Quote‘বিশালতাৰ অৰ্থনীতি’ৰ সুবিধা গ্ৰহণ কৰি, এই আঁচনিয়ে ভাৰতীয় কোম্পানীসমূহক ‘গ্লোবেল চেম্পিয়ণ’ হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব
Quote৭.৫লাখ প্ৰত্যক্ষ আৰু বহু লাখ সহযোগী কৰ্ম-কাণ্ডত নিয়োজিত হ’ব লগা অতিৰিক্ত নিয়োগৰ সম্ভাৱনা সৃষ্টিত সহায় কৰিব
Quoteআঁচনিখনে বিশাল সংখ্যক মহিলাৰ অংশগ্ৰহণৰ পথো প্ৰশস্থ কৰিব
Quoteপাঁচটা বছৰত উদ্যোগখণ্ডলৈ ১০,৬৮৩কোটি টকাৰ ‘ইনচেণ্টিভ’ আগবঢ়াব
Quoteআঁচনিখনৰ ফলত আগন্তুক পাঁচটা বছৰত ১৯,০০০কোটি টকাৰ নতুন বিনিয়োগ আৰু ৩লাখ কোটি টকাৰ অতিৰিক্ত উত্পাদনী বাণিজ্য সম্ভৱ হ’ব বুলি আশা কৰা হৈছে
Quote‘আকাংক্ষী জিলা’ তথা টায়াৰ ৩/৪ চহৰসমূহত অধিক বিনিয়োগত গুৰুত্ব
Quoteগুজৰাট, ইউপি, মহাৰাষ্ট্ৰ, তামিল নাডু, পাঞ্জাব, এপি, তেলেংগাণা, ওড়িশা আদি ৰাজ্যক এই আঁচনিয়ে প্ৰত্যক্ষভাবে প্ৰভাৱিত কৰিব

‘আত্মনিৰ্ভৰ ভাৰত’ৰ সপোন সাকাৰ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ‘এমএমএফ এপাৰেল’, ‘এমএমএফ ফেব্ৰিকছ’ আৰু অন্যান্য ১০টা গোট/কাৰিকৰী বস্ত্ৰৰ উতপাদিত সামগ্ৰী ক্ষেত্ৰত ১০,৬৮৩ কোটি টকাৰ প্ৰাককলিত পুঁজিসহ ‘উত্পাদন-সংযোজিত উদগণী’(পিএলআই) আঁচনি ৰূপায়ণৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। ‘আৰঅ’এছচিটিএল’, ‘আৰঅ’ডিটিইপি’ৰ লগতে প্ৰতিযোগিতামূলক দৰত কেঁচামালৰ যোগান, দক্ষতা বিকাশ আদিৰ দৰে চৰকাৰী খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ এই সিদ্ধান্তই বস্ত্ৰ উত্পাদনৰ ক্ষেত্ৰখনৰ বাবে এক নতুন যুগৰ সূচনা কৰিব।

২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ১.৯৭লাখ কোটি টকাৰ পুঁজিসহ ১৩টা খণ্ডলৈ ‘পিএলআই’ আগবঢ়োৱাৰ বাবে উথ্থাপন কৰা প্ৰস্তাৱৰ অংশ হিচাপেই বস্ত্ৰশিল্পখণ্ডতো আঁচনিখন ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। ১৩খণ্ডৰ বাবে ‘পিএলআই আঁচনি’ ৰূপায়ণৰ ঘোষণাই আগন্তুক পাঁচটা বছৰত ন্যূনতম ৩৭.৫লাখ কোটি টকাৰ উত্পাদন আৰু অতিকমেও ১কোটি কৰ্ম-সংস্থানৰ সম্ভাৱনা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

বস্ত্ৰশিল্পৰ ক্ষেত্ৰতো ‘প্ৰডাকশ্যন লিংকড ইনচেণ্টিভ’(পিএলআই) দিয়াৰ সিদ্ধান্তৰ জৰিয়তে ভাৰতে বস্ত্ৰৰ বিশ্ব বাণিজ্যক্ষেত্ৰত থকা প্ৰতিপত্তি পুনৰ আহৰণ কৰাৰ দিশত অগ্ৰসৰ হ’ব পাৰিব।

আনহাতে, ‘স্কেল অব ইকনমিজ’- ‘বিশালতাৰ অৰ্থনীতি’ৰ সুবিধা গ্ৰহণ কৰি, এই আঁচনিয়ে ভাৰতীয় কোম্পানীসমূহক ‘গ্লোবেল চেম্পিয়ণ’ হিচাপে প্ৰতিষ্ঠিত হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। ৭.৫লাখ প্ৰত্যক্ষ আৰু বহু লাখ সহযোগী কৰ্ম-কাণ্ডত নিয়োজিত হ’ব লগা অতিৰিক্ত নিয়োগৰ সম্ভাৱনা সৃষ্টিত সহায় কৰিব আঁচনিখনে। সেইদৰে, বিশাল সংখ্যক মহিলাৰ অংশগ্ৰহণৰ পথো প্ৰশস্থ কৰিব।

আগন্তুক পাঁচটা বছৰত উদ্যোগখণ্ডলৈ ১০,৬৮৩কোটি টকাৰ ‘ইনচেণ্টিভ’ আগবঢ়াবলগীয়া আঁচনিখনৰ ফলত আগন্তুক পাঁচটা বছৰত ১৯,০০০কোটি টকাৰ নতুন বিনিয়োগ আৰু ৩লাখ কোটি টকাৰ অতিৰিক্ত  উত্পাদনী বাণিজ্য সম্ভৱ হ’ব বুলি আশা কৰা হৈছে।

‘আকাংক্ষী জিলা’ তথা টায়াৰ ৩/৪ চহৰসমূহত অধিক বিনিয়োগত গুৰুত্ব কৰা হ’ব। ইফালে, গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিল নাডু, পাঞ্জাব, অন্ধ্ৰ প্ৰদেশ, তেলেংগাণা, ওড়িশা আদি ৰাজ্যক এই আঁচনিয়ে প্ৰত্যক্ষভাবে প্ৰভাৱিত কৰিব ভবা হৈছে।

  • ranjeet kumar April 15, 2022

    Jay sri ram🙏🙏🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
‘Want to thank PM Modi for taking revenge’: Pahalgam terror attack victims’ families laud Operation Sindoor

Media Coverage

‘Want to thank PM Modi for taking revenge’: Pahalgam terror attack victims’ families laud Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মে’ 2025
May 07, 2025

Operation Sindoor: India Appreciates Visionary Leadership and Decisive Actions of the Modi Government

Innovation, Global Partnerships & Sustainability – PM Modi leads the way for India