বিজেপিৰ অ’বিচি সাংসদ আৰু নেতাৰ এটি প্ৰতিনিধি দলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
অ’বিচি পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ বাবে প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সদস্যসকলে কয় যে এই ঐতিহাসিক পদক্ষেপে অ’বিচি সম্প্ৰদায়ক শক্তিশালী কৰাত সহায় কৰিব৷
প্ৰতিনিধি দলটোৰ প্ৰশংসা আৰু সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনায়৷ অ’বিচি সম্প্ৰদায়ৰ উন্নয়নৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰি যাবলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক উৎসাহিত কৰে৷ সম্প্ৰদায়টোৰ মাজত তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈও তেওঁ আহ্বান জনায়৷
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰাজ্যক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংৱাৰো সাক্ষাতকালত উপস্থিত আছিল৷