মহামহিম,
আপোনাৰ বন্ধুত্বৰ মনোভাৱ, উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ব্ৰিকছ সন্মিলনৰ বাবে কাজানৰ দৰে এখনি সুন্দৰ চহৰ ভ্ৰমণৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। চহৰখনৰ ভাৰতৰ সৈতে গভীৰ আৰু ঐতিহাসিক সম্পৰ্ক আছে। কাজানত নতুন ভাৰতীয় কনছুলেট মুকলিয়ে এই সম্পৰ্কক অধিক সুদৃঢ় কৰিব।

 

|

মহামহিম,
যোৱা তিনিমাহত ৰাছিয়ালৈ মোৰ দুবাৰ ভ্ৰমণে আমাৰ ঘনিষ্ঠ সহযোগিতা আৰু গভীৰ বন্ধুত্বকে প্ৰতিফলিত কৰে। জুলাইত মস্কোত অনুষ্ঠিত আমাৰ বাৰ্ষিক সন্মিলনে প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহযোগিতাক সুদৃঢ় কৰিছে।

মহামহিম,
বিগত এটা বছৰত ব্ৰিকছৰ সফল অধ্যক্ষতাৰ বাবে আপোনাক অভিনন্দন জনাইছোঁ। যোৱা পোন্ধৰ বছৰে ব্ৰিকছে স্বকীয় অনন্য পৰিচয় গঢ়ি তুলিছে আৰু এতিয়া বিশ্বৰ কেইবাখনো দেশে ইয়াত যোগদান কৰিব বিচাৰিছেঁ। মই ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী হৈ উঠিছোঁ।


মহামহিম,
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত সংঘাত সন্দৰ্ভত আমি নিয়মীয়াকৈ যোগাযোগ অব্যাহত ৰাখিছোঁ। মই পূৰ্বেও কৈছোঁ, সমস্যাৰ সমাধান কেৱল শান্তিপূৰ্ণ উপায়েৰেহে হ’ব লাগে বুলি আমি বিশ্বাস কৰোঁ। আমি যিমান সম্ভৱ, সিমান সোনকালে শান্তি আৰু সুস্থিৰতা পুনৰ ঘূৰাই অনা কাৰ্য্যক সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ। আমাৰ সকলো প্ৰচেষ্টাই মানৱতাক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ভৱিষ্যতেও সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত সাজু হৈ আছে।

 

|

মহামহিম,
এই সকলোবোৰ বিষয়ত আমাৰ চিন্তাধাৰাৰ আদান-প্ৰদানৰ অৰ্থে আজি পুনৰ এক গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিছোঁ। আকৌ এবাৰ বহু-বহু ধন্যবাদ জনালোঁ।

 

 

  • Vivek Kumar Gupta December 27, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 27, 2024

    नमो ......................................🙏🙏🙏🙏🙏
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Gopal Saha December 23, 2024

    hi
  • Siva Prakasam December 17, 2024

    💐🌺 jai sri ram🌺🌻
  • SUNIL Kumar November 30, 2024

    Jai shree ram
  • Aniket Malwankar November 25, 2024

    #NaMo
  • Some nath kar November 23, 2024

    Bharat Mata Ki Jay 🇮🇳
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Chandrabhushan Mishra Sonbhadra November 07, 2024

    n
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Over 28 lakh companies registered in India: Govt data

Media Coverage

Over 28 lakh companies registered in India: Govt data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2025
February 19, 2025

Appreciation for PM Modi's Efforts in Strengthening Economic Ties with Qatar and Beyond