বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মহামহিম ড০ এ.কে.আব্দুল মোমেনে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে ড০ আব্দুল মোমেনক অভিনন্দন জ্ঞাপন কৰে৷ কাৰ্যকালৰ প্ৰথমটো বিদেশ ভ্ৰমণ হিচাপে ভাৰতক বাছনি কৰাৰ বাবেও বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়৷
ড০ আব্দুল মোমেনে শেহতীয়াকৈ বিকশিত দ্বিপাক্ষিক সম্পৰ্কৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিশদভাৱে আলোচনা কৰে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক বিগত কেইটামান বছৰত উল্লেখনীয়ভাৱে উন্নত হৈছে৷ বাংলাদেশৰ সৈতে একেলগে কাম কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰথমটো কাৰ্যকালৰ সময়তে দুয়োখন দেশ সংকল্পবদ্ধ হৈছিল বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
H. E. Dr. A. K. Abdul Momen, Foreign Affairs Minister of Bangladesh, called on PM @narendramodi.
— PMO India (@PMOIndia) February 7, 2019
PM congratulated Dr. Abdul Momen on his appointment as the Foreign Minister, and appreciated his gesture of selecting India as the destination for his first foreign visit. pic.twitter.com/5mjbDYkc59
PM @narendramodi said that India-Bangladesh relations have been on an upward trajectory in the last few years.
— PMO India (@PMOIndia) February 7, 2019
He reaffirmed India’s commitment to work with Bangladesh to build on this momentum during the new term in office of Prime Minister Sheikh Hasina. pic.twitter.com/KVn1p237tG