দ্বিপাক্ষিক যুটীয়া আয়োগৰ সপ্তম বৈঠকৰ বাবে ভাৰত ভ্ৰমণলৈ অহা ইজিপ্তৰ বৈদেশিক মন্ত্ৰী ছামেহ হাছান শ্বৌকৰীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
মন্ত্ৰীগৰাকীয়ে ইজিপ্তৰ ৰাষ্ট্ৰপতি ছিছিৰ হৈ প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়েও বৈদেশিক মন্ত্ৰীগৰাকীৰ জৰিয়তে ৰাষ্ট্ৰপতি ছিছিলৈ শুভকামনা জনায়৷
দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰিবলৈ ভাৰত আৰু ইজিপ্তে ইতিমধ্য গ্ৰহণ কৰা সংকল্পসমূহৰ বিষয়ে দুয়োগৰাকী নেতাই আলোচনা কৰে৷ আন্তঃগাথনি, বাণিজ্য আৰু বিনিয়োগৰ লগতে দেশ দুখনৰ জনসাধাৰণৰ প্ৰত্যক্ষ সম্পৰ্ক আদিৰ দৰে ক্ষেত্ৰত সহযোগিতা অধিক বৃদ্ধি কৰাৰ দিশসমূহো তেওঁলোকৰ আলোচনাত স্থান পায়৷