ভাৰতীয় ত্ৰীড়া ইতিহাসত টকিঅ’ পেৰালিম্পিকে সদায়ে এই বিশেষ স্থান লাভ কৰি থাকিব বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দেশৰ পৰা যোৱা খেলুৱৈ দলটোৰ প্ৰতিগৰাকী সদস্যকে চেম্পিয়ণ বুলি অভহিত কৰাৰ লগতে তেওঁলোক আটায়ে অনুপ্ৰেৰণাৰ উত্স বুলিও উল্লেখ কৰে।
তেওঁ খেলুৱৈসকলক নিৰন্তৰ সহযোগিতা আগবঢ়াই থকাৰ বাবে প্ৰশিক্ষক, সহযোগী কৰ্মী তথা পৰিয়ালবৰ্গৰ শলাগ লয়। ইফালে, জাপনৰ চৰকাৰ আৰু নাগৰিকসকল, বিশেষকৈ টকিঅ’বাসীয়ে আগবঢ়োৱা ব্যতিক্ৰমী আতিথ্যৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ইয়াৰ জৰিয়তে জাপানীসকলে অলিম্পিক ভাৱনকে বিস্তিৰিত কৰিলে বুলিও অনুভৱ প্ৰকাশ কৰে।
এই সন্দৰ্ভত প্ৰকাশিত এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ভাৰতীয় ক্ৰীড়া ইতিহাসত টকিঅ’ #পেৰালিম্পিকে সদায়ে বিশেষ স্থান দখল কৰি থাকিব। প্ৰতিগৰাকী ভাৰতীয়ৰ স্মৃতিত এই ক্ৰীড়া ভাস্বত হৈ ৰোৱাৰ লগতে বহু প্ৰজন্মক খেলত আত্মনিয়োগ কৰাৰ বাবে উচাহিত কৰি ৰাখিব।
ভাৰতে অভিলেখ সংখ্যক পদক লাভ কৰা কথাই আমাৰ হৃদয় আনন্দৰে ভৰাই তুলিছে। মই খেলুৱৈসকলক নিৰন্তৰ সহযোগিতা আগবঢ়াই থকাৰ বাবে প্ৰশিক্ষক, সহযোগী কৰ্মী তথা পৰিয়ালবৰ্গৰ শলাগ ল’ব বিচাৰিছো। আমাৰ সাফল্যই খেলত অধিক সংখ্যকৰ অংশগ্ৰহণ নিশ্চিত কৰিব বুলিও আমি আশা কৰিব পাৰো।
মই আগতে কোৱাৰ দৰে, জাপানৰ নাগৰিক, বিশেষকৈ টকিঅ’বাসী তথা জাপান চৰকাৰক তেওঁলোকে আগবঢ়োৱা ব্যতিক্ৰমী আতিথ্য, অলিম্পিকৰ জৰিয়তে বিস্তাৰিত ৰূপত সহণশীলতা আৰু অতিকে প্ৰয়োজনীয় একাত্মবোধৰ বাৰ্তা বিস্তাৰিত কৰাৰ বাবে গ্ৰহণ কৰা দৃষ্টভংগীৰ বাবে আমি শলাগ ল’বই লাগিব”।
Like I had said earlier, the people of Japan, particularly Tokyo and the Japanese Government, must be lauded for their exceptional hospitality, eye for detail and spreading the much needed message of resilience and togetherness through these Olympics.
— Narendra Modi (@narendramodi) September 5, 2021
The historic number of medals India won has filled our hearts with joy. I would like to appreciate the coaches, support staff and families of our athletes for their constant support to the players. We hope to build on our successes to ensure greater participation in sports.
— Narendra Modi (@narendramodi) September 5, 2021
In the history of Indian sports, the Tokyo #Paralympics will always have a special place. The games will remain etched in the memory of every Indian and will motivate generations of athletes to pursue sports. Every member of our contingent is a champion and source of inspiration.
— Narendra Modi (@narendramodi) September 5, 2021