আমাৰ দেশৰ বাবে ইমানদিনে এক বৃহৎ অভিশাপস্বৰূপ হৈ পৰিছিল দুৰ্নীতি। দুৰ্নীতিক সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে নিৰ্বাচনত জয় হোৱাৰ পিছত মোদী চৰকাৰে দুৰ্নীতিবিহীন প্ৰশাসনযন্ত্ৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে। চৰকাৰখনে ক’লাধনৰ উৎস ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে অৰ্থনৈতিক অপৰাধীসকলে যাতে শাস্তিৰ সন্মুখীন হয় সেই কথাও নিশ্চিত কৰিছে।
চৰকাৰখনে প্ৰথম কেবিনেটৰ সিদ্ধান্ত অনুসৰি ন্যায়ালয়ৰ তদাৰকত এছ আই টি গঠন কৰিছিল যিয়ে ক’লাধনৰ উৎস ৰোধৰ সন্দৰ্ভত নিজৰ অন্তৱৰ্তী প্ৰতিবেদনত কেইবাটাও পৰামৰ্শ আগবঢ়াইছিল আৰু ইয়াৰে বহুতো পৰামৰ্শ চৰকাৰে গ্ৰহণ কৰিছিল। এছ আই টিয়ে ৭০,০০০ কোটি টকাতকৈয়ো অধিক ক’লাধনৰ সন্ধান লাভ কৰিছিল যাৰ ভিতৰত ১৬,০০০কোটি টকা আছিল বিদেশৰ একাউন্টত।
দুৰ্নীতিবিৰোধী যুঁজখনক আইনী ৰক্ষাকবচ প্ৰদানৰ বাবে মোদী চৰকাৰে ক’লাধন (অঘোষিত বিদেশী উপাৰ্জন আৰু সম্পদ) আৰু কৰ আৰোপ আইন, ২০১৫ গৃহীত কৰিছিল। এই আইনত অঘোষিত সম্পদৰ মূল্যৰ ৯০% পৰ্যন্ত জৰিমনাৰ লগতে ৩০% কৰ আৰোপ আৰু কেতবোৰ ক্ষেত্ৰত সশ্ৰম কাৰাদণ্ডৰো ব্যৱস্থা ৰখা হৈছে। এনে কঠোৰ জৰিমনা আৰু কাৰাদণ্ডৰ ব্যৱস্থা ক’লাধনৰ সৰবৰাহত জড়িত থকাসকলৰ বাবে প্ৰতিবন্ধকতা হিচাপে বিবেচিত হৈছে।
মোদী চৰকাৰে মৰিছাছ, চিংগাপুৰ, চাইপ্ৰাছ আদিকে ধৰি বিভিন্ন দেশৰ সৈতে দ্বৈত কৰ পৰিহাৰ চুক্তি (ডি টি এ এ) শক্তিশালী কৰি তুলিছে। কৰ সুৰক্ষিত (টেক্স হেভেন) দেশসমূহৰপৰা স্বদেশলৈ উভতি অহা ভাৰতীয়সকলে আশ্ৰয় গ্ৰহণ কৰা কৰ ফাঁকি, অনৈতিক পন্থাৰে পুঁজিৰ যোগান, চুক্তিৰ অপব্যৱহাৰ আদি প্ৰতিহত কৰাৰ উদ্যেশ্যেৰে চৰকাৰখনে নতুন ৰূপত কৰ সম্পৰ্কীয় চুক্তি সম্পাদন কৰিছে।
এই সংশোধিত কৰ চুক্তিসমূহ ক’লাধনবিৰোধী যুঁজখনত ভাৰতৰ বাবে বৃহৎ বিজয় হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰখনে বিদেশত জমা কৰি ৰখা ক’লাধনৰ বিৰূদ্ধে বিভিন্ন সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইয়াৰ সুফলো পৰিলক্ষিত হৈছে। ছুইছ বেংকৰ লগতে ছুইজাৰলেণ্ডৰ অনা -বেংকিং প্ৰতিস্থানসমূহতো ঋণ আৰু জমাৰ পৰিমাণ যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। মোদী চৰকাৰে বিদেশৰ একাউন্টত জমা থকা ক’লাধনৰ বিৰূদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ ভিতৰত অন্যতম আছিল কৰ সংক্ৰান্তীয় তথ্যৰ স্বয়ংক্ৰিয় আদান-প্ৰদান (এ ই ও আই) সন্দৰ্ভত ভাৰত আৰু ছুইজাৰলেণ্ডৰ যুটীয়া ঘোষণাপত্ৰত স্বাক্ষৰ।
ইয়াৰ ফলত ভাৰতে ভাৰতীয় নাগৰিকৰ ২০১৮ অথবা পৰৱৰ্তী বৰ্ষসমূহত ছুইজাৰলেণ্ডত থকা একাউন্টৰ তথ্য ২০১৯ৰ ছেপ্তেম্বৰৰ পৰা স্বয়ংক্ৰিয়ভাৱে লাভ কৰি থাকিব। মোদী চৰকাৰে বেনামী সম্পত্তি বাজেয়াপ্ত তথা বেনামীদাৰ আৰু লাভান্বিতগৰাকীৰ শাস্তিৰ ব্যৱস্হাৰে সুদীৰ্ঘ সময়ধৰি পৰি থকা বেনামী লেন-দেন (নিষিদ্ধকৰণ) সংশোধনী আইন, ২০১৬ গৃহীত কৰে য’ত সাতবছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ডৰ লগতে সম্পত্তিৰ বজাৰ মূল্যৰ ২% পৰ্যন্ত জৰিমনাৰ ব্যৱস্থা ৰখা হৈছে। বেনামী সম্পত্তি সন্দৰ্ভত সক্ৰিয় পদক্ষেপ নিশ্চিত কৰাৰ বাবে সমগ্ৰ দেশতে ২৪ টাকৈ বেনামী নিষিদ্ধকৰণ গোট (বি পি ইউ) গঠন কৰা হৈছে।
ইয়াৰ জৰিয়তে ১৬০০টা লেন-দেন সাময়িকভাৱে বাজেয়াপ্ত কৰা হৈছে আৰু বাজেয়াপ্ত কৰা সম্পত্তিৰ পৰিমাণ হৈছে ৬৯০০ কোটি টকা। মোদী চৰকাৰৰ চিন্তাৰ ফচলস্বৰূপ পলাতক অৰ্থনৈতিক অপৰাধী আইন, ২০১৮ই পলাতক অৰ্থনৈতিক অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহক শক্তিশালী কৰি তুলিছে। ইয়াৰ জৰিয়তে বিধি বলৱৎকাৰী সংস্হাসমূহে দেশক প্ৰৱঞ্ছনা কৰি ভাৰতীয় আইনী ব্যৱস্থাৰ পৰা পলায়ন কৰা লোকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে।
ইয়াৰ ফলত অভিযুক্তই ভাৰতলৈ ঘূৰি আহি তেওঁৰ অপৰাধৰ বাবে আইনী ব্যৱস্থাৰ সন্মুখীন হ’বলৈ বাধ্য হ’ব আৰু অৰ্থনৈতিক অপৰাধীৰ পৰা বেংক তথা বিত্তীয় প্ৰতিস্থানসমূহে অধিক পৰিমাণৰ ধনৰাশি ঘূৰাই পাবলৈ সক্ষম হ’ব। লগতে পলাতক অৰ্থনৈতিক অপৰাধী (অনুসন্ধান আৰু জব্দ কৰা ব্যৱস্থা) অধিনিয়ম,২০১৮ই সম্পত্তিৰ ক্ষিপ্ৰ জব্দ আৰু বাজেয়াপ্তকৰণ নিশ্চিত কৰে। ক’লাধনৰ বিৰুদ্ধে চলি থকা এই উৎসাহী যুঁজখনে নিশ্চিত কৰিব ধৰিছে যে শতিকাৰ পিছত শতিকা ধৰি চলি থকা দুৰ্নীতি স্থবিৰ হৈ পৰিছে আৰু ন্যায় প্ৰদান কৰা হৈছে।
চৰকাৰখনে ক’লাধনৰ উৎস প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো সক্ৰিয় ভূমিকা পালন কৰি আহিছে। মোদী চৰকাৰৰ শাসনকালত গ্ৰহণ কৰা ক’লাধনবিৰোধী পদক্ষেপৰ ফলত ১,৩০, ০০০ কোটি টকাৰ অঘোষিত উপাৰ্জন কৰৰ আওতালৈ আহিছে। কৰ্পৰেটখণ্ডৰ দায়বদ্ধতা আৰু ৰাজহুৱা ধনৰ পৰা গ্ৰহণ কৰা ঋণৰ দায়বদ্ধতা নিশ্চিত কৰাটোও অৰ্থনীতি স্বচ্ছ কৰাৰ এক গুৰুত্বপূৰ্ণ দিশ। ইউ পি এ চৰকাৰখনে বেংকসমূহক দুৰ্দশাগ্ৰস্ত অৱস্থাত এৰি গৈছিল। স্বাধীনতাৰ পৰা ২০০৮ চনলৈ অৰ্থাৎ ৬০ বছৰত বেংকসমূহে ১৮ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰিছিল। কিন্তু ২০০৮ৰ পৰা ২০১৪ লৈকে মাত্ৰ ৬ বছৰৰ ভিতৰত কংগ্ৰেছ চৰকাৰখনে এই পৰিমাণ ৫২ লাখ কোটি টকালৈ বৃদ্ধি কৰিছে! ইয়াৰ ফলত বিশাল পৰিমাণৰ এন পি এৰ সৃষ্টি হৈছিল যিবোৰ ইউ পি এ চৰকাৰে লুকুৱাই ৰাখিছিল।
মোদী চৰকাৰখনে এই এন পি এ সমূহ পোহৰলৈ অনাৰ লগতে ইয়াৰ সমাধানৰ বাবে ইনছ’ল্ভেন্চি এণ্ড বেংক্ৰাপ্চি কোড গৃহীত কৰিছিল। এতিয়ালৈকে চৰকাৰে বেংক আৰু ঋণ প্ৰদানকাৰীসকলক ৩ লাখ কোটি টকাতকৈয়ো অধিক ধনৰাশি ঘূৰাই পোৱাত সহায় কৰিছে। স্বচ্ছ প্ৰশাসন বা ক’লাধনৰ প্ৰতিৰোধ অথবা দুৰ্নীতিবিৰোধী বহুমূখী যুঁজ অথবা এন পি এৰ সমাধানেই নহওক কিয়, মোদী চৰকাৰখনে নতুন ভাৰতৰ বাবে স্বচ্ছ অৰ্থনীতি আদৰি অনাৰ বাবে সকলো প্ৰচেষ্টাই গ্ৰহণ কৰিছে।