পিএম কিষাণ আঁচনিৰ শুভাৰম্ভ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এই আঁচনিৰ অধীনত সকলো হিতাধিকাৰীক কিষাণ ক্ৰেডিট কাৰ্ড(কেচিচি) বিতৰণৰ এলানি অভিযান মুকলি কৰে৷ এই অভিযানৰ অধীনত সমগ্ৰ দেশত পিএম কিষাণৰ ২৫লাখ হিতাধিকাৰীক এই সুবিধা প্ৰদান কৰা হ’ব৷
ব্যয়বহুল কৃষিকাৰ্য সম্পন্ন কৰাৰ বাবে বেংকৰ পৰা প্ৰতিষ্ঠানগত ঋণ লাভত সহায় কৰাৰ লক্ষ্যৰে কেচিচি আঁচনিৰ জৰিয়তে উপকৃত হোৱাত কেন্দ্ৰীয় চৰকাৰে এই অভিযান আৰম্ভ কৰে৷
গ্ৰামাঞ্চলৰ ২,০০০তকৈ অধিক বেংকৰ শাখাক কৃষকসকলক কেচিচি কাৰ্ড প্ৰদানৰ দায়িত্ব অৰ্পণ কৰা হৈছে৷ কৃষকসকলে ৪% সুদৰ হাৰত ৩লাখলৈকে ঋণ লাভ কৰিব৷ চৰকাৰে প্ৰায় ২০,০০০ কোটি টকা ধাৰ্য কৰিছে, যিবোৰ কাৰ্ড হল্ডাৰসকলক ঋণ অনুমোদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব৷