Quoteভাৰত-বাংলাদেশ মৈত্ৰী পাইপলাইন যুটীয়াভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই
Quoteআইপিএফপি ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশৰ মাজত এয়া দ্বিতীয় সীমা অতিক্ৰমী শক্তি পাইপলাইন
Quoteবাংলাদেশৰ সৈতে সংযোগ বৃদ্ধিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক সুদৃঢ় কৰিব

মহামান্য

প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা,

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী হৰদীপ পুৰী,

আৰু অসমৰ পৰা অহা ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী,

বাংলাদেশ চৰকাৰৰ মাননীয় মন্ত্ৰীসকল,

আৰু আমাৰ সৈতে যোগদান কৰা আন সকলো,

নমস্কাৰ!
আজি ভাৰত-বাংলাদেশ সম্পৰ্কৰ ইতিহাসত আজি এক নতুন অধ্যায়ৰ সূচনা হৈছে। ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইন-২০১৮ চনৰ ছেপ্টেম্বৰত আমি ইয়াৰ ভেটি স্থাপন কৰিছিলোঁ। আৰু মই সুখী যে আজি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ইয়াক উদ্বোধন কৰাৰ সুযোগ লাভ কৰিছোঁ।

এয়াও সন্তুষ্টিৰ বিষয় যে কোভিড-১৯ মহামাৰী সত্ত্বেও এই প্ৰকল্পটোৰ কাম অব্যাহত আছিল। এই পাইপলাইনৰ দ্বাৰা উত্তৰ বাংলাদেশৰ বিভিন্ন জিলালৈ ১নিযুত মেট্ৰিক টন হাই-স্পীড ডিজেল যোগান ধৰিব পৰা যাব। পাইপলাইনৰ জৰিয়তে যোগান ধৰাৰ ফলত কেৱল ব্যয়েই হ্ৰাস নহয়, এই যোগানৰ কাৰ্বন ফুটপ্ৰিন্টো হ্ৰাস হ'ব। এক নিৰ্ভৰযোগ্য আৰু ব্যয়সাপেক্ষ ডিজেল যোগান কৃষি খণ্ডৰ বাবে বিশেষভাৱে লাভজনক হ'ব। স্থানীয় উদ্যোগসমূহো ইয়াৰ দ্বাৰা লাভান্বিত হ'ব।

আজিৰ গোলকীয় পৰিস্থিতিত বহুতো উন্নয়নশীল অৰ্থনীতিয়ে তেওঁলোকৰ খাদ্য আৰু শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ সংগ্ৰাম কৰি আছে। এই পৰিপ্ৰেক্ষিতত, আজিৰ অনুষ্ঠানটোৱে অধিক গুৰুত্ব বহন কৰে।

বন্ধুসকল,

যোৱা কেইবছৰমানত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সবল নেতৃত্বত বাংলাদেশে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে আৰু প্ৰতিজন ভাৰতীয় ইয়াৰ বাবে গৌৰৱান্বিত। আৰু আমি সুখী যে বাংলাদেশৰ উন্নয়নৰ এই যাত্ৰাত আমি অৰিহণা যোগাবলৈ সক্ষম হৈছো। মই নিশ্চিত যে এই পাইপলাইনৰ ফলত বাংলাদেশৰ বিকাশ অধিক ত্বৰান্বিত হ'ব আৰু দুয়োখন দেশৰ মাজত যোগাযোগ বৃদ্ধিৰ এক উৎকৃষ্ট উদাহৰণ হ'ব। আমি আমাৰ যোগাযোগৰ প্ৰতিটো স্তম্ভ শক্তিশালী কৰি যোৱাটো প্ৰয়োজনীয়। পৰিবহণৰ ক্ষেত্ৰতেই হওঁক, শক্তিৰ ক্ষেত্ৰতেই হওঁক, বিদ্যুতৰ ক্ষেত্ৰতেই হওঁক বা ডিজিটেল ক্ষেত্ৰতেই হওঁক, আমাৰ যোগাযোগ যিমানেই বৃদ্ধি পাব, আমাৰ জনসাধাৰণৰ মাজত সম্পৰ্কও সিমানেই শক্তিশালী হ'ব।

মোৰ মনত আছে যে কেইবছৰমান আগতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১৯৬৫ চনৰ পূৰ্বৰ ৰে'ল যোগাযোগ ব্যৱস্থা পুনৰুদ্ধাৰৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰিছিল। আৰু তেতিয়াৰ পৰা দুয়োখন দেশে সেই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ফলস্বৰূপে, কোভিড ১৯ মহামাৰীৰ সময়ত আমি সেই ৰেল নেটৱৰ্কৰ জৰিয়তে বাংলাদেশলৈ অক্সিজেন প্ৰেৰণ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাজীৰ এই দূৰদৰ্শী দৃষ্টিভংগীৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো।

বন্ধুসকল,

বিদ্যুতৰ ক্ষেত্ৰত আমাৰ পাৰস্পৰিক সহযোগিতা যথেষ্ট সফল হৈছে। আজি ভাৰতে বাংলাদেশলৈ ১১০০ মেগাৱাটতকৈও অধিক বিদ্যুৎ যোগান ধৰিছে। মৈত্ৰী চুপাৰ থাৰ্মেল পাৱাৰ প্লেণ্টৰ প্ৰথম গোটটোও কাৰ্যক্ষম হৈ উঠিছে। যোৱা বছৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰত ভ্ৰমণৰ সময়ত এইটো উদ্বোধন কৰিছিল। আৰু এতিয়া আমি সোনকালেই দ্বিতীয় গোটটো আৰম্ভ কৰাৰ দিশত কাম কৰি আছোঁ।

শক্তি সহযোগিতাৰ ক্ষেত্ৰত আমাৰ পেট্ৰ'লিয়াম বাণিজ্যই ১বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। এইটো গৌৰৱৰ বিষয় যে হাইড্ৰ'কাৰ্বনৰ সমগ্ৰ মূল্য শৃংখলাত আমাৰ সহযোগ আছে। সেয়া আপ-ষ্ট্ৰীম, মিড-ষ্ট্ৰীম, বা ডাউন-ষ্ট্ৰীমেই হওঁক। এই পাইপলাইনৰ সৈতে  এই সহযোগিতা অধিক বিস্তৃত হ'ব।

মই এই প্ৰকল্পৰ সৈতে জড়িত সকলো বিষয়াক, বিশেষকৈ নুমলীগড় শোধনাগাৰ আৰু বাংলাদেশ পেট্ৰ'লিয়াম নিগমক অভিনন্দন জনাইছোঁ।

মহামান্য,

কিমান এক শুভ কাকতালীয় ঘটনা যে আজিৰ এই উদ্বোধন বঙ্গবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম জয়ন্তীৰ এদিন পিছত অনুষ্ঠিত হৈছে! বংগবন্ধুৰ 'সোণাৰ বাংলা' দৃষ্টিভংগীৰ ভিতৰত সমগ্ৰ অঞ্চলটোৰ মৈত্ৰীপূৰ্ণ বিকাশ আৰু সমৃদ্ধি অন্তৰ্ভক্ত আছিল। এই যুটীয়া প্ৰকল্পটো তেওঁৰ দৃষ্টিভংগীৰ এক নিখুঁত উদাহৰণ।

মহামান্য,

ভাৰত-বাংলাদেশৰ সহযোগিতাৰ প্ৰতিটো দিশ আপোনাৰ নিৰ্দেশনাৰ দ্বাৰা উপকৃত হৈছে। এই প্ৰকল্পটোও ইয়াৰে এটা। এই অনুষ্ঠানত মোৰ সৈতে যোগদান কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ। লগতে এই প্ৰকল্পটোৰ পৰা লাভান্বিত হ'বলগীয়া সকলো লোকক বহুত বহুত অভিনন্দন জনাইছোঁ।

 

  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • दिग्विजय सिंह राना September 20, 2024

    हर हर महादेव
  • JBL SRIVASTAVA May 27, 2024

    मोदी जी 400 पार
  • Vaishali Tangsale February 12, 2024

    🙏🏻🙏🏻
  • ज्योती चंद्रकांत मारकडे February 11, 2024

    जय हो
  • Sau Umatai Shivchandra Tayde January 11, 2024

    जय श्रीराम
  • Rakesh March 23, 2023

    Big fan dada apko🇮🇳
  • Dhairya pratap singh March 21, 2023

    jai hind
  • Vidhansabha Yamuna Nagar March 20, 2023

    जय हो
  • आदित्य तिवारी March 20, 2023

    जय श्रीराम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
When PM Modi Visited ‘Mini India’: A Look Back At His 1998 Mauritius Visit

Media Coverage

When PM Modi Visited ‘Mini India’: A Look Back At His 1998 Mauritius Visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
I reaffirm India’s commitment to strong bilateral relations with Mauritius: PM at banquet hosted by Mauritius President
March 11, 2025

Your Excellency राष्ट्रपति धरमबीर गोकुल जी,

First Lady श्रीमती बृंदा गोकुल जी,
उप राष्ट्रपति रोबर्ट हंगली जी,
प्रधान मंत्री रामगुलाम जी,
विशिष्ट अतिथिगण,

मॉरिशस के राष्ट्रीय दिवस समारोह में मुख्य अतिथि के रूप में एक बार फिर शामिल होना मेरे लिए सौभाग्य की बात है।

इस आतिथ्य सत्कार और सम्मान के लिए मैं राष्ट्रपति जी का हार्दिक आभार व्यक्त करता हूँ।
यह केवल भोजन का अवसर नहीं है, बल्कि भारत और मॉरीशस के जीवंत और घनिष्ठ संबंधों का प्रतीक है।

मॉरीशस की थाली में न केवल स्वाद है, बल्कि मॉरीशस की समृद्ध सामाजिक विविधता की झलक भी है।

इसमें भारत और मॉरीशस की साझी विरासत भी समाहित है।

मॉरीशस की मेज़बानी में हमारी मित्रता की मिठास घुली हुई है।

इस अवसर पर, मैं - His Excellency राष्ट्रपति धरमबीर गोकुल जी और श्रीमती बृंदा गोकुल जी के उत्तम स्वास्थ्य और कल्याण; मॉरीशस के लोगों की निरंतर प्रगति, समृद्धि और खुशहाली की कामना करता हूँ; और, हमारे संबंधों के लिए भारत की प्रतिबद्धता दोहराता हूँ

जय हिन्द !
विवे मॉरीस !