বুণ্ডেলখণ্ডৰ এক্সপ্ৰেছৱেই উত্তৰপ্ৰদেশৰ লোকসকলৰ বাবে চাকৰিৰ সূযোগ সৃষ্টি কৰাৰ লগতে দিল্লীকে ধৰি বৃহৎ চহৰসমূহৰ সৈতে যোগসুত্ৰ স্থাপন কৰিব পাৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ চিত্ৰকুটত ২৯৬ কিলোমিটাৰ দৈঘ্যৰ বুণ্ডেলখণ্ডৰ এক্সপ্ৰেছৱেৰ আধাৰশিলা স্থপন কৰে৷
এই এক্সপ্ৰেছৱেই বুণ্ডেলখণ্ড অঞ্চলক আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে আৰু যমুনা এক্সপ্ৰেছৱেৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সৈতে সংযোগ স্থাপন কৰাৰ লগতে বুণ্ডেলখণ্ড অঞ্চলৰ উন্নয়নত মুখ্য ভুমিকা পালন কৰিব৷ বুণ্ডেলখণ্ডত উত্তৰপ্ৰদেশৰ প্ৰতিৰক্ষা কৰিড’ৰৰ লগতে এক্সপ্ৰেছৱেই ভৱিষ্যতে বিনিয়োগ বৃদ্ধিৰে ‘মেক ইন ইণ্ডিয়া’ক এক প্ৰধান কেন্দ্ৰবিন্দুত পৰিণত কৰাৰ লগতে বিশ্বজুৰি প্ৰতিৰক্ষা হাৰ্ডৱেৰ ৰপ্তানি কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক দৃশ্যপটৰ পৰিৱৰ্তন সাধন কৰিব৷