টাইমছ নাউ সন্মিলনত টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহৰ বিকাশৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই চহৰসমূহ ডিজিটেল লেনদেন আৰু বৰ্ধিত ষ্টাৰ্ট-আপ পঞ্জীয়নৰ জৰিয়তে অৰ্থনৈতিক কাৰ্যকলাপৰ নতুন কেন্দ্ৰ হিচাপে বিবেচিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে৷
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহত সৰ্বাধিক সংখ্যক দুখীয়া তথা মধ্যবিত্ত শ্ৰেণীৰ লোকে বাস কৰে আৰু সেয়ে চৰকাৰে প্ৰথমবাৰলৈ এই সৰু সৰু চহৰসমূহৰ অৰ্থনৈতিক বিকাশত গুৰুত্ব প্ৰদান কৰাৰ লগতে চহৰসমূহৰ বাসিন্দাসকলৰ প্ৰত্যাশাসমূহো লক্ষ্য কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে বাৰ্ষিক যিসকলৰ উপাৰ্জন ৫ লাখ টকাতকৈ কম তেওঁলোকৰ বাবে শূন্য কৰৰ ব্যৱস্থা প্ৰৱৰ্তন তথা টায়াৰ-২ আৰু টায়াৰ-৩ চহৰসমূহলৈ এক্সপ্ৰেছ পথ আৰু বায়ুপথ আদিৰ জৰিয়তে যোগাযোগৰ ব্যৱস্থা দ্ৰুতভাৱে সমাধা কৰিছে বুলি উল্লেখ কৰে৷