প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মন্তব্য কৰে যে ভাৰত হৈছে প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ, যি উদ্ভাৱন আৰু সাহস প্ৰদৰ্শন কৰা অসংখ্য অনুপ্ৰেৰণাদায়ক জীৱনকাহিনীৰে পৰিপূৰ্ণ। ‘গ্ৰীণ আৰ্মী’-ৰ এক উদাহৰণ দাঙি ধৰি তেওঁ তেওঁলোকৰ অগ্ৰণী কাম-কাজক ‘অনুপ্ৰেৰণাদায়ক’ বুলি প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ত লিখিছে:
"ভাৰত হৈছে প্ৰতিভাৰ এক শক্তিক্ষেত্ৰ, যি উদ্ভাৱন আৰু সাহস প্ৰদৰ্শন কৰা অসংখ্য অনুপ্ৰেৰণাদায়ক জীৱনকাহিনীৰে পৰিপূৰ্ণ।
চিঠি-পত্ৰৰ জৰিয়তে তেওঁলোকৰ বহুতৰ সৈতে সংযুক্ত হৈ থকাটো আনন্দদায়ক। তেনে এক প্ৰচেষ্টা হৈছে ‘গ্ৰীণ আৰ্মী’, যাৰ অগ্ৰণী কাম-কাজে আপোনালোককো অতিকে অনুপ্ৰাণিত কৰি তুলিব।"
India is a powerhouse of talent, filled with innumerable inspiring life journeys showcasing innovation and courage.
— Narendra Modi (@narendramodi) December 31, 2024
It is a delight to remain connected with many of them through letters. One such effort is the Green Army, whose pioneering work will leave you very inspired. https://t.co/jAQMmW4D9E