ভাৰতীয় ইতিহাস আৰু সংস্কৃতিত মহিলাই বিশেষ অংশ অধিকাৰ কৰি আহিছে৷ হিন্দু আখ্যানৰ পৰা আৰম্ভ কৰি ভাৰতৰ স্বাধীনতা যুদ্ধলৈ বিশ্বত দ্ৰুততম অৰ্থনীতি হোৱাৰ ক্ষেত্ৰত মহিলাসকলে শক্তিশালী আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে এই ঐতিহ্য আগুৱাই লৈ গৈছে আৰু মহিলাসকলেও যে তেওঁলোকৰ কান্ধত গুৰুত্বপূৰ্ণ দায়িত্ব ল’ব পাৰে সেই বিশ্বাসেৰে অগ্ৰসৰ হৈছে৷ সমাজৰ তলৰ খাপৰ পৰ্যায়ত মহিলাসকলৰ পেছা আৰু সৱলীকৰণৰ বাবে সাৰ্থক প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ বাবে কঠোৰ প্ৰয়াস কৰা হৈছে৷ এই পদক্ষেপসমূহ লিংগ সমতাৰ ঊৰ্ধত গ্ৰহণ কৰা হৈছে৷ ইয়াৰ দ্বাৰা মহিলাসকলে নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ তথা সুৰক্ষিত পৰিবেশৰ বাবে তেওঁলোকৰ সপোনক প্ৰেৰণা প্ৰদান কৰা হৈছে৷
কিছুমান নেতাই প্ৰতিৰক্ষা মন্ত্ৰীৰ লিংগক লৈ তুচ্চাত্মক মন্তব্য কৰাৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ চৰকাৰে দেশৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাৰ ভূমিকাক উচ্চ স্থান দিছে৷ চৰকাৰে প্ৰণয়ন কৰা নীতিসমূহত সৱলীকৃত মহিলাসকলে যাতে তেওঁলোকৰ সমাজ, সংগঠন আৰু ঘৰত নেতৃত্ব বহন কৰিব পাৰে তাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এয়া ইউপিএৰ প্ৰচলিত টোকেনবাদৰ পৰা স্পষ্ট প্ৰস্থানক প্ৰদৰ্শিত কৰিছে৷ খ্যাতনামা ৰাজনেতাসকলৰ কন্যা আৰু পত্নীসকলক আগুৱাই লৈ যোৱাৰ বাবে দলৰ ভিতৰত মহিলাসকলৰ প্ৰতিনিধিত্ব হ্ৰাস কৰা সম্বন্ধীয় বিষয়সমূহ আওকান কৰাৰ পৰা আঁতৰি এয়া আছিল স্ব-নিৰ্মিত মহিলাসকলৰ যুগ৷ মহিলাসকলক মহিলা সম্বন্ধীয় সমস্যাৰ বাবে বাধা প্ৰদান কৰা উচিত নহয়৷ আমি লিংগ বৈষম্যৰ ঊৰ্ধলৈ গৈ তেওঁলোকৰ সামৰ্থক সমৰ্থন কৰা উচিত আৰু এয়া মোদী চৰকাৰে আত্মিকভাৱে তথা কাৰ্যৰে প্ৰদৰ্শিত কৰিছে৷
সকলোৰে বাবে প্ৰতিনিধিত্ব
- মন্ত্ৰী পৰিষদত ৯ গৰাকী মহিলা, দুগৰাকী কেবিনেট কমিটী অন ছিকিউৰিটী (চিচিএছ)ত (ভাৰতৰ বাবে প্ৰথম) তথা প্ৰথমবাৰলৈ পূৰ্ণকালীন প্ৰতিৰক্ষা মন্ত্ৰীৰে সৈতে মহিলাসকলক তেওঁলোকৰ নেতৃত্ব প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰা হৈছে৷ সাধাৰণ জনতাৰ বাবে এই প্ৰতিনিধিত্ব কেৱল এক নাম বা সংখ্যা নহয়৷ ইয়াৰ দ্বাৰা সমাজলৈ এক বৃহৎ উৎসাহদায়ক বাৰ্তা প্ৰেৰণ কৰা হৈছে অৰ্থাৎ সাধাৰণ পৰিয়ালৰ মহিলাৰ বাবেও এয়া সম্ভৱ যি যি কোনো বিখ্যাত উপাধিৰ সহায় নোলোৱাকৈ নিজৰ সামৰ্থৰ ফলত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছে৷
- এয়া লক্ষ্য কৰা হৈছিল যে বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰ অভাৱত পঞ্চায়তত নিৰ্বাচিত মহিলা প্ৰতিনিধি (ইডব্লিউআৰ)ৰ বাবে সিদ্ধান্ত গ্ৰহণত পৰিয়ালত পুৰুষ সকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে৷ ইয়াৰ দ্বাৰা পঞ্চায়ত সমিতিত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ উদ্যেশ্য ব্যাহত হৈছে৷ মহিলা আৰু শিশু কল্যাণ বিভাগ মন্ত্ৰালয়ে সমগ্ৰ ৰাষ্ট্ৰজুৰি পঞ্চায়তৰ নিৰ্বাচিত মহিলা প্ৰতিনিধি (ইডব্লিউআৰ)ৰ বাবে এক প্ৰশিক্ষণৰ ব্যৱস্থা মুকলি কৰিছিল যাতে তেওঁলোকে নিজৰ সামৰ্থ আৰু দক্ষতা বৃদ্ধি কৰি গাঁওসমূহৰ পৰিচালনা তথা প্ৰশাসনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷
- ইউনিকৰ্ণ ষ্টাৰ্ট-আপৰ ভাৰতীয় মহিলা মুখ্য কাৰ্যবাহী বিষয়া সাধাৰণ পৰিয়ালৰ পৰা উদ্ভাসিত হৈছে৷ এয়া উল্লেখযোগ্য কিয়নো ভাৰতৰ তৰুণীসকলে নীতি আৰু আইন প্ৰণয়নকাৰীসকলৰ সম্পূৰ্ণ সহযোগিতাত নিজৰ সপোন পূৰণ কৰিবলৈ সমৰ্থ হৈছে৷
- দেশৰ এক বৃহত্তম এঞ্জেল বিনিয়োগ ক্লাবে প্ৰকাশ কৰা তথ্য অনুসৰি মহিলাসকলে প্ৰদান কৰা চিন্তা-ধাৰাৰ সংখ্যা ২০১৪ চনত ১০%ৰ পৰা ২০১৮ চনত ৩০%লৈ বৃদ্ধি পাইছে৷
- ২০১৮ চনত ভাৰতীয় বায়ু সেনাত তিনিগৰাকী মহিলা পাইলটৰ অন্তৰ্ভুক্তি হৈছিল৷ প্ৰত্যেক গৰাকী তৰুণীৰ বাবে যিয়ে লিংগ বৈষম্যতা মানি ল’বলৈ অস্বীকাৰ কৰিছিল, যিয়ে তেওঁলোকে মাতৃভূমিৰ সেৱা কৰাৰ পৰা বিৰত থাকিবলগীয়া হৈছিল, তেওঁলোকৰ বাবে এয়া আদৰণিমূলক পদক্ষেপ আছিল৷
সকলোৰে বাবে সৱলীকৰণ
- ৯ কোটিতকৈ অধিক মহিলা যি হিতাধিকাৰীৰ ৭৪%, তেওঁলোকে মুদ্ৰা আৰু ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ পৰা উপকৃত হৈছে৷ এই মহিলা উদ্যমীসকল ভাৰতৰ মহিলা সৱলীকৰণৰ সামাজিক ৰাষ্ট্ৰদূত হিচাপে পৰিচিত হৈছে৷ তেওঁলোক বিত্তীয়ভাৱে স্বাৱলম্বী হোৱাই নহয়, তেওঁলোকে আনসকল মহিলাৰ জীৱিকাতো সাহায্য প্ৰদানৰ স্থানত উপনীত হ’ব পাৰিছে৷
- অনাময় সুবিধা নোহোৱাৰ ফলত বহু ছোৱালীয়ে ঋতুস্ৰাৱৰ সময়ত বিদ্যালয় পৰিত্যাগ কৰিবলৈ অথবা অনুপস্থিত থাকিবলৈ বাধ্য হৈছিল৷ বিদ্যালয়সমূহত টয়লেটৰ ব্যৱস্থা কৰাৰ ফলত মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত উল্লেখযোগ্য ধৰণে ছোৱালী শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে৷ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফ’ৰ্মেছন ছিষ্টেম ফ’ৰ এডুকেছন (ইউ-ডিআইএছই)ৰ তথ্য অনুসৰি ২০১৩-১৪ বৰ্ষৰ ৭৬%ৰ বিপৰীতে ২০১৫-১৬ বৰ্ষত মাধ্যমিক বিদ্যালয়ত ছোৱালী শিক্ষাৰ্থীৰ নাম ভৰ্তিকৰণ সংখ্যা ৮০.৯৭%লৈ বৃদ্ধি পাইছে৷
- ৰন্ধন গেছ আদিৰ দৰে প্ৰাথমিক সুবিধাসমূহ প্ৰদান কৰাৰ ফলত আমি মহিলাসকলক অতিৰিক্ত সময় প্ৰদানেৰে সৱলীকৰণ কৰিছো যাতে তেওঁলোকে অতিৰিক্ত সময়খিনি নিজৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷
- প্ৰধানমন্ত্ৰী আৱাস যোজনা (পিএমএৱাই)ৰ গৃহৰ গৰাকীসকলৰ ৭৫%ই হ’ল মহিলা৷ এয়া সামাজিক সুৰক্ষাৰ এক অভুতপূৰ্ব পৰ্যায় যি মহিলাসকলক প্ৰদান কৰা হৈছে৷
নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ কাম কেৱল মহিলাৰ বাবে সামাজিক সৱলীকৰণ অথবা বিত্তীয় স্বাধীনতা প্ৰদানতেই সীমাৱদ্ধ নাছিল৷ এই জনাদেশ হিতাধিকাৰীসকলৰ শৈক্ষিক, সামাজিক আৰু আৰ্থিক স্থিতিৰ ভিত্তিত পৰ্যাপ্ত অনুপাতত দুয়োটাৰেই সম্প্ৰসাৰণৰ বাবে আছিল৷ এগৰাকী মহিলাৰ বাবে যি কেৱল লিংগ বৈষম্যতাৰ বিৰুদ্ধে নিজৰ কাম কৰিবলগীয়া হোৱাই নহয়, নিজকে প্ৰতিষ্ঠাপিত কৰাৰ বাবে দুগুণ পৰিশ্ৰমো কৰিবলগীয়া হৈছিল, এতিয়া ব্যক্তিগত তথা পেছাদাৰী ক্ষেত্ৰত সময়ৰ বহু পৰিৱৰ্তন হৈছে৷ বিনিয়োগকাৰী লিংগ বৈষম্যৰ ঊৰ্ধত হোৱাৰ সাপেক্ষে এয়া লক্ষ্য কৰা প্ৰয়োজন যে গ্ৰামীণ তথা নগৰ দুয়ো ক্ষেত্ৰতে মহিলাৰ বাবে অৱকাশ তথা সংসাধনৰ পৰিৱৰ্তন কৰিব পাৰি৷