সুস্থ ভাৰত
“ভাৰত চৰকাৰৰ স্বাস্থ্যসেৱা প্ৰচেষ্টাসমূহে ৫০ কোটি ভাৰতীয়ৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব৷ এইটো সুনিশ্চিত কৰা অতি আৱশ্যক যে আমি দুখীয়া লোকসকলক দৰিদ্ৰতাৰ বান্ধোনৰ পৰা মুক্তি দিব লাগিব, যাৰবাবে তেওঁলোকে স্বাস্থ্যসেৱাৰ ব্যয় বহন কৰিব নোৱাৰে৷”-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰতিগৰাকী ভাৰতীয়ই সহজলভ্য আৰু আহৰণযোগ্য, উন্নত মানৰ স্বাস্থ্য সেৱা লাভ কৰিব লাগিব৷ স্বাস্থ্যসেৱাক এক অন্তৰ্ভূক্তিমূলক সমাজ গঢ়াৰ মুখ্য কাৰক হিচাপে গণ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে এক সুস্থ ভাৰত গঢ়িবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
মাতৃ আৰু শিশুৰ স্বাস্থ্য
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে সকলো গৰ্ভৱতী মহিলাক প্ৰতি মাহৰ ৯ তাৰিখে বিনামূলীয়া ব্যাপক আৰু মানসম্পন্ন প্ৰসৱপূৰ্ণ সজাগতাক সুনিশ্চিত কৰে৷ মাতৃ আৰু শিশুৰ সু-স্বাস্থ্য সুনিশ্চিত কৰাৰ বাবে ১৩,০৭৮ টা স্বাস্থ্য কেন্দ্ৰত ১.৩ কোটি প্ৰসৱপূ্ৰ্ণ পৰীক্ষা সম্পাদন কৰা হৈছে৷ তদুপৰি, ৮০.৬৩ লাখতকৈ অধিক গৰ্ভৱতী মহিলাক টিকাকৰণ কৰা হৈছে৷ পৰীক্ষাৰ সময়ত ৬.৫লাখতকৈ অধিক ক্ষতিশংকা থকা গৰ্ভৱতীক চিনাক্ত কৰা হৈছে৷
প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃক তেওঁলোকৰ প্ৰথম সন্তান জন্ম দিয়াৰ আগতে আৰু পাছত পৰ্যাপ্ত জিৰণি ল’ব পৰাকৈ বিত্তীয় সুবিধা প্ৰদান কৰা হৈছে৷ ৫০ লাখতকৈ অধিক গৰ্ভৱতী মহিলাই প্ৰতি বছৰে ৬,০০০ টকাকৈ নগদ ধন লাভ কৰিব বুলি আশা কৰা হৈছে৷ ল’ৰালি কালছোৱাই সকলোৰে জীৱনৰ মূল আধাৰ৷ মিচন ইন্দ্ৰধনুষৰ লক্ষ্য হৈছে ২০২০ চনৰ ভিতৰত ডিপথেৰীয়া, হুপিং কাঁহ, টিটানাছ, পলিঅ’, যক্ষ্মা, মাজুআই আৰু হেপাটাইটিছ-বিৰ দৰে ৭বিধ প্ৰতিৰোধমূলক ৰোগৰ বিপৰীতে টিকাকৰণ নকৰা, আংশিক টিকাকৰণ কৰা শিশুসকলক প্ৰতিষেধক টিকা প্ৰদান কৰা৷
চাৰিটা পৰ্যায় সম্পূৰ্ণ কৰা মিচন ইন্দ্ৰধনূষে ৫২৮খন জিলাক সামৰি লয়, য’ত ৮১.৭৮ লাখ গৰ্ভৱতী মহিলাক প্ৰতিষেধক আৰু ৩.১৯ কোটি শিশুক টিকাকৰণ কৰা হয়৷ ২০১৫ৰ নৱেম্বৰত উদ্ভাৱন কৰা পলিঅ’ নিষ্ক্ৰিয়কৰণ বেজী(আইপিভি) মুখেৰে দিয়াতকৈ অধিক ফলপ্ৰসূ৷ ইতিমধ্যে ৪ কোটি দৰব শিশুসকলক দিয়া হৈছে৷ ইপিনে, ২০১৬ৰ মাৰ্চত শুভাৰম্ভ কৰা ৰোটাভাইৰাছে ১.৫ কোটি শিশুক সামৰি লৈছে৷ ২০১৭ৰ ফেব্ৰুৱাৰীত আৰম্ভ কৰা মিজলছ ৰুবেলা(এমআৰ) টিকাকৰণে প্ৰায় ৮ কোটি শিশুক সামৰি লৈছে৷ ২০১৭ৰ মে’ত আৰম্ভ কৰা নিউমোকোককেল কনজুগেট ভেকচিনে(পিচিভি) ইতিমধ্যে প্ৰায় ১৫ লাখ শিশুক সামৰি লৈছে৷
প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা
দ্ৰুত পৰিৱৰ্তনশীল বিশ্বত জীৱনশৈলীৰ সৈতে জড়িত ৰোগসমূহে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে ধৰা দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ৰিয় নেতৃত্বত ‘যোগা’ বিশ্ববাসীক বিভিন্ন স্বাস্থ্যজনিত সুবিধা প্ৰদানৰ এক গণ আন্দোলনত পৰিণত হৈছে৷ ২০১৫ চনৰ পৰা প্ৰতি বছৰৰ ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে আৰু বিশ্বজুৰি ইয়াৰ প্ৰতি জনতাৰ আগ্ৰহ আৰু অংশগ্ৰহণো বৃদ্ধি পাইছে৷
অপুষ্টি দূৰীকৰণৰ সন্মিলিত প্ৰচেষ্টা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে পোষণ অভিযানৰ শুভাৰম্ভ কৰিছে৷ বহুআৰ্হিৰ ব্যৱস্থাৰ জৰিয়তে অপুষ্টি ৰোধ কৰিবলৈ গ্ৰহণ কৰা এয়াই প্ৰথমটো এনেধৰণৰ প্ৰচেষ্টা৷ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু নিৰ্ধাৰিত দৃষ্টিভংগীৰ মাজত সামঞ্জস্য ৰক্ষা কৰি অপুষ্টি হ্ৰাসৰ চেষ্টা কৰা হৈছে৷
সহজলভ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱা
সহজলভ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বাবে ২০১৪ চনৰ মে’ৰ পাছৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি ১০৮৪ বিধ অত্যাৱশ্যকীয় ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা হৈছে, যাৰ ফলত গ্ৰাহকৰ সৰ্বমুঠ প্ৰায় ১০,০০০ কোটি টকা লাভ হৈছে৷
প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ কাৰ্যক্ষম অৱস্থাত থকা ৩,০০০ বিপনীৰ জৰিয়তে ভাৰতত ৫০%তকৈ অধিক ব্যয় ৰাহী হৈছে৷ অমৃত ফাৰ্মাচীত কেন্সাৰ আৰু হৃদৰোগ ঔষধ বজাৰৰ তুলনাত ৬০-৯০শতাংশ কম হাৰত লাভৰ সুবিধা কৰা হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে কাৰ্ডিয়েক ষ্টেণ্টছ আৰু আঁঠুৰ অস্ত্ৰোপচাৰৰ মূল্য ৫০-৭০% হ্ৰাস কৰিছে৷ ইয়াৰ দ্বাৰা ৰোগীসকলৰ বৃহৎ বিত্তীয় ৰেহাই হৈছে৷
২০১৬ চনত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যসূচীৰ জৰিয়তে দুখীয়াসকলক বিনামূলীয়া ডায়েলাইছিছ সেৱা আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ সকলো ৰোগীক ৰেহাইমূলক চিকিৎসা আগবঢ়োৱা হৈছে৷ এই কাৰ্যসূচীৰ অধীনত ২.৫ লাখ ৰোগী উপকৃত হৈছে আৰু বৰ্তমানলৈকে ২৫ লাখ লোকৰ ডায়েলাইছিছ কৰা হৈছে৷ দেশত বৰ্তমান ৪৯৭ টা ডায়েলাইছিছ কাৰ্যক্ষম কেন্দ্ৰ আৰু ৩৩৩০টা কাৰ্যক্ষম ডায়েলাইছিছ মেচিন আছে৷
আয়ুষ্মান ভাৰত
স্বাস্থ্যৰ ক্ষেত্ৰত হোৱা মাত্ৰাধিক ব্যয়ে কোটি কোটি ভাৰতীয় লোকক দৰিদ্ৰতা জালত বন্দী কৰিছে৷ দেশত স্বাস্থ্য সেৱা আগবঢ়াব পৰাকৈ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ এক বৃহৎ সক্ষমতা আছে৷ আয়ুষ্মান ভাৰতে শক্তিশালী ৰূপত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডক সামৰি এক ব্যাপক, সহজলভ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱা আগবঢ়াব৷ এইখন হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি, যাৰদ্বাৰা দেশৰ প্ৰায় ৫০ কোটি পৰিয়ালক বছৰি ৫লাখলৈ ব্যাপক স্বাস্থ্যসেৱাৰে সামৰি লোৱা হ’ব৷ ব্যাপক প্ৰাথমিক স্বাস্থ্যসেৱা আগবঢ়োৱাৰ লক্ষ্যৰে দেশৰ ১.৫লাখ উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক স্বাস্থ্য আৰু আৰোগ্য(এইচডব্লিউচি) হিচাপে গঢ়ি তোলা হ’ব৷
দেশৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনিলৈ এক বৃহৎ সকাহঃ
- ২০খন অতিবিশিষ্ট সুবিধাসম্পন্ন নতুন এইমছ স্থাপন কৰা হৈছে
- বিগত চাৰি বছৰত ৯২খন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ ফলত ১৫,৩৫৪ খন এমবিবিএছৰ আসন বৃদ্ধি পাইছে৷
- ৭৩খন চৰকাৰী মেডিকেল কলেজ উন্নীতকৰণ কৰা হৈছে৷
- ২০১৪ৰ জুলাইৰ পৰা কাৰ্যক্ষম অৱস্থাত থকা ৬খন এইমছত ১৬৭৫খন বিচনা সংযোগ কৰা হৈছে৷
- ২০১৭-১৮ত ঝাৰখণ্ড আৰু গুজৰাটৰ বাবে দুখন নতুন এইমছ ঘোষণা কৰা হৈছে৷
- বিগত চাৰি বছৰত সৰ্বমুঠ ১২,৬৪৬টা স্নাতকোত্তৰ আসন যোগ দিয়া হৈছে৷
নীতি আৰু আইনসমূহ
সুদীৰ্ঘ ১৫ বছৰৰ পাছত ২০১৭ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি গঠন কৰা হয়৷ ইয়াৰ দ্বাৰা আৰ্থ-সামাজিক আৰু মহামাৰী সংক্ৰান্তীয় দৃশ্যপটৰ পৰিৱৰ্তন ভিত্তিক চলিত আৰু তাৎক্ষণিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰা হৈছে৷
মানসিক স্বাস্থ্যৰ দিশটো পূৰ্বতে অতিকে অৱজ্ঞা কৰি আছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ অধীনত এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ মানসিক স্বাস্থ্যজনিত সমস্যাত ভোগা লোকসকলৰ মানসম্পন্ন চিকিৎসাৰ বাবে মানসিক স্বাস্থ্য আইন, ২০১৭ৰ অধীনত কেতবোৰ আইনী পৰিকাঠামো গ্ৰহণ কৰি ইয়াৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হৈছে৷
ৰোগ নিৰ্মূলকৰণ
যক্ষ্মা(টিবি) হৈছে একপ্ৰকাৰৰ সংক্ৰমিত ৰোগ৷ বিশ্বৰ এক চতুৰ্থাংশ যক্ষ্মা ৰোগীয়েই ভাৰতৰ৷ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ অধীনত ২০৩০ চনৰ ভিতৰত মহামাৰী যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ যক্ষ্মা ৰোগ নিৰ্মূলৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত ভাৰতৰ ৪লাখ ডট কেন্দ্ৰত যক্ষ্মা ৰোগৰ চিকিৎসাৰ ঔষধ প্ৰদান কৰা হৈছে৷ চৰকাৰে ঘৰে ঘৰে গৈ যক্ষ্মা ৰোগৰ পৰীক্ষা সম্পন্ন কৰি ইতিমধ্যে ৫.৫ কোটি লোকক সামৰি লৈছে৷ তদুপৰি, যক্ষ্মা ৰোগীক চিকিৎসাৰ বাবে প্ৰতি মাহে ৫০০ টকাকৈ প্ৰদান কৰিছে৷
২০১৮ৰ ভিতৰত লেপ্ৰোছী, ২০২০ চনৰ ভিতৰত মাজুআই আৰু ২০২৫ৰ ভিতৰত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে লোৱা কাৰ্য ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰী কৰি থকা হৈছে৷ বিশ্বই ২০১৫ চনৰ ডিচেম্বৰত মাতৃ আৰু প্ৰসৱপূৰ্ব টিটানাছৰ টিকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে ভাৰতে ২০১৫ৰ মে’ মাহতে সেই লক্ষ্যত উপনীত হৈছে৷
বিজেপিৰ শাসনকালত স্বচ্ছ ৰন্ধন গেছৰ আহৰণ ক্ষমতা ৩২% বৃদ্ধি পাইছেঃ ধৰ্মেন্দ্ৰ প্ৰধান
https://energy.economictimes.indiatimes.com/news/oil-and-gas/household-access-to-clean-cooking-fuel-increased-by-32-under-bjp-rule-pradhan/66225297
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সোমবাৰে কয় যে চৰকাৰে সমাজৰ অতি দুখীয়া পৰিয়ালে স্বচ্ছ ৰন্ধন গেছৰ বাবে সাৰ্বজনীন ৰন্ধন গেছ আহৰণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা ফলত প্ৰতি পৰিয়ালে আহৰণ কৰিব বিচৰা ৰন্ধন গেছৰ আহৰণ ক্ষমতা চাৰি বছৰৰ আগতে থকা ৫৫%ৰ পৰা বৰ্তমান ৮৭%লৈ বৃদ্ধি হৈছে৷
ধৰ্মেন্দ্ৰ প্ৰধানে #উজ্জ্বলা যোজনা লাভালাভৰ আলোকপাত কৰিছে আৰু ইয়াৰ দুখীয়া মহিলাসকলৰ সবলীকৰণৰ আহিলা আখ্যা দিছে৷
প্ৰতি পৰিয়ালে আহৰণ কৰিব বিচৰা ৰন্ধন গেছৰ আহৰণ ক্ষমতা চাৰি বছৰৰ পূৰ্বৰ ৫৫%ৰ পৰা বৰ্তমান ৮৭% হৈছেঃ #উজ্জ্বলা যোজনা সন্দৰ্ভত মন্ত্ৰী
#উজ্জ্বলা যোজনাৰ জৰিয়তে আমাৰ চৰকাৰে সমাজৰ অতি দুখীয়া পৰিয়ালে যাতে স্বচ্ছ ৰন্ধন গেছৰ বাবে সাৰ্বজনীন ৰন্ধন গেছ আহৰণ কৰিব পাৰে তাৰ লক্ষ্য লৈছেঃ ধৰ্মেন্দ্ৰ প্ৰধান.