আমাৰ মন্ত্ৰ ‘বেটা বেটি, এক সমান’ হোৱা উচিত
কন্যা শিশুৰ জন্ম উদযাপন কৰোঁ আহক৷ আমি আমাৰ পুত্ৰীৰ জন্মত সমানেই গৌৰৱান্বিত হোৱা উচিত৷ কন্যা শিশু জন্ম হোৱা উদযাপন কৰিবলৈ আপোনালোকক পাঁচটাকৈ বৃক্ষপুলি ৰোপণৰ বাবে আহ্বান জনালো৷
~প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
লিংগ সমতা আৰু মহিলা সৱলীকৰণৰ দিশত সজাগতা প্ৰচাৰ কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়েই অগ্ৰদূতৰ ভূমিকা পালন কৰিছে৷ তেওঁ কয় যে ভাৰতত কেৱল মহিলাৰ সৱলীকৰণ হ’লেই নহ’ব, মহিলা নেতৃত্বাধীন সৱলীকৰণো হ’ব লাগিব যাতে মহিলাসকলেও আমাৰ বিকাশৰ কক্ষপথত বল প্ৰয়োগ কৰিব পাৰে৷
সেই অনুসাৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে মহিলাৰ সৱলীকৰণৰ দিশত ব্যাপক গুৰুত্ব প্ৰদান কৰিছে৷
কন্যা শিশুৰ সুৰক্ষা আৰু সৱলীকৰণ
২০১৫ চনৰ প্ৰথম ভাগত কন্যা শিশুৰ প্ৰতি আমাৰ সমাজৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰাৰ বাবে বেটি বচাও বেটি পঢ়াও আঁচনি মুকলি কৰা হৈছিল৷ সেয়েহে প্ৰশিক্ষণ, সজাগতা বৃদ্ধি আৰু সম্প্ৰদায়সমূহত শিক্ষাৰ প্ৰচাৰেৰে এই দৃষ্টিভংগী পৰিৱৰ্তনত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই প্ৰয়াসৰ ফলস্বৰূপে ১০৪খন জিলাত জন্মৰ সময়ত লিংগ অনুপাত লিংগ বৈষম্যযুক্ত চিহ্নিত স্থানসমূহত বৃদ্ধি পাইছে৷ প্ৰথম তিনিটা মাহত ১১৯খন জিলাৰ পৰা উত্তৰণৰ ফলাফল পোৱা গৈছে আৰু ১৪৬খন জিলাই আনুষ্ঠানিক ডেলিভাৰীত উত্তৰণ প্ৰদান কৰিছে৷ এই জিলাসমূহত এই পদক্ষেপৰ সাফল্য পৰিলক্ষিত কৰি বিবিবিপি এতিয়া সমগ্ৰ দেশৰ ৬৪০খন জিলালৈ সম্প্ৰসাৰিত কৰা হৈছে৷
কন্যা শিশুৰ সৱলীকৰণত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ চৰকাৰে কন্যা শিশুৰ শিক্ষাত বিভিন্ন জলপানি প্ৰদান, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছোৱালীৰ নাম ভৰ্তি আদি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
কন্যা শিশুৰ বিত্তীয় সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী সুকন্যা সমৃদ্ধি যোজনা প্ৰণয়ন কৰা হৈছিল৷ এই যোজনাৰ সাফল্যৰ পৰিণতিতেই ১.২৬ কোটিতকৈও অধিক সুকন্যা সমৃদ্ধি একাউণ্ট খোলা হৈছিল আৰু প্ৰায় ২০,০০০ কোটি টকা জমা কৰা হৈছিল৷
হিংসাৰ বিৰুদ্ধে মহিলাক সুৰক্ষা প্ৰদান কৰাটো এনডিএ চৰকাৰৰ অগ্ৰাধিকাৰযুক্ত কৰ্তব্য৷ এই চৰকাৰে কন্যা সন্তানৰ সুৰক্ষা আৰু নিৰাপত্তাক উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি ১২ বছৰৰ তলৰ কন্যা শিশুৰ ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে৷ তাৰোপৰি ১৬ বছৰৰ তলৰ কন্যাৰ ধৰ্ষণকাৰীক ন্যূনতম শাস্তি ১০ বছৰৰ পৰা বৃদ্ধি কৰি ২০ বছৰ কৰিছে৷
বিত্তীয় সমাপন আৰু বিত্তীয় সৱলীকৰণ
মহিলাৰ বিত্তীয় সৱলীকৰণৰ বাবে তেওঁলোকক আনুষ্ঠানিক বিত্তীয় সংস্থাৰ আওতালৈ অনা হৈছে৷ মহিলাসকলৰ দক্ষতাসমূহক বিত্তীয় মূলধন প্ৰদান কৰি সফল ব্যৱসায়ৰ ৰূপ প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত মুদ্ৰা যোজনাৰ প্ৰণয়ন কৰি উদ্যমীসকলক সমস্যাবিহীন ঋণ প্ৰদান কৰি তেওঁলোকৰ সপোনসমূহ বাস্তৱায়িত কৰাত সহায় কৰা হৈছে৷
অন্য এটা কাৰ্যসূচী ষ্টেণ্ড আপ ইণ্ডিয়াই মহিলা অথবা অনুসূচীত জাতি/জনজাতিক ১ কোটি টকা পৰ্যন্ত উদ্যমী ঋণ প্ৰদান কৰিছে৷ মহিলাসকলে এই কাৰ্যসূচী সফলতাৰে ৰূপায়ন কৰিছে৷ মুদ্ৰা আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ পৰা যৌথভাৱে প্ৰায় ৯ কোটি মহিলাই উদ্যমী ঋণ লাভ কৰিছে৷ মুদ্ৰাৰ হিতাধিকাৰীসকলৰ ভিতৰত ৭০%ই হ’ল মহিলা৷
মাতৃসকলৰ শুশ্ৰূষা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে মাতৃ তথা নৱজাত শিশুসকলৰ কল্যাণৰ বাবে বিভিন্ন উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে৷
জননী সুৰক্ষা (সংশোধনী) আইন ২০১৭ৰ জৰিয়তে চৰকাৰে মহিলাসকলৰ প্ৰসূতীকালীন ছুটি পূৰ্বৰ ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছে৷ ই বিশ্বৰ ভিতৰতে সৰ্বাধিক৷
শেহতীয়াকৈ মুকলি কৰা পোষণ অভিযানৰ দ্বাৰা পুষ্টি যোগানৰ এক বহুভিত্তিক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ বিভিন্ন মন্ত্ৰালয়ে আগবাঢি আহি প্ৰযুক্তিৰ সহায়ত অপুষ্টিৰ বিৰুদ্ধে যুঁজত নামি পৰিছে৷
মিছন ইন্দ্ৰধনুশৰ জৰিয়তে গৰ্ভৱতী মহিলা আৰু শিশুসমূহক টীকাকৰণৰ সুবিধা প্ৰদান কৰা হৈছে৷ এই অভিযানৰ দ্বাৰা বৰ্তমানলৈ ৮০ লাখতকৈও অধিক গৰ্ভৱতী মহিলা উপকৃত হৈছে৷
প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ জৰিয়তে গৰ্ভৱতী মহিলা তথা দুগ্ধপান কৰাই থকা মাতৃসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ ই মাতৃ আৰু শিশুৰ সময়মতে কৰা পৰীক্ষণৰ নিশ্চয়তা প্ৰদান কৰিছে৷ উন্নত পুষ্টিৰ বাবে গৰ্ভৱতী অথবা দুগ্ধপান কৰাই থকা মাতৃসকলক ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ প্ৰতি বৰ্ষত পিএমএমভিৱাইৰ দ্বাৰা ৫০ লাখতকৈও অধিক মহিলা উপকৃত হোৱাৰ আশা প্ৰকাশ কৰা হৈছে৷
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দ্বাৰা সমগ্ৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ১২,৯০০ত কৈও অধিক স্বাস্থ্যসেৱা কেন্দ্ৰত ১.১৬ কোটিত কৈও অধিক প্ৰসৱপূৰ্ব পৰীক্ষণৰ নিশ্চিতি প্ৰদান কৰা হৈছে৷ এই পদক্ষেপৰ জৰিয়তে এনডিএ চৰকাৰে ৬ লাখত কৈও অধিক উত্ত ক্ষতিশংকাৰ গৰ্ভৱস্থাৰ সমস্যা চিনাক্ত কৰিছে৷
মহিলাৰ কল্যাণৰ বাবে যুগান্তকাৰী কাৰ্যসূচী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধ্বজ্বাবাহী কাৰ্যসূচী প্ৰধানমন্ত্ৰী উজ্বলা যোজনা আৰু স্বচ্ছ ভাৰতে সমগ্ৰ দেশৰ বাবে পৰিচিত হৈ উঠিছে৷ এই দুয়োটা কাৰ্যসূচীৰ জৰিয়তে কোটিতকৈও অধিক মহিলা বিশেষ দৰিদ্ৰ শ্ৰেণীৰ জীৱনৰ গুণগতমান বৃদ্ধি হৈছে৷
উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰা হৈছে৷ নিৰ্ধাৰিত সময়তকৈ পূৰ্বে ৫.৩৩ কোটি সংযোগ প্ৰদান কৰা হৈছে আৰু এই লক্ষ্য বৰ্তমানে ৮ কোটিলৈ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ জৰিয়তে মহিলাসকলে স্বাস্থ্যসন্মতভাৱে, ধোঁৱাবিহীনভাৱে খাদ্য প্ৰস্তুত কৰাৰ লগতে তেওঁলোকৰ খৰি বিচৰাৰ সময় আৰু শক্তি ৰাহি হৈছে৷
স্বচ্ছ ভাৰতে অনাময়ৰ ক্ষেত্ৰত এক জনজাগৰণৰ সৃষ্টি কৰি মহিলাসকলক সুৰক্ষিত অনাময়ৰ সুবিধা প্ৰদান কৰিছে৷ প্ৰায় ৮.২৩ কোটি ঘৰুৱা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে আৰু ১৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪.২৫ লাখখন গাঁও মুক্তস্থানত কৰা মলত্যাগমুক্ত স্থান হিচাপে ঘোষিত হৈছে৷ ২০১৪ চনৰ অক্টোবৰ মাহ পৰ্যন্ত ভাৰতৰ সৰ্বমুঠ অনাময় ব্যাপ্তি আছিল ৩৮.৭% আৰু মাত্ৰ ৪ বছৰৰ ভিতৰতে ই ৯১.০৩%ৰ সীমা স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ এই অতুলনীয় প্ৰয়াসক ধন্যবাদ৷
সামাজিক সৱলীকৰণ আৰু ন্যায়
মহিলাৰ সামাজিক সৱলীকৰণৰ দ্বাৰা তেওঁলোকৰ সৰ্বব্যাপী কল্যাণ তথা সন্মানৰ নিশ্চিতি প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে মহিলাৰ সামাজিক সৱলীকৰণ নিশ্চিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷
মহিলাসকলৰ নামত অস্থানান্তৰণযোগ্য সম্পত্তি হস্তান্তৰণ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে মহিলাসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে৷
একক মাতৃৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ পাছপোৰ্টৰ নিয়ম শিথিল কৰা হৈছে৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে মুছলিম মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰতো থিয় দিছে৷ এই চৰকাৰে এক বিশেষ সংস্কাৰৰ জৰিয়তে মুছলিম মহিলাসকলে এতিয়া পুৰুষ অভিভাৱক নোহোৱাকৈও হজলৈ যোৱাৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰিছে৷ পূৰ্বতে পুৰুষ অভিভাৱকৰ উপস্থিতি বাধ্যতামূলক আছিল৷
তাৰোপৰি লোকসভাত মুছলিম মহিলাসকলে সন্মুখীন হোৱা তিনি তালাকৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰি তেওঁলোকক ন্যায় প্ৰদান কৰা হৈছে৷
সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে মহিলাসকলৰ সৱলীকৰণ নিশ্চিতিৰ জৰিয়তে কেৱল তেওঁলোকৰ বিকাশেই নহয়, মহিলা-নেতৃত্বাধীন বিকাশো সম্ভৱ কৰি তুলিছে৷