'বসুধৈৱ কুটুম্বকম' – আমাৰ ভাৰতীয় সংস্কৃতিৰ এই দুটা শব্দত এক সুগভীৰ দাৰ্শনিক চিন্তা অন্তৰ্নিহিত হৈ আছে। ইয়াৰ অৰ্থ হৈছে, ‘সমগ্ৰ পৃথিৱীয়েই এটা পৰিয়াল’। ই হৈছে এনে এক সৰ্বাত্মক দৃষ্টিভংগী, যিয়ে আমাক এক সাৰ্বজনীন পৰিয়াল হিচাপে প্ৰগতিৰ পথেৰে আগুৱাই যাবলৈ উৎসাহিত কৰে। এনে এক পৰিয়াল, য'ত সীমা, ভাষা আৰু বিচাৰধাৰাৰ কোনো বান্ধোন নাই।

জি-২০ত ভাৰতৰ অধ্যক্ষতাৰ কালছোৱাত, এই ধাৰণাটো মানৱ-কেন্দ্ৰিক প্ৰগতিৰ আহ্বান হিচাপে প্ৰকাশ পাইছে। আমি, ‘এক পৃথিৱী’ হিচাপে, মানৱ জীৱন উন্নত কৰিবলৈ একত্ৰিত হৈছো। আমি ‘এটা পৰিয়াল’ হিচাপে পৰস্পৰে পৰস্পৰৰ বিকাশৰ অংশীদাৰ হৈছো। আৰু ‘এক ভৱিষ্যত’ৰ বাবে, আমি একেলগে এক উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়িছো।

কৰোনাৰ পিছৰ বিশ্ব ব্যৱস্থা, আগৰ বিশ্ব ব্যৱস্থাতকৈ বহুগুণে পৃথক। আন বহুতো দিশৰ মাজতে এই সময়ছোৱাত তিনিটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে।

প্ৰথমতে, এক বৰ্ধিত উপলব্ধি হৈছে যে বিশ্বৰ জিডিপি-কেন্দ্ৰিক দৃষ্টিভংগীৰ পৰা ক্ৰমাৎ মানৱ-কেন্দ্ৰিক দৃষ্টিভংগীলৈ আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আছে।

দ্বিতীয়তে, বিশ্বব্যাপী যোগান শৃংখলাত সুস্থতা আৰু নিৰ্ভৰযোগ্যতাৰ গুৰুত্ব ইতিমধ্যেই বিশ্বই স্বীকাৰ কৰিছে।

তৃতীয়তে, বিশ্বজুৰি প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ জৰিয়তে বহুপাক্ষিকতাক প্ৰচাৰ কৰাৰ বাবে এক সামূহিক আহ্বান জনোৱা হৈছে।

এই পৰিৱৰ্তনবোৰত আমাৰ জি-২০ ৰ অধ্যক্ষতাই এক শক্তিশালী অনুঘটকৰ ভূমিকা পালন কৰিছে।

আমি যেতিয়া ২০২২ চনৰ ডিচেম্বৰত ইণ্ডোনেছিয়াৰ পৰা জি২০ ৰ অধ্যক্ষতা গ্ৰহণ কৰিছিলো, মই লিখিছিলো যে জি-২০ হ’ব লাগিব মানুহৰ মানসিকতাৰ আমূল পৰিৱৰ্তনৰ বাহন।

উন্নয়নশীল দেশসমূহ, ‘গ্লোবেল ছাউথ’ৰ দেশসমূহ আৰু আফ্ৰিকাৰ দেশসমূহৰ অৱহেলিত বা প্ৰান্তীয় সমাজৰ আকাংক্ষাক মূলসুঁতিলৈ অনাৰ এক বিশেষ প্ৰয়োজনীয়তা আছে।

এই চিন্তাধাৰাৰেই ভাৰতে ‘ভইচ অফ গ্লোবেল চাউথ ছামিট’ৰ আয়োজন কৰিছিল। এই সন্মিলনখনত প্ৰায় ১২৫ খন দেশে অংশগ্ৰহণ কৰিছিল। এইটো ভাৰতৰ অধ্যক্ষতাত গ্ৰহণ কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত অন্যতম আছিল। এয়া ‘গ্লোবেল ছাউথ’ৰ দেশবোৰৰ পৰা তেওঁলোকৰ অভিজ্ঞতা আহৰণ কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস আছিল। তদুপৰি, আমাৰ অধ্যক্ষতাত কেৱল আফ্ৰিকাৰ দেশসমূহৰ সৰ্ববৃহৎ অংশগ্ৰহণেই সম্ভৱ হোৱা নাই, বৰঞ্চ আফ্ৰিকান ইউনিয়নক জি-২০ৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

আমাৰ পৃথিৱীখন পৰস্পৰে পৰস্পৰৰ সৈতে জড়িত হৈ আছে বা আন্তঃসংযোগত আবদ্ধ হৈ আছে, ইয়াৰ অৰ্থ হৈছে যে বিভিন্ন ক্ষেত্ৰত আমাৰ প্ৰত্যাহ্বানসমূহো পাৰস্পৰিক বা আন্তঃসংযোগযুক্ত। এয়া হৈছে ২০৩০ চনৰ এজেণ্ডাৰ মধ্য-ম্যাদী বৰ্ষ আৰু এই সন্দৰ্ভত বহুলোকেই উদ্বেগ প্ৰকাশ কৰি আছে যে বহনক্ষম উন্নয়ন লক্ষ্যৰ (এছডিজি) দিশবোৰত অগ্ৰগতি স্থবিৰ হৈ পৰিছে, কিম্বা পথচ্যুত হৈছে।

বহনক্ষম উন্নয়ন লক্ষ্যৰ সন্মুখৰ গতি ত্বৰান্বিত কৰাৰ বাবে জি-২০ য়ে ২০৩০ ৰ বাবে সাজু কৰা কাৰ্যপন্থাই ভৱিষ্যতৰ দিক নিৰ্ণয় কৰিব। আৰু ইয়েই বহনক্ষম উন্নয়ন লক্ষ্যত উপনীত হোৱাৰ পথ প্ৰশস্ত কৰিব।

ভাৰতত, প্ৰাচীন কালৰ পৰাই প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি আগবাঢ়ি যোৱাটো এক আদৰ্শ হৈ আহিছে আৰু আমি আধুনিক সময়তো ‘ক্লাইমেট এক্সন’ বা পৰিৱেশৰ বাবে কৰা কামৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ কাম অব্যাহত ৰাখিছো।

‘গ্লোবেল ছাউথ’ৰ বহুতো দেশ উন্নয়নৰ বিভিন্ন পৰ্যায়ত আছে আৰু এই সময়ছোৱাত সেই দেশবোৰত জলবায়ু ব্যৱস্থাৰ ক্ষেত্ৰত যত্ন লোৱা উচিত। জলবায়ু পদক্ষেপৰ আকাংক্ষাৰ লগতে, আমি জলবায়ু বিত্ত আৰু প্ৰযুক্তিৰ স্থানান্তৰৰ যত্নও ল’ব লাগিব।

আমি বিশ্বাস কৰো যে জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ মোকাবিলা কৰিবলৈ, প্ৰতিবন্ধকতাৰ মনোভাৱ সলনি কৰিব লাগিব। আমি ‘কি কৰিব নালাগে’ ৰ পৰা ‘কি কৰিব পাৰি’লৈ চিন্তাৰ পৰিৱৰ্তন কৰিব লাগিব। আমি এটা সৃষ্টিশীল কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব দিব লাগিব।

চেন্নাই এইচএলপিয়ে এক বহনক্ষম আৰু শক্তিশালী নীল অৰ্থনীতিৰ বাবে আমাৰ মহাসাগৰবোৰৰ জল ব্যৱস্থা সুস্থ কৰি ৰখাৰ কাম কৰি আছে।

আমাৰ অধ্যক্ষতাত গ্ৰীণ হাইড্ৰজেন উদ্ভাৱন কেন্দ্ৰৰ সৈতে স্বচ্ছ আৰু গ্ৰীণ হাইড্ৰজেন সম্পৰ্কীয় এক গ্লোবেল ইকোছিষ্টেম বা বৈশ্বিক পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰা হ'ব।

২০১৫ চনত, আমি আন্তৰ্জাতিক সৌৰ মিত্ৰতা আৰম্ভ কৰিছিলো। এতিয়া, বিশ্ব ইন্ধন মৈত্ৰীৰ জৰিয়তে, আমি বিশ্বক এক শক্তি পৰিৱৰ্তনৰ বাবে যোগ্য কৰি তোলাত সহায় কৰিম। ইয়াৰ সৈতে, বৃত্তাকাৰ অৰ্থনীতি (circular economy) ৰ লাভালাভ অধিক সংখ্যক লোকৰ ওচৰলৈ যোৱাটো সম্ভৱ হৈ উঠিব।

ক্লাইমেট এক্সন বা জলবায়ুৰ বাবে কৰা কামক গণতান্ত্ৰিক কৰি তোলা পদক্ষেপে এই আন্দোলনক গতি দিয়াৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায় হিচাপে চিহ্নিত হৈছে। যিদৰে মানুহে তেওঁলোকৰ স্বাস্থ্যৰ কথা মনত ৰাখি দৈনন্দিন সিদ্ধান্ত লয়, তেওঁলোকে এই পৃথিৱীৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱৰ কথা মনত ৰাখি তেওঁলোকৰ জীৱনশৈলী নিৰ্ধাৰণ কৰিব পাৰে, যিদৰে যোগ এক বিশ্বব্যাপী গণ আন্দোলনত পৰিণত হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি ‘বহনক্ষম পৰিৱেশৰ বাবে জীৱনশৈলী’ (LiFE)ৰ প্ৰচাৰ কৰি আছো।

জলবায়ু পৰিৱৰ্তনৰ ফলত, খাদ্য আৰু পুষ্টি সুৰক্ষা নিশ্চিত কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হ’ব। মোটা শস্য বা শ্ৰীঅন্নৰ পৰা এই ক্ষেত্ৰত মোকাবিলা কৰাত যথেষ্ট সহায় হ’ব। শ্ৰীঅন্নই জলবায়ু স্মাৰ্ট কৃষি (Climate smart agriculture)কো প্ৰসাৰ কৰি আছে। আন্তৰ্জাতিক বাজৰা বৰ্ষত আমি শ্ৰীঅন্নক বিশ্ব পৰ্যায়লৈ লৈ গৈছো। The Deccan High Level Principles and Food Security and Nutrition এই দিশত সহায়ক হৈছে।

প্ৰযুক্তি পৰিৱৰ্তনশীল কিন্তু ইয়াক অন্তৰ্ভুক্ত কৰাও প্ৰয়োজন। অতীতত, প্ৰযুক্তিগত উন্নতিৰ লাভালাভ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ওচৰত সমানভাৱে উপনীত হোৱা নাছিল। যোৱা কেইবছৰমানত, ভাৰতে দেখুৱাইছে যে প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা কেনেদৰে অসমতা হ্ৰাস কৰিব পাৰি।

উদাহৰণ স্বৰূপে, বিশ্বজুৰি কোটি কোটি লোক যাৰ বেঙ্কিং ৰ সুবিধা নাই, বা যাৰ ডিজিটেল পৰিচয় নাই, তেওঁলোকক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ (ডিপিআই) জৰিয়তে লগত লৈ যাব পাৰি।

সমগ্ৰ বিশ্বই ডিপিআই ব্যৱহাৰ কৰি আমি লাভ কৰা ফলাফলবোৰ প্ৰত্যক্ষ কৰিছে, ইয়াৰ গুৰুত্ব স্বীকাৰ কৰিছে। এতিয়া, জি-20ৰ জৰিয়তে, আমি উন্নয়নশীল দেশবোৰক ডিপিআই গ্ৰহণ, প্ৰস্তুত আৰু সম্প্ৰসাৰণ কৰাত সহায় কৰিম যাতে তেওঁলোকে সামগ্ৰিক বিকাশৰ শক্তি লাভ কৰিব পাৰে।

ভাৰত দ্ৰুতগতিত বিকশিত হোৱা বৃহৎ অৰ্থনীতিত পৰিণত হোৱাটো এটা আকস্মিক পৰিঘটনা নহয়। আমাৰ সৰল, ব্যৱহাৰিক আৰু বহনক্ষম পদ্ধতিয়ে দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক আমাৰ উন্নয়ন যাত্ৰাৰ নেতৃত্ব দিবলৈ শক্তিশালী কৰি তুলিছে। মহাকাশৰ পৰা আৰম্ভ কৰি ক্ৰীড়ালৈকে, অৰ্থনীতিৰ পৰা উদ্যোগলৈকে, ভাৰতীয় মহিলাসকল বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছে। আজি ভাৰতে মহিলাৰ বিকাশতেই থমকি নৰৈ মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰেৰে আগবাঢ়িছে। আমাৰ জি-২০ অধ্যক্ষতাই ‘লিংগ ডিজিটেল বিভাজন’ আঁতৰ কৰা, কৰ্মী শক্তিত (Labour Force) অংশগ্ৰহণৰ ব্যৱধান হ্ৰাস কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে অধিক ভূমিকা সক্ষম কৰাৰ ওপৰত কাম কৰি আছে।

ভাৰতৰ বাবে, জি-২০ ৰ অধ্যক্ষতা কেৱল এক উচ্চ-পৰ্যায়ৰ কূটনৈতিক প্ৰচেষ্টা নহয়, ইয়াক আমি গণতন্ত্ৰৰ মাতৃ আৰু বৈচিত্ৰ্যৰ আৰ্হি হিচাপে, এক অভিজ্ঞতাৰ দুৱাৰ বিশ্বৰ বাবে মুকলি কৰি দিছো।

আজি, যেতিয়া যিকোনো বৃহৎ কাম কৰাৰ কথা আহে, তাত ভাৰতৰ নাম সহজেই উচ্চাৰিত হয়। জি-২০ৰ অধ্যক্ষতাও ইয়াৰ ব্যতিক্ৰম নহয়। ই এতিয়া ভাৰতত এক গণ আন্দোলনত পৰিণত হৈছে।

আমাৰ কাৰ্যকাল সমাপ্ত হোৱা পৰ্যন্ত জি-২০ ৰ অধ্যক্ষতাত ভাৰতৰ ৬০ খন চহৰত ২০০ ৰো অধিক বৈঠক অনুষ্ঠিত হৈ উঠিব। এই সময়ছোৱাত আমি ১২৫ খন দেশৰ পৰা প্ৰায় ১,০০,০০০ প্ৰতিনিধিক আতিথ্য প্ৰদান কৰিম। কোনো অধ্যক্ষতাত কেতিয়াও ইমান বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ ভৌগোলিক বিস্তাৰ এনেদৰে সামৰি লোৱা হোৱা নাই।

ভাৰতৰ জনগাঁথনি, গণতন্ত্ৰ, বৈচিত্ৰ্য আৰু উন্নয়নৰ বিষয়ে আন কাৰোবাৰ মুখত শুনিবলৈ পোৱাটো আৰু ইয়াক প্ৰত্যক্ষভাৱে অনুভৱ কৰাটো সম্পূৰ্ণ পৃথক অনুভৱ। মই নিশ্চিত যে আমাৰ জি-২০ ৰ প্ৰতিনিধিসকলে নিজেই এইকথা উপলব্ধি কৰিব।

আমাৰ জি-২০ অধ্যক্ষতাই বিচৰা আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদানকেইটা হৈছে বিভাজন দূৰ কৰা, বাধা আঁতৰ কৰা আৰু সহযোগিতা গভীৰ কৰা। আমাৰ ইচ্ছা, এনে এখন পৃথিৱী গঢ়ি তোলা, য’ত একতা সকলো পাৰ্থক্যৰ উৰ্ধ্বত থাকিব, য’ত অংশীদাৰী লক্ষ্যবোৰে বিচ্ছিন্নতাৰ চিন্তাধাৰাৰ সমাপ্তি ঘটাব।

জি-২০ ৰ অধ্যক্ষ হিচাপে, আমি বিশ্বক্ষেত্ৰখন অধিক প্ৰসাৰিত কৰাৰ প্ৰতিশ্ৰুতি দিছিলো, যাতে প্ৰতিটো আহ্বান শুনা যায় আৰু প্ৰতিখন দেশে ইয়াত অৱদান আগবঢ়াব পাৰে। মই নিশ্চিত যে আমি আমাৰ সংকল্পবোৰ কাৰ্য আৰু স্পষ্ট ফলাফলেৰে পূৰণ কৰিছো।

  • Jitendra Kumar May 04, 2025

    ❤️🇮🇳
  • Babla sengupta April 20, 2025

    Babla sengupta.
  • Shubhendra Singh Gaur April 05, 2025

    जय श्री राम ।
  • Shubhendra Singh Gaur April 05, 2025

    जय श्री राम
  • KANODI GANGADHAR March 20, 2025

    JAI BHARATH MAATHA KI JAI BJP JAI
  • Prasanth reddi March 14, 2025

    జై శ్రీ రామ్.. జై బీజేపీ... 🙏🚩🪷✌️
  • Dheeraj Thakur January 16, 2025

    जय श्री राम.
  • Dheeraj Thakur January 16, 2025

    जय श्री राम
  • Jayanta Kumar Bhadra January 09, 2025

    Jay 🕉
  • Jayanta Kumar Bhadra January 09, 2025

    Jai 🕉
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
New trade data shows significant widening of India's exports basket

Media Coverage

New trade data shows significant widening of India's exports basket
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
একতাৰ মহাকুম্ভ – এটা নতুন যুগৰ প্ৰত্যুষত
February 27, 2025

শ্ৰী নৰেন্দ্ৰ মোদী
ভাৰতৰ প্ৰধানমন্ত্ৰী

পবিত্ৰ নগৰী প্ৰয়াগৰাজত মহাকুম্ভৰ সফলতাৰে সামৰণি পৰিল। ইয়াৰ লগে লগে সম্পূৰ্ণ হ'ল একতাৰ এক বিশাল মহাযজ্ঞৰো। যেতিয়া এটা জাতিৰ চেতনা জাগ্ৰত হয়, যেতিয়া ই শতিকা প্ৰাচীন বশ্যতা স্বীকাৰৰ মানসিকতাৰ কঠিন শিকলিৰ পৰা মুক্ত হয়, তেতিয়াই জাতিটোৱে , দেশখনে নতুন শক্তিৰ সতেজ বতাহেৰে মুক্তভাৱে উশাহ ল'বলৈ সক্ষম হয়।মুক্ত চিন্তাৰে মুক্তভাবে উশাহ ল'ব পৰাৰ পৰিবেশ এটা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা একতাৰ মহাকুম্ভত সুন্দৰ ৰূপত প্ৰত্যক্ষ কৰা হৈছে।

|

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মই দেৱভক্তি আৰু দেশভক্তিৰ কথা কৈছিলো, মই কৈছিলো ঈশ্বৰিক আৰু দেশৰ প্ৰতি থকা ভক্তি তথা আত্মোসৰ্গাৰ বিষয়ে । প্ৰয়াগৰাজৰ মহাকুম্ভত বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু- সন্ত, মহিলা, শিশু, যুৱক-যুৱতী, জ্যেষ্ঠ নাগৰিক আৰু সকলো শ্ৰেণীৰ লোক একত্ৰিত হৈছিল। আমি এই মহাকুম্ভতেই জাতিটোৰ জাগ্ৰত চেতনাৰ প্ৰতিফলন প্ৰত্যক্ষ কৰিলোঁ। এক কথাত এয়া আছিল একতাৰ মহাকুম্ভ, য’ত এই পবিত্ৰ অনুষ্ঠানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ আৱেগ একে ঠাইতে , একে সময়তে জাগ্ৰত হৈছিল৷

প্ৰয়াগৰাজৰ এই পবিত্ৰ অঞ্চলটো হৈছে ঐক্য, সম্প্ৰীতি আৰু প্ৰেমৰ পবিত্ৰ ভূমি শৃংগভেৰপুৰ, য'ত প্ৰভু শ্ৰীৰাম আৰু নিশাদৰাজৰ সাক্ষাৎ হৈছিল। তেওঁলোকৰ এই সাক্ষাৎ ভক্তি আৰু সদিচ্ছাৰ সংগমৰ প্ৰতীক আছিল। আজিও প্ৰয়াগৰাজত সেই ভক্তি আৰু সদিচ্ছাৰ ধ্বনি অনুৰণিত হৈ আছে, যিয়ে আমাক প্ৰতি পলতে অনুপ্ৰাণিত কৰি আহিছে।

|

যোৱা ৪৫ টা দিনত মই লক্ষ্য কৰিছো যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি লোকে সংগমলৈ বাট পোনাইছিল। সংগমস্থলীত আৱেগৰ ঢৌ উঠিছিল। ইয়ালৈ প্ৰতিগৰাকী ভক্তই এটাই উদ্দেশ্য লৈ আহিছিল – সেয়া হৈছে সংগমত পৱিত্ৰ স্নান কৰা। গংগা, যমুনা, সৰস্বতীৰ পৱিত্ৰ সংগমস্থলে প্ৰতিগৰাকী তীৰ্থযাত্ৰীক উৎসাহ, শক্তি, আত্মবিশ্বাসেৰে ভৰাই তুলিছিল।

|

মই ভাবো কোটি কোটি লোকে একে মনোভাবেৰে সমবেত হোৱা প্ৰয়াগৰাজৰ এই মহাকুম্ভ আধুনিক ব্যৱস্থাপনাৰ সৈতে জড়িত পেছাদাৰী, পৰিকল্পনাকাৰী আৰু নীতি বিশেষজ্ঞৰ বাবে অধ্যয়নৰ এক বিশেষ বিষয় হোৱা উচিৎ। কাৰণ পৃথিৱীৰ আন ক’তো ইমান বিশাল পৰিসৰত আয়োজিত আনুষ্ঠানৰ উদাহৰণ নাই।

সমগ্ৰ বিশ্বই আশ্বৰ্যৰে ভৰা নয়েনে প্ৰত্যক্ষ কৰিলে কিদৰে প্ৰয়াগৰাজৰ নদীৰ সংগমস্থলীৰ পাৰত কোটি কোটি মানুহ গোট খাইছিল। এই অনুষ্ঠানলৈ সেই লোকসকলক কোনো আনুষ্ঠানিক নিমন্ত্ৰণ দিয়া হোৱা নাছিল, তালৈ কেতিয়া যাব লাগিব সেই সম্পৰ্কেও পূৰ্বে কাৰো সৈতে কোনো যোগাযোগ কৰা হোৱা নাছিল। তথাপি কোটি কোটি মানুহে নিজৰ ইচ্ছামতে মহাকুম্ভলৈ ৰাওনা হৈছিল আৰু সংগমৰ পবিত্ৰ পানীত স্নান কৰাৰ আনন্দ অনুভৱ কৰিছিল।

|

সংগমত পৱিত্ৰ স্নান কৰাৰ পিছত অপৰিসীম আনন্দ আৰু সন্তুষ্টিৰ বিকিৰণেৰে আলোকিত হৈ পৰা সেই মুখবোৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। সেয়া আছিল ঈশ্বৰিক দ্যুতি, কিবা এক প্ৰাপ্তিৰ আনন্দত উজ্জ্বল হৈ পৰা মুখ। মহিলা , বয়োজ্যেষ্ঠ, আমাৰ দিব্যাং ভাই-ভনীসকল – সকলোৱে কেৱল প্ৰয়াগৰাজৰ সংগমৰ দিশে ঢাপলি মেলিছিল।

|

প্ৰয়াগৰাজৰ মহাকুম্ভত ভাৰতৰ যুৱক-যুৱতীসকলৰ লক্ষ্যণীয় অংশগ্ৰহণ দেখি মই বিশেষভাবে উৎসাহিত হৈ পৰিছিলো। মহাকুম্ভত নৱপ্ৰজন্মৰ এনে বিশাল উপস্থিতিয়ে এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিছে- সেয়া হৈছে ভাৰতৰ যুৱক-যুৱতীসকল আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক হিচাবে পৰিগণিত হৈছে। আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে যুৱক-যুৱতীসকলে বুজি উঠিছে আৰু এইবোৰৰ সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ দায়িত্ব উপলব্ধি কৰি ইয়াক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।


প্ৰয়াগৰাজত এই মহাকুম্ভত উপস্থিত হোৱা লোকৰ সংখ্যাই নিঃসন্দেহে নতুন অভিলেখ সৃষ্টি কৰিছে। কিন্তু শাৰীৰিকভাৱে উপস্থিত থকাসকলৰ বাহিৰেও প্ৰয়াগৰাজত কায়িকভাবে উপস্থিত হ’ব নোৱাৰা কোটি কোটি লোকো এই অনুষ্ঠানৰ সৈতে আৱেগিকভাৱে গভীৰভাৱে জড়িত হৈ পৰিছিল। তীৰ্থযাত্ৰীসকলে লগত লৈ যোৱা পবিত্ৰ পানী লাখ লাখ লোকৰ বাবে আধ্যাত্মিক আনন্দৰ উৎস হৈ পৰিছিল। মহাকুম্ভৰ পৰা উভতি অহা বহু লোকক সমাজে সন্মান জনাই নিজৰ গাঁৱলৈ শ্ৰদ্ধাৰে আদৰণি জনোৱাও দেখা গৈছিল।

|

সঁচা অৰ্থত ক'বলৈ গ'লে যোৱা কেইসপ্তাহমানত যি ঘটিছে সেয়া আছিল অভূতপূৰ্ব আৰু ই আগন্তুক শতিকাবোৰৰ বাবে এক দৃঢ় ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে।

মানুহে কল্পনা কৰাতকৈও অধিক ভক্ত প্ৰয়াগৰাজত সমবেত হৈছে । দৰাচলতে কুম্ভৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিতে প্ৰশাসনে ভক্তৰ উপস্থিতিৰ আনুমানিক হিচাপ কৰিছিল। সেয়ে কোনো অসুবিধা নোহোৱাকৈ সকলো সুচাৰু ৰূপে সম্পন্ন হৈছে৷

লক্ষ্যণীয় কথাটো হল আমেৰিকাৰ জনসংখ্যা যিমান ,তাৰ প্ৰায় দুগুণ লোকে এই একতাৰ মহাকুম্ভত অংশগ্ৰহণ কৰিছিল।

আধ্যাত্মিক পণ্ডিতসকলে যদি কোটি কোটি ভাৰতীয়ৰ এনে উৎসাহ ভৰা অংশগ্ৰহণৰ কথা বিশ্লেষণ কৰে তেন্তে তেওঁলোকে দেখিব যে নিজৰ ঐতিহ্যক লৈ ভাৰতীয়সকল কিমান গৌৰৱান্বিত আৰু তেওঁলোকে এতিয়া নতুনকৈ আৰহৰণ কৰা নৱ উদ্দীপনা তথা শক্তিৰে আগবাঢ়িছে। মোৰ বিশ্বাস- এয়া এক নতুন যুগৰ সূৰ্যোদয়, যিয়ে নতুন ভাৰতৰ ভৱিষ্যতৰ চিত্ৰনাট্য ৰচনা কৰিব৷

|

হাজাৰ হাজাৰ বছৰ ধৰি মহাকুম্ভই ভাৰতৰ জাতীয় চেতনাক শক্তিশালী কৰি তুলিছে। প্ৰতিটো পূৰ্ণকুম্ভই সন্ত, পণ্ডিত আৰু চিন্তাবিদৰ সমাৱেশৰ সাক্ষ্য বহন কৰিছে । প্ৰতিটো কুম্ভত সমবেত লোকসকলে নিজৰ সময়ৰ সামাজিক অৱস্থাৰ বিষয়ে আলোচনা কৰিছে৷ তেওঁলোকৰ চিন্তাৰ প্ৰতিফলনে দেশ আৰু সমাজখনক এক নতুন দিশ প্ৰদান কৰি আহিছে। প্ৰতি ছবছৰৰ মূৰে মূৰে অনুষ্ঠিত অৰ্ধকুম্ভৰ সময়ত এই ধাৰণাসমূহ পুনৰ ফঁহিয়াই চোৱা হৈছে। ১৪৪ বছৰৰ পিছত ১২টা পূৰ্ণকুম্ভ অনুষ্ঠিত হোৱাৰ অন্তত সমাজত অচল হৈ পৰা পৰম্পৰাবোৰ, ধাৰণাবোৰ পৰিত্যাগ কৰা হৈছে ৷ তাৰ ঠাইত নতুন ধাৰণাক আঁকোৱালি লোৱা হৈছে আৰু এনেদৰেই নতুন পৰম্পৰাৰ সৃষ্টি হৈ সময়ৰ লগে লগে সমাজখন আগবাঢ়ি গৈছে৷

১৪৪ বছৰৰ পাছত এই মহাকুম্ভত আমাৰ সাধু-সন্তসকলে পুনৰবাৰ ভাৰতৰ উন্নয়ন যাত্ৰাৰ বাবে আমাক এক নতুন বাৰ্তা দিছে। সেই বাৰ্তা হৈছে উন্নত ভাৰত – বিকশিত ভাৰত।

এই একতাৰ মহাকুম্ভত জাতি, ধৰ্ম আৰু মতাদৰ্শ নিৰ্বিশেষে ধনী বা দুখীয়া, ডেকা বা বুঢ়া, গাঁও বা চহৰৰ পৰা অহা লোক, ভাৰত বা বিদেশৰ পৰা অহা লোক, পূব বা পশ্চিমৰ পৰা অহা লোক, উত্তৰ বা দক্ষিণৰ পৰা অহা লোক,প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়েই এক মনোভাবেৰে একত্ৰিত হৈছিল। কোটি কোটি মানুহৰ আস্থাৰে পৰিপূৰ্ণ এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ এয়া আছিল এক মূৰ্ত ৰূপ। এতিয়া, উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাবে আমি একে মনোভাৱেৰেই একত্ৰিত হ’ব লাগিব।

|

মোৰ মনলৈ আহিছে সেই ঘটনাটোৰ কথা, য’ত বালক শ্ৰী কৃষ্ণই নিজৰ মুখৰ ভিতৰত থকা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ এটা ৰূপ তেওঁৰ মাতৃ যশোদাৰ সন্মুখত উদ্ভাসিত কৰিছিল। সেইদৰে এই মহাকুম্ভতো ভাৰতৰ সামূহিক শক্তিৰ ব্যাপক সম্ভাৱনাৰ কথাক প্ৰমাণ কৰি ভাৰতৰ লগতে বিশ্ববাসীৰ কোটি কোটি লোক একে ঠাইতে সমবেত হৈছে৷ এতিয়া আমি এই আত্মবিশ্বাসকেই আধাৰ কৰি আগবাঢ়ি যাব লাগিব আৰু এখন উন্নত ভাৰত গঢ়াৰ দিশত নিজকে উৎসৰ্গা কৰিব লাগিব।


পূৰ্বে ভক্তি আন্দোলনৰ সৈতে জড়িত সন্তসকলে সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ সামূহিক সংকল্পৰ শক্তি চিনাক্ত কৰি সেইবোৰক উৎসাহিত কৰিছিল। স্বামী বিবেকানন্দৰ পৰা আৰম্ভ কৰি শ্ৰী অৰবিন্দলৈকে প্ৰতিগৰাকী মহান চিন্তাবিদে আমাক আমাৰ সামূহিক সংকল্পৰ শক্তিৰ কথা সোঁৱৰাই দিছিল। আনকি মহাত্মা গান্ধীয়েও স্বাধীনতা আন্দোলনৰ সময়তসামূহিক সংকল্পৰ শক্তিৰ কথা অনুভৱ কৰিছিল। স্বাধীনতাৰ পিছৰ এই সামূহিক শক্তিক যদি সঠিকভাৱে স্বীকৃতি দিয়া হ’লহেঁতেন আৰু সকলোৰে কল্যাণ বৃদ্ধিৰ দিশত ইয়াক ব্যৱহাৰ কৰা হ’লহেঁতেন তেন্তে ই নতুনকৈ স্বাধীনতাৰ সোৱাদ পোৱা জাতি এটাৰ বাবে এক বৃহৎ শক্তি হৈ পৰিলহেঁতেন৷ দুৰ্ভাগ্যজনকভাৱে আগতে তেনে কৰা হোৱা নাছিল। কিন্তু এতিয়া, এখন উন্নত ভাৰতৰ বাবে জনসাধাৰণৰ এই সামূহিক শক্তি একত্ৰিত কৰাৰ ধাৰণাটো পুনৰ জাগ্ৰত হোৱা দেখি মই আনন্দিত হৈ পৰিছো৷

|

বেদৰ পৰা আৰম্ভ কৰি বিবেকানন্দলৈকে, প্ৰাচীন শাস্ত্ৰৰ পৰা আৰম্ভ কৰি আধুনিক কৃত্ৰিম উপগ্ৰহলৈকে ভাৰতৰ মহান পৰম্পৰাই এই দেশখনক সবলৰূপত গঢ় দিছে। এজন নাগৰিক হিচাপে আমি এয়াই প্ৰাৰ্থনা কৰোঁ যাতে আমি আমাৰ পূৰ্বপুৰুষ আৰু সন্তসকলৰ স্মৃতি তথা অভিজ্ঞতাৰ পৰা নতুন প্ৰেৰণা আহৰণ কৰিব পাৰো। এই একতাৰ মহাকুম্ভই আমাক নতুন সংকল্পৰে আগবাঢ়ি যোৱাত সহায় কৰক। আহক আমি ঐক্যক আমাৰ পথ প্ৰদৰ্শক নীতি হিচাপে গঢ়ি তোলোঁ। আহক আমি এই বুজাবুজিৰে কাম কৰোঁ যাতে আমাৰ মনত দেশৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱাৰ দৰে মনোভাবৰ উদয় হয়।

কাশীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মই কৈছিলোঁ, "মা গংগাই মোক মাতিছে।" এয়া কেৱল মোৰ বাবে আৱেগ নহয় বৰঞ্চ দায়িত্বৰ আহ্বানো আছিল৷ আমাৰ পবিত্ৰ নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ প্ৰতি এয়া আছিল মোৰ দায়িত্ব । প্ৰয়াগৰাজৰ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলীত থিয় হৈ মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈ পৰিল। আমাৰ নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ নিজৰ জীৱনৰ লগত গভীৰভাৱে জড়িত। আমাৰ সৰু-বৰ নদীবোৰক জীৱনদায়িনী মাতৃ হিচাপে জ্ঞান কৰাটো আমাৰ দায়িত্ব। এই মহাকুম্ভই আমাক আমাৰ নদ- নদীসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে।

|

মই জানো যে ইমান বৃহৎ অনুষ্ঠান এটা আয়োজন কৰাটো কোনো সহজ কাম নাছিল। মা গংগা, মা যমুনা আৰু মা সৰস্বতীক প্ৰাৰ্থনা জনাইছো যাতে আমাৰ ভক্তিত কিবা অভাৱ থাকিলে, কিবা খুঁত ৰৈ গ'লে আমাক ক্ষমা কৰি দিয়ে যেন৷ জনতা জনাৰ্দনক মই দেৱতাৰ মূৰ্তি হিচাপে জ্ঞান কৰিছো৷ যদি তেওঁলোকৰ সেৱাৰ ক্ষেত্ৰতো আমাৰ প্ৰচেষ্টাত কিবা খুঁত ৰৈ গৈছে , তেন্তে ৰাইজৰ ওচৰতো ক্ষমা বিচাৰিছো।

মহাকুম্ভলৈ ভক্তিৰসত নিমজ্জিত হৈ কোটি কোটি মানুহ আহিছিল । তেওঁলোকৰ সেৱা কৰাটোও আছিল ভক্তিৰ অনুভূতিৰেই পালন কৰা এটা দায়িত্ব । উত্তৰ প্ৰদেশৰ এজন সংসদ সদস্য হিচাপে মই গৌৰৱেৰে ক’ব পাৰো যে যোগী জীৰ নেতৃত্বত প্ৰশাসন আৰু ৰাইজে একেলগে কাম কৰি এই একতাৰ মহাকুম্ভ সফল কৰি তুলিলে। ৰাজ্যই হওঁক বা কেন্দ্ৰই হওঁক, ইয়াত কোনো শাসক বা প্ৰশাসক নাছিল, তাৰ পৰিৱৰ্তে ইয়াত সকলোৱে আছিল একো একোগৰাকী নিষ্ঠাবান সেৱক। অনাময় কৰ্মী, আৰক্ষী, নাৱৰীয়া, গাড়ী চালক, খাদ্য পৰিবেশন কৰা লোক - সকলোৱে অক্লান্তভাৱে কাম কৰিছিল। প্ৰয়াগৰাজৰ ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈও যিদৰে মুক্ত হৃদয়েৰে তীৰ্থযাত্ৰীসকলক আদৰণি জনাইছিল সেয়া বিশেষভাৱে প্ৰেৰণাদায়ক কথা আছিল। তেওঁলোকৰ লগতে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিছো।

|

আমাৰ দেশ খনৰ উজ্জ্বল ভৱিষ্যতকলৈ মোৰ সদায় অদম্য আস্থা আছে। এই মহাকুম্ভৰ সাক্ষী হৈ মোৰ প্ৰত্যয় আৰু বহুগুণে শক্তিশালী হৈ পৰিল৷

১৪০ কোটি ভাৰতীয়ই একতাৰ মহাকুম্ভক যিদৰে বিশ্বজনীন অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে সেয়া সঁচাকৈয়ে আচৰিত কথা। আমাৰ জনসাধাৰণৰ নিষ্ঠা, ভক্তি আৰু প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ শীঘ্ৰেই ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম শ্ৰী সোমনাথৰ ওচৰলৈ গৈ এই সামূহিক জাতীয় প্ৰচেষ্টাৰ ফল তেওঁৰ ওচৰত অৰ্পণ কৰিম আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰাৰ্থনা কৰিম।

মহাশিৱৰাত্ৰিত মহাকুম্ভৰ ৰূপে হয়তো সফলতাৰে সমাপ্তিৰ ৰূপ পৰিগ্ৰহ কৰিছে, কিন্তু গংগাৰ চিৰন্তন প্ৰবাহৰ দৰেই মহাকুম্ভই জাগ্ৰত কৰা আধ্যাত্মিক শক্তি, জাতীয় চেতনা আৰু ঐক্যই আগন্তুক প্ৰজন্মল লগতে আমাক অনুপ্ৰাণিত কৰি যাব।