দেশৰ প্ৰধানমন্ত্ৰী হোৱা স্বত্বেও শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বদা সৰলতাক অগ্ৰাধিকাৰ দি আহিছে আৰু ভাৰতৰ সাধাৰণ নাগৰিক দৰে জীৱন-যাপন কৰিছে৷

তেওঁৰ সৰলতাৰ এটা উদাহৰণ হ’ল যেতিয়া তেওঁ মেট্ৰ’ৰে ভ্ৰমণ কৰে৷

মেট্ৰ’ৰ দবাত প্ৰধানমন্ত্ৰীক সাধাৰণ যাত্ৰীৰ লগত হাঁহি-ধেমালিৰে কথা পাতি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিশেষকৈ দিল্লী-এনচিআৰ অঞ্চলত দেখিবলৈ পোৱাটো এটা সূলভ দৃশ্য৷

প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ৰ’ৰে বহুবাৰ ভ্ৰমণ কৰিছে৷ প্ৰধানমন্ত্ৰীৰ মেট্ৰ’ ভ্ৰমণত বহু লোকে তেওঁৰ কাষলৈ আহি ফটো তোলে, ছেলফি লয় আৰু তেওঁৰ লগত কথা পাতিবলৈ বিচাৰে৷ সমাজৰ বিভিন্ন অংশৰ লোকে তথা সকলো বয়স নিৰ্বিশেষে ব্যক্তিসমূহে দেশৰ উন্নতিৰ বাবে তেওঁক শুভেচ্ছা যাঁচে৷  

 

 

 

Cherished moments with a young friend on board the Delhi Metro. Watch this.

Posted by Narendra Modi on Wednesday, March 13, 2019
 
 
 
View this post on Instagram

With my adorable young friend. Watch.

A post shared by Chowkidar Narendra Modi (@narendramodi) on 

 

জনতাৰ পৰা পোৱা ব্যাপক সঁহাৰিৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰীয়েও মাজে-সময়ে ফটোগ্ৰাফাৰ হৈ পৰে৷ তেওঁ জনতাক ফটো লোৱাত সহায় কৰে আৰু ইয়াক মধুৰ স্মৃতিলৈ পৰিণত কৰে৷



 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Mutual fund industry on a high, asset surges Rs 17 trillion in 2024

Media Coverage

Mutual fund industry on a high, asset surges Rs 17 trillion in 2024
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
প্ৰধানমন্ত্ৰী মোদীৰ এখনি হৃদয়স্পৰ্শী চিঠি
December 03, 2024

দিব্যাংগ শিল্পী দিয়া গোসাইৰ বাবে সৃষ্টিশীলতাৰ এটা মুহূৰ্ত জীৱন পৰিবৰ্তনকাৰী অভিজ্ঞতাত পৰিণত হ’ল। ২৯ অক্টোবৰত বদোদৰা ৰোডশ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজক তেওঁ অংকন কৰা চিত্ৰ উপহাৰ হিচাপে দিয়ে। দুয়োগৰাকী নেতাই ব্যক্তিগতভাৱে তেওঁৰ আন্তৰিক উপহাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল, যাৰ ফলত তেওঁ আনন্দত আত্মহাৰা হৈ পৰে।

কেইসপ্তাহমানৰ পাছত ৬ নৱেম্বৰত দিয়াই প্ৰধানমন্ত্ৰীৰ পৰা এখন চিঠি পাইছিল য’ত তেওঁৰ শিল্পকৰ্মৰ প্ৰশংসা কৰা হৈছিল আৰু আনকি শ্ৰীযুত চানচেজেও কেনেকৈ ইয়াৰ প্ৰশংসা কৰিছিল সেই বিষয়ে লিখিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক নিষ্ঠাৰে সূক্ষ্ম কলাক লৈ উৎসাহিত কৰি "বিকশিত ভাৰত" গঢ়ি তোলাত যুৱক-যুৱতীসকলৰ ভূমিকাত বিশ্বাস প্ৰকাশ কৰে। লগতে তেওঁৰ ব্যক্তিগতভাৱে তেওঁৰ পৰিয়াললৈ দীপাৱলী আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

আনন্দত আত্মহাৰা হৈ দিয়াই চিঠিখন মাক-দেউতাকক পঢ়ি শুনালে, যিসকলে পৰিয়ালটোলৈ ইমান অপৰিসীম সন্মান কঢ়িয়াই অনাৰ বাবে উল্লাসিত হৈ পৰে। "আমাৰ দেশৰ এক সৰু অংশ হৈ মই গৌৰৱ অনুভৱ কৰিছো। মোদী জী, মোক মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আপোনাক ধন্যবাদ।" বুলি উল্লেখ কৰি দিয়াই কয় যে প্ৰধানমন্ত্ৰীৰ পৰা চিঠিখন লাভ কৰাটোৱে তেওঁক জীৱনত সাহসী পদক্ষেপ ল’বলৈ আৰু আনকো একে কাম শক্তিশালীভাৱে কৰিবলৈ গভীৰভাৱে অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভংগীমাই দিব্যাংসকলক সবলীকৰণ আৰু তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়াৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। সুগম্য ভাৰত অভিযানৰ দৰে অসংখ্য পদক্ষেপৰ পৰা আৰম্ভ কৰি দিয়াৰ দৰে ব্যক্তিগত সংযোগলৈকে তেওঁ অনুপ্ৰাণিত আৰু উত্থান অব্যাহত ৰাখিছে, যিটোৱে প্ৰমাণ কৰি যে উজ্জ্বল ভৱিষ্যত গঢ় দিয়াত প্ৰতিটো প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ।