মোৰ প্ৰিয় দেশবাসী,
স্বতন্ত্ৰতাৰত এই পবিত্ৰ ক্ষণত আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো।
বৰ্তমান দেশত আত্মবিশ্বাস বৃদ্ধি পাইছে। সপোনবোৰক সংকল্প হিচাপে লৈ কঠোৰ পৰিশ্ৰমেৰে দেশে উন্নতিৰ নতুন শিখৰত উপনীত হৈছে। আজিৰ সূৰ্যোদয়ে নতুন উৎসাহ, নতুন প্ৰেৰণা আৰু নতুন সংকল্প লৈ আনিছে।
মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত ১২ বছৰত এবাৰ নীলকুৰিঞ্জি ফুল ফুলে। দক্ষিণৰ নীলগিৰি পৰ্বতত নীলকুৰিঞ্জি ফুল ফুলাৰ সময়ছোৱা যেন ত্ৰিৰংগা অশোক চক্ৰৰ দৰে দেশৰ স্বাধীনতাৰ পৰ্বত প্ৰেম বৰষি আছে।
মোৰ প্ৰিয় দেশবাসী, স্বাধীনতাৰ এই পৰ্ব আমি তেতিয়াই পালন কৰি আছো, যেতিয়া আমাৰ উত্তৰাখণ্ড, হিমাচল, মণিপুৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশৰ কন্যাসকলে সাত সাগৰ পাৰ কৰি সাত সাগৰক ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন কৰি পুনৰ ঘুৰি আহিবলৈ সক্ষম হৈছে।
মোৰ প্ৰিয় দেশবাসী, বহু লোকে এভাৰেষ্ট বিজয় কৰি আহিছে, আমাৰ ত্ৰিৰংগা উজ্বলাই তুলিছে, কিন্তু স্বাধীনতাৰ এই পৰ্ব আমাৰ বাবে যুগমীয়া হৈ পৰিব কিয়নো দুৰ্গম জংঘলৰ বসবাস কৰা কন কন আদিবাসী সন্তানে এইবাৰ এভাৰেষ্টত ত্ৰিৰংগা উত্তোলন কৰি ত্ৰিৰংগাৰ মান আৰু অধিক বৃদ্ধি কৰিলে।
মোৰ প্ৰিয় দেশবাসী, কেইদিন মানৰ পূৰ্বে লোকসভা আৰু ৰাজ্যসভাৰ অভিৱেশনৰ সামৰণী পৰিলে। আপোনালোকে প্ৰত্যক্ষ কৰিলে যে অধিৱেশন ভালদৰেই পাৰ হ’ল আৰু এইবাৰ সামাজিক ন্যায়ৰ নামত সংসদৰ অধিৱেশন উচৰ্গিত আছিল। দলিত, পীড়িত, শোষিত, বঞ্চিত, মহিলাৰ অধিকাৰ ৰক্ষাৰ বাবে আমাৰ সংসদে সংবেদনশীলতা আৰু সজাগতাৰে সামাজিক ন্যায়ক অধিক শক্তিশালী কৰিলে।
বহু বছৰ ধৰি সাংবিধানিক মৰ্যাদা প্ৰদান বাবে দাবী উঠি থকা অ’বিচি আয়োগক মৰ্যাদাৰ প্ৰদান কৰি পিছপৰা আৰু অতি পিছপৰা শ্ৰেণীৰ লোকসকলৰ অধিকাৰ ৰক্ষাৰ প্ৰয়াস কৰা হয়।
আমি আজি সেই সময়ত স্বাধীনতাক উদযাপন কৰি আছো, যিসময়ত ভাৰত বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। এয়া সকলোৰে বাবে ইতিবাচক আৰু গৌৰৱৰ কথা।
দেশৰ স্বাধীনতাৰ বাবে লাখ লাখ লোকে আত্ম বলিদান দিলে, বহুত মহাপুৰুষে ফাঁচীৰ কাঠত ওলমিলে। মই আজি দেশবাসীৰ হৈ স্বাধীনতাৰ এই বীৰ যোদ্ধাসকলক আন্তৰিক প্ৰণাম জনাইছো, যিসকলে ত্ৰিৰংগাৰ শৌৰ্য-বীৰ্য ৰক্ষা কৰে, আমাক জীয়াই থকাৰ, প্ৰাণ আহুতি দিয়াৰ প্ৰেৰণা দিয়ে, যিখন ত্ৰিৰংগাৰ গৌৰৱৰ বাবে দেশৰ সেনা জোৱানসকলে প্ৰাণ আহুতি দিয়ে, আমাৰ অৰ্ধসামৰিক বাহিনীয়ে জীৱন বলিদান দিয়ে, আমাৰ আৰক্ষী বাহিনীয়ে সাধাৰণ জনতাক ৰক্ষাৰ অৰ্থে দিনে-ৰাতিয়ে দেশৰ সেৱাত আত্মনিয়োগ কৰে।
মই সকলো সেনা জোৱানক, অৰ্ধসামৰিক বাহিনীত, আৰক্ষী জোৱানসকলক, তেওঁলোকৰ মহান সেৱা, ত্যাগ-ধ্যান, পৰাক্ৰম আৰু পুৰুষাৰ্থৰ বাবে আজি ত্ৰিৰংগাক সাক্ষী কৰি লালকিল্লাৰ আৱেষ্টনীৰ পৰা শত শত প্ৰণাম জনোৱাৰ লগতে শুভকামনা জনাইছো।
বিগত কেইদিনমান ধৰি দেশৰ বিভিন্ন প্ৰান্তত ভাল বৰ্ষাৰ সমান্তলাভাৱে বানপানীৰ খবৰো আহি আছে। অতিবৃষ্টি আৰু বানপানীৰ বাবে যিবোৰ পৰিয়ালে তেওঁলোকৰ আত্মীয়ক হেৰুৱাব লগা হৈছে, সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকৰ প্ৰতি দেশ সদায় শক্তিশালী ৰূপত সহায়ৰ বাবে থকাৰ লগতে আত্মীয়ক হেৰুওৱা লোকসকলৰ দুখৰ মই সমভাগী হৈছো।
মোৰ প্ৰিয় দেশবাসী, অহা বৈশাখীত আমাৰ জালিয়ানৱালবাগ হত্যাকাণ্ডৰ এশ বছৰ সম্পূৰ্ণ হ’ব। সাধাৰণ জনতাই দেশৰ স্বাধীনতা বাবে কিদৰে নিজৰ জীৱনক বলিদান দিছিল, জালিয়ানৱালাবাগ কাণ্ডই সেই কথা প্ৰমাণ কৰে। সেই সকলো বীৰক আন্তৰিক, আদৰেৰে প্ৰণাম জনাইছো।
মোৰ প্ৰিয় দেশবাসী, এই স্বাধীনতা এনেয়ে পোৱা নাই। পূজ্য বাপুজীৰ নেতৃত্বত বহুসংখ্যক মহাপুৰুষে, বহু বীৰপুৰুষে, যুগান্তকাৰীৰ নেতৃত্বত বহুতো যুৱকে সত্যাগ্ৰহৰ নামত কাৰাগাৰতে যৌৱন অতিবাহিত কৰিছিল। দেশক স্বাধীনতা প্ৰদান কৰিলে, কিন্তু এই সংগ্ৰামত সপোনো সুৰক্ষিত হৈ থাকিল। ভাৰতৰ ভৱিষ্যতৰ ৰূপটোক তেওঁলোকে মনত অংকিত কৰি ল’লে। স্বাধীনতাৰ বহু বছৰৰ পূৰ্বে তামিলনাডুৰ ৰাষ্ট্ৰ কবি সুব্ৰমনিয়ম ভাৰতীয়ে নিজৰ সপোন শব্দৰে গাঁঠিছিল। তেওঁ লিখিছিল–
“एलारूम अमर निलियई एडुमनन मुरेयई
इंडिया अलिगिरी कु अलिकुम
इंडिया कुलागिरी कु अलिकुम”
অৰ্থাৎ ভাৰতৰ স্বাধীনতাৰ পাছত তেওঁ কি সপোন দেখিছিল? সুব্ৰমিয়াম ভাৰতীয়ে কৈছিল-ভাৰতে সমগ্ৰ বিশ্বক সকলো ধৰণৰ বাধাৰ পৰা মুক্তি পোৱাৰ পথ প্ৰদৰ্শন কৰিব।
মোৰ প্ৰিয় দেশবাসী, এই মহাপুৰুষসকলৰ সপোন বাস্তৱ কৰাৰ বাবে, স্বাধীনতা সংগ্ৰামীসকলৰ ইচ্ছা পূৰণ কৰাৰ বাবে, দেশৰ কোটি-কোটি জনতাৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বাবে স্বাধীনতাৰ পাছত বাবাচাহেব আম্বেদকাৰৰ নেতৃত্বত অন্তৰ্ভূক্তিমুলক সংবিধানৰ খচৰা প্ৰস্তুত কৰা হয়। আমাৰ অন্তৰ্ভূক্তিমুলক সংবিধানে এক নতুন ভাৰত নিৰ্মাণৰ সংকল্প কঢ়িয়াই আনিছে। আমাৰ বাবে কিছি দায়ৱদ্ধতা লৈ আহিছে। আমাৰ বাবে সীমাৰেখা নিৰ্ণয় কৰি আনিছে। আমাৰ সপোনবোৰ বাস্তৱ কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ সকলো লোকক ভাৰতৰ ভূ-ভাগত সমানভাৱে সূযোগ লাভ কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে আমাৰ সংবিধানে আমাৰ মাৰ্গদৰ্শন কৰি আছে।
মোৰ মৰমৰ ভাই-ভনীসকল, আমাৰ সংবিধানে আমাক কয় যে ভাৰতৰ ত্ৰিৰংগা পতাকাৰ পৰা আমি প্ৰেৰণা পাও, দুখীয়াসকলে ন্যায় লাভ কৰক, সকলোৱে হাতে হাতে ধৰি আগুৱাই যোৱাৰ সূযোগ লাভ কৰক, আমাৰ নিম্ন মধ্যবিত্ত শ্ৰেণী, উচ্চ মধ্যবিত্ত শ্ৰেণী আগবাঢ়ি যোৱাত কোনো বাধা নাহক, চৰকাৰৰো বাধা নহওঁক। সমাজ ব্যৱস্থা তেওঁলোকৰ সপোনৰ পৰা বঞ্চিত নহওক, তেওঁলোকে অধিক সূযোগ লাভ কৰক, তেওঁলোকে যিমান কুসুমিত হ’ব বিচাৰে, যিমান পাহি মেলিব বিচাৰে তাৰ বাবে আমি এক পৰিৱেশ গঢ় দিম।
আমাৰ জ্যেষ্ঠ ব্যক্তি, দিব্যাংগ, মহিলা, দলিত, পীড়িত, শোষিত, অৰণ্যত বসবাস কৰা আদিবাসী ভাই-ভনীসকল, এই সকলোৱে নিজৰ আশা-আকাংক্ষা অনুসৰি আগুৱাই যোৱাৰ সুবিধা লাভ কৰক। এখন আত্মনিৰ্ভৰশীল ভাৰত হওক, এক সমৰ্থবান ভাৰত হওক, একেধাৰে বিকাশৰ দিশত গতি কৰা, নতুন শিখৰত উপনীত হোৱা ভাৰত হওক, বিশ্বত ভাৰতৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাওক, ইমানেই নহয় আমি বিচাৰো বিশ্বৰ ভিতৰতে ভাৰত উজ্বলি উঠক। আমি তেনে এক ভাৰতবৰ্ষ নিৰ্মাণ কৰিব বিচাৰো।
মোৰ প্ৰিয় দেশবাসী, মই পূৰ্বতেও টীম ইণ্ডিয়াৰ কল্পনাৰ কথা আপোনালোকক অৱগত কৰিছিলো। যেতিয়া ১২৫ কোটি দেশবাসী অংশদাৰ হ’ব, প্ৰতিগৰাকী জনতাউ দেশক আগুৱাই লৈ যোনাৰ বাবে আমাৰ সৈতে জড়ি হ’ব। ১২৫ কোটি সপোন, ১২৫ কোটি সংকল্প, ১২৫ কোটি পুৰুষাৰ্থ যেতিয়া নিৰ্ধাৰিত লক্ষ্যক উপনীত হোৱাৰ দিশে অগ্ৰসৰ হ’ব, তেতিয়া কি অসম্ভৱ হ’ব?
মোৰ প্ৰিয় ভাই-ভনীসকল, মই আজি অতি বিনম্ৰতাৰে, আদৰেৰে আপোনাক ক’ব বিচাৰিছো যে ২০১৪ত এই দেশৰ ১২৫ কোটি নাগৰিকে চৰকাৰ গঠন কৰিলে, সেয়া কেৱল চৰকাৰ গঠন কৰিয়েই ক্ষান্ত থকা নাই। তেওঁলোক দেশ নিৰ্মাণৰ কামতো লাগি পৰিল আৰু আগলৈয়ো লাগি থাকিব। মই ভাৱো এয়াই আমাৰ দেশৰ শক্তি। আজি শ্ৰী অৰৱিন্দৰ জন্মদিন। শ্ৰী অৰৱিন্দই বহু সঠিক কথা কৈছিল। ৰাষ্ট্ৰ কি, আমাৰ মাতৃভূমি কি, এয়া কোনো ভূমিখণ্ড নহয়, এয়াৰ কেৱল সম্বোধনো নহয়, এয়া কোনো উকা কল্পনাও নহয়, ৰাষ্ট্ৰ হৈছে এক বিশাল শক্তি, যি অসংখ্য সৰু সৰু বিভাগৰ সংগঠিত শক্তি মু্ৰ্ত প্ৰকাশ। শ্ৰী অৰৱিন্দৰ এই কল্পনা আজি দেশৰ প্ৰতিগৰাকী নাগৰিকৰে আছে আৰু দেশক আগুৱাই লৈ যোৱাৰ দিশত জড়িত হৈছে। কিন্তু আমি আগুৱাই গৈ থকাটো তেতিয়ালৈকে গম পোৱা নাযায়, যেতিয়ালৈকে আমি ক’ৰ পৰা আহিছিলো, তাৰ প্ৰতি যদি দৃষ্টি নিদিও তেতিয়াহ’লে একো উমান পোৱা নাযাব। সেইবাবে ২০১৩ত আমাৰ দেশ যি গতিত চলি আছিল, জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ২০১৩ত যি গতি আছিল, তাক যদি আমি আধাৰ হিচাপে লও, বিগত চাৰি বছৰত যিবোৰ কাম হ’ল তাৰ আভাস পোৱা যায়। উদাহৰণস্বৰূপে শৌচালয়ৰ কথা যদি ধৰো, ২০১৩ত শৌচালয় নিৰ্মাণৰ যি গতি আছিল, তেনেদৰে চলি থকা হ’লে দশকৰ পিছত দশক পাৰ হ’লে ১০০ শতাংশ সম্পূৰ্ণ নহ’লহেতেন।
যদি আমি গাঁৱত বিজুলী যোগানৰ কথা কওঁ, ২০১৩ৰ গতিত চলা হ’লে ১-২ দশকৰ প্ৰয়োজন হ’লহেতেন। একেদৰে দুখীয়া লোকসকলক ৰন্ধন গেছৰ সংযোগ প্ৰদান, দুখীয়া মাতৃসকলক ধোঁৱাবিহীন চৌকা প্ৰদান কথা চাও, ২০১৩ৰ গতিত হোৱা হ’লে ১০০ বছৰো কম হ’লহেতেন। অপ্টিকেল ফাইবাৰ সংস্থাপনৰ ক্ষেত্ৰত হয়তো এটা প্ৰজন্ম পাৰ হৈ গ’লহেতেন।
ভাই-ভনীসকল, দেশৰ আশা বহুত আছে, দেশৰ আৱশ্যকতা বহুত আছে আৰু সেইবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ আৰ সমাজ সকলোৱে নিৰন্তৰ মিলিজুলি প্ৰয়াস কৰিব লাগিব। বৰ্তমান দেশৰ পৰিৱৰ্তনো ইয়াৰে ফলশ্ৰুতি। দেশ, পৃথিৱী, বতাহ, আকাশ, সমূদ্ৰ, চৰকাৰী বিভাগ, ফাইল, নিৰ্ণয় প্ৰক্ৰিয়াৰ লোক আগৰবোৰেই। কিন্তু চাৰি বছৰত দেশে পৰিৱৰ্তন অনুভৱ কৰিছে। দেশে এক নতুন উদ্যম, নতুন উছাহ, নতুন সংকল্প, নতুন পুৰুষাৰ্থৰে আগবাঢ়ি গৈ আছে। সেইবাবে দেশত আজি ঘাইপথ দুগুণ অধিক হাৰত হৈছে।চাৰিগুণ অধিক হাৰত আৱাস নিৰ্মাণ হৈছে। অভিলেখসংখ্যক শস্য উৎপাদন, ম’বাইল নিৰ্মাণ হৈছে দেশত। দেশত অভিলেখ সংখ্যক ট্ৰেক্টৰ ক্ৰয় কৰিছে। গাঁৱৰ কৃষকে অভিলেখ সংখ্যক ট্ৰেক্টৰ ক্ৰয় কৰাৰ সমান্তৰালভাৱে উৰাজাহাজ ক্ৰয়েও অভিলেখ ৰচনা কৰিছে। দেশত বৰ্তমান প্ৰতিখন স্কুলত শৌচালয় নিৰ্মাণ কৰাৰ দৰে আইআইএম, আইআইটি আৰু এইমছো স্থাপন কৰা হৈছে। দেশত দক্ষতা বিকাশৰ অভিযান আৰম্ভ কৰি সৰু সৰু ঠাইতো দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে।
ভাই-ভনীসকল, আজি গাঁৱে-গাঁৱে ডিজিটেল ইণ্ডিয়া অভিযান আগুৱাই নিয়া হৈছে। এক সংবেদনশীল চৰকাৰে এফালে ডিজিটেল ভাৰত গঢ় দিবলৈ কাম কৰি আছে, আনফালে মোৰ শ্ৰদ্ধাৰ দিব্যাংগ ভাই-ভনীসকলৰ বাবে কমন চাইন, তেওঁলোকৰ অভিধান প্ৰস্তুতৰ কামো কৰি থকা হৈছে। আমাৰ দেশৰ কৃষকসকলে আধূনিকতা, বৈজ্ঞানিকতাৰ দিশে আগুৱাই যোৱাৰ বাবে ক্ষুদ্ৰ জলসিঞ্চন, ড্ৰিপ জলসিঞ্চন, স্প্ৰিংকলৰ ক্ষেত্ৰত কাম কৰি আছে। য’তেই প্ৰাকৃতিক দুৰ্যোগ হয়, আমাৰ দেশৰ সেনা তাত গৈ উপস্থিত হয়। সংকটৰ সন্মুখীন হোৱা লোকক ৰক্ষা কৰাৰ বাবে আমাৰ সেনাৰ কৰুণা, মায়া, মমতাৰে উপস্থিত হয়, কিন্তু যেতিয়া আমাৰ সেনাই সংকল্প লৈ আগবাঢ়ি যায়, তেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক চলাই শত্ৰুক নিঃশেষ কৰি আহে। আমাৰ দেশৰ বিকাশৰ কেনভাঁছ কিমান ডাঙৰ, ইমূৰ পৰা সিমূৰলৈ চাওকছোন। দেশে ডাঙৰ কেনভাঁছক অনুসৰণ কৰি এক নতুন উদ্যম আৰু নতুন উৎসাহেৰে আগুৱাই গৈ আছে।
মই গুজৰাটৰ আহিছো। গুজৰাটত এষাৰ কথা আছে ‘निशानचूक माफ लेकिन नहीं माफ नीचू निशान’। অৰ্থাৎ লক্ষ্য আৰু সপোন ডাঙৰ হ’ব লাগিব। তাৰ বাবে পৰিশ্ৰম কৰিব লগা হয়, উত্তৰ দিব লগা হয়, কিন্তু লক্ষ্য যদি ডাঙৰ নহয়, লক্ষ্য দূৰৈত নাথাকিলে, কোনো সিদ্ধান্ত ল’ব পৰা নাযায়। বিকাশৰ যাত্ৰাও ৰুদ্ধ হৈ পৰে। সেইবাবে মোৰ প্ৰিয় ভাই-ভনীসকল আমি ডাঙৰ লক্ষ্য লোৱাতো আৱশ্যক, যাতে আমি ডাঙৰ লক্ষ্য লৈ সংকল্পৰে আগবঢ়াৰ প্ৰয়াস কৰিব পাৰো। যেতিয়া লক্ষ্য সাধাৰণ হয়, উৎসাহো নাথাকে, তেতিয়া সমাজ জীৱনৰ প্ৰয়োজনীয় সিদ্ধান্তও বছৰ বছৰ ধৰি পৰি থাকে। এমএছপি চাই লওঁক, এই দেশৰ অৰ্থনীতিবিদে বিচাৰি আছিল, কৃষক সংগঠনে বিচাৰি আছিল, ৰাজনৈতিক দলসমূহে বিচাৰি আছিল যে কৃষকসকলৰ ব্যয়ৰ ডেৰ গুণ এমএছপি পাব লাগে। বছৰ বছৰ ধৰি চৰ্চা হৈ থাকিল, ফাইস বাগৰি থাকিল, ফাইলতে আৱদ্ধ হৈ থাকিল, কিন্তু আমি সিদ্ধান্ত ল’লো। সাহসেৰে সিদ্ধান্ত ল’লো যে মোৰ দেশৰ কৃষকসকলক তেওঁলোকৰ ব্যয়ৰ ডেৰগুণ এমএছপি দিয়া হ’ব।
জিএছটি, কোনে সহমত জনোৱা নাছিল, সকলোৱে জিএছটি বিচাৰিছিল, কিন্তু নিৰ্ণয় কৰিব পৰা নাছিল, সিদ্ধান্ত গ্ৰহণত মোৰ নিজৰ লাভ, অন্যৰ লাভৰ ৰাজনীতি, নিৰ্বাচন এই সকলোবোৰ বিচাৰ কৰিছিল৷ আজি মোৰ দেশৰ সৰু সৰু ব্যৱসায়ীৰ সহায়ত, তেওঁলোকে মুকলি মনৰ এই নতুন ধাৰণা স্বীকাৰ কৰাৰ স্বভাৱৰ কাৰণত আজি দেশত জিএছটি প্ৰণয়ন হ’ব পাৰিছে৷ ব্যৱসায়ীসকলৰ মনত এক বিশ্বাস জন্মিছে যে দেশ ব্যৱসায়ীৰ গোটক, সৰু সৰু উদ্যোগৰ গোটক জিএছটিৰ সৈতে আৰম্ভণিতে সংবদ্ধকৰণত সমস্যাৰ উদ্ভৱ হোৱা স্বত্বেও সেয়া তেওঁলোকে আঁকোৱালি লৈছে৷ দেশ আগবাঢ়িছে৷ আজি আমাৰ দেশৰ বেংকিং ক্ষেত্ৰক শক্তিশালী কৰাৰ বাবে দেউলীয়া অৱস্থাৰ আইনেই হওক, bankruptcy ৰ আইনেই হওক, কোনে বাধা দিছিল পূৰ্বতে? ইয়াৰ বাবে শক্তিৰ প্ৰয়োজন হয়, সাহসৰ প্ৰয়োজন হয়৷ বিশ্বাসৰ প্ৰয়োজন হয় আৰু জনতা জনাৰ্দনৰ পূৰ্ণ সমৰ্থনৰ প্ৰয়োজন হয়৷ তেতিয়াহে সিদ্ধান্ত লোৱা যায়৷ বেনামী সম্পত্তিৰ ওপৰত কিয় আইন প্ৰণয়ন হোৱা নাছিল? যেতিয়া সুতীব্ৰ আগ্ৰহ হয় তেতিয়া দেশৰ বাবে কিবা এটা কৰাৰ ইচ্ছা হয়, সেয়ে বেনামী সম্পত্তিৰ আইনো প্ৰণয়ন হ’ল৷ মোৰ দেশৰ সেনা জোৱান সকলে তিনি– চাৰি দশক আগৰে পৰা one rank one pension ৰ বাবে দাবী কৰি আহিছিল৷ তেওঁলোকে নিয়মানুৱৰ্তিতাৰ বাবে আন্দোলন কৰা নাছিল৷ কিন্তু দাবী কৰিছিল, কোনেও তেওঁলোকৰ কথা শুনা নাছিল৷ কোনোবাই সিদ্ধান্ত লোৱা আৱশ্যক আছিল, আমি সেই সিদ্ধান্ত গ্ৰহণ কৰিলো৷ আমি সেয়া পূৰণ কৰিলো৷
মোৰ মৰমৰ ভাই ভনীসকল, আমাৰ কঠোৰ সিদ্ধান্ত লোৱাৰ বাবে সামৰ্থ আছে, কাৰণ দেশৰ হিত আমাৰ বাবে সৰ্বোপৰি৷ দলৰ হিতৰ বাবে কাম কৰা লোক আমি নহয় আৰু সেই সংকল্প লৈয়ে আমি আগবাঢ়িছোঁ৷
মোৰ মৰমৰ ভাই ভনীসকল, আমি এয়া কেনেদৰে পাহৰিব পাৰোঁ যে আজি বিশ্বজনীন অৰ্থব্যৱস্থাৰ এই কালখণ্ডত সমগ্ৰ বিশ্বই ভাৰতৰ প্ৰতিটো পদক্ষেপত দৃষ্টি ৰাখিছে, আশা অপেক্ষাৰে দৃষ্টি নিৱদ্ধ কৰিছে৷ সেইবাবে ভাৰতৰ সৰু সৰু কথা, ডাঙৰ কথা বিশ্বই গভীৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰিছে৷ আপোনালোকে মনত পেলাওক, ২০১৪ চনৰ পূৰ্বে বিশ্বৰ গণ্যমান্য সংস্থা, বিশ্বৰ গণ্যমান্য অৰ্থশাস্ত্ৰী, বিশ্বত যাৰ কথাৰ মূল্য দিয়া হয়, তেওঁলোকে আমাৰ দেশৰ বিষয়ে কি কৈছিল৷ সেয়াও এটা সময় আছিল যেতিয়া সমগ্ৰ বিশ্বতে এই দাবী উঠিছিল যে ভাৰতৰ অৰ্থনীতি ক্ষতি শংকাৰে ভৰা৷ কিন্তু আজি সেই একেজন লোকেই, একে সংস্থাই অতি বিশ্বাসেৰে কৈছে যে সংশোধনী গতিয়ে আন্তঃগাঁথনিক বল প্ৰদান কৰিছে৷ কিদৰে পৰিৱৰ্তন আহিছে? এটা সময় আছিল, ঘৰতেই হওক অথবা ঘৰৰ বাহিৰ পৃথিৱীয়ে ৰঙা টেপৰ কথা কৈছিল, আজি তেওঁলোকে ৰঙা কাৰ্পেটৰ কথা কৈছে৷ Ease of doing business ত আমি লক্ষ্য প্ৰাপ্তি কৰিছোঁ৷ আজি সমগ্ৰ বিশ্বই ইয়াক গৌৰৱৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰিছে৷ এনেকুৱাও দিন আছিল যেতিয়া বিশ্বই ভাবিছিল, ভাৰত অৰ্থাৎ policy paralysis, ভাৰত অৰ্থাৎ delayed reform৷ আজিও বাতৰি কাকত উলিয়াই চালে দেখিব৷ কিন্তু আজি বিশ্বত এটাই কথা কোৱা হৈছে যে সংশোধনী, প্ৰদৰ্শন, পৰিৱৰ্তন, এটাৰ পিছত এটা নীতি বিষয়ক সময়োপযোগী নিৰ্ণয়ৰ এক ধাৰা আৰম্ভ হৈছে৷ সেয়াও এক সময় আছিল যেতিয়া বিশ্বই ভাৰতক fragile fiveত গণনা কৰিছিল৷ বিশ্বই চিন্তাই কৰিছিল যে বিশ্বক ডুবাবলৈ ভাৰতে ভূমিকা গ্ৰহণ কৰি আছে৷ কিন্তু আজি বিশ্বই কৈছে যে ভাৰত মাল্টি ত্ৰিলিয়ন ডলাৰৰ বিনিয়োগৰ বাব উৎকৃষ্ট লক্ষ্যস্থান হিচাপে বিবেচিত হৈছে৷ কণ্ঠ পৰিৱৰ্তন হৈছে৷
মোৰ মৰমৰ ভাই ভনীসকল, বিশ্ব ভাৰতৰ সৈতে জড়িত হোৱাৰ আলোচনাৰ সময়ত, আমাৰ আন্তঃগাঁথনিৰ আলোচনা কৰাৰ সময়ত, কেতিয়াবা বিদ্যুৎ নথকাৰ ফলত ব্লেক আউট হৈছিল৷ কিন্তু আজি সেই একেখন বিশ্বই কৈছে যে শুই থকা হাতী জাগি উঠিছে আৰু দৌৰিব আৰম্ভ কৰিছে৷ বিশ্বৰ অৰ্থবিদসকলে কৈছে, আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে কৈছে যে অনাগত তিনিটা দশক পৰ্যন্ত অৰ্থাৎ ৩০ বছৰলৈ বিশ্বৰ অৰ্থব্যৱস্থাক ভাৰতে গতি প্ৰদান কৰিব৷ ভাৰত বিশ্বৰ বিকাশৰ এক নতুন স্ৰোত হ’ব৷ এনেকুৱা বিশ্বাস আজি ভাৰতৰ বাবে জন্ম হৈছে৷
আজি আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সহযোগিতা বৃদ্ধি হৈছে, নীতি নিৰ্ধাৰণ কৰা সৰু–সুৰা সংগঠনবোৰে য’তেই পাইছে তাতেই ভাৰতৰ কথা শুনাইছে৷ ভাৰতে সেই দিশত নিজৰ ভূমিকা পালন কৰিছে৷ বিশ্বৰ মঞ্চত আমি সজোৰে কথা ক’ব পাৰিছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল, বহু বৰ্ষধৰি আমি যিবোৰ সংস্থাত সদস্য পদ বিচাৰিছিলো, আজি বিশ্বৰ অসংখ্য সংস্থাত আমি স্থান প্ৰাপ্ত কৰিব পাৰিছোঁ৷ পৰিৱেশৰ চিন্তা কৰা সকলৰ বাবে, গ্লোবেল ৱাৰ্মিঙ বাবে চিন্তা ব্যক্ত কৰা লোকসকলৰ বাবে ভাৰত এক আশাৰ কিৰণ হৈ পৰিছে৷ আজি ভাৰত আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী সমগ্ৰ বিশ্বৰ নেতৃত্ব বহন কৰিছে৷ আজি কোনো ভাৰতীয় বিশ্বৰ কোনো স্থানত পৰিলক্ষিত হ’লে সকলো দেশে সেই ভাৰতীয়ত আদৰাৰ বাবে লালায়িত হৈ উঠে৷ ভাৰতৰ পাছপোৰ্টৰ শক্তি বৃদ্ধি হৈছে৷ ইয়াৰ দ্বাৰা সকলো ভাৰতীয়ই আত্মবিশ্বাসেৰে, এক নতুন শক্তিৰে, নতুন উৎসাহেৰে আগবঢ়াৰ সংকল্প লৈছে৷
মোৰ মৰমৰ দেশবাসীসকল, বিশ্বৰ আজি কোনো প্ৰান্তত যদি মোৰ ভাৰতীয় বিপদৰ সন্মুখীন হয় তেন্তে আজি তেওঁৰ বিশ্বাস জন্মিব যে তেওঁৰ পিছত তেওঁৰ দেশ আছে, মোৰ সংকটৰ সন্মুখত দেশ মোৰ লগত থাকিব আৰু ইতিহাস সাক্ষী যে বিগত কেইবাটাও দিনত এনে ঘটনা আমি দেখিবলৈ পাইছো৷
মোৰ মৰমৰ দেশবাসীসকল, বিশ্বত ভাৰতৰ প্ৰতি দৃষ্টিভংগী যিদৰে পৰিৱৰ্তিত হৈছে ঠিক সেইদৰেই ভাৰততো উত্তৰ পূৰ্বাঞ্চলৰ বিষয়েও যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ চৰ্চা হৈছিল তেতিয়া কি খবৰ আহিছিল, তেনেকুৱা খবৰ যি ভাল খবৰ আহক বুলি আশা কৰিব পৰা নগৈছিল৷ কিন্তু আজি মোৰ ভাই–ভনীসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা এনেকুৱা খবৰ আহিছে যি দেশক প্ৰেৰণা দিছে৷ আজিৰ খেল পথাৰত চাওক, উত্তৰ পূৰ্বাঞ্চলৰ চমকনি দেখিবলৈ পোৱা গৈছে৷
মোৰ মৰমৰ ভাই–ভনীসকল, আজি উত্তৰ পূৰ্বাঞ্চলৰ পৰা খবৰ আহিছে যে গাঁৱলৈ বিজুলী অহাত গোটেই ৰাতি গাঁওবাসীয়ে নাচিছে৷ আজি উত্তৰ পূৰ্বাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লৱে, বায়ুপথ, জলপথ আৰু তথ্য পথ (আই–ৱে’)ৰ খবৰ আহিছে৷ আজি বিজুলীৰ সংবহন বহু ক্ষীপ্ৰ গতিত উত্তৰ পূৰ্বাঞ্চলত হৈছে৷ আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ তৰুণ প্ৰজন্মইই বিপিঅ’ মুকলি কৰিছে৷ আমি আমাৰ শিক্ষা সংস্থান নিৰ্মিত হৈছে, আমি আমাৰ উত্তৰ পূৰ্বাঞ্চল জৈৱ কৃষিৰ কেন্দ্ৰ হ’বলৈ ধৰিছে৷ আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়া বিশ্ববিদ্যালয় হৈছে৷
ভাই–ভনীসকল, পূৰ্বতে এনেকুৱা এক সময় আছিল যে উত্তৰ পূৰ্বাঞ্চলে ভাবিছিল, দিল্লী বহুদূৰ৷ আমি চাৰি বছৰৰ ভিতৰত দিল্লীক উত্তৰ পূৰ্বাঞ্চলৰ কাষত আনি থিয় কৰোৱালো৷
ভাই–ভনীসকল, আজি আমাৰ দেশত ৬৫ শতাংস জনসংখ্যাৰ বয়স মাত্ৰ ৩৫ বছৰ৷ আমি দেশৰ তৰুণ প্ৰজন্মৰ বাবে গৌৰৱ কৰোঁ৷ দেশৰ তৰুণ প্ৰজন্মই আজি অৰ্থৰ সকলো মানদণ্ড পৰিৱৰ্তন কৰিছে৷ প্ৰগতিৰ সকলো মানদণ্ডত নতুন ৰং দিছে৷ আগেয়ে ডাঙৰ চহৰৰ চৰ্চা কৰা হৈছিল৷ আজি আমাৰ দেশে Tier 2, Tier 3 city ৰ কথা ক’বলৈ ধৰিছে৷ কেতিয়াবা গাঁৱৰ ভিতৰত আধুনিক খেতি কৰা তৰুণ প্ৰজন্মৰ কথা কোৱা হৈছে৷ আমাৰ দেশৰ যুৱ প্ৰজন্মই চাকৰিৰ প্ৰকৃতি সম্পূৰ্ণভাৱে পৰিৱৰ্তন কৰিছে৷ ষ্টাৰ্ট–আপেই হওক, বিপিঅ’ই হওক, ই–কমাৰ্চেই হওক, ম’বিলিটী ক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে যুৱ প্ৰজন্মই দেশক উচ্চতালৈ লৈ গৈ আছে৷

মোৰ মৰমৰ ভাই–ভনীসকল, ১৩ কোটি মুদ্ৰা ঋণ, বহু ডাঙৰ কথা৷ ১৩ কোটিৰ চাৰি কোটিয়েই হ’ল যুৱ প্ৰজন্ম যি জীৱনৰ প্ৰথমবাৰলৈ ঋণ লৈছে আৰু নিজৰ ভৰিত নিজে থিয় দিয়াৰ প্ৰয়াস কৰিছে৷ এয়াই হ’ল পৰিৱৰ্তিত পৰিৱেশৰ এক জাগ্ৰত উদাহৰণ৷ আজি ভাৰতৰ গাঁৱত ডিজিটেল ভাৰতৰ সপোন আগুৱাই লৈ যাবলৈ ভাৰতৰ তিনি লাখ গাঁৱত সাধাৰণ সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে যি আমাৰ তৰুণ ডেকা আৰু যুৱতীসকলে পৰিচালনা কৰি আছে৷ তেওঁলোকে প্ৰত্যেক গাঁৱক, প্ৰত্যেক নাগৰিক চকুৰ পচাৰতে বিশ্বৰ সৈতে জড়িত কৰোৱাৰ বাবে তথ্য প্ৰযুক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিছে৷
মোৰ ভাই–ভনীসকল, আজি মোৰ দেশত আন্তঃগাঁথনিয়ে নতুন ৰূপ ধাৰণ কৰিছে৷ ৰে’লৰ গতিয়েই হওক, পথৰ গতিয়েই হওক, আই–ৱে’ হওক, ঘাই পথেই হওক, নতুন বিমানবন্দৰেই হওক, এক প্ৰকাৰে আমাৰ দেশ বহু ক্ষীপ্ৰ গতিত আগবাঢ়ি আছে৷
মোৰ ভাই–ভনীসকল, আমাৰ দেশৰ বৈজ্ঞানিকসকলেও দেশৰ নাম উজ্বলোৱাত কোনো কম কৰা নাই৷ বিশ্বৰ সন্দৰ্ভতেই হওক অথবা ভাৰতৰ আৱশ্যকতাৰ সন্দৰ্ভতেই হওক, কোন ভাৰতীয়ই গৌৰৱ নকৰিব যেতিয়া দেশৰ বৈজ্ঞানিক সকলে একলগতে ১০০ত কৈও অধিক উপগ্ৰহ আকাশত উৎক্ষেপণ কৰি বিশ্বক আশ্বৰ্য প্ৰদান কৰিছিল৷ এয়া সামৰ্থ আমাৰ বৈজ্ঞানিকসকলৰ আছে৷ আমাৰ বৈজ্ঞানিকসকলৰ পুৰুষাৰ্থৰ ফলতেই মঙলযান প্ৰথম প্ৰয়াসতে সফল হৈছিল৷ মঙলযান মঙলত প্ৰৱেশ কৰিলে, এয়া আমাৰ বৈজ্ঞানিকসকলৰ কৃতিত্ব আছিল৷ অনাগত দিনসমূহত আমি আমাৰ বৈজ্ঞানিকৰ আধাৰ, কল্পনা আৰু চিন্তাৰ ফলত ‘নাবিক’ মুকলি কৰিম৷ দেশৰ মাছমৰীয়াসকলে, দেশৰ সাধাৰণ জনতাই নাবিকৰ দ্বাৰা দিশ নিৰ্দেশনা লাভ কৰিব৷
মোৰ মৰমৰ দেশবাসীসকল, আজি এই লালকিল্লাৰ প্ৰাচীৰৰ পৰা মই দেশবাসীসকলক এটা সুখবৰ জনাবলৈ লৈছোঁ৷ আমাৰ দেশ মহাকাশত প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু আমি এটা সপোন দেখিছোঁ, আমাৰ বৈজ্ঞানিকসকলে এটা সপোন দেখিছে৷ আমাৰ দেশে এটা সংকল্প গ্ৰহণ কৰিছে যে ২০২২ চনত যেতিয়া স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰণ হ’ব তেতিয়া ভাৰত মাতাৰ যিকোনো সন্তান এজন মহাকাশলৈ যাবগৈ পাৰিব৷ হাতত ত্ৰিৰংগা লৈ যাব৷ স্বাধীনতাৰ ৭৫ বৰ্ষ পূৰণ হোৱাৰ পূৰ্বে আমি এই সপোন পূৰণ কৰিব লাগিব৷ মঙলযানৰ পৰা আৰম্ভ কৰি ভাৰতৰ বৈজ্ঞানিকসকলে যি শক্তি প্ৰদৰ্শন কৰিছে, এতয়া আমি মানৱৰ সৈতে গগনযান লৈ যাম আৰু গগনযান যেতিয়া মহাকাশলৈ যাব তেতিয়া কোনো ভাৰতীয়ই ইয়াক চলাই নিব৷ এই কাম ভাৰতৰ বৈজ্ঞানিকসকলৰ দ্বাৰা হ’ব৷ ভাৰতীয়ৰ পুৰুষাৰ্থৰ দ্বাৰা পূৰণ হ’ব৷ তেতিয়া বিশ্বৰ ভিতৰত চতুৰ্থখন দেশ হিচাপে পৰিচিত হ’ম যিয়ে মানৱক মহাকাশলৈ প্ৰেৰণ কৰিছে৷
ভাই–ভনীসকল, মই দেশৰ বৈজ্ঞানিকসকলক, দেশৰ প্ৰযুক্তিবিদসকলক হৃদয়েৰে অভিনন্দন জনাইছো৷ এই মহান কামৰ বাবে৷ ভাই–ভনীসকল, আমাৰ দেশ আজি অন্নৰ ভাণ্ডাৰেৰে চহকী৷ বিশাল অন্ন উৎপাদনৰ বাবে, মই দেশৰ কৃষক, মজদুৰ, কৃষি ক্ষেত্ৰত কাম কৰা বৈজ্ঞানিকসকলক, দেশৰ কৃষি আন্দোলন আগবঢ়াই লৈ যোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ৷
কিন্তু ভাই–ভনীসকল, এতিয়া সময় পৰিৱৰ্তন হৈছে৷ আমাৰ কৃষকসকলেও, আমাৰ কৃষি বজাৰেও বিশ্বজনীন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ জনসংখ্যা বৃদ্ধি হৈছে, মাটি কমি গৈছে, সেয়ে আমাৰ কৃষিক আধুনিক ৰূপ দিয়া, বিজ্ঞানসন্মত কৰা, প্ৰযুক্তিৰ আধাৰত আগবঢ়াই লৈ যোৱা, এয়া সময়ৰ আৱশ্যক৷ আৰু সেইবাবে আমাৰ সমগ্ৰ ধ্যান কৃষি ক্ষেত্ৰৰ আধুনিকতা বাবে, পৰিৱৰ্তন অনাৰ বাবে কেন্দ্ৰিত হৈছে৷
আমি কৃষকৰ আয় দুগুণ কৰাৰ সপোন দেখিছোঁ৷ স্বাধীনতাৰ ৭৫তম বৰ্ষত কৃষকৰ আয় দুগুণ কৰাৰ সপোন দেখিছোঁ৷ কিছুমানে ইয়াৰ ওপৰত আশংকা ব্যক্ত কৰিছে– এয়া স্বাভাৱিক৷ কিন্তু আমি এই লক্ষ্য লৈ আগবাঢ়িছোঁ৷ আৰু আমি মাখনৰ ওপৰত দাগ দিয়া লোক নহয়, আমি হ’লো পাথৰৰ ওপৰত দাগ দিয়া লোক৷ পাথৰৰ ওপৰত দাগ দিবলৈ ঘাম মাটিত পেলাব লাগে, যোজনা প্ৰস্তুত কৰিব লাগে৷ সেয়ে যেতিয়া স্বতন্ত্ৰতাৰ ৭৫ বৰ্ষ হ’ব তেতিয়ালৈ দেশৰ কৃষকক লগত লৈ কৃষিত আধুনিকতা অনাৰ বাবে আমি আজি আগবাঢ়িব বিচাৰিছোঁ৷ বীজৰ পৰা আৰম্ভ কৰি বজাৰলৈ মূল্য সংযোজিত কৰিব বিচাৰিছোঁ৷ আমি আধুনিকীকৰণ কৰিব বিচাৰিছোঁ আৰু নতুন শস্যও অভিলেখসংখ্যক উৎপাদনৰ দিশত আগবাঢ়িছে৷ প্ৰথমবাৰলৈ দেশত কৃষি ৰপ্তানি নীতিৰ দিশত আমি আগবাঢ়িছোঁ যাতে আমাৰ দেশৰ কৃষকসকলেও বিশ্বৰ বজাৰৰ মাজত সোমাব পাৰে৷
আজি নতুন কৃষি ক্ৰান্তি, জৈৱিক কৃষি, নীলা নৱজাগৰণ, মিঠা নৱজাগৰণ, সৌৰ কৃষি আদিৰ নতুন দুৱাৰ মুকলি হৈছে৷ এইসমূহক লৈ আমি আগবাঢ়িব বিচাৰিছোঁ৷
সুখৰ কথা এয়েই যে আজি আমাৰ দেশ মীন উৎপাদনত দ্বিতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে আৰু চাওঁতে চাওঁতে এক নম্বৰ স্থানো প্ৰাপ্ত হ’ব৷ আজি মৌৰ ৰপ্তানি দুগুণ হৈছে৷ আজি কুঁহিয়াৰ কৃষকসকল সন্তোষিত হ’ব যে আমাৰ ইথানলৰ উৎপাদন তিনি গুণ বৃদ্ধি হৈছে৷ অৰ্থাৎ গ্ৰামীণ অৰ্থব্যৱস্থাত কৃষিৰ যি গুৰুত্ব সিমানেই ব্যৱসায়ো আছে৷ আৰু সেইবাবে আমি মহিলা আত্মসহায়ক গোটৰ দ্বাৰা কোটি সংখ্যক টকাত গাঁৱৰ যি সংসাধন আছে, গাঁৱৰ যি সামৰ্থ আছে সেয়াও আগবঢ়াবলৈ খুজিছোঁ আৰু সেইদিশত আমি প্ৰয়াস কৰি আছোঁ৷
খাদী–পূজ্য বাপুৰ নাম ইয়াৰ সৈতে জড়িত৷ স্বাধীনতাৰ পৰা এতিয়ালৈ যিমান খাদী বিক্ৰী কৰাৰ পৰম্পৰা আছিল, মই আজি নম্ৰতাৰে ক’ব বিচাৰিছোঁ, খাদী বিক্ৰী পূৰ্বতকৈ দুগুণ হৈ পৰিছে৷ দুখীয়া লোকৰ উপাৰ্জন বৃদ্ধি হৈছে৷
মোৰ ভাই–ভনীসকল, মোৰ দেশ কৃষকে এতিয়া সৌৰ কৃষিত গুৰুত্ব প্ৰদান কৰিছে৷ কৃষিৰ পৰিৱৰ্তে অন্য সময়ত তেওঁলোকে সৌৰ কৃষিৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিও উপাৰ্জন কৰিব পাৰে৷
মোৰ মৰমৰ ভাই–ভনীসকল, আমাৰ দেশত আৰ্থিক বিকাশ হওক, আৰ্থিক সমৃদ্ধি হওক কিন্তু তাৰ উপৰিও মানৱৰ গৰিমা এয়া ঊৰ্ধত হয়৷ মানৱ গৰিমা অবিহনে দেশ সন্তুলিত অৱস্থাত চলিব নোৱাৰে৷ সেয়ে ব্যক্তিৰ গৰিমা, ব্যক্তিৰ সন্মান, আমি সেই যোজনাসমূহক লৈ আগবাঢ়িব লাগে যাতে তেওঁ সন্মান সহকাৰে জীৱন অতিবাহিত কৰিব পাৰে, গৌৰৱেৰে জীৱন অতিবাহিত কৰিব পাৰে৷ নীতিসমূহ এনে হওক, ৰীতিসমূহ এনে হওক, অভিপ্ৰায় এনে হওক যাৰ কাৰণে সামান্য মানৱ, দুখীয়াতকৈও দুখীয়া মানৱেও যাতে সহমৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰে৷
আৰু সেয়ে উজ্বলা যোজনাত আমি দুখীয়াৰ ঘৰলৈ গেছ প্ৰদানৰ কাম কৰিছোঁ৷ সৌভাগ্য যোজনাৰ অধীনত দুখীয়াৰ ঘৰলৈ বিদ্যুৎ যোগানৰ কাম কৰিছোঁ৷ ‘শ্ৰমেৱ জয়তে’ক গুৰুত্ব প্ৰদান কৰি আমি আগবাঢ়ি গৈছোঁ৷
কালিয়েই মই মহামহিম ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণ শুনিলো৷ তেখেতে বিস্তাৰিত ৰূপত গ্ৰাম স্বৰাজ অভিযানৰ বৰ্ণনা কৰিছে৷ যেতিয়াই চৰকাৰৰ কথা কোৱা হয় তেতিয়া কোৱা হয় যে নীতি প্ৰণয়ন হয় কিন্তু শেষৰ পৰ্যায়লৈ প্ৰদান কৰা নহয়৷ কালি ৰাষ্ট্ৰপতি মহোদয়ে ধুনীয়াকৈ বৰ্ণনা কৰিছে যে কিদৰে প্ৰত্যাশী জিলাৰ ৬৫ হাজাৰ গাঁৱত দিল্লীৰ দ্বাৰা প্ৰণয়ন কৰা যোজনাৰ জৰিয়তে দুৰ্গম পিছপৰা গাঁৱত বিজুলী সুলভ হৈছে৷
মৰমৰ দেশবাসীসকল, ২০১৪ চনত যেতিয়া এই লালকিল্লাৰ পৰাই মই স্বচ্ছতাৰ কথা কৈছিলো তেতিয়া কিছুমান লোকে ইয়াক বিদ্ৰূপ কৰিছিল৷ কিছুমানে কৈছিল, চৰকাৰৰ ওচৰত ইমান কাম আছে, স্বচ্ছতাৰ দৰে বিষয়ত কিয় শক্তি ব্যয় কৰি আছে৷ কিন্তু ভাই–ভনীসকল, কিছুদিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা প্ৰতিবেদন আহিল আৰু তেওঁলোকে ক’লে যে ভাৰতত স্বচ্ছতা অভিযানৰ ফলস্বৰূপে ৩ লাখ শিশু প্ৰাণহানি হোৱাৰ পৰা ৰক্ষা পৰিছে৷ কোন এনেকুৱা ভাৰতীয় হ’ব যি স্বচ্ছতাৰ সহযোগী হৈ এই ৩ লাখ শিশুৰ জীৱন ৰক্ষা কৰাৰ পুণ্য প্ৰাপ্ত কৰা নাই? দুখীয়াৰ ৩ লাখ শিশুৰ জীৱন ৰক্ষা কৰা কিমান মানৱতাৰ কাম৷ সমগ্ৰ বিশ্বৰ সংস্থাসমূহে ইয়াক স্বীকৃতি প্ৰদান কৰিছে৷
ভাই–ভনীসকল, আগন্তুক বৰ্ষটো মহাত্মা গান্ধীৰ ১৫০ তম জয়ন্তী বৰ্ষ৷ পূজ্য বাপুৱে নিজৰ জীৱনত স্বাধীনতাতকৈও স্বচ্ছতাক অতিশয় গুৰুত্ব প্ৰদান কৰিছিল৷ তেওঁ কৈছিল যে স্বাধীনতা পালো সত্যগ্ৰহীসকলৰ দ্বাৰা আৰু স্বচ্ছতা পাম স্বচ্ছগ্ৰহীৰ পৰা৷ গান্ধীজীয়ে সত্যাগ্ৰহী প্ৰস্তুত কৰিছিল আৰু গান্ধীজীৰ প্ৰেৰণাই স্বচ্ছগ্ৰহী প্ৰস্তুত হৈছিল৷ আৰু আগন্তুক ১৫০তম জয়ন্তী যেতিয়া পালন কৰিম তেতিয়া দেশ পূজ্য বাপুৰ স্বচ্ছ ভাৰতৰ ৰূপত, আমাৰ কোটি কোটি স্বচ্ছগ্ৰহীয়ে পূজ্য বাপুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ আৰু এক প্ৰকাৰে যি সপোন লৈ আমি আগবাঢ়িছোঁ সেই সপোন পূৰণ কৰিম৷
মোৰ ভাই–ভনীসকল, এয়া সত্য যে স্বচ্ছতাই ৩ লাখ লোকৰ জীৱন বচাইছে৷ কিন্তু যিমানেই মধ্যবিত্তৰ সুখী পৰিয়াল নহওক কিয়, ভাল উপাৰ্জন কৰা ব্যক্তি নহওক কিয়, এবাৰ ঘৰলৈ বেমাৰ অহাৰ পিছত সমগ্ৰ পৰিয়ালটোৱেই বেমাৰত আক্ৰান্ত হয়৷ কেতিয়াবা প্ৰজন্মজুৰি বেমাৰত আক্ৰান্ত হ’বলগীয়া হয়৷
দেশৰ দুখীয়াতকৈ দুখীয়া লোকে, জনসাধাৰণে আৰোগ্যৰ সুবিধা পোৱাৰ বাবে, ডাঙৰ চিকিৎসালয়ৰ পৰা সাধাৰণ জনতাইও সেৱা পোৱাৰ বাবে, বিনামূলীয়াকৈ পোৱাৰ বাবে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযান আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এয়া প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযানৰ অধীনত, আয়ুষ্মান ভাৰতৰ অধীনত এই দেশৰ ১০ কোটি পৰিয়াল, এয়া প্ৰাৰম্ভিক হে, অনাগত দিনত নিম্ন মধ্যবিত্ত, মধ্যবিত্ত, উচ্চ মধ্যবিত্ত সকলোৱে ইয়াৰ সুবিধা প্ৰাপ্ত কৰিব৷ সেইবাবে ১০ কোটি পৰিয়ালে অৰ্থাৎ প্ৰায় ৫০ কোটি নাগৰিকে, প্ৰত্যেক পৰিয়ালক ৫ লাখ টকাৰ সাহায্য, স্বাস্থ্য বীমা প্ৰদান কৰা এয়া যোজনা৷ এয়া আমি দেশবাসীক দিবলৈ ওলাইছোঁ৷ এয়া প্ৰযুক্তিচালিত ব্যৱস্থা, স্বচ্ছতাৰ ওপৰত গুৰুত্ব দি, কোনো সামান্য ব্যক্তিয়ে যাতে অৱকাশ পোৱাত সমস্যা নহয়, বাধাপ্ৰাপ্ত নহয়, সেইবাবে ইয়াত প্ৰযুক্তিৰ হস্তক্ষেপ অতিশয় জৰুৰী৷
১৫ আগষ্টৰ পৰা অনাগত ৪–৫–৬ সপ্তাহত দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰযুক্তিৰ পৰীক্ষণ আৰম্ভ হ’ব আৰু ফুল–প্ৰুফ কৰাৰ দিশত কাম চলিব৷ এই যোজনা আগবঢ়াই নিবলৈ ২৫ ছেপ্টেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মজয়ন্তীত সমগ্ৰ দেশতে প্ৰধানমন্ত্ৰী জন আৰোগ্য অভিযান মুকলি কৰা হ’ব আৰু ইয়াৰ পৰিণামস্বৰূপে দেশৰ দুখীয়া লোকসকলে বেমাৰৰ সংকটৰ সৈতে যুঁজিবলগীয়া নহ’ব৷ তেওঁলোকে সুতত ধন ধাৰলৈ ল’বলগীয়া নহ’ব৷ তেওঁলোকৰ পৰিয়াল ধ্বংস হৈ নাযায়৷ আৰু দেশত মধ্যবিত্ত লোকসকলৰ বাবে, তৰুণ প্ৰজন্মৰ আৰোগ্যৰ বাবে নতুন সুবিধাৰ মুকলি হ’ব৷ টায়াৰ ২, টায়াৰ ৩ মহানগৰীসমূহত নতুন চিকিৎসালয় মুকলি কৰা হ’ব৷ বৃহৎ সংখ্যাত চিকিৎসা কৰ্মীৰ প্ৰয়োজন হ’ব৷ নিয়োজনৰ এক ব্যাপক অৱকাশ সৃষ্টি হ’ব৷
ভাই–ভনীসকল, কোনো দুখীয়াই দৰিদ্ৰ অৱস্থাত জীৱন নিৰ্বাহ কৰিব নিবিচাৰে৷ কোনো দুখীয়াই দৰিদ্ৰ অৱস্থাত মৰিবলৈ নিবিচাৰে৷ কোনো দুখীয়াই নিজৰ সন্তানক দৰিদ্ৰ কৰি থৈ যাব নিবিচাৰে৷ তেওঁ সমগ্ৰ জীৱন দৰিদ্ৰতাৰ পৰা মুক্তি পাবলৈ চটফটাই থাকে আৰু এই দৰিদ্ৰতাৰ পৰা মুক্তি দিবলৈ দুখীয়াৰ সৱলীকৰণৰ আৱশ্যক, এয়াই উপায়৷
আমি যোৱা বৰ্ষত দুখীয়াৰ সৱলীকৰণ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰিছিলো৷ আমাৰ প্ৰয়াস এয়াই যে দুখীয়াৰ সৱলীকৰণ হওক আৰু অলপতে এক আন্তঃৰাষ্ট্ৰীয় সংস্থাই এক ভাল প্ৰতিবেদন দাখিল কৰিছে৷ তেওঁলোকে কৈছে যে বিগত দুটা বৰ্ষত ভাৰতৰ পাঁচ কোটি দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ ঊৰ্ধলৈ আহিছে৷
ভাই–ভনীসকল, যেতিয়া দুখীয়াৰ সৱলীকৰণৰ কাম কৰা হয়, আৰু যেতিয়া মই আয়ুষ্মান ভাৰতৰ কথা কৈছিলো, দহ কোটি পৰিয়াল অৰ্থাৎ ৫০ কোটি জনসংখ্যা৷ বহুত কম লোকে ধাৰণা কৰিব পাৰিব যে ই এক কিমান ডাঙৰ যোজনা৷ যদি মই আমেৰিকা, কানাডা আৰু মেক্সিকোৰ জনসংখ্যা একগোট কৰোঁ তেন্তে প্ৰায় সিমান সংখ্যক হিতাধিকাৰী আয়ুষ্মান ভাৰতৰ যোজনাত আছে৷ যদি মই সমগ্ৰ ইউৰোপৰ জনসংখ্যা গণনা কৰোঁ তেন্তে সিমান সংখ্যক জনতা ভাৰতত এই আয়ুষ্মান ভাৰত হিতাধিকাৰী হিচাপে চিহ্নিত হ’ব৷
ভাই–ভনীসকল, দুখীয়াক সৱলীকৰণ কৰাৰ বাবে আমি অনেক যোজনা প্ৰস্তুত কৰিছোঁ৷ যোজনাতো বনোৱা যায়েই, কিন্তু মধ্যভোগীসকলে মাজতে মাখন খাবলৈ আহে৷ দুখীয়াই নায্য অধিকাৰ নাপায়৷ ৰাজকোষৰ পৰা টকা খৰচ হয়, কাগজত যোজনাসমূহ দেখিবলৈ পোৱা যায়, দেশৰ লুণ্ঠন হয়৷ চৰকাৰে চকু মুদি বহি থাকিব নোৱাৰে আৰু মইও কদাপিও এনেদৰে বহি নাথাকো৷
আৰু সেইবাবে ভাই–ভনীসকল, আমাৰ ব্যৱস্থাত থকা বিকৃতিসমূহ নাশ কৰি দেশৰ জনসাধাৰণৰ মনত বিশ্বাস জন্মোৱা খুবেই আৱশ্যক৷ আৰু এই দায়িত্ব ৰাজ্যই হওক, কেন্দ্ৰই হওক, স্বায়ত্ব শাসনেই হওক, আমি সকলোৱে মিলি পালন কৰিব লাগিব আৰু ইয়াক আগবঢ়াই লৈ যাব লাগিব৷ আপুনি জানি আচৰিত হ’ব, যেতিয়াৰ পৰা আমি এই চাফাই অভিযানত ব্যস্ত হৈছোঁ, ছিদ্ৰ বন্ধ কৰাত ব্যস্ত হৈছোঁ, কোনো উজ্বলা যোজনাৰ লাভাৰ্থী আছিল, গেছ সংযোগৰ লাভাৰ্থী আছিল, ডুপ্লিকেট গেছৰ সংযোগ, কোনো ৰেচন কাৰ্ডৰ লাভাৰ্থী আছিল, কোনো জলপানি প্ৰাপ্ত আছিল, কোনো পেঞ্চনধাৰী আছিল৷ লাভ পাইছিল কিন্তু এনেকুৱা ৬ কোটি লোক আছিল যাৰ জন্মই হোৱা নাছিল, যাৰ কোনো অস্তিত্বই নাছিল, কিন্তু তেওঁৰ নামত টকা গৈ আছিল৷ এই ৬ কোটিৰ নাম ওলোৱা কিমান কঠিন কাম, কিমান লোক চিন্তিত হৈছিল৷ যি মানুহৰ জন্মই হোৱা নাই, যি মানুহ পৃথিৱীতেই নাই৷ এনেকুৱা নকল নাম লিখি টকা হৰণ–ভগন কৰিছিল৷
আমাৰ চৰকাৰে এয়া বন্ধ কৰিছে৷ ভ্ৰষ্টাচাৰ, কলাধন এই সকলোবোৰ কাৰবাৰ বন্ধ কৰাৰ দিশত আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ৷
ভাই–ভনীসকল, ইয়াৰ পৰিণাম কি হৈছে? প্ৰায় ৯০ হাজাৰ কোটি টকা, এয়া কম টকা নহয়৷ ৯০ হাজাৰ কোটি টকা যি ভুৱা মানুহৰ হাতলৈ ভুৱা ধৰণে, ভুৱা কাৰবাৰৰ দ্বাৰা গুচি গৈছিল সেয়া আজি দেশৰ ৰাজকোষত আছে, যি জনতাৰ কল্যাণৰ বাবে খৰচ কৰা হৈছে৷
ভাই–ভনীসকল, আচলতে হয় কি? এই দেশ দুখীয়াৰ গৌৰৱৰ বাবে কাম কৰা দেশ হয়৷ আমাৰ দেশৰ দুখীয়া লোকসকল সন্মানেৰে জীৱন অতিবাহিত কৰক ইয়াৰ বাবে কাম কৰিব লাগে৷ কিন্তু মধ্যভোগীয়ে কি কৰে? আপোনালোকে গম পায় যে বজাৰত ঘেঁহুৰ মূল্য ২৪–২৫ টকা, কিন্তু ৰেচন কাৰ্ডত চৰকাৰে সেই ঘেঁহু ২৪–২৫ টকাত ক্ৰয় কৰি দুখীয়াক দুটকাত বিক্ৰী কৰে৷ চাউলৰ দাম বজাৰত ৩০–৩২ টকা৷ কিন্তু দুখীয়াই যাতে চাউল প্ৰাপ্ত কৰিব পাৰে সেয়ে চৰকাৰে ৩০–৩২ টকাত ক্ৰয় কৰি ৩ টকাত ৰেচনকাৰ্ডৰ গৰাকীক প্ৰদান কৰে৷ অৰ্থাৎ এক কিলো ঘেঁহু যদি চুৰি কৰি ভুৱা নামৰে লয় তেন্তে তেওঁ সেই ২০–২৫ টকা এনেয়েই পায়৷ এক কিলো চাউৱ চুৰি কৰিলে তেওঁ ৩০–৩৫ টকা এনেয়েই পায় আৰু সেই কাৰণতেই এই ফৰ্জী নামৰ কাৰবাৰটো চলিছিল৷ আৰু যেতিয়া কোনো দুখীয়া ৰেচনকাৰ্ডৰ গৰাকী দোকানলৈ গৈছিল তেতিয়া দোকানীয়ে কয় যে বস্তু শেষ হৈছে৷ তেতিয়া সেই ব্যক্তিজনে দুটকাত প্ৰাপ্ত কৰিবলগীয়া ৰেচন ২০ টকা, ২৫ টকাত ক্ৰয় কৰিবলগীয়া হয়৷ এইদৰে তেওঁৰ অধিকাৰ কাঢ়ি লোৱা হৈছিল ভাই–ভনীসকল৷ আৰু সেইবাবে এই ভুৱা কাৰবাৰ আমি বন্ধ কৰিছোঁ আৰু ইয়াক প্ৰতিৰোধ কৰিছোঁ৷
ভাই–ভনীসকল, আমাৰ দেশৰ কোটি কোটি দুখীয়াই ২ টকাত, ৩ টকাত খাদ্য পায়৷ চৰকাৰে ইয়াৰ বাবে বহুত আৰ্থিক ব্যয় কৰি আছে৷ কিন্তু ইয়াৰ প্ৰশংসা চৰকাৰৰ নহয়৷ মই আজি বিশেষ ৰূপত মোৰ দেশৰ দায়িত্ববান কৰদাতাসকলক ক’ব বিচাৰোঁ যে আজি যেতিয়া দুপৰীয়া আপুনি খাদ্য গ্ৰহণ কৰিব, অলপ সময়ৰ বাবে পৰিয়াল সৈতে বহি মোৰ এই কথা মনত পেলাব৷ মই আজি নীতিবান কৰদাতাসকলৰ অন্তৰ স্পৰ্শ কৰিব বিচাৰিছোঁ৷ তেওঁলোকৰ মন মন্দিৰত সেৱা কৰিব বিচাৰিছোঁ৷ মই দেশবাসী, যি নীতিবান কৰদাতা, যিয়ে কৰ প্ৰদান কৰে, মই আপোনালোকক নিশ্চিত কৰিব বিচাৰিছোঁ যে আপোনালোকৰৰ কৰৰ দ্বাৰাই এই যোজনাসমূহ চলে৷ এই যোজনাসমূহৰ পুণ্য যদি কোনোবাই পায় তেন্তে সেয়া চৰকাৰে নহয়, মোৰ নীতিবান কৰদাতাসকলে পায় আৰু সেইবাবে যেতিয়া আপোনালোকে খাদ্য গ্ৰহণ কৰিবলৈ বহে তেন্তে আপোনালোকে বিশ্বাস কৰক যে আপোনালোকৰ কৰৰ বাবে সেই সময়তে তিনিটা দুখীয়া পৰিয়ালেও খাদ্য গ্ৰহণ কৰিবলৈ পায়৷ এই পুণ্য কৰদাতাজনে পায় আৰু দুখীয়াৰ পেট ভৰে৷
বন্ধুসকল, দেশত কৰ প্ৰদান নকৰাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে৷ কিন্তু যেতিয়া কৰদাতাই গম পায় যে তেওঁৰ কৰৰ দ্বাৰা, তেওঁ লাগিলে ঘৰত বাতানুকূল কোঠাতেই বহি থাকক, কিন্তু তেওঁৰ কৰৰ দ্বাৰা সেইসময়ত তিনিটা দুখীয়া পৰিয়ালৰ পেট ভৰিছে, ইয়াতকৈ সন্তোষৰ কথা কি হ’ব পাৰে৷ তাতকৈ ডাঙৰ পুণ্য কি হ’ব পাৰে৷
ভাই–ভনীসকল, আজি দেশ সুনীতিৰ উৎসৱৰ জৰিয়তে আগবাঢ়ি আছে৷ দেশত ২০১৩ চন পৰ্যন্ত অৰ্থাৎ বিগত ৭০ বছৰৰ আমাৰ গতিবিধিৰ পৰিণাম আছিল যে দেশত প্ৰত্যক্ষ কৰ প্ৰদান কৰা ৪ কোটি লোক আছিল৷ কিন্তু ভাই–ভনীসকল, আজি এই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হৈ এক কোটি ষোল্ল লাখলৈ বৃদ্ধি পাইছে৷
ক’ত তিনি, চাৰে তিনি আৰু ক’ত এক কোটি ষোল্ল লাখ৷ এয়া সুনীতি এক জাগ্ৰত উদাহৰণ৷ ৭০ বছৰত আমাৰ দেশত যিমান পৰোক্ষ কৰত উদ্যমী জড়িত আছিল সেয়া ৭০ বছৰত ৭০ লাখ হৈছেগৈ৷ ৭০ বছৰত ৭০ লাখ কিন্তু জিএছটি অহাৰ পিছত এটা বৰ্ষতেই ৭০ লাখৰ পৰা এক কোটি ষোল্ল লাখ পাইছেগৈ৷ ভাই–ভনীসকল, মোৰ দেশৰ আজি প্ৰতিজন ব্যক্তি সুনীতিৰ খোজেৰে আগবাঢ়িছে৷ যিয়ে আগবাঢ়িছে মই তেওঁক প্ৰণাম কৰোঁ৷ যি আগবাঢ়িবলৈ ওলাইছে মই তেওঁক বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ৷ এতিয়া দেশ চিন্তামুক্ত গৌৰৱপূৰ্ণ কৰদাতাৰ জীৱন নিৰ্মাণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ মই কৰদাতাসকলক বিশ্বাস প্ৰদান কৰিব বিচাৰিছোঁ৷ আপুনি দেশ নিৰ্মাণত সহযোগ কৰিছে৷ আপোনাৰ চিন্তাই আমাৰ চিন্তা৷ আমি আপোনালোকৰ সৈতে আছোঁ, কাৰণ আপোনাৰ সহযোগিতাৰ ফলতেই দেশ আগবাঢ়িছে আৰু সেইবাবে ভাই–ভনীসকল, আমি ক’লা ধন, ভ্ৰষ্টাচাৰক কেতিয়াও ক্ষমা নকৰিম৷ যিমানেই সংকট নাহক কিয়, আমি এই পথ নেৰোঁ৷ মোৰ দেশবাসীসকল, কাৰণ দেশক ঘূণ পোকৰ দৰে এই বেমাৰে ধ্বংস কৰি পেলাইছে৷ আৰু সেইবাবে আমি, আপোনালোকে দেখিছে যে দিল্লীৰ গলিসমূহত পাৱাৰ ব্ৰ’কাৰ নোহোৱা হৈছে৷
মোৰ মৰমৰ ভাই–ভনীসকল, সময় পৰিৱৰ্তন হৈছে৷ আমাৰ দেশত কিছু সংখ্যক লোকে নিজৰ ঘৰত বহি কয়, আৰে চৰকাৰৰ সেই নীতি আমি পৰিৱৰ্তন কৰিম, তেওঁলোকৰ দোকান বন্ধ কৰিম, দুৱাৰ বন্ধ কৰিম৷
ভাই–ভনীসকল, ভাই–ভতিজাবাদৰ আমি অন্ত পেলাইছোঁ৷ মোৰ–পৰৰ এই পৰম্পৰা আমি শেষ কৰিছোঁ৷ ঘোচ খোৱা ব্যক্তিসকলৰ প্ৰতি কঠোৰ হৈছোঁ৷ প্ৰায় তিনি লাখ সন্ধিগ্ধ কোম্পানীত তলা লগোৱা হৈছে৷ তেওঁলোকৰ সঞ্চালকৰ ওপৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে, ভাই–ভনীসকল৷ আৰু আজি আমি এই প্ৰক্ৰিয়াক স্বচ্ছ কৰাৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ৷ আমি তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছোঁ৷ আৰু তাৰ পৰিণামস্বৰূপে আজি পৰিৱেশ– এটা সময় আছিল যে পৰিৱেশৰ মঞ্জুৰি অৰ্থাৎ দুৰ্নীতিৰ পাহাৰ বগাই যাওক বগাই যাওক, তেতিয়াহে ইয়াক পোৱা গৈছিল৷ ভাই–ভনীসকল, আমি এইসমূহ স্বচ্ছ কৰিছোঁ৷ অনলাইন কৰি দিছোঁ৷ যিকোনো ব্যক্তিয়ে ইয়াক চাব পাৰে৷ আৰু ভাৰতৰ সংসাধনৰ সৎ ব্যৱহাৰ হওক, ইয়াৰ ওপৰত আমি কাম কৰিব পাৰোঁ৷ ভাই–ভনীসকল, আজি আমাৰ বাবে গৰ্বৰ বিষয় যে আমাৰ দেশত আজি উচ্চতম ন্যায়ালত মহিলা ন্যায়াধীশ বহি আছে৷ সকলো ভাৰতীয় নাৰীয়ে আজি গৌৰৱ কৰিব পাৰে যে ভাৰতৰ উচ্চতম ন্যায়ালয়ত তিনিগৰাকী মহিলা মাননীয়া ন্যায়াধীশে আজি দেশক ন্যায় প্ৰদান কৰি আছে৷ ভাই–ভনীসকল, মোৰ গৰ্ব হয় যে স্বতন্ত্ৰতাৰ পিছত এয়া প্ৰথম কেবিনেট য’ত সৰ্বাধিক সংখ্যাত মহিলাই স্থান প্ৰাপ্ত কৰিছে৷ ভাই–ভনীসকল, আজি এই মঞ্চত মোৰ কিছু কন্যা আছে, মোৰ সাহসী কন্যাক এক সুখবৰ দিব বিচাৰিছোঁ৷ ভাৰতীয় সশস্ত্ৰ সেনাত short service commission ৰ জৰিয়তে নিযুক্তি প্ৰাপ্ত কৰা মহিলা বিষয়াসকলে পুৰুষৰ সমকক্ষ বিষয়াসকলৰ দৰে পাৰদৰ্শী বাচনি প্ৰক্ৰিয়াৰ দ্বাৰা স্থায়ী নিযুক্তিৰ কথা মই আজি ঘোষণা কৰিছোঁ৷ যি আমাৰ লক্ষাধিক কন্যা আজি ইউনিফৰ্মৰ জীৱন অতিবাহিত কৰিছে, দেশৰ বাবে কিবা কৰিব বিচাৰিছে৷ তেওঁলোকৰ বাবে মই আজি এই উপহাৰ দিছোঁ, লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিছোঁ৷ দেশৰ মহিলাসকলে শক্তিশালী ভাৰতৰ নিৰ্মাণত কান্ধত কান্ধ মিলাই আগবাঢ়ি আছে৷ আমাৰ মা–ভনীসকলৰ গৰ্ব, তেওঁলোকৰ যোগদান, তেওঁলোকৰ সামৰ্থ আজি দেশে অনুভৱ কৰিছে৷
ভাই–ভনীসকল, পূৰ্বতে উত্তৰ–পূৰ্বাঞ্চলৰ পৰা হিংসাজনিত ঘটনাসমূহৰ খবৰ পোৱা গৈছিল৷ বোমা, বন্দুক, পিস্তলৰ ঘটনা শুনা গৈছিল৷ কিন্তু আজি এক armedforces special power act যি তিনি–তিনি, চাৰি–চাৰি দশকৰ পৰা প্ৰণয়ন হৈ আছিল, মই সুখী যে আমাৰ সুৰক্ষাবাহিনীৰ প্ৰয়াসৰ ফলত, ৰাজ্য চৰকাৰৰ সক্ৰিয়তাৰ কাৰণত, কেন্দ্ৰ আৰু ৰাজ্যৰ বিকাশৰ যোজনাৰ কাৰণত, জনসাধাৰণক সংবদ্ধ কৰাৰ প্ৰয়াসৰ ফলত আজি ইমান বৰ্ষৰ পিছত ত্ৰিপুৰা আৰু মেঘালয় সম্পূৰ্ণৰূপে armedforces special power act ৰ পৰা মুক্ত হৈছে৷
অৰুণাচল প্ৰদেশৰ বহু জিলাও ইয়াৰ পৰা মুক্ত হৈছে৷ মাত্ৰ কেইখনমান জিলাতহে ইয়াৰ অৱস্থিতি আছে৷ বাওঁপন্থী উগ্ৰপন্থী, মাওবাদীসকলে দেশ ৰক্তৰে ৰঞ্জিত কৰি আছে৷ হিংসাজনিত ঘটনা, পলোৱা, জংগলত লুকুৱা..কিন্তু আমাৰ সুৰক্ষাবাহিনীৰ প্ৰয়াসৰ ফলত, বিকাশৰ নতুন নতুন যোজনাৰ ফলত, জন সাধাৰণক সংযোগ কৰাৰ প্ৰয়াসৰ ফলত বাওঁপন্থী উগ্ৰপন্থীৰ কবলত থকা ১২৬ খন জিলাৰ পৰা হ্ৰাস হৈ ৯০ খনলৈ হৈছে৷ বিকাশৰ গতি তীব্ৰ হৈছে৷
ভাই–ভনীসকল, জম্মু আৰু কাশ্মীৰৰ বিষয়ত অটল বিহাৰী বাজপেয়ী মহোদয়ে আমাক পথ দেখুৱাইছে আৰু সেয়াই শুদ্ধ পথ৷ সেই পথেৰেই আমি চলিব বিচাৰিছোঁ৷ বাজপেয়ী মহোদয়ে কৈছিল– মানৱীয়তা, জম্মুৰিয়ৎ আৰু কাশ্মীৰিয়ৎ, এই তিনিটা মূল উদ্দেশ্যক লৈ আমি কাশ্মীৰৰ বিকাশ কৰিব পাৰোঁ– লাগিলে সেয়া লাডাখেই হওক, লাগিলে সেয়া জম্মুয়েই হওক অথবা শ্ৰীনগৰৰ উপত্যকাই হওক, সন্তুলিত বিকাশ হওক, সম বিকাশ হওক, তাৰ জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণ হওক, আন্তঃগাঁথনিয়ে গুৰুত্ব পাওক আৰু লগতে জনসাধাৰণৰ সৈতে একে লগে আমি আগবাঢ়িব বিচাৰিছোঁ? আমি গুলী আৰু গালিৰ পথত নাই, গলত সাৱটা–সাৱটি কৰি কাশ্মীৰৰ দেশভক্তসকলৰ দ্বাৰা আগবাঢ়িব বিচাৰিছোঁ৷
ভাই–ভনীসকল, জলসিঞ্চনৰ যোজনাসমূহ আগবাঢ়ি আছে৷ আইআইটি, আইআইএম, এইমছৰ নিৰ্মাণ দ্ৰুত গতিত সম্পন্ন হৈছে৷ তাতোকৈ ডাঙৰ কথা, অনাগত দিনত জন্মু–কাশ্মীৰৰ গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে মোৰ পৰা এয়া বিচাৰিছিল যে জন্মু–কাশ্মীৰত পঞ্চায়তৰ স্থানীয় পৰ্যায়ত নিৰ্বাচন সম্পন্ন কৰক৷ কিবা কাৰণত এয়া বাধা প্ৰাপ্ত হৈ আছিল৷ মই সুখী যে অনাগত কিছু মাহৰ ভিতৰত জম্মু–কাশ্মীৰত গাঁৱৰ লোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পাব৷ নিজৰ স্বয়ং ব্যৱস্থা স্থাপন কৰিবলৈ সুযোগ পাব৷ এতিয়া ভাৰত চৰকাৰে বৃহৎ মাত্ৰাত যি টকা প্ৰত্যক্ষভাৱে গাঁৱলৈ যায় সেই গাঁৱক আগবঢ়াই নিবলৈ তাৰ পৰা নিৰ্বাচিত পঞ্চায়তৰ সাহায্য প্ৰাপ্ত কৰিব৷ সেইবাবে নিকট ভৱিষ্যতত পঞ্চায়তৰ নিৰ্বাচনেই হওক, স্থানীয় নগৰ সভাৰ নিৰ্বাচনেই হওক, সেই দিশত আমি আগবাঢ়ি আছোঁ৷
ভাই–ভনীসকল, আমি দেশক নতুন উচ্চতালৈ নিব লাগিব৷ আমাৰ মন্ত্ৰ হ’ল ‘সকলোৰে সৈতে, সকলোৰে বিকাশ’৷ কোনো ভেদ–ভাৱ নাই, কোনো মোৰ–তোৰ নাই, কোনো আপোন–পৰ নাই, কোনো ভাই–ভতিজাবাদ নাই, সকলোৰে সৈতে অৰ্থাৎ সকলোৰে সৈতে৷ আৰু সেইবাবে আমি এনে লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িছোঁ৷ আমি মই আজি পুনৰ বাৰ এই ত্ৰিৰংগাৰ তলত থিয় হৈ, লালকিল্লাৰ দূৰ্গৰ পৰা কোটি কোটি দেশবাসীক সেই সংকল্পসমূহ দোহাৰিব বিচাৰিছোঁ, যাৰ বাবে আমি নিজকে সমৰ্পণ কৰিবলৈ প্ৰস্তুত৷
সকলো ভাৰতীয়ৰে নিজাকৈ এটা ঘৰ হওক– housing for all৷ সকলো ঘৰতে বিদ্যুতৰ সংযোগ হওক– Power for all৷ সকলো ভাৰতীয়ই ধোঁৱাৰ মুক্তি পাওক আৰু সেইবাবে cooking gas for all৷ সকলো ভাৰতীয়ই প্ৰয়োজন অনুসৰি পানী পাওক আৰু সেইবাবে water for all৷ সকলো ভাৰতীয়ই শৌচাগাৰ পাওক আৰু সেইবাবেsanitation for all৷ সকলো ভাৰতীয়ই কুশলতা লাভ কৰক আৰু সেইবাবে skill for all, সকলো ভাৰতীয়ই ভাল আৰু কম ব্যয়ৰ চিকিৎসাৰ সুবিধা প্ৰাপ্ত কৰক আৰু সেইবাবে health for all, সকলো ভাৰতীয়ই বীমাৰ সুৰক্ষা লাভ কৰক আৰু সেইবাবে insurance for all, সকলো ভাৰতীয়ই ইণ্টাৰনেটৰ সুবিধা পাওক আৰু সেইবাবেconnectivity for all৷ এই মন্ত্ৰকে লৈ আমি দেশক আগুৱাই লৈ যাব বিচাৰিছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল, মানুহে মোৰ বিষয়ে বহু কথা কয়, কিন্তু যিবোৰ কয়, মই আজি সাৰ্বজনিক ৰূপত স্বীকাৰ কৰিছোঁ যে মই অধীৰ, কাৰণ বহুতো দেশ আমাতকৈ আগবাঢ়ি গৈছে, মই মোৰ দেশক এই সকলোবোৰ দেশতকৈ আগুৱাই লৈ যাবলৈ অধীৰ হৈ পৰিছোঁ৷ মই ব্যগ্ৰ হৈ পৰিছোঁ আৰু অধীৰো হৈ পৰিছোঁ৷ মই ব্যগ্ৰ হৈ পৰিছোঁ কাৰণ আমাৰ দেশৰ শিশুসকলৰ বিকাশত কুপোষণ এক ডাঙৰ অন্তৰায় হৈ দেখা দিছে৷ মই মোৰ দেশক কুপোষণৰ পৰা মুক্ত কৰিব লাগে, সেয়ে মই ব্যগ্ৰ৷ মোৰ দেশবাসীসকল, মই ব্যাকুল কিয়নো দুখীয়া লোকসকলে যাতে সমুচিত স্বাস্থ্য বীমা প্ৰাপ্ত কৰিব পাৰে ইয়াৰ বাবে মই অধীৰ যাতে সাধাৰণ জনতাইও যাতে বেমাৰৰ বিৰুদ্ধে যুঁজ দিব পাৰে৷
ভাই–ভনীসকল, মই আমাৰ নাগৰিকসকলে যাতে গুণগত জীৱন প্ৰাপ্ত কৰিব পাৰে, তাত উত্তৰণ হয়, তাৰ বাবে ব্যাকুল৷
মোৰ মৰমৰ দেশবাসীসকল, মই ব্যাকুল কিয়নো চতুৰ্থ ঔদ্যোগিক নৱজাগৰণ, যি জ্ঞানৰ অধিষ্ঠানৰ দ্বাৰা চালিত চতুৰ্থ ঔদ্যোগিক নৱজাগৰণ, সেই নৱজাগৰণৰ তথ্য প্ৰযুক্তি যাৰ আঙুলিত আছে, মোৰ দেশে তাৰ নেতৃত্ব প্ৰদান কৰক তাৰ বাবে মই ব্যাকুল হৈ পৰিছোঁ৷
মোৰ মৰমৰ দেশবাসীসকল, মই আতুৰ কিয়নো মই বিচাৰো যে দেশে নিজ ক্ষমতা আৰু সংসাধনৰ সম্পূৰ্ণ লাভ উঠাওক আৰু বিশ্বত গৰ্বৰ সৈতে আগবাঢ়ক৷
মোৰ মৰমৰ দেশবাসীসকল, আজি আমি যি হয়, কাইলৈ তাতকৈও আগবাঢ়িব বিচাৰোঁ৷ আমি ৰৈ থকাটো নিবিচাৰো, মূৰ দোওৱা আমাৰ স্বভাৱতেই নাই৷ এই দেশে কেতিয়াও থমকি নৰয়, কেতিয়াও ভাগৰি নপৰে, আমি নতুন উচ্চতাত আগবাঢ়িব লাগিব, উত্তৰোত্তৰ প্ৰগতি কৰিব লাগিব৷
ভাই–ভনীসকল, বেদৰ পৰা বৰ্তমানলৈ বিশ্বৰ চিৰপুৰাতন উত্তৰাধিকাৰীৰৰ দ্বাৰা আমি ধনী৷ সেই উত্তৰাধিকাৰেই আমাৰ আশীৰ্বাদ৷ সেই উত্তৰাধিকাৰ যি আমাৰ আত্মবিশ্বাসৰ ভেঁটি, তাকে লৈ আমি ভৱিষ্যতে আৰু আগুৱাই যাব বিচাৰিছোঁ৷ আৰু মোৰ মৰমৰ দেশবাসীসকল, আমি কেৱল ভৱিষ্যত পৰিদৰ্শনতেই ব্যস্ত থাকিব বিচৰা নাই, ভৱিষ্যতৰ সেই শিখৰো স্পৰ্শ কৰিব বিচাৰিছোঁ৷ আৰু সেইবাবে মোৰ মৰমৰ দেশবাসীসকল, মই আপোনালোকক এক নতুন আশা, এক নতুন উৎসাহ, এক নতুন বিশ্বাস..দেশ সেই বিশ্বাসতেই আগবাঢ়ে, দেশ তাৰ জৰিয়তে পৰিৱৰ্তিত হয় আৰু সেইবাবে মোৰ দেশবাসীসকল….
অপনে মন মে এক লক্ষ্য লিয়ে,
অপনে মন মে এক লক্ষ্য লিয়ে,
মঞ্জিল অপনি প্ৰত্যক্ষ লিয়ে,
অপনে মন মে এক লক্ষ্য লিয়ে,
মঞ্জিল অপনি প্ৰত্যক্ষ লিয়ে হম তোড় ৰহে হে জঞ্জীৰে,
হম তোড় ৰহে হে জঞ্জীৰে,
হম বদল ৰহে হে তছবীৰে,
য়ে নৱযুগ হে, য়ে নৱযুগ হে,
য়ে নৱভাৰত হে, য়ে নৱভাৰত হে,
য়ে নৱভাৰত হে৷
“খুদ লিখেংগে অপনী তকদীৰ, হম বদল ৰহে হে তছবীৰ,
খুদ লিখেংগে অপনী তকদীৰ, য়ে নৱযুগ হে, নৱভাৰত হে,
হম নিকল পড়ে হে, হম নিকল পড়ে হে প্ৰণ কৰকে,
হম নিকল পড়ে হে প্ৰণ কৰকে, অপনা তনমন অৰ্পণ কৰকে,
অপনা তনমন অৰ্পণ কৰকে, জিন্দ হে, জিন্দ হে, জিন্দ হে,
এক সুৰ্য উগানা হে, জিন্দ হে এক সুৰ্য উগানা হে,
অম্বৰ চে উঁচা যানা হে, অম্বৰ চে উঁচা যানা হে,
এক ভাৰত নয়া বনানা হে, এক ভাৰত নয়া বনানা হে।।”
মোৰ মৰমৰ দেশবাসীসকল, পুনৰ বাৰ স্বতন্ত্ৰতাৰ এই পৱিত্ৰ মুহূৰ্তত আপোনালোকক বহুত বহুত শুভকামনা প্ৰদান কৰি, আহক জয় হিন্দ মন্ত্ৰৰ সৈতে উচ্চ স্বৰত মোৰ সৈতে কওক, জয় হিন্দ, জয় হিন্দ, জয় হিন্দ, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম৷৷