ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰৰ নেতাসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছে।
এক টুইটত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী গোটাবায়ে ৰাজাপাক্ষেই কয়, ‘ক’ভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান সফলতাৰে মুকলি কৰাৰ বাবেআৰু বন্ধু চুবুৰীয়া ৰাষ্ট্ৰৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰতাৰ বাবে মই তেওঁক আন্তঃৰিক অভিনন্দন জনাইছো।’
My heartiest congratulations to Prime Minister Shri @narendramodi on the successful roll out of the #COVID19 vaccine & his generosity towards friendly neighbouring countries. #COVID19Vaccination #india #SriLanka pic.twitter.com/ToscTxwge6
— Gotabaya Rajapaksa (@GotabayaR) January 17, 2021
এক টুইটত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী শ্ৰী মাহিন্দ ৰাজাপাক্ষেই কয়, ‘ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ দৰে অত্যন্ত আৱশ্যক পদক্ষেপৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জনাইছো। আমি এই ভয়ংকৰ মহামাৰীৰ অৱসান দেখিবলৈ আৰম্ভ কৰিছো।’
Congratulations PM @narendramodi and the Government of India on taking this very important step with this massive #COVID19Vaccination drive. We are starting to see the beginning of the end to this devastating pandemic. @IndiainSL https://t.co/fcx8bO7RfV
— Mahinda Rajapaksa (@PresRajapaksa) January 16, 2021
এক টুইটত মালদ্বীপৰ ৰাষ্ট্ৰপতি শ্ৰী ইব্ৰাহিম মহম্মদ ছ’লিহে কয়, ‘ ভাৰতৰ জনসাধাৰণক ক’ভিড-১৯ৰ টিকা প্ৰদানৰ যুগান্তকাৰী অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰত চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছো। মই সম্পূৰ্ণৰূপে বিশ্বাসী যে আপোনালোক এই প্ৰয়াসত সফল হ’ব আৰু অৱশেষত আমি মহামাৰীৰ অৱসান দেখিবলৈ পাম।’
Congratulations to PM @narendramodi and the Indian government for its landmark program to vaccinate India’s population against COVID-19. I’m highly confident that you’ll be successful in this endeavor and that we are finally seeing an end to the COVID-19 scourge.
— Ibrahim Mohamed Solih (@ibusolih) January 17, 2021
এক টুইটত ভূটানৰ প্ৰধানমন্ত্ৰী ড০ লোটাই শ্বেৰিঙে কয়, ‘আজিৰে পৰা ভাৰতত আৰম্ভ হোৱা দেশজোৰা ক’ভিড-১৯ টিকাকৰণ মুকলি অভিযানৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ জনসাধাৰণক অভিনন্দন জনাব বিচাৰিছো। আমি আশা কৰিছো যে এই অভিযানে মহামাৰীৰ সময়ত আমি সন্মুখীন হোৱা সকলো দুখ-কষ্টৰ অৱসান ঘটাব।’
I would like to congratulate PM @narendramodi and the people of India for the landmark launch of nationwide COVID-19 vaccination drive today. We hope it comes as an answer to pacify all the sufferings we have endured this pandemic. https://t.co/f921VupuJn pic.twitter.com/M9q3KKLFo3
— PM Bhutan (@PMBhutan) January 16, 2021