃদ্ধি। পলাতক অৰ্থনৈতিক অপৰাধীৰ দ্রুত প্ৰত্যার্পণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা।
- সকলো পলাতক অৰ্থনৈতিক অপৰাধীৰ প্ৰৱেশ বন্ধ কৰিবলৈ আৰু অন্য দেশক তেওঁলোকৰ নিৰাপদ স্থান হিচাপে চিহ্নিত নকৰিবলৈ জি-২০ সদস্যভুক্ত দেশসমূহৰ মাজত এক কাৰ্যকৰী প্ৰক্রিয়া গঠনত গুৰুত্ব দিয়া।
- দুর্নীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নীতি, সংঘবদ্ধ অপপাধৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নীতিসমূহৰ মূল চিন্তাভাৱনাক, বিশেষকৈ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দিশটো কাৰ্যকৰী কৰা৷
- পলাতক অৰ্থনৈতিক অপৰাধীৰ সম্পর্কে সময়মতে তথ্য বিনিময়ৰ বাবে সংশ্লিষ্ট সংস্থাসমূহৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ দিশত প্রাধান্য দিয়াৰ পৰামর্শ আগবঢ়োৱা।
- পলাতক অৰ্থনৈতিক অপৰাধত অভিযুক্তসকলক চিনাক্ত কৰাৰ বাবে ইয়াৰ এক নির্দিষ্ট পৰিচয়পত্ৰ প্ৰস্তুত কৰা৷
- পলাতক অৰ্থনৈতিক অপৰাধত অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত যুঁজাৰ বাবে এক সর্বসন্মত নীতি-প্ৰক্রিয়া গঠন আৰু জি-২০ৰ প্ৰতিখন ৰাষ্ট্ৰৰ নিজা আইন অনুসৰি এক সংঘবদ্ধ নীতি-নির্দেশনা প্ৰস্তুত কৰা৷
- দেশ এৰি পলাই যোৱাকে ধৰি নীতি ভংগকাৰীৰ দৰে বিভিন্ন ঘটনাৰ বিৰুদ্ধে সাফল্য অর্জন কৰিলে সেইবোৰক লৈ আলোচনাৰ বাবে এক সাধাৰণ মঞ্চ গঠন কৰা৷
- যিসকল অৰ্থনৈতিক অপৰাধীয়ে দেশত কৰ দিবলৈ বাকী আছে, তেওঁলোকৰ সম্পত্তি বা বাসগৃহ বাজেয়াপ্ত কৰাৰ বাবে জি-২০ মঞ্চই উদ্যোগ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়৷