মালৱিকা আয়াৰে এইদৰে লিখিছে, ‘‘আমি নিজকে প্ৰদান কৰিব পৰা সবাতোকৈ বৃহৎ পুৰষ্কাৰটো হ’ল গ্ৰহণযোগ্যতা৷ আমি আমাৰ জীৱন নিয়ন্ত্ৰিত কৰিব নোৱাৰো কিন্তু নিশ্চিতভাৱেই আমি জীৱনৰ প্ৰতি আমাৰ আচৰণ নিয়ন্ত্ৰণ কৰিব পাৰো৷ দিনটোৰ সমাপ্তিত আমি আমাৰ প্ৰত্যাহ্বানসমূহ কিদৰে জয় কৰিলো সেয়াই গুৰুত্বপূৰ্ণ হৈ পৰে৷’’
ড০ আয়াৰে ১৩ বছৰ বয়সতে এক বোমা বিস্ফোৰণত নিজৰ হাত দুখন হেৰুওৱাৰ লগতে ভৰিতো গুৰুতৰ ধৰণে আঘাতপ্ৰাপ্ত হৈছিল৷ কিন্তু তেওঁ নিৰুৎসাহিত নহৈ কঠোৰ পৰিশ্ৰমেৰে পিএইচডি সম্পূৰ্ণ কৰিলে৷ তেওঁ কয়, ‘‘আশা পৰিত্যাগ কৰাটো কেতিয়াও বিকল্প হ’ব নোৱাৰে৷ নিজৰ সীমাৱদ্ধতা পাহৰি আত্মবিশ্বাস আৰু আশাৰ সৈতে বিশ্ব জয় কৰক৷’’
ড০ আয়াৰে পৰিৱৰ্তনৰ বাবে শিক্ষা অপৰিহাৰ্য বুলি গণ্য কৰে৷ প্ৰধানমন্ত্ৰীৰ টুইটাৰ হেণ্ডেলত তেওঁ এনেদৰে লিখিছে, ‘‘আমি বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে তৰুণ প্ৰজন্মৰ মানসিকতা পৰিৱৰ্তন কৰা আৱশ্যক৷ আমি জনসাধাৰণক দেখুৱাব লাগিব যে শাৰীৰিকভাৱে অক্ষম লোক পুতৌ আৰু নিৰ্ভৰশীলতাৰ পাত্ৰ হোৱাৰ বিপৰীতে তেওঁলোক আদৰ্শ হিচাপেও বিবেচিত হৈ উঠিব পাৰে৷’’
প্ৰধানমন্ত্ৰী মোদীৰ ‘ছী ইনস্পায়াৰ্ছ আছ’ অভিযানক প্ৰশংসা কৰি ড০ মালৱিকা আয়াৰে কয়, ‘‘মনোবৃত্তি হ’ল বিকলাংগতাক জয় কৰাৰ আধা যুদ্ধ৷ মাননীয় প্ৰধানমন্ত্ৰীয়ে নাৰী দিৱসৰ দিনা মোৰ দৃষ্টিভংগী প্ৰচাৰৰ বাবে বাচনি কৰি মোক এয়া প্ৰত্যয়িত কৰিবলৈ সমৰ্থ হৈছে যে ভাৰতে বিকলাংগতা সন্দৰ্ভত পুৰণি বিশ্বাস পৰিহাৰ কৰি উপযুক্ত দিশত অগ্ৰসৰ হৈছে৷’’
Acceptance is the greatest reward we can give to ourselves. We can’t control our lives but we surely can control our attitude towards life. At the end of the day, it is how we survive our challenges that matters most.
— Narendra Modi (@narendramodi) March 8, 2020
Know more about me and my work- @MalvikaIyer #SheInspiresUs pic.twitter.com/T3RrBea7T9