৪ মাৰ্চ ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব উমিয়াম ধাম কমপ্লেক্সৰ আধাৰশিলা স্থাপনত উপস্থিত জনতাৰ সন্মুখত ভাষণ প্ৰদান কৰি কৈছিল- ‘‘আপোনালোকলৈ মোৰ এটা অনুৰোধ আছে, আপোনালোকে মোক সহায় কৰিবনে?’’

যেতিয়া ৰাজনৈতিক ব্যক্তি এজনে তেনে মন্তব্য কৰে তেতিয়া সকলোৰে মনত এটা কথাই খেলায় যে তেওঁ বোধহয় ভোট খোজাৰ কথা কৈছে৷ এয়া কোনো নতুন কথা নহয়, কিয়নো দশকজুৰি ভাৰতীয় সকলে এনে ৰাজনৈতিক ছবিয়েই নিজৰ মনত আঁকি আহিছে৷ 

কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত লোকসকলক কয় যে তেওঁ লিংগ সমতা নিশ্চিতিৰ বাবে তথা ভ্ৰুণ হত্যাৰ দৰে লজ্বাজনক কাৰ্যৰ অংশীদাৰ নহ’বলৈ প্ৰতিশ্ৰুতি বিচাৰিছে৷

কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে লিংগ সমতাৰ নিশ্চিতি তথা মহিলাৰ সৱলীকৰণৰ বাবে কাম কৰি আহিছে৷ তেওঁ কথা প্ৰসংগত মাজে-সময়ে কৈয়েই থাকে যে মহিলাৰ উন্নয়নতকৈ মহিলা নেতৃত্বাধীন বিকাশত অধিক মনোযোগ দিয়া আৱশ্যক৷

প্ৰধানমন্ত্ৰী মোদীয়ে ‘বেটি বচাও, বেটি পঢ়াও’ আন্দোলনৰ সূচনা কৰাৰ পৰা পূৰ্বে লিংগ অসমতাৰ বাবে জনাজাত হাৰিয়ানাত এতিয়া যোৱা পাঁচ বছৰত অভূতপুৰ্ব ফলাফল পৰিলক্ষিত হৈছে৷

মুদ্ৰা যোজনাই লক্ষাধিক লোকৰ প্ৰত্যাশাত ডেউকা প্ৰদান কৰিছে আৰু ইয়াৰে অধিকাংশই হ’ল মহিলা হিতাধিকাৰী৷

যুগান্তকাৰী পদক্ষেপ হিচাপে ধ্বজ্বাবাহী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহসমূহ মহিলা সদস্যৰ নামত আৱণ্টন দিয়া হৈছে৷ ইয়াৰ দ্বাৰা মহিলাসকল সুৰক্ষিত হোৱাৰ লগতে সমাজত তেওঁলোকৰ সন্মানো বৃদ্ধি হৈছে৷

প্ৰধানমন্ত্ৰী মোদীৰ ভাৰত নিৰ্মাণৰ সপোন য’ত ৰাষ্ট্ৰীয় উন্নতিত নাৰী শক্তিয়ে অগ্ৰণী ভূমিকা পালন কৰিব তথা বিনা কোনো বাধা তথা বিনা ভয়ে নিজৰ হাবিয়াস পূৰণ কৰিব পাৰিব সেয়া তেওঁৰ প্ৰয়াসত প্ৰকাশ পাইছে৷

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Annual malaria cases at 2 mn in 2023, down 97% since 1947: Health ministry

Media Coverage

Annual malaria cases at 2 mn in 2023, down 97% since 1947: Health ministry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
প্ৰধানমন্ত্ৰী মোদীৰ এখনি হৃদয়স্পৰ্শী চিঠি
December 03, 2024

দিব্যাংগ শিল্পী দিয়া গোসাইৰ বাবে সৃষ্টিশীলতাৰ এটা মুহূৰ্ত জীৱন পৰিবৰ্তনকাৰী অভিজ্ঞতাত পৰিণত হ’ল। ২৯ অক্টোবৰত বদোদৰা ৰোডশ্ব’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ ছানচেজক তেওঁ অংকন কৰা চিত্ৰ উপহাৰ হিচাপে দিয়ে। দুয়োগৰাকী নেতাই ব্যক্তিগতভাৱে তেওঁৰ আন্তৰিক উপহাৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল, যাৰ ফলত তেওঁ আনন্দত আত্মহাৰা হৈ পৰে।

কেইসপ্তাহমানৰ পাছত ৬ নৱেম্বৰত দিয়াই প্ৰধানমন্ত্ৰীৰ পৰা এখন চিঠি পাইছিল য’ত তেওঁৰ শিল্পকৰ্মৰ প্ৰশংসা কৰা হৈছিল আৰু আনকি শ্ৰীযুত চানচেজেও কেনেকৈ ইয়াৰ প্ৰশংসা কৰিছিল সেই বিষয়ে লিখিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক নিষ্ঠাৰে সূক্ষ্ম কলাক লৈ উৎসাহিত কৰি "বিকশিত ভাৰত" গঢ়ি তোলাত যুৱক-যুৱতীসকলৰ ভূমিকাত বিশ্বাস প্ৰকাশ কৰে। লগতে তেওঁৰ ব্যক্তিগতভাৱে তেওঁৰ পৰিয়াললৈ দীপাৱলী আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

আনন্দত আত্মহাৰা হৈ দিয়াই চিঠিখন মাক-দেউতাকক পঢ়ি শুনালে, যিসকলে পৰিয়ালটোলৈ ইমান অপৰিসীম সন্মান কঢ়িয়াই অনাৰ বাবে উল্লাসিত হৈ পৰে। "আমাৰ দেশৰ এক সৰু অংশ হৈ মই গৌৰৱ অনুভৱ কৰিছো। মোদী জী, মোক মৰম আৰু আশীৰ্বাদ দিয়াৰ বাবে আপোনাক ধন্যবাদ।" বুলি উল্লেখ কৰি দিয়াই কয় যে প্ৰধানমন্ত্ৰীৰ পৰা চিঠিখন লাভ কৰাটোৱে তেওঁক জীৱনত সাহসী পদক্ষেপ ল’বলৈ আৰু আনকো একে কাম শক্তিশালীভাৱে কৰিবলৈ গভীৰভাৱে অনুপ্ৰাণিত কৰিব।

প্ৰধানমন্ত্ৰী মোদীৰ এই ভংগীমাই দিব্যাংসকলক সবলীকৰণ আৰু তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়াৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। সুগম্য ভাৰত অভিযানৰ দৰে অসংখ্য পদক্ষেপৰ পৰা আৰম্ভ কৰি দিয়াৰ দৰে ব্যক্তিগত সংযোগলৈকে তেওঁ অনুপ্ৰাণিত আৰু উত্থান অব্যাহত ৰাখিছে, যিটোৱে প্ৰমাণ কৰি যে উজ্জ্বল ভৱিষ্যত গঢ় দিয়াত প্ৰতিটো প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ।