ভাৰত-ফ্ৰান্স যৌথ বিবৃতি

Published By : Admin | September 10, 2023 | 17:26 IST

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মান্যবৰ ইমানুৱেল মেক্ৰনৰ জি-২০ সন্মিলন উপলক্ষে আয়োজিত দুপৰীয়া আহাৰৰ সমান্তৰালকৈ এক দ্বিপাক্ষিক বৈঠক ১০ ছেপ্তেম্বৰ, ২০২৩ তাৰিখে অনুষ্ঠিত হয়। জুলাই ২০২৩ত দুই ৰাষ্ট্ৰপ্ৰধানৰ পেৰিছত হোৱা বৈঠকৰ পাছত আজি দুয়ো দ্বিপাক্ষিক সম্বন্ধ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁলোকে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে আঞ্চলিক বিষয়তো মতামত দিয়ে।

 

ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ ২০২৩ বৰ্ষৰ ১৩-১৪ জুলাইৰ ঐতিহাসিক পেৰিছ ভ্ৰমণৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধানে জি-২০ উপলক্ষে ভাৰত ভ্ৰমণ কৰে। উল্লেখ্য যে ভাৰত আৰু ফ্ৰান্সৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বৰ পঞ্চবিংশতিতম বৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে ফৰাচী ৰাষ্ট্ৰীয় দিন ১৪ জুলাই, ২০২৩ তাৰিখে সন্মানীয় অতিথি হিচাপে পেৰিছত উপস্থিত আছিল।

 

ভাৰত-ফ্ৰান্সৰ শক্তিশালী বন্ধুত্বক ৰোমন্থন কৰি তথা উমৈহতীয়া বিশ্বাস, ধ্যান-ধাৰণা, সাৰ্বভৌমত্বত বিশ্বাস আৰু কৌশলগত স্বায়ত্বশাসন, আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়মৰ তথা ৰাষ্ট্ৰসংঘৰ সংহিতাৰ প্ৰতি নীতিগত দায়ৱদ্ধতা, বহুতৰপীয়া শাসন ব্যৱস্থা আৰু স্থাযী বহু মেৰু বিশ্বৰ প্ৰতি উমৈহতীয়া লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্য থকা দুয়ো নেতাই বৈঠকত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় খণ্ডত দেখা দিয়া প্ৰত্যাহ্বানবোৰৰ আলোচনা কৰে। তেওঁলোকে “বসুধৈৱ কুটুম্বকম অৰ্থাৎ এক ধৰা, এক পৰিয়াল, এটা ভৱিষ্যৎ” বাণীত বিশ্বাস ৰাখি পৰিৱৰ্তিত বিশ্বৰ ব্যৱস্থাত দেখা প্ৰত্যাহ্বানৰ সমাধানৰ বাবে তথা সকলোৰে কল্যাণৰ বাবে কাম কৰি যাব বুলি নিজৰ দায়ৱদ্ধতা প্ৰকাশ কৰে। 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ভ্ৰমণ তথা “হৰাইজন ২০২৪”ৰোডমেপ, ইণ্ডো-পেচিফিক ৰোডমেপৰ বিন্দুবোৰক মুখ্য বিষয় হিচাপে ৰাখি দুয়ো নেতাই সামগ্ৰিক পৰ্যালোচনা কৰাৰ লগতে আগন্তুক দিনবোৰত প্ৰতিৰক্ষা, মহাকাশ, নিউক্লীয়াৰ শক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, জটিল প্ৰযুক্তি, জলবায়ু পৰিৱৰ্তন, শিক্ষা, মানৱ সম্পৰ্ক আদি কেতবোৰ উচ্চাকাংক্ষাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যৌথভাৱে কিদৰে কাম কৰিব সেই সম্পৰ্কতো আলোচনা কৰে। তেওঁলোকে লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকা আৰু আফ্ৰিকাত ভাৰত-ফ্ৰান্সৰ অংশীদাৰিত্ব, লগতে আন্তঃগাঁথনি, যোগাযোগ, শক্তি, জৈৱবৈচিত্ৰ, বহনক্ষমতা আৰু ঔদ্যোগিক প্ৰকল্প সন্দৰ্ভত কিদৰে কাম কৰিব সেই বিষয়ে পৰ্যালোচনা কৰে। ভাৰত-ফ্ৰান্সৰ দ্বাৰা আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ (Disaster Resilient Infrastructure) বাবে গঠন হোৱা মিত্ৰজোঁটৰ ক্ষেত্ৰত দুয়ো দেশৰ পৰৱৰ্তী কৰ্তব্য আৰু দায়িত্ব সন্দৰ্ভত সমাধান সূত্ৰ নিৰ্ধাৰণৰ বাবে আলোচনা হয়। 

 

ৰাষ্ট্ৰপতি মেক্ৰনে চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিন্দন জ্ঞাপন কৰে। দুয়ো দেশে ছয় দশকজোৰা ভাৰত-ফ্ৰান্স মহাকাশ সহযোগিতা আৰু জুন ২০২৩ত গ্ৰহণ কৰা প্ৰথম কৌশলগত মহাকাশ ডায়লগৰ পৰ্যালোচনা কৰে। তেওঁলোকে শক্তিশালী ভাৰত-ফ্ৰান্স অসামৰিক নিউক্লীয়াৰ সম্বন্ধ, জাইতাপুৰ নিউক্লীয়াৰ প্লান্ট প্ৰকল্পৰ আলোচনা কৰাৰ লগতে দুয়ো দেশৰ মাজত এছএমআৰ আৰু এএমআৰ প্ৰযুক্তিৰ বিকাশ আৰু সহমৰ্মিতাৰ যৌথ ঘোষণাপত্ৰৰ লগতে  ক্ৰমাগতভাৱে চলি থকা দ্বৈত সহযোগিতাৰ শলাগ লয়। নিউক্লীয় যোগানকাৰীৰ গোটত (Nuclear Suppliers Group) ভাৰতৰ সদস্যপদৰ বাবে ফ্ৰান্সে পুনৰাই নিজৰ চৰ্তহীন সমৰ্থনৰ কথা দোহাৰে।

দুয়ো নেতাই প্ৰতিৰক্ষা খণ্ডত আৰ্হিৰ পৰা আৰম্ভ কৰি পৰীক্ষা আৰু উৎপাদনলৈ সকলো পৰ্যায়ত সহযোগিতাৰ কথা পুনৰাই আলোচনা কৰাৰ লগতে ভাৰতত উন্নত প্ৰতিৰক্ষা প্ৰযুক্তিৰ উৎপানৰ বিষয়টোত ফৰাচী চৰকাৰৰ সহযোগিতাৰ কথা উল্লেখ কৰে। লগতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় এলেকাত থকা তৃতীয় বিশ্বৰ দেশবোৰত আৰু অন্যান্যত প্ৰতিৰক্ষা প্ৰযুক্তিৰ উৎপাদনত ভাৰতৰ সহযোগিতা আৰু শীঘ্ৰেই প্ৰতিৰক্ষা ঔদ্যোগিক ৰোডমেপ চূড়ান্ত কৰাৰ ওপৰত গুৰুত্ব আৰোঁপ কৰে।

ডিজিটেল, বিজ্ঞান, প্ৰযুক্তিগত উদ্ভাৱন, শিক্ষা, সংস্কৃতি, স্বাস্থ্য আৰু পৰিৱেশ সহযোগিতা খণ্ডত গুৰুত্ব আৰোঁপ কৰি দুয়ো দেশৰ নেতাই এই ক্ষেত্ৰবোৰত সহযোগিতা আৰু সংযোগ স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে। ইণ্ডো-পেচিফিক এলেকাত ভাৰত-ফ্ৰান্স যৌথ সম্পৰ্কৰ মডেল স্থাপনতো দুয়ো নেতাই আলোচনা কৰে। ইয়াৰ লগতে সংগ্ৰহালয় আৰু সংস্কৃতি খণ্ডত একেলগে কাম কৰাৰ বিষয়েও আলোচনা কৰা হয়।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি-২০ৰ সভাপতিত্বৰ দিশত ভাৰত সমৰ্থন জনাই অহাৰ বাবে ফৰাচী ৰাষ্ট্ৰপ্ৰধান মেক্ৰনক ধন্যবাদ জ্ঞাপন কৰে। বিশ্বস্তৰত উমৈহতীয়া পদক্ষেপৰে আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানবোৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত এই সমৰ্থন সদায় প্ৰয়োজনীয়। লগতে দুয়ো নেতাই জি-২০ত আফ্ৰিকান ইউনিয়নৰ সদস্যপদক আদৰণি জনোৱাৰ লগতে এই পদক্ষেপে আফ্ৰিকান ইউনিয়ন আৰু জি-২০ একেলগে কাম কৰি আফ্ৰিকা মহাদেশৰ উন্নয়নত সহায়ক হ’ব বুলিও দোহাৰে।

 

  • Rajashekharayya Hiremath June 15, 2024

    Jai hoo Shri Narendra Modijii PM.India Leading India as Ek Bharat Shresht Bharat in World Sir 3.0 🇮🇳 🇮🇳🇮🇳🌎🌎🌎
  • Babla sengupta January 27, 2024

    Babla sengupta
  • Babla sengupta December 23, 2023

    Babla sengupta
  • yeduru indhumathi September 18, 2023

    jai bjp
  • rupesh September 13, 2023

    one earth one leadr wo hain humare pm sir Narendra Modi ji
  • Babita Dubey September 11, 2023

    🙏🙏🚩🚩
  • Manish Kumar jha September 10, 2023

    modi modi modi modi modi
  • Umakant Mishra September 10, 2023

    super
  • Abhiram Singh September 10, 2023

    We welcome and support our G20.It will be make development and peace in the world.Bharat Mata Ki Jai. Jai Bharat.
  • ONE NATION ONE ELECTION September 10, 2023

    एक धनी प्रधानमंत्री बन सकता है यह नेहरू ने साबित किया। एक गरीब प्रधानमंत्री बन सकता है यह शास्त्री जी ने साबित किया। एक औरत प्रधानमंत्री बन सकती है यह इंदिरा ने साबित किया। एक विमानचालक प्रधानमंत्री बन सकता है यह राजीव गांधी ने साबित किया। एक स्वःमुत्र चिकित्सक प्रधानमंत्री बन सकती है यह मोरारजी ने साबित किया। एक किसान प्रधानमंत्री बन सकता है यह चरण सिंह ने साबित किया। एक राजघराने का व्यक्ति प्रधानमंत्री बन सकता है यह वीपी सिंह ने साबित किया। एक बहुआयामी व्यक्ति प्रधानमंत्री बन सकता है यह पीवी नरसिंहा राव ने साबित किया। एक स्वयंसेवक प्रधानमन्त्री बन सकता है यह अटल बिहारी बाजपेयी ने साबित किया। कोई भी ऐरा गैरा प्रधानमंत्री बन सकता है यह चन्द्रशेखर और देवगौडा ने साबित किया। एक गूँगा तोता सिंह प्रधानमंत्री बन सकता है यह जी मैडम जी मनमोहन सिंह ने साबित किया। देश पर बिना प्रधानमंत्री बने भी शासन किया जा सकता है यह एंटोनियो माइनो ने साबित किया। 🤔 परन्तु एक चाय बेचने वाले का बेटा और राष्ट्रीय स्वयंसेवक संघ का प्रचारक प्रधानमंत्री बन सकता है यह नरेन्द्र मोदी ने साबित किया। सारी कायनात लगी है एक शख्स को झुकाने में भगवान भी सोचता होगा जाने किस मिटटी का इस्तेमाल किया मैंने मोदी को बनाने में! 🤔🤔JARA SOCHO🤔🤔 जो व्यक्ति यदि अमरीका को झुका सकता है, भूखे नंगे देश पाकिस्तान में हडकंप मचा सकता है, चीन जैसे साम्यवादी देश के अखबारों की सुर्खियों में आ सकता है तो भाई वह भारत को विश्वगुरु भी बना सकता है। यह बात पक्की है! देश की जरुरत है मोदी।
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption

Media Coverage

In Mann Ki Baat, PM Stresses On Obesity, Urges People To Cut Oil Consumption
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2025
February 24, 2025

6 Years of PM Kisan Empowering Annadatas for Success

Citizens Appreciate PM Modi’s Effort to Ensure Viksit Bharat Driven by Technology, Innovation and Research