প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীৰ জীৱনলৈ ডিজিটেল লেনদেনৰ দ্বাৰা হোৱা সুবিধা আৰু স্বাচ্ছ্যন্দৰ কথা উল্লেখ কৰে।
এজন নাগৰিকৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"ডিজিটেল লেনদেনে বহুতৰ জীৱনলৈ সুবিধা আৰু স্বাচ্ছ্যন্দ কঢ়িয়াই আনিছে । এই বিষয়ত অনেক উদাহৰণ পাব।"
Digital payments have brought ease and comfort in the lives of many. You will find many anecdotes on this. https://t.co/AimBRORiOE
— Narendra Modi (@narendramodi) January 21, 2023
একেদৰে, ভাৰতত ডিজিটেল পৰিশোধ গ্ৰহণ সন্দৰ্ভত প্ৰবাসী ভাৰতীয়ৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"এয়া সমগ্ৰ ভাৰততে এক সাধাৰণ দৃশ্য... আমাৰ জনসাধাৰণে প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে খাপ খোৱাত উল্লেখনীয় নিপুণতা প্ৰদৰ্শন কৰিছে।"
It is a common sight across India…our people have shown remarkable dexterity in adapting to tech and innovation. https://t.co/Bl8EsPEshn
— Narendra Modi (@narendramodi) January 21, 2023