ভূটানলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰেছ বিবৃতি তলত উল্লেখ কৰা হ’ল৷

“অহা ১৭-১৯ আগষ্ট, ২০১৯ত মই ভূটান ভ্ৰমণলৈ যাম৷

চলিত কাৰ্যকালৰ আৰম্ভণিতে মোৰ ভূটান ভ্ৰমণে এইটো সূচাইছে যে চৰকাৰে আমাৰ বিশ্বাসী বন্ধু তথা প্ৰতিৱেশী ভূটানৰ সৈতে ভাৰতৰ সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে৷

ভাৰত আৰু ভূটানে ব্যাপক উন্নয়ন অংশীদাৰিত্ব, পাৰস্পৰিক জলবিদ্যুৎ সহযোগিতা আৰু সুদৃঢ় বাণিজ্য আৰু অৰ্থনৈতিক যোগসূত্ৰৰ মাধ্যমেৰে উৎকৃষ্ট ৰূপত দ্বিপাক্ষিক সম্পৰ্ক বৰ্তাই ৰাখিছে৷

মিলিত আধ্যাত্মিক ঐতিহ্য আৰু দুয়োখন দেশৰ লোকসকলৰ মাজত অটুত থকা সম্পৰ্কই ইয়াক আৰু অধিক সুদৃঢ় কৰিছে৷

যোৱা বছৰ দুয়োখন দেশে আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী যুটীয়াভাৱে উদযাপন কৰে৷

ভাৰত ভূটান অংশীদাৰিত্বই বৰ্তমান এক বিশেষ চৰিত্ৰ আৰু বিষয় হোৱাৰ লগতে ভাৰত চৰকাৰৰ ‘প্ৰতিৱেশী প্ৰথম’ নীতিৰো এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে৷

ভ্ৰমণকালত মই মহামহিম ৰজা চতুৰ্থ দ্ৰুক গিয়ালপ’ আৰু ভূটানৰ প্ৰধানমন্ত্ৰীৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভত বিস্তাৰিত তথা ফলপ্ৰসূ আলোচনাত মিলিত হ’ম৷ মই ভূটানৰ সন্মানীয় ৰয়েল বিশ্ববিদ্যালয়ত একাংশ তৰুণ ভূটানী শিক্ষাৰ্থীক উদ্দেশ্যি ভাষণো আগবঢ়াম৷

মোৰ বিশ্বাস মোৰ এই ভ্ৰমণে  ভূটানৰ সৈতে আমাৰ সময়-পৰীক্ষণ আৰু মূল্যবান বন্ধুত্বৰ লগতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধিশালী ভৱিষ্যৎ তথা প্ৰগতিক আৰু অধিক আগুৱাই নিব৷”

 

  • Reena chaurasia August 31, 2024

    बीजेपी
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar

Media Coverage

'Operation Brahma': First Responder India Ships Medicines, Food To Earthquake-Hit Myanmar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মাৰ্চ 2025
March 29, 2025

Citizens Appreciate Promises Kept: PM Modi’s Blueprint for Progress