#MannKiBaat: PM Modi congratulates Indian contingent for their performance at Commonwealth Games 2018
Overcoming several challenges, our athletes have achieved their goals at Commonwealth Games: PM Modi #MannKiBaat
Yoga is the most economical aspect of #FitIndia movement: PM during #MannKiBaat
Entire world now marks 21st June as the International Day of Yoga with great enthusiasm. Let us also mobilise people to join it: PM #MannKiBaat
Youngsters spend their time learning something new and that is why summer internships are becoming increasingly popular: PM #MannKiBaat
Take up the Swachh Bharat Summer Internship: PM Modi urges youngsters during #MannKiBaat
Swachh Bharat Summer Internship aimed at furthering the message of cleanliness; best interns to get national level awards & 2 credit points: PM during #MannKiBaat
Conserve water in every possible manner: PM Modi during #MannKiBaat
Efforts have been made in the last three years towards water conservation and water management: PM during #MannKiBaat
Gurudev Rabindranath Tagore was not only talented but a multi-faceted personality, whose writings left an indelible impression on everyone: PM #MannKiBaat
#MannKiBaat: PM Modi extends Ramzan greetings to people
We must be proud that India is the land of Lord Buddha, who guided the whole world through his messages of service, sacrifice and peace: PM #MannKiBaat
Lord Buddha’s life gives the message of equality, peace, harmony and brotherhood: PM during #MannKiBaat
Dr. Baba Saheb Ambedkar’s life was greatly inspired by Lord Buddha, says PM Modi during #MannKiBaat
Lord Buddha's teachings show the way to eradicate hatred with mercy: PM Modi during #MannKiBaat
Laughing Buddha brings good luck; Smiling Buddha associated with Pokhran test demonstrated India’s might to the world: PM #MannKiBaat
Atal ji gave the mantra – ‘Jai Jawan, Jai Kisan, Jai Vigyan’. Inspired by it, let us build an India which is modern, powerful and self-reliant: PM #MannKiBaat
Let us transform our individual strengths into the country’s collective strength: PM Modi #MannKiBaat

মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ৷ যোৱা ৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈকে অষ্ট্ৰেলিয়াত একবিংশ কমনৱেলথ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ’ল৷ ভাৰতৰ উপৰিও বিশ্বৰ ৭০খন দেশে ইয়াত ভাগ ল’লে৷ যেতিয়া ইমানবোৰ দেশৰ হেজাৰ-বিজাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব, উৎসাহ, শক্তি, আবেগ, আশা-আকাংক্ষাৰ ভিৰ হ’ব, কল্পনা কৰকচোন, কেনে সুন্দৰ হ’ব সেই পৰিবেশ! এই সময়ছোৱাত দেশজুৰি মানুহে দৈনিক ভাবিছিল আজি বা কোন কোন খেলুৱৈয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰে৷ আমাৰ দেশৰ খেলুৱৈসকলেও দেশবাসীৰ আশা-আকাংক্ষাক সঁহাৰি জনাই যথেষ্ট উন্নত প্ৰদৰ্শন কৰিলে আৰু এটাৰ পিছত আনটো পদক জয় কৰি গ’ল৷ ২৬টা স্বৰ্ণ, ২০টা ৰূপৰ আৰু ২০টা ব্ৰঞ্জৰ পদকেৰে ভাৰতে মুঠ ৬৬টা পদক জয় কৰিলে৷ এই সফলতাই প্ৰত্যেক ভাৰতীয়কে গৰ্বিত কৰিছে৷ খেল শেষ হোৱাৰ পিছত যেতিয়া পদকৰ সৈতে ভাৰতৰ ক্ৰীড়াবিদে শৰীৰত ৰাষ্ট্ৰীয় পতাকা মেৰিয়াই থিয় হয়, ৰাষ্ট্ৰীয় সংগীত ধ্বনি বাজি উঠে, সেই সময়ত সেই দৃশ্য চাই থকা দেশবাসীৰ মনত যি সন্তুষ্টি, গৌৰৱ আৰু সন্মানৰ ভাৱ জাগ্ৰত হয় সি তন-মন জোকাৰি পেলায়৷ সেই ভাৱ ব্যক্ত কৰিবলৈ মোৰ ওচৰত শব্দৰ অভাৱ৷ কিন্তু মই খেলুৱৈসকলৰ পৰা যি শুনিলোঁ, মই আপোনালোকক শুনাও৷ মই খুব গৌৰৱ অনুভৱ কৰোঁ, আপোনালোকৰো গৌৰৱ অনুভৱ হ’ব৷

 

মই মণিকা বাট্ৰা, যি কমনৱেলথ গেমছত চাৰিটা পদক জয় কৰিছোঁ, দুটা, স্বৰ্ণৰ, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জ৷ মন কী বাতৰ শ্ৰোতাসকলক মই জনাব খোজোঁ, মই অত্যন্ত আনন্দিত যে ভাৰতত টেবুল টেনিছ ইমান জনপ্ৰিয় হৈছে, য’ত মই শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিছিলোঁ৷ গোটেই জীৱনৰে শ্ৰেষ্ঠ টেবুল টেনিছ খেলিলোঁ৷ মোৰ প্ৰেকটিছৰ বিষয়ে কওঁ৷ মোৰ প্ৰশিক্ষক সন্দীপ ছাৰৰ সৈতে প্ৰেকটিছ কৰিছিলো কমনৱেলথ গেমছৰ পূৰ্বে আৰু আমাৰ কেম্প হৈছিল পৰ্তুগালত৷ মই চৰকাৰক ধন্যবাদ জনাইছোঁ কাৰণ চৰকাৰে আমাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ পঠিয়াইছে৷ নতুন প্ৰজন্মক এষাৰেই কওঁ, নিৰাশ নহ’বা৷ নিজকে আৱিষ্কাৰ কৰা৷

 

মই পি গুৰুৰাজ আপোনালোকক জনাব খোজোঁ, যে কমনৱেলথ গেমছত পদক জয় কৰাৰ মোৰ দুৰ্বাৰ হেঁপাহ আছিল৷ মোৰ প্ৰথমবাৰৰ কমনৱেলথ গেমছতে ভাৰতৰ প্ৰথমটো পদক জয় কৰিবলৈ পাই মই অতিশয় আনন্দিত৷ এই পদক মই মোৰ গাঁও কুন্দাপুৰ, মোৰ ৰাজ্য কৰ্ণাটক আৰু মোৰ দেশৰ নামত উৎসৰ্গা কৰিছোঁ৷

 

মই মীৰাবাই চানু, মই এইবাৰৰ কমনৱেলথ গেমছত ভাৰতৰ বাবে প্ৰথমটো স্বৰ্ণ পদক আনিছিলোঁ, মণিপুৰৰ আৰু দেশৰে এগৰাকী ভাল ক্ৰীড়াবিদ হোৱাৰ স্বপ্ন আছিল মোৰ৷ মই চিনেমাবোৰ চাইছিলোঁ৷ বিশেষকৈ মণিপুৰৰ মোৰ বাইদেউৰ চিনেমাখনে মোক উৎসাহিত কৰিছিল৷ মোৰ নিয়মানুৱৰ্তিতা, একাত্মতা, নিষ্ঠা আৰু কঠোৰ শ্ৰমৰ বলত মই সফল হ’লো৷

 

কমনৱেলথ গেমছ ভাৰতৰ বাবে কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ আছিল৷ আপোনালোকে জানেনে? এইবাৰ গেমছলৈ যিমান ভাৰতীয় মল্লযুঁজাৰু গৈছিল, প্ৰত্যেকেই পদক বিজয় কৰিছে৷ মণিকা বাট্ৰাই যিমানটা ক্ৰীড়াত প্ৰতিদ্বন্ধিতা কৰিলে প্ৰত্যেকতে পদক লাভ কৰিলে৷ তেওঁ প্ৰথম ভাৰতীয় মহিলা যি একক টেবুল টেনিছত ভাৰতৰ বাবে স্বৰ্ণ পদক আনিলে৷ ভাৰতে সৰ্বাধিক পদক পালে শ্বুটিঙত৷ পোন্ধৰ বছৰীয়া ভাৰতীয় শ্বুটাৰ অনিশ ভানুৱালা ভাৰতৰ সৰ্বকনিষ্ঠ শ্বুটাৰ৷ শচীন চৌধুৰী পদক বিজয়ী একমাত্ৰ ভাৰতীয় দিব্যাংগ ভাৰত্তোলক৷ এইবাৰ সৰ্বাধিক পদক বিজয় কৰিলে মহিলাই৷ বেডমিণ্টনতো চুড়ান্ত খেলখনত ভাৰতৰেই দুগৰাকী খেলুৱৈ ছাইনা নেহৱাল আৰু পি ভি সিন্ধুৰ মাজত অনুষ্ঠিত হৈছিল৷ দুয়োটা পদক ভাৰতলৈকে আহিল৷ মই উপভোগ কৰি আনন্দিত হ’লো৷ এই ক্ৰীড়া সমাৰোহত ভাগ লোৱা খেলুৱৈসকল দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহিছিল, সৰু সৰু চহৰবোৰৰ পৰা আহিছিল৷ অনেক বাধা-বিঘিনি পাৰ হৈ আজি তেওঁলোকে এই সাফল্য লাভ কৰিছে৷ এই ক্ষেত্ৰত তেওঁলোকৰ পিতৃ-মাতৃ, অভিভাৱক, শিক্ষক, সংগী ক্ৰীড়াবিদসকল, আটাইৰে অৰিহণা আছে৷ মই এওঁলোক সকলোলৈকে অভিনন্দন জনাইছোঁ৷

মন কী বাতৰ যোৱা অনুষ্ঠানত যোৱাটো খণ্ডত মই ফিট ইণ্ডিয়া গঢ়াৰ আহ্বান জনাইছিলোঁ৷ এই ক্ষেত্ৰত বিশেষকৈ যুৱ সম্প্ৰদায়ৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ৷ শচীকান্ত ভোচলে নামৰ এজন ব্যক্তিয়ে ছুইমিং পুলত তেখেতৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে- দেহেই মোৰ অস্ত্ৰ, পানীয়েই মোৰ উপাদান আৰু সাঁতোৰেই মোৰ জগত৷ ৰুমা দেৱনাথে লিখিছে- প্ৰাতঃভ্ৰমণে মোক সুখী আৰু স্বাস্থ্যৱান কৰি তোলে৷ শাৰীৰিক সক্ষমতাই সুখ আনে আৰু সুখে হাঁহি বিৰিঙায়৷ দেৱনাথে কোৱাৰ দৰে নিঃসন্দেহে সুখী অৱস্থাই হৈছে সক্ষমতা৷ ধাৱল প্ৰজাপতিয়ে নিজৰ ট্ৰেকিং কৰা থকা ফটো দি লিখিছে- মোৰ বাবে ভ্ৰমণৰ ট্ৰেকিঙেই হৈছে ফিট ইণ্ডিয়াৰ মন্ত্ৰ৷ কেইবাজনো বিখ্যাত ব্যক্তিয়ে ফিট ইণ্ডিয়াৰ সৈতে জড়িত হৈ যুৱ সম্প্ৰদায়ক অনুপ্ৰেৰণা দিয়া দেখি আনন্দ পাইছোঁ৷ অভিনেতা অক্ষয় কুমাৰে টুইটাৰত এটা ভিডিঅ’ দিছে, য’ত তেওঁ পিঠি আৰু পেটৰ মাংসপেশী সবল কৰিব পৰা ব্যায়াম কৰি দেখুৱাইছে৷ ফিট ইণ্ডিয়া আন্দোলনত যোগাভ্যাসৰ যথেষ্ট গুৰুত্ব আছে৷ ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগদিৱসৰ বাবে আপোনাসৱ আটায়েই প্ৰস্তুতি চলাওক৷ আপোনালোকৰ লগতে আপোনাৰ অঞ্চলৰ স্ত্ৰী-পুৰুষ নিৰ্বিশেষে সকলো বয়সৰ লোকক লগত লৈ প্ৰস্তুতি আৰম্ভ কৰক৷ শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত যোগৰ গুৰুত্ব সম্পৰ্কে আজি বিশ্বত বা ভাৰতত নতুনকৈ ক’বলগীয়া একো নাই৷ এই ক্ষেত্ৰত এটা এনিমেটেড ভিডিঅ’ যথেষ্ট জনপ্ৰিয় হৈছে৷ এই এনিমেচন কৰা লোকসকলক মই অভিনন্দন জনাইছোঁ৷

 

যুৱ বন্ধুসকল, আপোনালোকে নিশ্চয় পৰীক্ষাৰ পৰা আজৰি পাই বন্ধৰ দিন কেনেকৈ কটাব সেই কথা চিন্তা কৰি আছে৷ কোনোৱে কোনোৱে নতুন বিষয় শিকাৰো আগ্ৰহ কৰিছে নিশ্চয়৷ এই ক্ষেত্ৰত আপোনালোকক আন এটি নিমন্ত্ৰণ জনাইছোঁ, ভাৰত চৰকাৰৰ ক্ৰীড়া, মানৱ সম্পদ বিকাশ আৰু কল্যাণ আৰু খোৱা পানী এই তিনিটা মন্ত্ৰালয়ৰ সহযোগত স্বচ্ছ ভাৰত ছামাৰ ইণ্টাৰ্ণশ্বিপ ২০১৮ আৰম্ভ কৰা হৈছে৷ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এনচিচি, এনএছএছ আদিত জড়িত যুৱকসকলে ইয়াত ভাগ লৈ সমাজৰ উপকাৰ সাধন কৰিব পাৰিব৷ এই ইণ্টাৰ্ণশ্বিপ কৰা সকলক ইউজিচিয়ে ক্ৰেডিট পইণ্ট দিয়াৰ ব্যৱস্থা কৰিছে৷ অন্যান্য পুৰস্কাৰৰো ব্যৱস্থা আছে৷ আপোনালোকে মাই গভ ৱেৱছাইটৰ জৰিয়তে ইয়াত যোগদান কৰিব পাৰিব৷ মই আশা কৰিছোঁ ইয়াৰ জৰিয়তে আমাৰ যুৱ সম্প্ৰদায়ে স্বচ্ছ ভাৰত অভিযানক আৰু অলপ আগুৱাই নিব৷ আপোনালোকৰ অভিজ্ঞতা ফটো, ভিডিঅ’ আজিৰ জৰিয়তে মোলৈ পঠিয়াওক৷ ছুটিৰ দিনকেইটাত এক নতুন ধৰণৰ অভিজ্ঞতাৰ সোৱাদ লওক৷ আপোনাসৱৰ প্ৰয়াসৰ বিষয়ে জানিবলৈ মই বৰ ইচ্ছুক৷ আপোনালোকৰ মতামত আমালৈ পঠিয়াওক৷ কাহিনী প্ৰেৰণ কৰক, ভিডিঅ’ প্ৰেৰণ কৰক৷ এক নতুন অনুভৱৰ বাবে এই বন্ধৰ সময়খিনি কিবা এটা শিকাৰ সৈতে জড়িত হৈ পৰক৷

 

প্ৰিয় দেশবাসী, সময় পালেই মই দূৰদৰ্শনত গুড নিউজ ইণ্ডিয়া নামৰ অনুষ্ঠানটি চাওঁ৷ লগতে মই দেশবাসীকো অনুৰোধ কৰোঁ গুড নিউজ ইণ্ডিয়া অনুষ্ঠানটি আমি চাব লাগে৷ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ দেশৰ চুকে-কোণে হৈ থকা ভাল খবৰ, আৰু এই ভাল কামৰ সৈতে জড়িত হৈ থকা ব্যক্তিৰ বিষয়ে আমি জানিব পাৰোঁহক৷

 

মই বিগত সপ্তাহত দেখিছিলোঁ, যে দিল্লীৰ বহুতো যুৱক দুখীয়া ছাত্ৰ-ছাত্ৰীৰ শিক্ষাদানৰ বাবে নিঃস্বাৰ্থভাৱে জড়িত হৈ পৰিছে৷ এই যুৱকসকলে দিল্লীৰ পদপথত বাস কৰা অথবা অস্থায়ী জুপৰীত বাস কৰা শিশুসকলৰ শিক্ষাৰ বাবে এক অভিযান আৰম্ভ কৰিছে৷ আৰম্ভণিতে ৰাস্তাত ভিক্ষা বিচৰা, বা সৰু-সুৰা কাম কৰা শিশুৰ অৱস্থাই তেওঁলোকক এনেদৰে আলোড়িত কৰিলে যে তেওঁলোকে এনেধৰণৰ ৰচনাত্মক কামৰ ভিতৰত সোমাই পৰিল৷ দিল্লীৰ গীতা ক’লনীৰ ওচৰৰ জুপুৰীত বাস কৰা পোন্ধৰ গৰাকী শিশুৰে আৰম্ভ কৰা এই অভিযানে আজি বাৰটা স্থানৰ দুহেজাৰ শিশুক সামৰি লৈছে৷ এই অভিযানৰ সৈতে জড়িত যুৱক-যুৱতীসকলক শিক্ষকসকলে নিজস্ব ব্যস্ত দিনপঞ্জীৰ পৰা দুঘণ্টা সময় উলিয়াই এই সমাজ সংশোধনৰ কামৰ সৈতে জড়িত হৈ পৰিছে৷

 

ভাই-ভনীসকল, এনেদৰে উত্তৰাখণ্ডৰ পৰ্বতীয়া অঞ্চলৰ কিছু কৃষক সমগ্ৰ দেশৰ কৃষকসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ তেওঁলোকে সংগঠিত প্ৰয়াসেৰে কেৱল নিজৰেই নহয়, নিজৰ অঞ্চলৰো ভাগ্য সলনি কৰিছে৷ উত্তৰাখণ্ডৰ বাগেশ্বৰত প্ৰধানতঃ ছোলাই, গমধান আদিৰ খেতি কৰা হয়৷ পাহাৰীয়া অঞ্চল হোৱা বাবে সেই অঞ্চলৰ কৃষকসকলে উচিত মূল্য নাপাইছিল৷ কিন্তু কপকোট অঞ্চলৰ কৃষকসকলে এই শস্য পোনে পোনে বজাৰত বিক্ৰী কৰি লোকচান হোৱাৰ পৰিৱৰ্তে অধিক মূল্য লাভ কৰাৰ পথ মুকলি কৰে৷ তেওঁলোকে কৰিলে কি, সেই উৎপাদিত শস্যৰ পৰা বিস্কুট প্ৰস্তুত কৰা আৰম্ভ কৰি সেই বিস্কুট বিক্ৰী কৰিলে৷ সেই অঞ্চলত আইৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কত এটা ধাৰণা আছে আৰু লৌহ পদাৰ্থসমৃদ্ধ এই বিস্কুট গৰ্ভৱতী মহিলাৰ বাবেও উপযোগী৷ এই কথা তেওঁলোকে জানে৷ এই কৃষকসকলে মুনাৰ গাঁৱত এক সমবায় ব্যৱস্থা গঠন কৰি বিস্কুট নিৰ্মাণৰ কাৰখানা স্থাপন কৰিছে৷ কৃষকসকলৰ সাহস দেখি প্ৰশাসনেও ইয়াক ৰাষ্ট্ৰীয় জীৱিকা অভিযানৰ সৈতে জড়িত কৰিছে৷ এই বিস্কুট বৰ্তমান বাগেশ্বৰ জিলাৰ প্ৰায় ৫০খন অংগনৱাড়ী কেন্দ্ৰতেই নহয়, আলমোড়া আৰু কৌছানীলৈও পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷ কৃষকসকলৰ কষ্টৰ বাবেই সংস্থাৰ বাৰ্ষিক আয় দহৰ পৰা পোন্ধৰ লাখ টকা বৃদ্ধি পাইছে৷ আৰু ৯০০ত কৈও অধিক পৰিয়ালৰ বাবে সংস্থাপনৰ বাট মুকলি হৈছে৷ ফলত জিলাসমূহৰ পৰা হোৱা প্ৰব্ৰজন কমি গৈছে৷

 

প্ৰিয় দেশবাসী, আমি শুনো যে ভৱিষ্যতে পৃথিৱীত পানীক লৈয়ে যুদ্ধ হ’ব৷ প্ৰত্যেকেই এই কথা কয়৷ কিন্তু আমাৰ দায়িত্ব নাই নে বাৰু? এনে নালাগেনে বাৰু যে জল সংৰক্ষণ সামাজিক দায়িত্ব হোৱা উচিত৷ প্ৰতিজন ব্যক্তিৰেই দায়িত্ব হোৱা উচিত৷ বৰষুণৰ প্ৰতি টোপাল পানী আমি কিদৰে সংৰক্ষণ কৰিম এই কথা আমি জনা উচিত৷ আৰু সেইমতে কামত আগবঢ়াও উচিত৷ আমি সকলোৱে জানো যে আমি প্ৰতিজন ভাৰতীয়ৰ অন্তৰত জল সংৰক্ষণ কোনো নতুন বিষয় নহয়, কিতাপৰ বিষয় নহয়, ভাষাৰ বিষয় নহয়৷ অতীজৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে এয়া প্ৰমাণ কৰি আহিছে যে পানীৰ প্ৰতিটো টোপাল কিদৰে সংৰক্ষণ কৰিব পাৰি৷ এই সম্পৰ্কত তেওঁলোক নতুন নতুন উপায় উদ্ভাৱনৰ দিশত আগবাঢ়িছিল৷ প্ৰতিটোপাল পানীৰ মাহাত্মক তেওঁলোকে স্বীকৃতি দিছে৷ তেওঁলোকে এনেধৰণৰ নতুন নতুন উপায় উদ্ভাৱন কৰিছে যে প্ৰতি টোপাল পানীক কিদৰে সংৰক্ষণ কৰিব পাৰি৷ তামিলনাডুৰ কিছুমান মন্দিৰত জলসিঞ্চন, জন সংৰক্ষণ আৰু খৰাং নিয়ন্ত্ৰণ আদিৰ বিষয়ে মন্দিৰৰ বৃহৎ শিলাখণ্ডত খোদিত কৰা আছে৷ মনাৰকোবিল, চিৰান মহাদেৱী, কোবিলপট্টী বা পুডুকোট্টইত এনে শিলালেখ আছে৷ আজিও বিভিন্ন পুখুৰী, কুঁৱা পৰ্যটনথলী হিচাপে পৰিচিত৷ কিন্তু এয়া পাহৰিব নালাগিব এয়া জল সংৰক্ষণৰ বাবে আমাৰ পূৰ্বপুৰুষসকলৰ অভিযানৰ সাক্ষী৷ গুজৰাটৰ ওদালাজ আৰু পাটন কী ৰাণী এয়া ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ৷ এক প্ৰকাৰ এই পুখুৰী এটা জলমন্দিৰেই৷ আপুনি যদি ৰাজস্থানলৈ যায় তেনেহ’লে আপুনি যোধপুৰৰ চান্দ বাউৰীলৈ নিশ্চয় যাব৷ এয়া ভাৰতৰ সবাতোকৈ ডাঙৰ আৰু ধুনীয়া পুখুৰীবোৰৰ মাজৰ এটা৷ মন কৰিবলগীয়া কথাটো হ’ল পুখুৰীটো এনে এক স্থানত আছে য’ত আকৌ পানীৰ অভাৱ৷ এপ্ৰিল, মে’, জুন, জুলাই এই সময়ছোৱা বৰষাৰ পানী সংগ্ৰহৰ উত্তম সময়৷ যদি আমি আগতীয়াকৈ এই ব্যৱস্থা কৰোঁ তেনেহ’লে আমি অধিক সুফল লাভ কৰিম৷ মনৰেগাৰ বাজেটেও এই জল সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট সহায়ক৷ বিগত তিনিটা বৰ্ষত জল সংৰক্ষণ আৰু জল প্ৰৱন্ধনৰ দিশত প্ৰতিজনেই নিজ নিজ ধৰণে প্ৰয়াস কৰিছে৷ প্ৰতিবছৰে মনৰেগা বাজেটৰ বাহিৰত জল সংৰক্ষণ আৰু জল প্ৰৱন্ধনৰ বাবে ৩২ হাজাৰ কোটি টকা খৰচ কৰা হৈছে৷ ২০১৭-১৮ বৰ্ষৰ কথা যদি কওঁ, এইটো বছৰত মুঠ ৬৪ হাজাৰ কোটি টকাৰ ৫৫ শতাংশ অৰ্থাৎ প্ৰায় ৩৫ হাজাৰ কোটি টকা জল সংৰক্ষণৰ নিচিনা কামতেই ব্যয় কৰা হৈছে৷ বিগত তিনিটা বছৰত জল সংৰক্ষণ আৰু জল প্ৰৱন্ধনৰ কৌশলৰ মাধ্যমেৰে প্ৰায় ১৫০ লাখ হেক্টৰ কৃষিভূমি ব্যাপক মাত্ৰাত লাভান্বিত হৈছে৷ জল সংৰক্ষণ আৰু প্ৰৱন্ধনৰ বাবে মনৰেগা আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে আগবঢ়োৱা ধনৰাশিৰ জৰিয়তে বহু লোক ভালদৰেই উপকৃত হৈছে৷ কেৰেলাৰ কুট্টুমপেৰুৰ নদীত মনৰেগাৰ কাম কৰা ৭ হাজাৰ লোকে ৭০ দিন ধৰি কঠোৰ পৰিশ্ৰম কৰি মৃত নদীখনক পুনৰুজ্জীৱিত কৰিলে৷ গংগা আৰু যমুনা নদীৰ পানীৰে পৰিপূৰ্ণ কিন্তু উত্তৰ প্ৰদেশত এনেকুৱা কিছুমান এলেকা আছে য’ত আকৌ পানীৰ অভাৱ৷ যেনে ফটেহপুৰ জিলাৰ চচুৰ খদেৰী নামৰ দুখন সৰু নদী একেবাৰেই শুকাই গৈছে৷ জিলা প্ৰশাসনে মনৰেগা আঁচনিৰ জৰিয়তে জল সংৰক্ষণ আৰু মাটিৰ কাম কৰি কাৰ্যটো সম্পাদন কৰিলে৷ প্ৰায় ৪০-৪৫খন গাঁৱৰ লোকৰ সহায়ত শুকাই যোৱা নদীদুখন পুনৰুজ্জীৱিত কৰি তুলিলে৷ পশুৱেই হওক, পক্ষীয়েই হওক, খেতিয়কেই হওক, কৃষিভূমিয়েই হওক, গাঁও হওক সকলোৰে বাবে এয়া এক আশীৰ্বাদ৷ মই কওঁ যে পুনৰ এবাৰ এপ্ৰিল, মে’, জুন, জুলাই মাহ আমাৰ সন্মুখলৈ আহি আছে৷ জল সঞ্চয় আৰু জল সংৰক্ষণৰ বাবেও আমি কিছু কাম কৰিব লাগে৷ আহক আমিও আঁচনি ৰূপায়ণ কৰি কিবা এটা কৰি দেখুৱাও৷

 

মোৰ প্ৰিয় দেশবাসী, যেতিয়া মন কী বাত হয়, মোলৈ চাৰিওফালৰ পৰা বাৰ্তা আহে, চিঠি আহে, ফোনো আহে৷ পশ্চিম বংগৰ উত্তৰ চৌবিশ পৰগণা জিলাৰ দেৱীতোলা গাঁৱৰ অয়ন কুমাৰ বেনাৰ্জীয়ে মাই গভত লিখিছে আমি প্ৰতি বছৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰোঁ কিন্তু ৰবীন্দ্ৰ নাথৰ শান্তি, সৌন্দৰ্য আৰু সততা-নিষ্ঠাৰে ভৰা জীৱনৰ আদৰ্শৰ বিষয়ে কেইজনে জানে? অনুগ্ৰহ কৰি আপুনি মন কী বাত অনুষ্ঠানত এই বিষয়ে চৰ্চা কৰিব যাতে মানুহে এই বিষয়ে জানিব পাৰে৷

মই অয়ন মহোদয়ক ধন্যবাদ জনাইছোঁ যে আপুনি মন কী বাতৰ সমূহ শ্ৰোতাৰ মনোযোগ আকৰ্ষণ কৰিছে৷ গুৰুদেৱ ঠাকুৰৰ আছিল জ্ঞান আৰু বিবেকপূৰ্ণ ব্যক্তিত্ব৷ নিজৰ লেখনীত তেওঁ তাৰ অবিনশ্বৰতাৰ চাপ ৰাখি থৈ গৈছে৷ ৰবীন্দ্ৰনাথৰ আছিল এক প্ৰতিভাশালী, বহুদৰ্শী ব্যক্তিত্ব৷ কিন্তু তেওঁৰ অন্তৰ্নিহিত শিক্ষকৰ আত্মাই আমাক সৰ্বদা স্পৰ্শ কৰে৷ গীতাঞ্জলীত তেওঁ লিখিছে, He, who has the knowledge has the responsibility to impart it to the students. অৰ্থাৎ যাৰ জ্ঞান আছে তেওঁৰ এয়া দায়িত্ব সেই জ্ঞান পিপাসুসকলক বিলাব লাগে৷

 

মই বাংলা ভাষা নাজানো৷ কিন্তু সৰুকালত মোৰ খুব সোনকালে শোৱাপাটীৰ পৰা শুই উঠাৰ অভ্যাস আছিল আৰু পূব হিন্দুস্তানত ৰেডিঅ’ৰ পুৱাৰ অনুষ্ঠান আগতে আৰম্ভ হৈছিল আৰু পশ্চিম ভাৰতত কিছু পলমকৈ আৰম্ভ হৈছিল৷ মোৰ ধাৰণা পুৱা চাৰে পাঁচ বজাত ৰবীন্দ্ৰ সংগীত আৰম্ভ হৈছিল ৰেডিঅ’ত আৰু শুনাটো মোৰ অভ্যাস আছিল৷ ভাষা নাজানিছিলো কিন্তু ৰবীন্দ্ৰ সংগীত শুনাটো মোৰ অভ্যাসত পৰিণত হৈছিল৷ যেতিয়া আনন্দলোক আৰু আগুনেৰ পৰশমণি এই কবিতাবোৰ পঢ়ো বা শুনো, মনটো প্ৰফুল্লিত হৈ পৰে, জাগ্ৰত হৈ উঠে৷ আপোনালোককো ৰবীন্দ্ৰ সংগীতে কিম্বা তেওঁৰ কবিতাই প্ৰভাৱিত কৰিছে৷ কবিগুৰুলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷

 

মোৰ প্ৰিয় দেশবাসী, আৰু কেইদিনৰ মানৰ পিছতে পবিত্ৰ ৰমজান মাহ আৰম্ভ হ’ব৷ বিশ্বজুৰি ৰমজান মাহ সম্পূৰ্ণ শ্ৰদ্ধা আৰু সন্মানেৰে পালন কৰা হয়৷ ৰোজাৰ সাৰ্বজনীন বৈশিষ্ট এয়ে যেতিয়া এজন লোকে সম্পূৰ্ণ উপবাসে থাকে তেতিয়া তেওঁ অন্য ভোকাতুৰজনৰ অৱস্থা উপলব্ধি কৰিব পাৰে৷ যেতিয়া তেওঁ তৃষ্ণাতুৰ হৈ থাকে অন্য তৃষ্ণাতুৰ মৰ্ম উপলব্ধি কৰিবলৈ সক্ষম হৈ পৰে৷ পয়গম্বৰ মহম্মদৰ শিক্ষা আৰু তেওঁৰ বাণীক সাৰোগত কৰাৰ এয়া এক সুযোগ৷ তেওঁৰ জীৱনৰ পৰা সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰ পথ অনুসৰণ কৰাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব৷ এবাৰ এজন লোকে পয়গম্বৰক সুধিলে যে ইছলাম ধৰ্মত সবাতোকৈ পবিত্ৰ কৰ্মটো কি? পয়গম্বৰ মহম্মদে ক’লে, কোনো দৰিদ্ৰ বা ভোকাতুৰজনক খুওৱা আৰু সকলোৰে সৈতে সদভাৱপূৰ্ণ ব্যৱহাৰ কৰা, লাগিলে তেওঁ অপৰিচিতই হওক, সেইটোৱেই হৈছে সবাতোকৈ পবিত্ৰ কৰ্তব্য৷ মহম্মদে জ্ঞান আৰু কৰুণাক বিশ্বাস কৰিছিল৷ কোনো ক্ষেত্ৰতেই তেখেত অহংকাৰী নাছিল৷ তেখেতে কৈছিল যে অহংকাৰে জ্ঞানক পৰাজিত কৰে৷ তেখেতে কৈছিল যদি আপোনাৰ ওচৰত প্ৰয়োজনতকৈ অধিক বস্তু থাকে তেন্তে সেয়া আপুনি অভাৱীজনক দান কৰক৷ আৰু এইকাৰণেই ৰমজান মাহত দানৰ গুৰুত্ব অপৰিসীম৷ এই পবিত্ৰ মাহত ৰাইজে অভাৱী আৰু দৰিদ্ৰজনক দান কৰে, কোনো লোকে ধন সম্পদেৰে চহকী হ’ব নোৱাৰে, কেৱল তেওঁ পবিত্ৰ আত্মাৰ বলতহে ঐশ্বৰ্যবান হ’ব পাৰে৷ মই সমূহ দেশবাসীলৈ পবিত্ৰ ৰমজান মাহৰ ওলগ জনাইছোঁ আৰু আশা কৰিছোঁ, শান্তি আৰু সদভাৱনাৰে সকলোৱে জীৱন-যাপন কৰি মহম্মদৰ বাণীসমূহ পালন কৰক৷

মোৰ প্ৰিয় দেশবাসী, প্ৰত্যেক ভাৰতীয়ৰ বাবে বুদ্ধ পূৰ্ণিমা হৈছে এক বিশেষ দিৱস৷ আমি গৰ্ব অনুভৱ কৰা উচিত যে ভাৰতবৰ্ষ কৰুণা, সেৱা আৰু ত্যাদৰ বাৰ্তাবাহক৷ ভাৰত ভগবান বুদ্ধৰ দেশ৷ যি বিশ্বৰ লাখ লাখ লোকৰ পথ প্ৰদৰ্শক৷ বুদ্ধ পূৰ্ণিমাই আমাক ভগৱান বুদ্ধক সোঁৱৰাই দিয়াৰ লগতে তেওঁৰ পথ অনুসৰণ কৰি আগবঢ়াৰ বাবে অনুস্মৰণ কৰায়৷ ভগবান বুদ্ধ মমতা আৰু শান্তি আৰু সদভাৱ আৰু ভাতৃত্ববোধৰ প্ৰেৰণাস্ৰোত৷ এই মানৱীয় প্ৰমূল্যসমূহৰ প্ৰয়োজনীয়তা আজিৰ বিশ্বত সৰ্বাধিক৷ বাবা চাহেব আম্বেদকাৰেও সজোৰে কৈছিল যে তেওঁৰ সমাজ দৰ্শনৰ প্ৰেৰণা হ’ল ভগবান বুদ্ধ৷ তেওঁ কৈছিল, ‘মোৰ সমাজ দৰ্শন, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰে প্ৰোজ্বল মোৰ দৰ্শনৰ মূল ভেঁটিত বিদ্যমান৷ ৰাজনীতি বিজ্ঞানত নহয়, মই এইসমূহ গুৰু বুদ্ধৰ পৰা গ্ৰহণ কৰিছোঁ৷’

 

সংবিধানৰ মাধ্যমেৰে বাবা চাহেবে দলিত, পীড়িত, শোষিত আৰু বঞ্চিত আদি অৱহেলিত লোকসকলক শক্তিশালী কৰি তুলিছিল৷ কৰুণাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু একো নাই৷ মানৱৰ দুখ কষ্ট আৰু কৰুণাৰ যি ভাৱ, ইয়েই হ’ল ভগবান বুদ্ধৰ আটাইতকৈ ডাঙৰ গুণ৷ বৌদ্ধ ভিক্ষুসকলে বিভিন্ন দেশ ভ্ৰমণ কৰাৰ কালত ভগবান বুদ্ধৰ এই মহান গুণাৱলী প্ৰচাৰ কৰে৷ অনাদিকাল জুৰি তেওঁলোকে এই কাম কৰি আহিছে৷ সমগ্ৰ এছিয়া মহাদেশত ভগবান বুদ্ধৰ এই শিকনিসমূহ আমি উত্তৰাধিকাৰীসূত্ৰে লাভ কৰিছোঁ৷ চীন, জাপান, কোৰিয়া, থাইলেণ্ড, কম্বোডিয়া, ম্যানমাৰ আদি দেশ ভগবান বুদ্ধৰ শিকনিৰ সৈতে ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে৷ সেয়েহে আমি বৌদ্ধিষ্ট টুৰিজিম অৰ্থাৎ বৌদ্ধৰ পৰ্যটন বিকশিত কৰিবলৈ আন্তঃগাঁথনি তৈয়াৰ কৰিছোঁ৷ এই কাৰ্যই দক্ষিণ পূব এছিয়াৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে ভাৰতৰ বৌদ্ধস্থলীসমূহৰ যোগাযোগ ঘটাব৷ ভাৰত চৰকাৰে কেইবাটাও বৌদ্ধ মন্দিৰৰ পুনৰুদ্ধাৰ কৰা কথাটোৱে মোক আনন্দ দিছে৷ ইয়াৰ ভিতৰত ম্যানমাৰৰ কেইবা শতিকা পুৰণি বৈভৱশালী আনন্দ মন্দিৰো সন্নিৱিষ্ট হৈ আছে৷ বৰ্তমান বিশ্বৰ সকলো ঠাইতে সংঘৰ্ষ আৰু মানুহৰ পীড়া, দুখ-কষ্ট আদি দেখিবলৈ পোৱা যায়৷ ভগবান বুদ্ধৰ শিকনিয়ে ঘৃণাক দয়ালৈ পৰিৱৰ্তিত কৰাৰ পথ দেখুৱায়৷ ভগবান বুদ্ধৰ প্ৰতি শ্ৰদ্ধাশীল, কৰুণাৰ সিদ্ধান্তত আস্থাশীল, বিশ্বব্যাপী থকা বুদ্ধৰ অনুগামীসকলক বুদ্ধ পূৰ্ণিমাৰ মংগলময়ী শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷ ভগবান বুদ্ধৰ ওচৰত সমগ্ৰ বিশ্বৰ বাবেই মই আশীৰ্বাদ ভিক্ষা কৰিছোঁ যাতে তেওঁৰ শিকনিৰ আধাৰত শান্তিময়, কৰুণাৰে ভৰা এখন বিশ্ব আমি নিৰ্মাণ কৰিব পাৰোঁহক৷ ভগবান বুদ্ধক স্মৰণ কৰাৰ এই মুহূৰ্তত আপোনালোকৰ নিশ্চয় লাফিং বুদ্ধৰ মূৰ্তিটোলৈ মন পৰিছে৷ লাফিং বুদ্ধ হ’ল সৌভাগ্যৰ প্ৰতীক৷ কিন্তু অতি কম সংখ্যক লোকেহে এই কথা জানে যে স্মাইলিং বুদ্ধৰ ভাৰতৰ প্ৰতিৰক্ষা ইতিহাসৰ সৈতে এক সম্পৰ্ক আছে৷ আপোনাসৱে নিশ্চয় ভাবিছে এয়া কেনেকুৱা সম্পৰ্ক? আজিৰ পৰা প্ৰায় কুৰি বছৰ পূৰ্বে ১৯৯৮ চনৰ ১১ মে’ৰ দিনা ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী মহোদয়ে ৰাষ্ট্ৰক সম্বোধি এক ভাষণ প্ৰদান কৰিছিল৷ তেওঁৰ সেই ভাষণে সমগ্ৰ ৰাষ্ট্ৰক গৌৰৱ, পৰাক্ৰম আৰু আনন্দৰ ক্ষণেৰে উপচাই পেলাইছিল৷ বিশ্বব্যাপী থকা ভাৰতীয়সকলৰ মনত নতুন আত্ম প্ৰত্যয় জগাই তুলিছিল৷ সেইদিনা আছিল বুদ্ধ পূৰ্ণিমা৷ ১৯৯৮ চনত সেই ১১ মে’ৰ দিনা ৰাজস্থানৰ পোখৰাণত ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল৷ আজি কুৰি বছৰ আগেয়ে ভগবান বুদ্ধৰ আশীৰ্বাদধন্য হৈ বুদ্ধ পূৰ্ণিমাৰ দিনা এই পৰীক্ষা কৰা হৈছিল৷ এক সফল পৰীক্ষাৰ দ্বাৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনত ভাৰতে নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল৷ সেই দিনটো ভাৰতৰ ইতিহাসত ভাৰতীয় প্ৰতিৰক্ষা শক্তিৰ প্ৰদৰ্শনৰ দিনৰূপে আমি অভিহিত কৰিব পাৰোঁ৷ শান্তিৰ বাবে আভ্যন্তৰীণ শক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে ভগবান বুদ্ধই বিশ্ববাসীক পথ প্ৰদৰ্শন কৰি থৈ গ’ল৷ এখন দেশৰ ৰূপত যেতিয়া আপোনালোকে শক্তিশালী হৈ থাকিব পাৰে, শান্তিৰ বাবেও আপোনালোকে একগোট হৈ থাকিব পাৰে৷ ১৯৯৮ চনৰ মে’ মাহটো পাৰমাণৱিক পৰীক্ষাৰ বাবে কেৱল গুৰুত্বপূৰ্ণ নহয়, বৰং এই পৰীক্ষণ যিদৰে সম্পন্ন কৰা হ’ল সেই কথাটোহে গুৰুত্বপূৰ্ণ৷ এই কাৰ্যই সমগ্ৰ বিশ্বকে দেখুৱালে যে ভাৰত হৈছে বিজ্ঞানীৰ দেশ, উপযুক্ত নেতৃত্বৰ সহায়েৰে ভাৰতে তিনিটা নতুন লক্ষ্য আৰু উচ্চতা পাবলৈ সক্ষম হ’ল৷ অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰ আছিল ‘জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান’৷ আমি আজি ১১ মে’ৰ দিনটো উদযাপিত কৰিবলৈ গৈ থকাৰ সময়ত অটল বিহাৰী বাজপেয়ী মহোদয়ৰ জয় বিজ্ঞান মন্ত্ৰফাঁকিকে সাৰোগত কৰি লৈ এখন আধুনিক ভাৰত, এখন শক্তিশালী ভাৰত, এখন সমৰ্থবান ভাৰত নিৰ্মাণৰ হকে দেশৰ যুৱচামে সংকল্প গ্ৰহণ কৰা উচিত৷ নিজৰ সামৰ্থক ভাৰতৰ সামৰ্থৰ অংশ কৰি লওক৷ অটল বিহাৰী বাজপেয়ী মহোদয়ে সূচনা কৰা যাত্ৰাক আগুৱাই নি আমিও মনত এক নতুন আনন্দ, এক নতুন সন্তোষ লাভ কৰিবলৈ সক্ষম হ’ম৷

মোৰ প্ৰিয় দেশবাসী, মন কী বাতত পুনৰ লগ পাম৷ আৰু তেতিয়া কথা হ’ম৷ অশেষ ধন্যবাদ৷ 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।