যিকোনো ৰাষ্ট্ৰৰ বাবে আন্তঃগাঁথনি আৰু সংযোগ বিকাশৰ ধমনীৰ দৰে কাম কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ আমোলত এই আন্তঃগাঁথনি বিকাশত বিশেষ ধ্যান দিয়া পৰিলক্ষিত হৈছে৷ নতুন ভাৰতৰ সপোন পূৰণ কৰিবলৈ এনডিএ চৰকাৰে ৰে’লৱে, স্থলপথ, জলপথ, বিমানখণ্ড অথবা ব্যয়সাধ্য গৃহত গুৰুত্ব নিৱেশ কৰিছে৷
ৰে’লৱে
ভাৰতীয় ৰে’লৱেৰ নেটৱৰ্ক সমগ্ৰ বিশ্বৰ ভিতৰতে বৃহৎ ৰে’লৰ নেটৱৰ্ক৷ ট্ৰেকৰ পুনৰ নিৰ্মাণ, ৰখীয়াবিহীন ৰে’লৱে ক্ৰ’ছিং আৰু ব্ৰ’ডগজৰ সম্প্ৰসাৰণ আদি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ আমোলত উল্লেখযোগ্য উন্নতি সাধন হৈছে৷
২০১৭-১৮ বৰ্ষত ৰে’লজনিত দূৰ্ঘটনা ১০০ত কৈও কম হৈছে৷ তথ্যত প্ৰকাশ যে ২০১৩-১৪ বৰ্ষত ৰে’লজনিত দূৰ্ঘটনাৰ সংখ্যা আছিল ১১৮টা যি ২০১৭-১৮ বৰ্ষত ৭৩টালৈ হ্ৰাস পাইছে৷ ৫,৪৬৯টা ৰখীয়াবিহীন লেভেল ক্ৰ’ছিং নোহোৱা কৰা হৈছে আৰু ২০০৯-১৪ বৰ্ষৰ তুলনাত ই ২০% অধিক হৈছে৷ ব্ৰ’ডগজ পথসমূহৰ সকলো ৰখীয়াবিহীন লেভেল ক্ৰ’ছিং ২০২০ চনৰ ভিতৰত নোহোৱা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷
ৰে’লৱেৰ বিকাশক গতি প্ৰদান কৰাৰ বাবে ৰে’লপথ পুনৰ নিৰ্মাণৰ কাম ৫০% বৃদ্ধি হৈছে, ২০১৩-১৪ বৰ্ষৰ ২,৯২৬ কিলোমিটাৰৰ তুলনাত ২০১৭-১৮ বৰ্ষত ইয়াৰ সংখ্যা ৪,৪০৫ কিলোমিটাৰলৈ বৃদ্ধি পাইছে৷ এনডিএ চৰকাৰৰ আমোলত বিগত চাৰিটা বৰ্ষত ব্ৰ’ডগজ সম্প্ৰসাৰণৰ সংখ্যা (৯,৫২৮ কিলোমিটাৰ)ৰ বিপৰীতে ২০০৯-১৪ বৰ্ষত ইয়াৰ সংখ্যা আছিল ৭,৬০০ কিলোমিটাৰ৷
প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল ব্ৰ’ডগজ ভাৰতৰ অন্য প্ৰান্তৰ সৈতে জড়িত হৈছে৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছত ই মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামক ৰে’লৱে মানচিত্ৰৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷
নতুন ভাৰতৰ বিকাশৰ বাবে আমাক অত্যাধুনিক প্ৰযুক্তিৰো প্ৰয়োজন৷ মুম্বাইৰ পৰা আহমেদাবাদলৈ পৰিকল্পিত বুলেট ৰে’লে ৮ ঘণ্টাৰ যাত্ৰাৰ সময় ২ ঘণ্টালৈ হ্ৰাস কৰিব৷
বিমানখণ্ড
অসামৰিক বিমানখণ্ডতো অভূতপুৰ্ব উত্তৰণ ঘটিছে৷ উড়ান (উৰে দেশ কা আম নাগৰিক) আঁচনিৰ অধীনত ব্যয়সাধ্য বিমানযাত্ৰা সম্ভৱ হৈছে, যোৱা চাৰিটা বৰ্ষত ২৫টা কাৰ্যকৰী বিমানবন্দৰ সংযোজিত হৈছে৷ স্বাধীনতা বৰ্ষৰ পৰা ২০১৪ চনলৈ কেৱল ৭৫টা বিমানবন্দৰ আছিল৷ সেৱাৰহিত আৰু সেৱাৰ অধীনৰ বিমানবন্দৰসমূহলৈ প্ৰতিঘণ্টাত ২,৫০০টকাৰ আঞ্চলিক সংযোগৰ ফলত ভাৰতীয়সকলৰ আকাশত উৰাৰ সপোন সাৰ্থক হৈছে৷ সেয়ে, প্ৰথমবাৰলৈ দেশৰ নাগৰিকে বাতানুকূল ৰে’লৰ পৰিৱৰ্তে বিমানেৰে যাত্ৰা কৰিছে৷
বিগত তিনিটা বৰ্ষত ১৮-২০%ৰ যাত্ৰী বৃদ্ধিৰ জৰিয়তে ভাৰতে বিশ্বৰ ভিতৰত বিমানখণ্ডত তিনি নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ ২০১৭ বৰ্ষত ঘৰুৱা বিমানযাত্ৰীৰ সংখ্যা ১০০ মিলিয়ন অতিক্ৰম কৰিছে৷
জলপৰিবহণ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ অধীনত ভাৰতে জলপৰিবহণ ক্ষেত্ৰতো সাফল্য অৰ্জন কৰিছে৷ বন্দৰসমূহৰ বিকাশত অগ্ৰগতি প্ৰদান কৰি প্ৰধান বন্দৰসমূহৰ টাৰ্ণ এৰাউণ্ড সময় ২০১৩-১৪ বৰ্ষৰ ৯৪ ঘণ্টাৰ পৰা এক তৃতীয়াংশ হ্ৰাস হৈ ২০১৭-১৮ বৰ্ষত ৬৪ ঘণ্টা হৈছে৷
প্ৰধান বন্দৰসমূহত কাৰ্গো ট্ৰেফিকক গুৰুত্ব প্ৰদান কৰা হৈছে৷ ২০১০-১১ বৰ্ষত ৫৭০.৩২ মেট্ৰিকটনৰ পৰা ২০১২-১৩ বৰ্ষত ৫৪৫.৭৯ মেট্ৰিকটনলৈ হ্ৰাস হৈছিল৷ কিন্তু এনডিএ চৰকাৰে এই ব্যৱস্থাৰ সংশোধন ঘটাই ২০১৭-১৮ বৰ্ষত ইয়াক ৬৭৯.৩৬৭ মেট্ৰিক টন অৰ্থাৎ ১০০ মেট্ৰিকটনতকৈও অধিক বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে৷
অন্তঃৱৰ্তী জলপৰিবহণত পৰিবহণ ব্যয় হ্ৰাস হোৱাৰ ফলত কাৰ্বন ফুট প্ৰিণ্ট হ্ৰাস হোৱাৰ উপৰিও অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে৷ বিগত ৩০টা বৰ্ষত ৫টা ৰাষ্ট্ৰীয় জলপথৰ পৰিৱৰ্তে কেৱল বিগত ৪টা বৰ্ষতে ইয়াৰ সংখ্যা ১০৬টালৈ বৃদ্ধি পাইছে৷
পথ পৰিবহণ
ভাৰত মালা পৰিযোজনাৰ অধীনত মাল্টি-ম’ডেল সংবদ্ধকৰণৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সম্প্ৰসাৰণ কৰা হৈছে৷ ২০১৩-১৪ বৰ্ষৰ ৯২,৮৫১ কিলোমিটাৰৰ তুলনাত ২০১৭-১৮ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ ১,২০,৫৪৩ কিলোমিটাৰলৈ হৈছে৷
সুৰক্ষিত পথৰ বাবে সেতু ভাৰতম প্ৰকল্পত ২০,৮০০ কোটি টকা ব্যয় কৰা হৈছে৷ ইয়াৰ অধীনত সকলো ৰাষ্ট্ৰীয় ঘাইপথত ৰে’লৱে ক্ৰ’ছিংসমূহত ৰে’লৱে অভাৰব্ৰীজ নিৰ্মাণ কৰা হৈছে৷
পথ নিৰ্মাণৰ দ্ৰুতি প্ৰায় দুগুণ কৰা হৈছে৷ ২০১৩-১৪ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম প্ৰতিদিনে ১২ কিলোমিটাৰৰ পৰিৱৰ্তে ২০১৭-১৮ বৰ্ষত প্ৰতিদিনে ২৭ কিলোমিটাৰলৈ বৃদ্ধি পাইছে৷
জম্মুত ভাৰতৰ বৃহত্তম দৈৰ্ঘৰ সুৰংগ চেনানি-নাশ্ৰি, ঢলা-শদিয়াত ভাৰতৰ সৰ্ববৃহৎ দৈৰ্ঘৰ দলং যিয়ে অৰুণাচলক সংযোজিত কৰিছে, এইসমূহৰ বিকাশৰ জৰিয়তে পূৰ্বৰ স্পৰ্শৰহিত অঞ্চলসমূহ সংযোজিত হৈছে৷ ভাৰুচত নৰ্মদা নদীৰ ওপৰত দলং আৰু চম্বলৰ ওপৰত কোটাত দলং নিৰ্মাণৰ জৰিয়তে অঞ্চলকেইটাৰ যোগাযোগৰ উত্তৰণ হৈছে৷
পথসমূহে গ্ৰামীণ বিকাশৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰে৷ ইয়াৰ গুৰুত্ব উপলব্ধ কৰি বিগত চাৰিটা বৰ্ষত প্ৰায় ১.৬৯ কিলোমিটাৰ গ্ৰামীণ পথ নিৰ্মাণ কৰা হৈছে৷ ২০১৩-১৪ বৰ্ষৰ পথ নিৰ্মাণৰ গড় দ্ৰুতি প্ৰতিদিনে ৬৯ কিলোমিটাৰৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত ইয়াৰ সংখ্যা প্ৰতিদিনে ১৩৪ কিলোমিটাৰ হৈছে৷ বৰ্তমানে ২০১৪ বৰ্ষৰ ৫৬%ৰ বিপৰীতে গ্ৰামীণ পথৰ সংযোগ ৮২%তকৈও অধিক হৈছে, ইয়াৰ জৰিয়তে গাঁওসমূহক ভাৰতৰ বিকাশৰ কক্ষপথত চামিল কৰা হৈছে৷
নিয়োজন বৃদ্ধিৰ ক্ষেত্ৰত পৰ্যটনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ তীৰ্থযাত্ৰীসকলৰ অভিজ্ঞতা বৃদ্ধিৰ উপৰিও পৰ্যটন ক্ষেত্ৰত বিকাশৰ বাবে চাৰধাম মহামাৰ্গ বিকাশ পৰিযোজনা মুকলি কৰা হৈছিল৷ ইয়াৰ দ্বাৰা ভ্ৰমণ সুৰক্ষিত, ক্ষীপ্ৰ আৰু অধিক বিশ্বস্ত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইয়াৰ বাবে প্ৰায় ১২,০০০ কোটি টকা ব্যয়েৰে ৯০০ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷
আন্তঃগাঁথনিত গুৰুত্ব প্ৰদান কৰি দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে অধিক মালবাহনৰ পদক্ষেপ হাতত লোৱা হৈছে৷ এনডিএ চৰকাৰৰ প্ৰচেষ্টাৰ ফলতেই ২০১৭-১৮ বৰ্ষত সৰ্বাধিক মাল পৰিবহণ (১,১৬০ মেট্ৰিক টন)ৰ অভিলেখ নথিভুক্ত কৰা হৈছিল৷
নগৰ ৰূপান্তৰণ
স্মাৰ্ট চিটীৰ জৰিয়তে নগৰ ৰূপান্তৰণৰ বাবে প্ৰায় ১০০টা নগৰ কেন্দ্ৰ জীৱন-ধাৰণৰ মান উন্নতি, বহনক্ষম নগৰ পৰিকল্পনা আৰু বিকাশৰ বাবে বাচনি কৰা হৈছে৷ এই নগৰসমূহৰ বাবে গ্ৰহণ কৰা বিভিন্ন বিকাশৰ প্ৰকল্পৰ জৰিয়তে প্ৰায় ১০ কোটি ভাৰতীয়ক প্ৰভাৱান্বিত কৰিব৷ এই প্ৰকল্পটোত প্ৰায় ২,০১,৯৭৯ কোটি টকা ব্যয় কৰা হ’ব৷
গ্ৰামাঞ্চল আৰু নগৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় ১ কোটি ব্যয়সাধ্য ঘৰ নিৰ্মাণ কৰা হৈছে৷ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তসকল উপকৃত হোৱাকৈ গৃহ ঋণ ৯ লাখ টকা পৰ্যন্ত ৪% আৰু ১২ লাখ টকা পৰ্যন্ত ৩% সুতৰ আৰ্থিক সুবিধা প্ৰদান কৰা হৈছে৷