QuoteIndia and Mauritius are diverse and vibrant democracies, committed to working for the prosperity of our people, as well as for peace in our region and the world: PM
QuoteThe Indian Ocean is a bridge between India and Mauritius: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী শ্ৰী প্ৰৱিন্দ জগনাথে আজি এক ভিডিঅ’ লিংকৰ মাধ্যমেৰে মৰিচাছত মেট্ৰ’ এক্সপ্ৰেছ আৰু ইএনটি হস্পিতাল যুটীয়াভাৱে উদ্বোধন কৰে৷

অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে মেট্ৰ’ আৰু স্বাস্থ্য সেৱা প্ৰকল্পই মৰিচাছৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান অধিক উন্নত কৰাৰ সমান্তৰালকৈ দুয়োখন দেশৰ ঘনিষ্ঠতা অধিক গভীৰ কৰিব৷ তেওঁ লগতে কয় যে ভাৰত আৰু মৰিচাছৰ নেতাই ভাৰত মহাসাগৰৰ সীমা অতিক্ৰম কৰি ভিডিঅ’ লিংকৰ মাধ্যমেৰে একগোট হৈ এইধৰণৰ অনুষ্ঠানত অংশ লোৱাটো প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে৷

 
|
 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বহুপ্ৰত্যাশিত মেট্ৰ’ এক্সপ্ৰেছ প্ৰকল্পই মৰিচাছৰ যাতায়ত ব্যৱস্থাৰ ৰূপ সলনি কৰিব৷ অত্যাধুনিক ইএনটি হস্পিতালে উন্নতমানৰ স্বাস্থ্যসেৱা নিশ্চিত কৰিব আৰু অঞ্চলটোৰ জনসাধাৰণ ইয়াৰদ্বাৰা উপকৃত হ’ব৷ এয়া হ’ব মিৰিচাছৰ প্ৰথমখন পেপাৰলেছ ই-হস্পিতাল৷

প্ৰধানমন্ত্ৰী জগনাথে এই উন্নয়নমূলক প্ৰকল্প আৰু মৰিচাছত অব্যাহত থকা আন আন প্ৰকল্প ৰূপায়নত ভাৰতৰ সহযোগিতাক প্ৰশংসা কৰে৷ এই প্ৰকল্পসমূহ সময়মতে হৈ উঠাত সহযোগিতা আগবঢ়োৱা সকলো ষ্টেকহ’ল্ডাৰৰো তেওঁ শলাগ লয়৷
মৰিচাছত ৰেনেল ইউনিট, মেডি-ক্লিনিকছ আৰু এৰিয়া হেল্থ চেণ্টাৰ নিৰ্মাণত ভাৰত চৰকাৰে অনুদানৰ জৰিয়তে সহায় কৰিব বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে মৰিচাছক জানিবলৈ দিয়ে৷

দুয়োগৰাকী নেতাই ভাৰত-মৰিচাছৰ বৰ্ধিত সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ সমগ্ৰ বিশ্ব তথা ভাৰত মহাসাগৰ অঞ্চলৰ শান্তি-সম্প্ৰীতি আৰু দুয়ো দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবে ভাৰত-মৰিচাছৰ সহযোগিতা আৱশ্যক বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে৷

Click here to read PM's speech

  • Aditya prakash January 08, 2025

    Jai shree Ram
  • chanchal lonkar February 29, 2024

    जय श्री राम🙏
  • Nitin Agrawal January 10, 2024

    🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Nokia exporting up to 70% of India production, says Tarun Chhabra

Media Coverage

Nokia exporting up to 70% of India production, says Tarun Chhabra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মাৰ্চ 2025
March 04, 2025

Appreciation for PM Modi’s Leadership: Driving Self-Reliance and Resilience