১। গণপ্ৰজাতন্ত্ৰী বাংলাদেশ চৰকাৰৰ প্ৰধানমন্ত্ৰী মহামহিম শেখ হাচিনাৰ আমন্ত্ৰণমৰ্মে ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ ৰ ২৬ মাৰ্চৰপৰা ২৭ মাৰ্চলৈ বাংলাদেশ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ উদ্দেশ্য আছিল বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী, জাতিৰ পিতা, বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী আৰু ভাৰত-বাংলাদেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ উদযাপনত অংশগ্ৰহণ কৰা। এই ভ্ৰমণে ভাৰত আৰু বাংলাদেশৰ মাজৰ আধা-শতিকাজোৰা বন্ধুত্বক প্ৰদৰ্শন কৰিছে যাক সমগ্ৰ অঞ্চলটোৰ বাবেই দ্বিপাক্ষিক সম্পৰ্কৰ এটা আৰ্হি হিচাপে সুদৃঢ়, পৰিপক্ক আৰু বৰ্ধন ঘটোৱা হৈছে।

২। এই ভ্ৰমণকালত, ২০২১ ৰ ২৭ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ মাননীয় ৰাষ্ট্ৰপতি মহামহিম আব্দুল হামিদক সাক্ষাৎ কৰে। ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২১ ৰ ২৬ মাৰ্চত ৰাষ্ট্ৰীয় পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচী, সোণালী জয়ন্তী উদযাপন আৰু মুজিব বৰ্ষ উদযাপনত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ২০২১ ৰ ২৬ মাৰ্চত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ.কে. আব্দুল মমেনে ভাৰতৰ প্ৰধানমনন্ত্ৰীজনক সাক্ষাৎ কৰে।

৩। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ মহান মুক্তি যোদ্ধাসকলৰ বৰঙণি আৰু স্মৃতিৰ প্ৰতি সন্মানৰ চিনস্বৰূপে চাভাৰস্থিত ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত পুষ্পস্তৱক অর্পণ কৰে। তেখেতে তদুপৰি গোপালগঞ্জৰ টুঙ্গিপাড়াৰ বংগবন্ধু সমাধিত বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ স্মৃতিত গভীৰ শ্ৰদ্ধা আৰু সন্মান জনায়।

ভাৰত-বাংলাদেশৰ বন্ধুত্ব

4. ২০২১ ৰ ২৭ মাৰ্চত উভয় প্ৰধানমন্ত্ৰীয়ে মুখামুখি বাৰ্তালাপত মিলিত হয় আৰু ইয়াৰ পাছতেই প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উভয় বৈঠকেই আছিল অতিশয় আন্তৰিকতা আৰু সৌহাৰ্দ্যপূৰ্ণ। দুয়োগৰাকী নেতাই গভীৰ ঐতিহাসিক আৰু ভ্ৰাতৃত্বপূৰ্ণ সম্পৰ্কৰ ভিত্তিত প্ৰতিষ্ঠিত দ্বিপাক্ষিক সম্পৰ্কৰ সৰ্বোত্তম স্থিতি সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰে, যিয়ে এটা কৌশলী অংশীদাৰিত্বও অতিক্ৰম কৰা সমতা, বিশ্বাস আৰু বুজাবুজিৰ ভিত্তিত প্ৰতিষ্ঠিত সৰ্বজনীন দ্বিপাক্ষিক অংশীদাৰিত্বক প্ৰতিফলিত কৰিছে।

5. প্ৰধানমন্ত্ৰী শেখ হাচিনাই উক্ত কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিবলৈ বাংলাদেশ ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে অব্যাহত থকা ক’ভিড মহামাৰীৰ মাজতে এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো বিদেশ ভ্ৰমণ। প্ৰধানমন্ত্ৰী শেখ হাচিনাই বাংলাদেশৰ মুক্তি যুদ্ধৰ জটিল দিনসমূহত ভাৰত চৰকাৰ আৰু ইয়াৰ জনসাধাৰণে আগবঢ়োৱা আন্তৰিক সমৰ্থনৰ বাবে গভীৰ শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। উভয় প্ৰধানমন্ত্ৰীয়েঅ এই বৃহৎ মুক্তি যুদ্ধৰ স্মৃতি আৰু লিগেছী সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৭১ ৰ বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়ছোৱাত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহৰ সাহসী সদস্যসকলে কৰা সৰ্বস্ব ত্যাগৰ স্মৰণাৰ্থে আশুগঞ্জত এটা স্মাৰক স্থাপন কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে বাংলাদেশ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে।

6. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুজিব বৰ্ষ, বাংলাদেশৰ স্বাধীনতা আৰু কৌশলী সম্পৰ্ক স্থাপনৰ ৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে বাংলাদেশৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাই আৰু প্ৰধানমন্ত্ৰী শেখ হাচিনাৰ দূৰদৰ্শী নেতৃত্বত মানৱ সম্পদৰ উন্নয়ন, দৰিদ্ৰতা নিৰ্মূলকৰণ, সন্ত্ৰাসবাদ দমনত বাংলাদেশৰ অসাধাৰণ সফলতা আৰু লক্ষ্যণীয় অৰ্থনৈতিক প্ৰগতিৰ শলাগ লয়। ভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী শেখ হাচিনাই ভাৰতৰ শলাগ লয়।

7. দুয়োজন নেতাই ২০১৯ ৰ অক্টোবৰত প্ৰধানমন্ত্ৰী শেখ হাচিনাৰ দিল্লী ভ্ৰমণ আৰু ২০২০ ৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল সন্মিলনৰ সময়ছোৱাত গ্ৰহণ কৰা ভিন্ন সিদ্ধান্তৰ অগ্ৰগতিত সন্তোষ প্ৰকাশ কৰে। উভয় পক্ষই ২০২০ ৰ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা যুটীয়া পৰামৰ্শমূলক আয়োগৰ ষষ্ঠ বৈঠকৰ সফল সমাপ্তি তথা ২০২১ ৰ ৪ মাৰ্চত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ ঢাকা ভ্ৰমণৰ কথা দোহাৰে।

8. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টিৰে ব্যক্ত কৰে যে এনে উচ্চ-স্তৰীয় পাৰস্পৰিক ভ্ৰমণে সহযোগিতাৰ ভিন্ন ক্ষেত্ৰসমূহত উভয় পক্ষৰ বুজাবুজিৰ স্থিতি সুদৃঢ় কৰি ৰখাত সহায় আগবঢ়াব। তেওঁলোকে তদুপৰি ক’ভিডৰ সময়ছোৱাকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ গতিবেগ অব্যাহত ৰাখিবলৈ ভিন্ন খণ্ডৰ আনুষ্ঠানিক ব্যৱস্থাসমূহৰ নিয়মীয়া বৈঠক অনুষ্ঠিত কৰা কাৰ্যৰ শলাগ লয়।

ঐতিহাসিক সংযোগসমূহৰ যুটীয়া উদযাপন

৯। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে বংগবন্ধু শেখ মুজিবুৰ ৰহমান আছিল আধুনিক সময়ৰ এগৰাকী অন্যতম মহান নেতা, যি বাংলাদেশক এখনি সাৰ্বভৌম দেশ হিচাপে পৰিগণিত কৰোৱাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা সাহসিকতা আৰু আগবঢ়োৱা অসামান্য বৰঙণিৰ বাবে স্মৰণীয় হৈ থাকিব। তেখেতে তদুপৰি অঞ্চলটোত শান্তি, সুৰক্ষা আৰু উন্নয়ন প্ৰোথিত কৰাৰ ক্ষেত্ৰত বংগবন্ধুৰ বৰঙণিক স্মৰণ কৰে। প্ৰধানমন্ত্ৰী শেখ হাচিনাই অ-হিংসা আৰু আন গান্ধীবাদী পদ্ধতিৰে বাংলাদেশৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ৰূপান্তৰৰ অৰ্থে বংগবন্ধু শেখ মুজিবুৰ ৰহমানে আগবঢ়োৱা অসামান্য বৰঙণিৰ স্বীকৃতিস্বৰূপে তেওঁলৈ ২০২০ বৰ্ষৰ গান্ধী শান্তি বঁটা আগবঢ়োৱাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে।

১০। উভয় প্ৰধানমন্ত্ৰীয়ে ঢাকাত বংগবন্ধু-বাপু ডিজিটেল প্ৰদৰ্শনী উদ্বোধন কৰে, য’ত এই আদৰ্শ নেতাদুজনৰ জীৱন আৰু লিগেছী অনুৰণিত হৈছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দোহাৰে যে এই মহান নেতা দুজনৰ লিগেছী আৰু আদৰ্শৰাজিয়ে নিপীড়নৰ বিৰুদ্ধে যুৱ সমাজকে প্ৰমুখ্য কৰি বিশ্বজুৰি জনসাধাৰণক অনুপ্ৰাণিত কৰি ৰাখিব।

১১। ভাৰত-বাংলাদেশৰ বন্ধুত্বৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপনাৰ্থে, উভয় পক্ষই সন্মানীয় স্মাৰক পোষ্টেজ ষ্টাম্প মুকলি কৰে। উল্লেখযোগ্য যে ০৬ ডিচেম্বৰৰ দিনটো মৈত্ৰী দিৱস হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, এই দিনটোতেই ১৯৭১ বৰ্ষত ভাৰতে বাংলাদেশক স্বীকৃতি প্ৰদান কৰিছিল। ভাৰতীয় পক্ষই দিল্লী বিশ্ববিদ্যালয়ত বংগবন্ধু আসন স্থাপনৰ কথা ঘোষণা কৰে। বাংলাদেশৰ স্বাধীনতা তথা একেদৰে দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ সংখ্যক বাৰ্ষিকীৰ পৰিপ্ৰেক্ষিতত, উভয় পক্ষই ১৯ খনি নিৰ্বাচিত দেশত এই যুগান্তকাৰী কাৰ্যসূচী যুটীয়াভাৱে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

১২। উভয় পক্ষই সন্তোষেৰে ব্যক্ত কৰে যে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগালৰ পৰিচালনাত বংগবন্ধু শেখ মুজিবুৰ ৰহমানৰ বাঅ’পিক নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু নিৰ্ধাৰিত সময় মতেই সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে। উভয় পক্ষই যিমানদূৰ সম্ভৱ সিমান সোনকালে মুক্তি যুদ্ধৰ তথ্যচিত্ৰৰ কাম আৰম্ভ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

১৩। উভয় পক্ষই ভাৰতৰ ২০২০ বৰ্ষৰ গণৰাজ্য দিৱস উদযাপনত বাংলাদেশ সশস্ত্ৰ বাহিনীসমূহৰ তিনি-সেৱাৰ ১২২-জনীয়া সদস্যৰ অংশগ্ৰহণৰ শলাগ লয়।

১৪। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী শেখ হাচিনাক কূটনৈতিক সম্পৰ্ক প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণৰ নিমিত্তে ২০২২ ত ভাৰত ভ্ৰমণলৈ নিমন্ত্ৰণ জনায়।

১৫। উভয় পক্ষই ২০২১ ৰ ০৮-১০ মাৰ্চত যুগান্তকাৰী পৰ্ব উদযাপনাৰ অংশস্বৰূপে বাংলাদেশৰ আমন্ত্ৰণমৰ্মে মোংলাত ভাৰতীয় সামুদ্ৰিক জাহাজ সুমেধা আৰু কুলিশৰ প’ৰ্ট কলক আদৰণি জনায়। এয়া আছিল কোনো ভাৰতীয় সামুদ্ৰিক জাহাজৰদ্বাৰা প্ৰথম মোংলা বন্দৰ ভ্ৰমণ। এই যুটীয়া উদযাপনৰ অংশ হিচাপে বিশাখাপট্টনমত প’ৰ্ট কলৰ বাবে বাংলাদেশৰ নৌ সেনাৰ জাহাজো সাজু কৰি তোলা হৈছে।

১৬। বাংলাদেশ পক্ষই ভাৰতত শিক্ষা/পাঠ্যক্ৰম গ্ৰহণৰ অৰ্থে বাংলাদেশী ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্থে ভাৰত চৰকাৰৰ ১০০০ সুৱৰ্ণ জয়ন্তী জলপানি ঘোষণাৰ সিদ্ধান্তক আদৰণি জনায়।

১৭। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশ-ভাৰত সীমান্তৰ মুজিব নগৰৰপৰা নাদিয়ালৈ ঐতিহাসিক পথটো “স্বাধীনতা চড়ক” হিচাপে নামকৰণৰ বাংলাদেশৰ প্ৰস্তাৱটো বিবেচনা কৰাৰ বাবে ভাৰতীয় পক্ষক ধন্যবাদ জনায়। বাংলাদেশৰ মুক্তি সংগ্ৰামৰ সময়ছোৱাত এই পথটোৰ ঐতিহাসিক তাৎপৰ্য্য আছিল। উভয় পক্ষই এই যুটীয়া উদযাপনৰ অংশস্বৰূপে অতি সোনকালেই এই পথটি শুভাৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে।

জল সম্পদৰ ক্ষেত্ৰত সহযোগিতা

১৮। পূৰ্বৰ আলোচনাসমূহৰ কথা দোহাৰি, প্ৰধানমন্ত্ৰী শেখ হাচিনাই তিস্তা নৈৰ পানী আদান-প্ৰদান সন্দৰ্ভত অন্তৱৰ্তীকালীন চুক্তি সমাপনৰ অৰ্থে বাংলাদেশৰ দীৰ্ঘ-দিনীয়া অনুৰোধৰ কথা পুনৰবাৰলৈ উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে তিস্তা নৈৰ অৱবাহিকাৰ ওপৰত নিৰ্ভৰশীল কেইবা নিযুত লোকৰ জীৱিকা ৰক্ষা আৰু অসুবিধা দূৰ কৰিবলৈ, তিস্তাৰ পানীৰ সঠিক শ্বেয়াৰ লাভ কৰাটো বাংলাদেশৰ বাবে অতিশয় প্ৰয়োজনীয়, উল্লেখযোগ্য যে ২০১১ ৰ জানুৱাৰীতে ইয়াৰ খচৰা চুক্তিত উভয় চৰকাৰে সন্মতি জনাইছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তি সম্পন্ন কৰিবলৈ ভাৰতৰ বিনম্ৰ অংগীকাৰ আৰু নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণৰ কথা উল্লেখ কৰে। ইয়াৰ বাবে প্ৰাসংগিক পক্ষসমূহৰ সৈতে আলোচনা অব্যাহত ৰখা হৈছে বুলি তেখেতে কয়। ভাৰতীয় পক্ষই তদুপৰি ফেনী নৈৰ পানী আদান-প্ৰদানৰ অৰ্থে অন্তৱৰ্তীকালীন চুক্তিৰ খচৰা শীঘ্ৰেই চূড়ান্তকৰণৰ অনুৰোধ জনাই, উল্লেখযোগ্য যে এই প্ৰসংগত ২০১১ ত উভয় পক্ষই সন্মতি প্ৰকাশৰ পাছতো বাংলাদেশ পক্ষৰপৰা নিষ্পত্তি নোহোৱাকৈ আছে।

১৯। নেতা দুজনে ছয় উমৈহতীয়া নৈ যথাঃ মনু, মুহুৰি, খোৱাই, গুমটি, ধাৰলা আৰু দুধকুমাৰৰ পানীৰ আদান-প্ৰদানৰ অৰ্থে অন্তৱৰ্তীকালীন চুক্তিৰ ফ্ৰেমৱৰ্কৰ শীঘ্ৰেই সমাপ্তিৰ অৰ্থে তেওঁলোকৰ সংশ্লিষ্ট জল সম্পদ মন্ত্ৰালয়সমূহক কাম কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে।

২০। বাংলাদেশ পক্ষই জলসিঞ্চনৰ উদ্দেশ্যৰে কুশিয়াৰা নৈৰ পানী ব্যৱহাৰৰ অৰ্থে ৰহিমপুৰ খালৰ অৱশিষ্ট অংশৰ খনন কাৰ্যৰ অনুমতি প্ৰদান কৰিবলৈ ভাৰতে অনুমতি জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেনে হ’লে উজনি সুৰ্মা কুশিয়াৰা প্ৰকল্পৰ জলসিঞ্চনৰ অৰ্থে কুশিয়াৰা নৈৰ পানী ব্যৱহাৰ কৰাটো সম্ভৱ হৈ উঠিব। এই প্ৰসংগটো বাংলাদেশৰ খাদ্য সুৰক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। এই সংক্ৰান্তত, উভয় পক্ষৰদ্বাৰা কুশিয়াৰা নৈৰপৰা পানী অপসাৰণৰ অৰ্থে দুয়োখন দেশৰ মাজত স্বাক্ষৰ হ’বলগীয়া প্ৰস্তাৱিত বুজাবুজিৰ চুক্তি সন্দৰ্ভত ভাৰতৰপৰা শীঘ্ৰেই সন্মতিৰ অনুৰোধ জনোৱা হৈছে। ভাৰতীয় পক্ষই জ্ঞাত কৰে যে বুজাবুজিৰ চুক্তিখনি সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে বিবেচনা, আলোচনাধীন অৱস্থাত আছে।

২১। ২০১৯ ৰ অক্টোবৰত প্ৰধানমন্ত্ৰী শেখ হাচিনাৰ ভ্ৰমণকালত স্বাক্ষৰ হোৱা ফেনী নৈৰপৰা ১.৮২ কিউচেক অপসাৰণৰ বুজাবুজিৰ চুক্তিৰ কথা উল্লেখেৰে, ভাৰতীয় পক্ষই বাংলাদেশ পক্ষক এই বুজাবুজিৰ চুক্তিখনি শীঘ্ৰেই ৰূপায়ণৰ আহ্বান জনায়।

২২। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ১৯৯৬ ৰ গংগা জল আদান-প্ৰদান চুক্তি অনুসৰি বাংলাদেশে লাভ কৰা গংগাৰ পানীৰ সৰ্বোত্তম ব্যৱহাৰৰ অৰ্থে গংগা-পদ্মা বেৰেজ আৰু আন বিকল্পৰ সম্ভাৱনীয়তা অধ্যয়ন শীঘ্ৰেই আৰম্ভ কৰিবলৈ ইয়াৰ অৰ্থে গঠিত যুটীয়া কাৰিকৰী কমিটিক নিৰ্দেশনা প্ৰদান কৰে।

২৩। দুয়োগৰাকী নেতাই জইন্ট ৰিভাৰ কমিশ্যনৰ ইতিবাচক বৰঙণিৰ কথা দোহাৰে আৰু শেহতীয়াভাৱে সম্পন্ন হোৱা দুয়োখন দেশৰ জল সম্পদ মন্ত্ৰালয়ৰ সচিব পৰ্যায়ৰ বৈঠকক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

বিকাশৰ বাবে বাণিজ্য

২৪। দুয়োখন দেশৰ মাজত বাণিজ্যৰ বৰ্ধনৰ অৰ্থে, উভয় প্ৰধানমন্ত্ৰীয়েই নন-টেৰিফ প্ৰতিবন্ধকতাসমূহ অপসাৰণৰ আৱশ্যকতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। বাংলাদেশ পক্ষই বাংলাদেশৰপৰা জাৰি কৰা মূলৰ প্ৰমাণ পত্ৰ পৰীক্ষণ নিৰ্ধাৰণ কৰা ভাৰতীয় কাষ্টমৰ নতুন নীতি অপসাৰণৰ অনুৰোধ জনায়। ভাৰতীয় পক্ষই অভয় দি কয় যে নতুন কাষ্টম নীতিৰ ব্যৱস্থাসমূহৰ অধীনত, এখনি বাণিজ্য চুক্তিৰ মূলৰ নীতি আৰু এই নীতিৰ ব্যৱস্থাৰ মাজত সংঘাত হোৱাৰ ক্ষেত্ৰত, বাণিজ্য চুক্তিখনিৰ মূলৰ নীতিৰ ব্যৱস্থাৰাজি বাহাল থাকিব। তদুপৰি, দ্বিপাক্ষিক বাণিজ্যৰ বৰ্ধনৰ অৰ্থে, উভয় নেতাই বাণিজ্য নীতি, আইন আৰু পদ্ধতিসমূহৰ ভবিষ্যদ্বাণীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২৫। উভয় প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত বাণিজ্য সহজতৰ কৰি তুলিবলৈ সমন্বিতভাৱে আন্তঃগাঁথনি আৰু লেণ্ড কাষ্টম ষ্টেচন (LCS)/লেণ্ড প’ৰ্টসমূহৰ সা-সুবিধা শীঘ্ৰেই উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২৬। ভাৰতীয় পক্ষই সুচলতৰ বজাৰ লাভৰ অৰ্থে আইচিপি আগৰতলা- আখাউড়াৰ সৈতে আৰম্ভ হোৱা ভাৰতৰ উত্তৰ পূব অঞ্চলৰে থকা সীমান্তত [য’ত সম্ভৱ হয়] বন্দৰ বাধ্যবাধকতা অবিহনে বা বাধ্যবাধকতাৰ নিগেটিভ তালিকাসহ অতি কমেও এটা মূল লেণ্ড প’ৰ্টৰ অনুৰোধৰ কথা পুনৰ এবাৰ দোহাৰে।

২৭। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক বাণিজ্যৰ বৰ্ধনৰ অৰ্থে চুক্তি আৰু চাৰ্টিফিকেটৰ পাৰস্পৰিক স্বীকৃতি আৰু মানদণ্ডৰ সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োখন দেশৰ মাজত উদাৰ বাণিজ্যৰ উদ্দীপনাৰে, টেষ্টিং আৰু লেব ব্যৱস্থাসমূহৰ উন্নয়ন আৰু ক্ষমতা নিৰ্মাণৰ অৰ্থে বাংলাদেশ ষ্টেণ্ডাৰ্ড আৰু টেষ্টিং ইনষ্টিটিউট (BSTI) আৰু ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড (BIS) এ সমন্বিতভাৱে কাম কৰি যোৱাত সন্মতি প্ৰকাশ কৰা হয়।

২৮। ভাৰতীয় পক্ষই বাংলাদেশ পক্ষক এলডিচি স্থিতিৰপৰা ইয়াৰ আগন্তুক গ্ৰেজুৱেশ্যন সন্দৰ্ভত অভিনন্দন জনায়। দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ অসীম সম্ভাৱনাৰ কথা দোহাৰি, উভয় পক্ষই কম্প্ৰিহেনছিভ ইকনমিক পাৰ্টনাৰশ্বীপ এগ্ৰিমেন্ট (CEPA) ত প্ৰৱেশৰ দৃষ্টিকোণ সন্দৰ্ভত অব্যাহত থকা যুটীয়া আলোচনাৰ ক্ষীপ্ৰ পৰিসমাপ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

২৯। বাংলাদেশৰ অৰ্থনীতিত মৰাপাট খণ্ডটোৱে পালন কৰি থকা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি, বাংলাদেশ পক্ষই চৰকাৰখনৰ ভেল্যু এডেডৰ নিৰ্মাণ আৰু মৰাপাট পণ্যসমূহৰ বৈচিত্ৰপূৰ্ণকৰণৰ জৰিয়তে মৰাপাট খণ্ডটোক পুনৰুজ্জীৱিত আৰু আধুনিকীকৰণৰ সিদ্ধান্তৰ অংশস্বৰূপে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বাংলাদেশৰ মৰাপাট কলসমূহত ভাৰতীয় বিনিয়োগৰ বাবে আমন্ত্ৰণ জনায়। এই সংক্ৰান্তত, বাংলাদেশ পক্ষই উভয় দেশৰ মাজত এই খণ্ডত অধিক ফলপ্ৰসূ সহযোগিতাৰ আহ্বান জনায় আৰু ভাৰতক ২০১৭ ৰপৰা বাংলাদেশৰপৰা ৰপ্তানি কৰা মৰাপাটজাত পণ্যৰ ওপৰত আৰোপ কৰা কৰ অপসাৰণৰ আহ্বান জনায়। ভাৰতীয় পক্ষই মৰাপাট খণ্ডটোত সহযোগিতাত আদৰণি জনায়। মৰাপাটৰ ওপৰত এন্টি-ডাম্পিং কৰ সন্দৰ্ভত, ভাৰতীয় পক্ষই বিষয়টো চালি-জাৰি চোৱাৰ বিবেচনা কৰে।

৩০। ভাৰতীয় পক্ষই বাংলাদেশ পক্ষক বাংলাদেশ চৰকাৰখনৰ ভিন্ন মন্ত্ৰালয় আৰু সংস্থাসমূহৰদ্বাৰা আহ্বান জনোৱা নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে ভাৰতীয় কোম্পানীসমূহৰ বিৰুদ্ধে থকা পন্থা অপসাৰণৰ আহ্বান জনায়। বাংলাদেশ পক্ষই অৱগত কৰে যে এই প্ৰক্ৰিয়াটোত কোনো দেশ-নিৰ্দিষ্ট বাধ্যবাধকতা নাই।

৩১। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে সুবিধাজনক স্থানত নতুন সীমান্ত বজাৰ মুকলি কৰাক আদৰণি জনায় আৰু ই উভয় দেশৰ সীমান্তৰ প্ৰত্যন্ত আৰু দুৰ্গম অঞ্চসমূহত বসবাস কৰা লোকসকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে পাৰম্পৰিক লাভজনক হৈ উঠাৰ আশা প্ৰকাশ কৰে।

বিদ্যুৎ আৰু শক্তিত উন্নয়নমূলক অংশীদাৰিত্ব আৰু সহযোগিতা

৩২। উভয় পক্ষই উচ্চ-স্তৰীয় নিৰীক্ষণ কমিটিৰ প্ৰথম বৈঠকৰ মতামত গ্ৰহণ কৰে আৰু কমিটিখনক লাইন অৱ ক্ৰেডিটৰ অধীনত প্ৰকল্পসমূহৰ ক্ষীপ্ৰ সমাপ্তিৰ অৰ্থে পৰামৰ্শ আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে।

৩৩। উভয় পক্ষই ব্যক্তিগত খণ্ডসমূহৰ মাজকে ধৰি বিদ্যুৎ আৰু শক্তি খণ্ডত বলিষ্ঠ সহযোগিতাত সন্তোষ প্ৰকাশ কৰে। ইয়াত নেপাল আৰু ভূটানকে ধৰি উপ-আঞ্চলিক সহযোগিতা সুদৃঢ়কৰণৰ অৰ্থে সন্মতি প্ৰকাশ কৰা হয় আৰু এই সংক্ৰান্তত শক্তিত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতীয় পক্ষই গুৰুত্ব আৰোপ কৰি কয় যে বিদ্যুতৰ সীমান্ত অতিক্ৰমি বাণিজ্যৰ অৰ্থে নীতি-নিয়ম আৰু নীতি-নিৰ্দেশনাৰ চূড়ান্তকৰণে উপ-আঞ্চলিক সহযোগিতাৰ বৰ্ধন ঘটাব। ভাৰতে কাটিহাৰ-পাৰ্ৱতীপুৰ-বৰনগৰ সীমান্ত অতিক্ৰমি বিদ্যুৎ আন্তঃসংযোগৰ ৰূপায়ণৰ অৰ্থে মডেলিটিৰ ক্ষীপ্ৰ চূড়ান্তকৰণৰ অনুৰোধ জনায়। উভয় পক্ষই এই সংক্ৰান্তত এটা অধ্যয়ন গোট গঠন কাৰ্যত আদৰণি জনায়। উভয় পক্ষই ভাৰত বাংলাদেশ বন্ধুত্বপূৰ্ণ পাইপলাইন আৰু মৈত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰকল্পৰ ইউনিট-১ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয় আৰু শীঘ্ৰেই এই প্ৰকল্পসমূহ কাৰ্যক্ষম হৈ পৰাৰ আশা প্ৰকাশ কৰে।

৩৪। ২০২১ ৰ ডিচেম্বৰত স্বাক্ষৰিত হোৱা হাইড্ৰ’কাৰ্বন খণ্ডৰ সহযোগিতাৰ বুজাবুজিৰ ফ্ৰেমৱৰ্কৰ কথা উল্লেক কৰি, উভয় নেতাই ক্ষীপ্ৰভাৱে আনুষ্ঠানিক ব্যৱস্থাপনা ৰূপায়ণৰ অৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাই, যিয়ে এই গুৰুত্বপূৰ্ণ খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ বৰ্ধন ঘটাব।

সমৃদ্ধিৰ অৰ্থে যোগাযোগ

৩৫। উভয় প্ৰধানমন্ত্ৰীয়ে জড়িত থকা সকলো পক্ষৰে লাভৰ অৰ্থে আঞ্চলিক অৰ্থনৈতিক সমন্বয় সুগম কৰি তুলিবলৈ যোগাযোগ ব্যৱস্থাৰ বৰ্ধনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। ভাৰতে প্ৰধানমন্ত্ৰী হাচিনাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ১৯৬৫-ৰ পূৰ্বৰ ৰেল যোগাযোগ ব্যৱস্থাৰ পুনৰুজ্জীৱনৰ অৰ্থে গ্ৰহণ কৰা পদক্ষেপ তথা একেদৰে ৰেল, পথ আৰু জলপথৰ জৰিয়তে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থাৰ অৰ্থে বাংলাদেশৰ সহযোগিতা অনস্বীকাৰ্য্য। একেই উদ্দীপনাৰে, বাংলাদেশে অব্যাহত থকা ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্পত অংশীদাৰ হোৱাৰ প্ৰতি থকা আগ্ৰহৰ কথা দোহাৰে। উভয় দেশৰ মাজত উন্নতৰ যোগাযোগ ব্যৱস্থা আৰু যাত্ৰী আৰু দ্ৰব্যৰ সুগম আহ-যাহ সহজতৰ কৰি তুলিবলৈ, উভয় নেতাই বিবিআইএন মটৰ ভেহিকল এগ্ৰিমেন্টৰ শীঘ্ৰেই কাৰ্যকৰীকৰণৰ সন্মতি প্ৰকাশ কৰে। ইয়াৰ বাবে দুয়োজন নেতাই যাৱতীয় বুজাবুজিৰ চুক্তিৰ শীঘ্ৰেই স্বাক্ষৰৰ পোষকতা কৰে। যাৰ জৰিয়তে বাংলাদেশ, ভাৰত আৰু নেপালে দ্ৰব্য আৰু যাত্ৰীৰ আহ-যাহ আৰম্ভ কৰিবলৈ সক্ষম হ’ব, য’ত থাকিব এটা পলম তাৰিখত ভূটানৰ সংযোজিত হোৱাৰ সুবিধা।

৩৬। বাংলাদেশ পক্ষই তদুপৰি ভাৰতক বাংলাদেশৰদ্বাৰা প্ৰস্তাৱ জনোৱা নতুন যোগাযোগ ব্যৱস্থাৰ পথসমূহৰ সন্তোষজনক বিবেচনাৰ অনুৰোধ জনায়, ইয়াৰ ভিতৰত আছে এটা বিকল্প পথ হিচাপে পথেৰে বাংলাবান্ধা-ফুলবাৰী আৰু বিৰল-ৰাধিকাপুৰেৰে সংযোজিত হ’বলগীয়া ভদ্ৰাপুৰ-বৈৰাগী গলগলীয়া, বিৰাটনগৰ-যুগমনী আৰু বীৰগঞ্জ-ৰক্সৌলৰ অতিৰিক্ত লেণ্ড প’ৰ্টৰ অনুমতি প্ৰদান কৰা। ভাৰতে তদুপৰি বিৰাটনগৰ-যুগমনীৰে বিৰল-ৰাধিকাপুৰ আৰু ৰোহনপুৰ-সিংঘাবাদ ৰেল-ইন্টাৰচেঞ্জ সংযোগক বিবেচনাৰ অনুৰোধ জনায়। ই বাস্তৱায়িত হৈ উঠিলে বাংলাদেশৰপৰা নেপাললৈ ৰেলেৰে দ্ৰব্যৰ পৰিবহণ ব্যয় আৰু দূৰত্ব হ্ৰাসত সহায়ক হ’ব। বাংলাদেশ পক্ষই তদুপৰি ভূটানৰে ৰেল সংযোগৰ পোষকতা কৰে। নতুনকৈ শুভাৰম্ভ কৰা চিলাহাটী-হালদিবাৰী পথেদি ভূটানৰ সৈতে ৰেল সংযোগ সুচলতৰ হৈ উঠিব। ভাৰতীয় পক্ষই বাংলাদেশ পক্ষক গুৱাহাটী আৰু চট্টগ্ৰামৰ মাজত তথা মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰপৰা পশ্চিম বংগৰ হিলিলৈ যোগাযোগ ব্যৱস্থা স্থাপনত সহযোগিতাৰ অনুৰোধ জনায়। এই সংক্ৰান্তত বাংলাদেশ পক্ষই ভাৰতীয় পক্ষক বিস্তৃত প্ৰস্তাৱৰ অনুৰোধ জনায়।

৩৭। চট্টগ্ৰাম হৈ কলকাতাৰপৰা আগৰতলালৈ ভাৰতীয় দ্ৰব্যৰ যানান্তৰণৰ ট্ৰায়েল-ৰাণ আৰু যোগাযোগ ব্যৱস্থাৰ লাভা-লাভ সন্দৰ্ভত উল্লেখ কৰি, ভাৰতীয় পক্ষই ভাৰতৰপৰা দ্ৰব্যৰ সৰবৰাহৰ অৰ্থে চট্টগ্ৰাম আৰু মোংলা বন্দৰৰ ব্যৱহাৰ সম্পৰ্কীয় চুক্তি শীঘ্ৰেই কাৰ্যক্ষমৰ আহ্বান জনায়। ইয়াত ব্যয় কাৰ্যকৰী মূল্য নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণমূলক নিৰ্দেশনাৰ চূড়ান্তকৰণকো অন্তৰ্ভুক্ত কৰা হৈছে।

৩৮। আশুগঞ্জ কন্টেইনাৰ টাৰ্মিনেল নিৰ্মাণক লৈ দ্বিপাক্ষিক প্ৰকল্প সম্পূৰ্ণ নোহোৱা পৰ্যন্ত প্ৰট’কল অন ইনলেণ্ড ৱাটাৰ ট্ৰেনজিট এণ্ড ট্ৰেডৰ অংশ হিচাপে মুনছীগঞ্জ আৰু পানগাঁৱত ট্ৰেনছশ্বিপমেন্ট ব্যৱস্থাৰ অনুৰোধ জনাই ভাৰতীয় পক্ষই। বাংলাদেশ পক্ষই এই সংক্ৰান্তত আন্তঃগাঁথনিমূলক সীমাবদ্ধতাৰ কথা অৱগত কৰে আৰু সা-সুবিধাসমূহ উন্নত কৰি তুলিবলৈ পৰিকল্পিত কাম সন্দৰ্ভত জনায়।

৩৯। প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ ফেনী নৈৰ ওপৰত উদ্বোধন কৰা মৈত্ৰী সেতুৰ কথা উল্লেখ কৰে আৰু এই গুৰুত্বপূৰ্ণ যোগাযোগ প্ৰকল্প বাস্তৱায়িতকৰণত বাংলাদেশৰ সহযোগিতাৰ শলাগ লয়। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ফেনী সেতু উদ্বোধন কৰাটো হৈছে ভাৰতৰ উত্তৰ-পূবকে প্ৰমুখ্য কৰি অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সমন্বয় সুদৃঢ়কৰণৰ অৰ্থে বাংলাদেশ চৰকাৰখনৰ অবিৰাম সহযোগিতা পদক্ষেপৰ অংগীকাৰৰ এটা সাক্ষ্য। উভয় পক্ষই এই নতুন দলংখনিৰ সৰ্বোত্তম ব্যৱহাৰ সহজতৰ কৰি তুলিবলৈ বাকী থকা বাণিজ্য আৰু ভ্ৰমণ আন্তঃগাঁথনি গঢ়ি তোলাত সন্মতি প্ৰকাশ কৰে।

৪০। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাকে প্ৰমুখ্য কৰি উত্তৰ পূব ভাৰতৰ জনসাধাৰণক চট্টগ্ৰাম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যৱহাৰ কৰিবলৈ কয়। বাংলাদেশে তদুপৰি জনাই যে এই অঞ্চলৰ জনসাধাৰণে ব্যৱহাৰৰ নিমিত্তে চাইদপুৰ বিমানবন্দৰটোক আঞ্চলিক বিমানবন্দৰ হিচাপে গঢ়ি তোলা হৈছে।

৪১। উভয় দেশতে টিকাদান কাৰ্যক্ৰম পূৰ্ণগতিত চলি থকাৰ পৰিপ্ৰেক্ষিতত, উভয় পক্ষই অতি সোনকালেই নিয়মীয়া বিমান পৰিবহণ পুনৰ আৰম্ভ কৰা আৰু লেণ্ড প’ৰ্টৰ জৰিয়তে সৰবৰাহৰ অৰ্থে বাধ্যবাধকতাসমূহ দূৰ কৰাত সন্মতি প্ৰকাশ কৰে তথা একদৰে ক্ষীপ্ৰতাৰে দুয়োখন দেশৰ মাজত ট্ৰেইন আৰু বাছ সেৱা কাৰ্যক্ষম কৰি তোলাত সন্মতি জনায়। ভ্ৰমণৰ সম্পূৰ্ণ পুনৰ আৰম্ভণি ক’ভিড পৰিস্থিতিটোৰ ওপৰত যে নিৰ্ভৰশীল তাক উল্লেখৰে, ভাৰতীয় পক্ষই অতি সোনকালেই পূৰ্ণ মাত্ৰিক ভ্ৰমণৰ আশা ব্যক্ত কৰে।

৪২। শিক্ষা খণ্ডটোত দুয়োখন দেশৰ মাজত অব্যাহত থকা সহযোগিতাৰ কথা দোহাৰি, দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে পাৰস্পৰিক লাভালাভৰ অৰ্থে এই সহযোগিতা প্ৰসাৰণৰ অৰ্থে তেওঁলোকৰ অংগীকাৰৰ কথা পুনৰ উল্লেখ কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে, তেওঁলোকে দুয়োখন দেশৰ বিশ্ববিদ্য়ালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মাজৰ ভিন্ন সহযোগিতামূলক ব্যৱস্থাৰ শলাগ লয়। উভয় নেতায়ে তেওঁলোকৰ সংশ্লিষ্ট কৰ্তৃপক্ষসমূহক শৈক্ষিক অৰ্হতাৰ পাৰস্পৰিক স্বীকৃতি সন্দৰ্ভত বুজাবুজিৰ চুক্তিৰ শীঘ্ৰেই পৰিসমাপ্তি ঘটাবলৈ নিৰ্দেশনা আগবঢ়ায়। বাংলাদেশ পক্ষই মীন, কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, এছএমই আৰু নাৰী সবলীকৰণৰ দৰে ক্ষেত্ৰসমূহত আগ্ৰহী ভাৰতীয় যুৱ সমাজৰ বাবে হ্ৰস্ব ম্যাদী বিনিময়মূলক কাৰ্যক্ৰম অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ জনায়। উভয় পক্ষই সংস্কৃতি, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, যুৱ আৰু ক্ৰীড়া আৰু মাছ মিডিয়াক উদ্দীপনা যোগাবলৈ নিয়মীয়া বিনিময় অব্য়াহত ৰাখিবলৈ থকা ইচ্ছাৰ কথা দোহাৰে।

ৰাজহুৱা স্বাস্থ্যত সহযোগিতা

৪৩। উভয় পক্ষই তেওঁলোকৰ সংশ্লিষ্ট দেশত অব্যাহত থকা ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতি সন্দৰ্ভত মতামত ব্যক্ত কৰে আৰু অব্যাহত থকা সংকটৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত বৰ্তি থকা সম্পৰ্কক লৈ সন্তোষ ব্যক্ত কৰে। বাংলাদেশ পক্ষই ভাৰত চৰকাৰখনক ৩.২ নিযুত পালি মেড ইন ইণ্ডিয়া অক্সফ’ৰ্ড এষ্ট্ৰা জেনেকা ক’ভিশ্বিল্ড ভেকচিন উপহাৰস্বৰূপে আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায় আৰু ৫ নিযুত পালিৰ প্ৰথম বেটছৰ ক্ষীপ্ৰ প্ৰদানৰ শলাগ লয়। বাংলাদেশ পক্ষই ভাৰতীয় পক্ষক ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰপৰা বাংলাদেশে ক্ৰয় কৰা ভেকচিনৰ বাকী অংশৰ নিয়মীয়া প্ৰদান সহজতৰ কৰি তোলাৰ অনুৰোধ জনায়। ভাৰতে ইয়াৰ ঘৰুৱা অত্যাৱশ্যকতা আৰু আন্তঃৰাষ্ট্ৰীয় অংগীকাৰৰ ভিত্তিত উত্তম সহযোগিতাৰ নিশ্চিতি প্ৰদান কৰে।

৪৪। উভয় প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশৰ মাজত হেল্থ কেয়াৰ সেৱা আৰু গৱেষণাকে প্ৰমুখ্য কৰি গভীৰতৰ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ কথা স্বীকাৰ কৰে। বাংলাদেশ পক্ষই প্ৰশিক্ষণ, ক্ষমতা নিৰ্মাণ আৰু প্ৰযুক্তিৰ আদান-প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপেৰে বৃহত্তৰ পাৰস্পৰিক সহযোগিতাৰ অনুৰোধ জনায়। বাংলাদেশ পক্ষই উল্লেখ কৰে যে বাঅ’চিকিউৰিটি ক’অপাৰেশ্যন এনে এটা ক্ষেত্ৰ যাক দুয়ো পক্ষই অন্বেষণ কৰিব পাৰে কিয়নো ক’ভিড-১৯ মহামাৰীটোৱেই উদঙাই এই কথা উদঙাই দিলে যে অৰ্থৱহ বাঅ’চিকিউৰিটি ব্যৱস্থা অবিহনে, অৰ্থনৈতিক সমৃদ্ধিত নেতিবাচক প্ৰভাৱ পৰিব তথা ই দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু আন্তঃসীমান্ত বাণিজ্যৰ আন্তঃসংযুক্ত প্ৰবৃত্তি প্ৰদৰ্শন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, ভাৰত আৰু বাংলাদেশ চিকিৎসা গৱেষণা পৰিষদ, বাংলাদেশৰ মাজত ভিন্ন পৰিকাঠামোৰ অধীনত সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণৰ শলাগ লয়।

সীমান্ত ব্যৱস্থাপনা আৰু সুৰক্ষা সহযোগিতা

৪৫। উভয় নেতাই প্ৰশান্ত, সুস্থিৰ আৰু অপৰাধ মুক্ত সীমান্ত নিশ্চিতৰ অৰ্থে ফলপ্ৰসূ সীমান্ত ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উভয় পক্ষই সীমান্তত সংঘটিত যিকোনো মৃত্যুৰ ঘটনাক উদ্বেগৰ বিষয় হিচাপে সন্মতি প্ৰকাশ কৰে আৰু সীমান্ত সুৰক্ষা নিশ্চিত কৰিবলৈ জন-কেন্দ্ৰিক ব্যৱস্থাৰ বৰ্ধন ঘটাবলৈ সংশ্লিষ্ট সীমান্ত সুৰক্ষা বাহিনীসমূহক নিৰ্দেশনা প্ৰদান কৰে আৰু নাগৰিকৰ এনে মৃত্যুৰ ঘটনা শূন্য কৰি তোলাটো নিশ্চিত কৰিবলৈ কয়। বাংলাদেশ পক্ষই মানৱীয়তাৰ দৃষ্টিভংগীৰে ৰাজস্বাহী জিলাৰ সমীপৱৰ্তী পদ্মা নৈৰ সৈতে থকা নদী পথেদি ১.৩ কিঃমিঃ ইন’চেন্ট পাছেজৰ অনুৰোধো দোহাৰে। ভাৰতীয় পক্ষই এই অনুৰোধ বিবেচনা কৰি চোৱাৰ নিশ্চিতি প্ৰদান কৰে। ভাৰতীয় পক্ষই ত্ৰিপুৰা (ভাৰত)ৰপৰা আৰম্ভ হৈ বাংলাদেশ খণ্ডত শেষ হোৱা উভয় ৰাষ্ট্ৰৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতি সোনকালে যিসমূহ খণ্ডত বাকী আছে তাত ব’ৰ্ডাৰ ফেন্সিং সম্পূৰ্ণ কৰি তোলাত সন্মতি প্ৰকাশ কৰে। বাংলাদেশ পক্ষই এই বিষয়টো বিবেচনা কৰাৰ নিশ্চিতি প্ৰদান কৰে।

৪৬। উভয় পক্ষই দুয়োখন দেশৰ মাজত বৰ্তি থকা প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত গভীৰ সন্তোষ ব্যক্ত কৰে। এই ক্ষেত্ৰত, উভয় প্ৰধানমন্ত্ৰীয়ে কাৰ্যক্ৰমসমূহৰ সঘন বিনিময় আৰু প্ৰশিক্ষণ আৰু সামৰ্থ্য নিৰ্মাণত সহযোগিতাৰ বৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় পক্ষই শীঘ্ৰেই ডিফেঞ্চ লাইন অৱ ক্ৰেডিট কাৰ্যক্ষম কৰি তোলাৰ অনুৰোধ জনায়।

৪৭। উভয় পক্ষই দুৰ্যোগ ব্যৱস্থাপনা, প্ৰতিহতকৰণ আৰু প্ৰশমন সন্দৰ্ভত বুজাবুজিৰ চুক্তি স্বাক্ষৰক আদৰণি জনাই উল্লেখ কৰে যে ই প্ৰাকৃতিক দুৰ্যোগসমূহ প্ৰশমনত আনুষ্ঠানিক সহযোগিতাৰ বৰ্ধন ঘটাব।

৪৮। বিশ্ব শান্তি আৰু সুৰক্ষাৰ প্ৰতি সন্ত্ৰাসবাদ ভীতি হৈ অহাৰ কথাত গুৰুত্ব প্ৰদান কৰি, উভয় পক্ষই সকলো ধৰণৰ সন্ত্ৰাসবাদ দমনৰ অৰ্থে তেওঁলোকৰ শক্তিশালী অংগীকাৰৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সুৰক্ষা সম্পৰ্কীয় বিষয়ত বাংলাদেশে আগবঢ়োৱা সহযোগিতাৰ বাবে ভাৰতৰ শলাগ ব্যক্ত কৰে।

সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহ

৪৯। ২০১৭ ত বাংলাদেশ ইয়াৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ বংগবন্ধু ছেটেলাইট (BS-1) উৎক্ষেপণৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰী শেখ হাচিনাই অৱগত কৰে যে বাংলাদেশে শীঘ্ৰেই দ্বিতীয়টো কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণ কৰিব। ইয়াৰ অৰ্থে, উভয় প্ৰধানমন্ত্ৰীয়ে মহাকাশ আৰু ছেটেলাইট গৱেষণাত পৰৱৰ্তী সহযোগিতা আৰু প্ৰযুক্তি হস্তান্তৰৰ অৰ্থে সন্মতি প্ৰকাশ কৰে।

৫০। উভয় পক্ষই দ্বিপাক্ষিক সহযোগিতাৰ নতুন আৰু বৰ্ধমান ক্ষেত্ৰসমূহৰ সম্ভাৱনাক স্বীকাৰ কৰে আৰু উভয় পক্ষৰ কৰ্তৃপক্ষসমূহক বিজ্ঞান, কৃত্ৰিম বুদ্ধিমত্তা, পাৰমাণৱিক প্ৰযুক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ, বিগ ডাটাৰ অত্যাধুনিক ক্ষেত্ৰসমূহত আৰু স্বাস্থ্য আৰু শিক্ষাত প্ৰযুক্তি নিৰ্ভৰ সেৱাসমূহত গুৰুত্ব আৰোপ আৰু সহযোগিতাৰ বৰ্ধনৰ নিৰ্দেশনা প্ৰদান কৰে। দুয়োখন দেশৰ যুৱ সমাজৰ মাজৰ বিনিময়ক সুচলতৰ কৰিবলৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰপৰা ৫০ যুৱ উদ্যোগীক ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনাই আৰু ভেঞ্চাৰ কেপিটেলিষ্টৰ প্ৰতি তেওঁলোকৰ ধাৰণা ব্যক্ত কৰিবলৈ কয়।

৫১। এই ভ্ৰমণৰ অংশ হিচাপে, ২০২১ ৰ ২৭ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশোৰৰ যশোৰেশ্বৰী দেৱী মন্দিৰ আৰু গোপালগঞ্জৰ ওড়াকান্দি মন্দিৰ দৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে ধৰ্মীয় সম্প্ৰীতিৰ পৰম্পৰা বৰ্তি থকা কাৰ্যক প্ৰশংসা কৰে।

ম্যানমাৰৰ ৰাখিনে প্ৰদেশৰপৰা বলপূৰ্বকভাৱে স্থানচ্যুত লোকসকল

৫২। ম্যানমাৰৰ ৰাখিনে প্ৰদেশৰপৰা বলপূৰ্বকভাৱে স্থানচ্যুত ১.১ নিযুত লোকক আশ্ৰয় আৰু মানৱীয় সাহাৰ্য্য প্ৰদানত বাংলাদেশে প্ৰদৰ্শন কৰা মহানুভৱতাৰ শলাগ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উভয় প্ৰধানমন্ত্ৰীয়ে অঞ্চটোৰ বৃহত্তৰ সুৰক্ষাৰ অৰ্থে তেওঁলোকৰ সুৰক্ষিত, ক্ষীপ্ৰ আৰু বহনক্ষম প্ৰত্যাৱৰ্তনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী শেখ হাচিনাই ৰাষ্ট্ৰ সংঘ নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে ভাৰতক বলপূৰ্বকভাৱে স্থানচ্যুত ৰোহিংগীয়াসকলক ম্যানমাৰলৈ প্ৰত্যাৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ অনুৰোধ জনায়। এই সংক্ৰান্তত ভাৰতে সহায় আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে।

অঞ্চল আৰু বিশ্বখনত অংশীদাৰিত্ব

৫৩। উভয় দেশে ৰাষ্ট্ৰসংঘ আৰু আন বহুপক্ষীয় মঞ্চত সমূহীয়া উদ্দেশ্যসমূহৰ অৰ্থে একেলগে কাম কৰি যাবলৈ সন্মতি প্ৰকাশ কৰে।

৫৪। উভয় নেতাই গুৰুত্ব আৰোপ কৰে যে ছাৰ্ক আৰু বিমষ্টেকৰ দৰে আঞ্চলিক সংস্থাসমূহে বিশেষকৈ ক’ভিড-১৯-পৰৱৰ্তী পৰিস্থিতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীক ২০২০ ৰ মাৰ্চত ছাৰ্ক নেতাসকলৰ ভিডিঅ’ কনফাৰেন্স আহ্বান কৰাৰ বাবে ধন্যবাদ জনাই আৰু আৰু দক্ষিণ এছিয়ান অঞ্চলত বিশ্ব মহামাৰীটোৰ প্ৰভাৱ প্ৰতিহত কৰিবলৈ ছাৰ্ক জৰুৰীকালীন সঁহাৰি পুঁজি গঠনৰ প্ৰস্তাৱৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

৫৫। উভয় নেতাই আঞ্চলিক আৰু উপ-আঞ্চলিক প্লেটফৰ্মত অগ্ৰাধিকাৰমূলকভাৱে অধিক সহযোগিতাত সন্মতি প্ৰকাশ কৰে। এই লক্ষ্যৰ অভিমুখে, তেওঁলোকে আন্তঃ-আঞ্চলিক সহযোগিতাৰ অৰ্থে বিমষ্টেকক অতিশয় ফলপ্ৰসূ বাহন হিচাপে গঢ়িু তুলিবলৈ সন্মতি প্ৰকাশ কৰে যিয়ে সকলো সদস্য ৰাষ্ট্ৰৰে সামগ্ৰিক সমৃদ্ধিৰ লক্ষ্যক বাস্তৱায়িত কৰি তুলিব।

৫৬। বাংলাদেশ পক্ষই উল্লেখ কৰে যে ২০২১ ৰ অক্টোবৰত দেশখনে প্ৰথমবাৰৰ বাবে আয়’ৰা (IORA) ৰ অধ্যক্ষৰ আসনত অধিষ্ঠিত হ’ব আৰু ভাৰত মহাসাগৰ অঞ্চলত বৃহত্তৰ সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তাৰ অৰ্থে কাম কৰিবলৈ ভাৰতক সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশক অভিনন্দন জনাই আৰু এই ক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰ নিশ্চিতি প্ৰদান কৰে।

৫৭। বাংলাদেশ পক্ষই ২০২৩ ত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়ান আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক পদৰ অৰ্থে বাংলাদেশৰ প্ৰাৰ্থিত্বলৈ সমৰ্থন নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে।

৫৮। ভাৰতীয় পক্ষই আশা ব্যক্ত কৰি কয় যে বাংলাদেশে কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাচট্ৰাকশ্যাৰ (CDRI) ৰে সংযুক্ত হ’ব, যিয়ে বাংলাদেশক আন সদস্য দেশসমূহৰ সৈতে আন্তঃগাঁথনি দুৰ্ভাৱনা ব্যৱস্থাপনা, মানদণ্ড, বিত্ত যোগান আৰু উদ্ধাৰ ব্যৱস্থা সন্দৰ্ভত ইয়াৰ নিজা অভিজ্ঞতা বিনিময়ত সক্ষম কৰি তুলিব।

৫৯। ভাৰতীয় পক্ষই তদুপৰি বাংলাদেশৰ নিউ ডেভলপমেন্ট বেংকত যোগদানৰ সিদ্ধান্তক আদৰণি জনায়।

দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ আৰু প্ৰকল্পৰ উদ্বোধন

৬০। এই ভ্ৰমণকালত নিম্ন উল্লেখিত দ্বিপাক্ষিক চুক্তিসমূহ স্বাক্ষৰিত আৰু আদান-প্ৰদান কৰা হয়ঃ

i. দুৰ্যোগ ব্যৱস্থাপনা, প্ৰতিৰোধ আৰু প্ৰশমনৰ ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় বুজাবুজিৰ চুক্তি;

ii. বাংলাদেশ নেশ্যনেল কেডেট ক’ৰ্পছ (BNCC) আৰু নেশ্যনেল কেডেট ক’ৰ্পছ অৱ ইণ্ডিয়া (INCC) ৰ মাজত চুক্তি;

iii. বাংলাদেশ আৰু ভাৰতৰ মাজত ট্ৰেড ৰেমিডিয়েল মেজাৰৰ ক্ষেত্ৰত সহযোগিতাৰ ফ্ৰেমৱৰ্ক স্থাপন সম্পৰ্কীয় বুজাবুজিৰ চুক্তি;

iv. বাংলাদেশ-ভাৰত ডিজিটেল ছাৰ্ভিচ আৰু এমপ্লইমেন্ট ট্ৰেইনিং (BDSET) চেন্টাৰলৈ আইচিটি সা-সৰঞ্জাম, ক’ৰ্ছৱেৰ ও প্ৰসংগ পুথি আৰু প্ৰশিক্ষণ প্ৰদান সম্পৰ্কীয় ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি;

v. ৰাজশ্বাহী কলেজ ফিল্ড আৰু চৌপাশৰ এলেকাত ক্ৰীড়া ব্যৱস্থা স্থাপনৰ অৰ্থে ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি।

৬১। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক কাৰ্যসূচীত, দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিম্ন উল্লেখিতসমূহ ঘোষণা/মুকলি/উদ্বোধন কৰেঃ

i. দ্বিপাক্ষিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ সংখ্যক বাৰ্ষিকী স্মৰণাৰ্থে ভাৰত-বাংলাদেশ বন্ধুত্ব ষ্টাম্প মুকলি।

ii. ব্রাহ্মণবাড়িয়াৰ আশুগঞ্জত ১৯৭১ ৰ মুক্তি যুদ্ধৰ সময়ছোৱাত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ প্ৰতি সন্মানাৰ্থে এটি স্মাৰকৰ আধাৰশিলা স্থাপন কাৰ্যসূচী।

iii. পাঁচটা পেকেজৰ ৰুপ্পুৰ পাৱাৰ এভাকুৱেশ্যন প্ৰজেক্টৰ আধাৰশিলা স্থাপন কাৰ্যসূচী (আমিন বজাৰ – কালিয়াকৈৰ, ৰুপ্পুৰ – ঢাকা, ৰুপ্পুৰ – গোপালগঞ্জ, ৰুপ্পুৰ – ধামৰায়, ৰুপ্পুৰ – বোগ্ৰা)।

iv. ৩ সীমান্ত বজাৰ উদ্বোধন – নালাইকাটা (ভাৰত) – চৈয়দাবাদ (বাংলাদেশ); ৰিংকু (ভাৰত) – বাগান বাৰী (বাংলাদেশ) আৰু ভোলাগুঞ্জ (ভাৰত) – ভোলাগুঞ্জ (বাংলাদেশ)।

v. কুঠিবাৰীত ৰবীন্দ্ৰ ভৱন উদ্বোধন

vi. চিলাহাটী-হালদিবাৰী ৰেল লিংক হৈ ঢাকা-নিউ জলপাইগুৰি-ঢাকা পথত ‘মিতালী এক্সপ্ৰেছ’- যাত্ৰীবাহী ট্ৰেইন সেৱা উদ্বোধন;

vii. মুজিবনগৰ আৰু নাদিয়াৰ মাজৰ ঐতিহাসিক পথটিক সংযোগৰ ঘোষণা আৰু ইয়াক স্বাধীনতা চড়ক হিচাপে নামকৰণ

62. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশত থকা সময়ছোৱাত তেখেত আৰু তেখেতৰ প্ৰতিনিধি সদস্যসকলৰ প্ৰতি প্ৰদৰ্শন কৰা আন্তৰিকতা আৰু সৌহাৰ্দ্যতা তথা আগবঢ়োৱা উদাৰ আতিথ্যৰ বাবে প্ৰধানমন্ত্ৰী শেখ হাচিনাক ধন্যবাদ জনায়।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।