১৬ ফেব্ৰুৱাৰীত তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত একাধিক উন্নয়নমুলক প্ৰকল্প উদ্বোধনৰ সময়ত ৰিক্সা চালক মংগল কেৱাটৰ সৈতে মিলিত হয়, যিগৰাকীয়ে তেওঁৰ কন্যাৰ বিবাহত প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল৷
কেৱাটে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ গৈ নিমন্ত্ৰণ জনাই আহিছিল আৰু বিষয়টোৰ গুৰুত্ব সহকাৰে লৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিজে কেৱাটলৈ উত্তৰ লিখে৷ তেওঁৰ এখন পত্ৰত কেৱাটৰ কন্যাৰ বিবাহ উপলক্ষে অভিনন্দনমুলক শুভেচ্ছা জনায়, যিটোৱে কেৱাট আৰু তেওঁৰ পৰিয়ালক অতিশয় আনন্দিত কৰি তোলে৷
প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ’বলৈ অতি আগ্ৰহী কেৱাটক প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰাণসী ভ্ৰমণৰ সময়ত অতি উৎসাহেৰে সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা অনুপ্ৰাণিত হৈ মংগল কেৱাটে সক্ৰিয়ভাৱে এই স্বচ্ছ অভিযানত জড়িত হৈ তেওঁৰ ডোমৰি গাঁৱৰ গংগা ঘাটটো পৰিস্কাৰ কৰে৷ কেৱাট মা গংগাৰ এগৰাকী ভক্ত আৰু তেওঁৰ উপাৰ্জনৰ এটা অংশ নদীখনৰ উন্নয়নত ব্যয় কৰে৷