মৰক্কোৰ উদ্যোগ, বিনিয়োগ, বাণিজ্য আৰু ডিজিটেল অৰ্থনীতি মন্ত্ৰালয়ৰ বৈদেশিক বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব শ্ৰীমতী ৰাকিয়া এডাৰহামে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

শ্ৰীমতী ৰাকিয়া এডাৰহামে প্ৰধানমন্ত্ৰীক মৰক্কোৰ ৰজাৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে মৰক্কোৰ ৰজাৰ সৈতে পূৰ্বতে মিলিত হোৱাৰ কথা স্মৰণ কৰি ৰজাৰ প্ৰতি শুভেচ্ছা জনাই তেওঁৰ সু-স্বাস্থ্য আৰু মৰক্কোবাসীৰ শান্তি আৰু সমৃদ্ধি কামনা কৰে৷

শ্ৰীমতী ৰাকিয়া এডাৰহামে বিগত বছৰসমূহত বিশেষকৈ, আইনী সাহায্য, চাইবাৰ নিৰাপত্তা আৰু মহাকাশৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণভাৱে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজৰ ঐতিহাসিক সুদৃঢ় সম্পৰ্কৰ লগতে গুজৰাটৰ সৈতে মৰক্কোৰ বাণিজ্য আৰু বিনিয়োগ সম্পৰ্কৰ সমান্তৰালভাৱে পাৰস্পৰিক স্বাৰ্থজড়িত দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী আৰু গভীৰ কৰি তোলাৰ বাবে লোৱা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data

Media Coverage

India Doubles GDP In 10 Years, Outpacing Major Economies: IMF Data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মাৰ্চ 2025
March 23, 2025

Appreciation for PM Modi’s Effort in Driving Progressive Reforms towards Viksit Bharat