ফুডবেংক ইণ্ডিয়াৰ প্ৰতিষ্ঠাতা স্নেহা মোহনড’ছে নাৰী দিৱসৰ দিনা ‘ছী ইনস্পায়াৰ্ছ আছ’ৰ অভিযানৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰী মোজীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা সকলোকে নিজৰ জীৱনৰ অনুপ্ৰেৰণাদায়ী কাহিনী বিনিময় কৰে৷ তেওঁৰ মাতৃয়ে গৃহহীনলোকক খাদ্য যোগান ধৰা অভ্যাসৰ দ্বাৰা অনুপ্ৰাণিত হৈ স্নেহাই ফুডবেংক ইণ্ডিয়া অভিযানৰ সূচনা কৰে৷
স্নেহাই স্বেচ্ছাসেৱীৰ এটা দলৰ সৈতে ভোকাতুৰসকলৰ ক্ষুধা নিবাৰণৰ বাবে প্ৰয়াস কৰি আহিছে৷ ফুডবেংক-ইণ্ডিয়াই তেওঁলোকৰ কৰ্মৰ জৰিয়তে বহুলোকৰ জীৱনলৈ ধনাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ এই সন্দৰ্ভত স্নেহাই কয় যে ফুডবেংক-ইণ্ডিয়াই জন-ৰন্ধন, ৰন্ধন মাৰাথন, স্তনপান সজাগতা অভিযানৰ সৈতেও জড়িত হৈছে৷
স্নেহাই নাগৰিকসকলক, বিশেষকৈ মহিলাসকলক আগুৱাই আহি তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়৷ তেওঁ প্ৰত্যেককে অতিকমেও এজন ভোকাতুৰৰ ক্ষুধা নিবাৰণ কৰিবলৈ আৰু ক্ষুধামুক্ত ধৰিত্ৰী গঢ়ি তুলিবলৈ নিবেদন কৰে৷
You heard of food for thought. Now, it is time for action and a better future for our poor.
— Narendra Modi (@narendramodi) March 8, 2020
Hello, I am @snehamohandoss. Inspired by my mother, who instilled the habit of feeding the homeless, I started this initiative called Foodbank India. #SheInspiresUs pic.twitter.com/yHBb3ZaI8n