নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা নেপাল কমিউনিষ্ট পাৰ্টীৰ সহকাৰী অধ্যক্ষ শ্ৰী পুষ্প কমল দাহাল ‘প্ৰচন্দ’ই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
দুয়োগৰাকী নেতাই ভাৰত-নেপাল সম্পৰ্কৰ অগ্ৰগতিৰ সমান্তৰালভাৱে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে সস্নেহে পূৰ্বৰ বাৰ্তালাপৰ কথা দোঁহৰাৰ লগতে ভাৰত-নেপাল সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা তেওঁৰ মুল্যবান বৰঙণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
চলিত বৰ্ষত দুবাৰকৈ নেপাল ভ্ৰমণ কৰাৰ কথা সদৰি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সঘনে অনুষ্ঠিত উচ্চ পৰ্যায়ৰ বাৰ্তালাপে ভাৰত-নেপাল সম্পৰ্কত এক জোৰদাৰ গতি লাভ কৰিছে।