ভাৰত ভ্ৰমণলৈ অহা টেক্সাছৰ গৱৰ্ণৰ গ্ৰেগ এব্ব’টে বুধবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
ভাৰত আৰু আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ক্ৰমবৰ্ধমান শক্তিশালী কূটনৈতিক সম্পৰ্কৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টেক্সাছৰ সৈতে বাণিজ্য, শক্তি, উদ্যোগ, শিক্ষা আৰু জনসাধাৰণৰ পৰস্পৰে পৰস্পৰৰ যোগাযোগ সম্বন্ধৰ গুৰুত্ব সম্পৰ্কে মন্তব্য কৰে৷ এই মৈত্ৰী অধিক শক্তিশালী কৰাৰ সপক্ষে দুয়োগৰাকী নেতাই মতপোষণ কৰে৷
গৱৰ্ণৰ এব্ব’টে টেক্সাছ তথা আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰি থকা ভাৰতীয় মূলৰ লোকসকলৰ অৰিহণাৰ শলাগ লয়৷
Texas Governor Mr. @GregAbbott_TX met PM @narendramodi in Delhi today. @GovAbbott pic.twitter.com/Yf0czvjdaa
— PMO India (@PMOIndia) March 28, 2018