ছাৰ্ক নেতৃত্ব আৰু প্ৰতিনিধিসকলৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ আপাতকালীন পুঁজি গঠনৰ প্ৰস্তাৱ দাঙি ধৰে৷ এই পুঁজি ছাৰ্ক দেশসমূহৰ স্বেচ্ছামূলক অৱদানৰ ওপৰত নিৰ্ভৰ কৰিব৷ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতে ১০ মিলিয়ন ডলাৰৰ অৰ্থ এই পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে৷

যিকোনো ছাৰ্ক সদস্যই তৎকালীন ব্যয়ৰ বাবে পুঁজিৰ পৰা ধন ব্যয় কৰিব পাৰিব৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে ভাৰতত পৰীক্ষণ কিট আৰু অন্যান্য উপকৰণৰ সৈতে চিকিৎসক তথা বিশেষজ্ঞৰ এটা দ্ৰুত প্ৰতিক্ৰিয়াশীল দল গঠন কৰিছে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি আপোনালোকৰ আপাতকালীন প্ৰতিক্ৰিয়াশীল দলৰ বাবে অতি শীঘ্ৰেই অনলাইন প্ৰশিক্ষণ কেপচুলৰ ব্যৱস্থাও কৰিব পাৰো৷ এয়া আমাৰ নিজৰ দেশত প্ৰয়োগ কৰা মডেলৰ ভিত্তিত হ’ব যাৰ দ্বাৰা আমাৰ সকলো আপাতকালীন কৰ্মচাৰীৰ ক্ষমতা বৃদ্ধি হ’ব৷

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতে প্ৰণয়ন কৰা একীকৃত ৰোগ নিৰীক্ষণ প’ৰ্টেলৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ ভাইৰাছ বাহক আৰু তেওঁলোকৰ সম্পৰ্কলৈ অহা ব্যক্তিসকলৰ সন্ধান কৰাটো সহজ হ’ব৷ তেওঁ কয় যে ভাৰতে এই ৰোগ নিৰীক্ষণ ছফ্টৱেৰটো ছাৰ্ক সদস্যসকলক বিনিময় কৰাৰ লগতে ইয়াৰ প্ৰশিক্ষণো প্ৰদান কৰিব পাৰে৷ 

  • शिवकुमार गुप्ता March 08, 2022

    जय भारत
  • शिवकुमार गुप्ता March 08, 2022

    जय हिंद
  • शिवकुमार गुप्ता March 08, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता March 08, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Waqf Bill, Tax Relief, Suspensions: Highlights Of Three Parliament Sessions Under Modi 3.0

Media Coverage

Waqf Bill, Tax Relief, Suspensions: Highlights Of Three Parliament Sessions Under Modi 3.0
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM commends efforts to chronicle the beauty of Kutch and encouraging motorcyclists to go there
July 20, 2025

Shri Venu Srinivasan and Shri Sudarshan Venu of TVS Motor Company met the Prime Minister, Shri Narendra Modi in New Delhi yesterday. Shri Modi commended them for the effort to chronicle the beauty of Kutch and also encourage motorcyclists to go there.

Responding to a post by TVS Motor Company on X, Shri Modi said:

“Glad to have met Shri Venu Srinivasan Ji and Mr. Sudarshan Venu. I commend them for the effort to chronicle the beauty of Kutch and also encourage motorcyclists to go there.”