প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন সৱলীকৃত গোটসমূহৰ সৈতে ক’ভিডজনিত পৰিস্থিতিৰ বুজ লয়।

আৰ্থিক আৰু কল্যাণমূলক ব্যৱস্থাক লৈ গঠিত সৱলীকৃত গোটে প্ৰধানমন্ত্ৰীৰ সন্মুখত গৰীব কল্যাণ অন্ন যোজনাৰ সম্প্ৰসাৰণ আদিৰ দৰে পদক্ষেপসমূহৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। এক দেশ এক ৰেচন কাৰ্ডৰ ফলত সৃষ্টি হোৱা সৰল বহনযোগ্যতাই অধিক লোকক উপকৃত কৰা বুলি বৈঠকত আলোচনা হয়। একেদৰে, ফ্ৰণ্টলাইন স্বাস্থ্য কৰ্মীসকলৰ বাবে বীমা আঁচনি আৰু ৬মাহৰ বাবে বৃদ্ধি কৰা হৈছে।  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে সু-সমন্বয়েৰে এই বিষয়ত কাম কৰা উচিত যাতে দৰিদ্ৰ লোকে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চৰকাৰী সুবিধাসমূহ লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে সৱলীকৃত গোটসমূহক খাদ্য সামগ্ৰীৰ অবিৰত যোগান নিশ্চিত কৰিবলৈ বিস্তৃত ৰূপত পৰিকল্পনা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

সৱলীকৃত গোটসমূহে কিদৰে ব্যক্তিগত খণ্ড, এনজিঅ’ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে সমন্বয় বৰ্তাই ৰাখিছে, সেয়া প্ৰধানমন্ত্ৰীৰ আগত বৰ্ণনা কৰে।

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Building AI for Bharat

Media Coverage

Building AI for Bharat
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Gujarat Governor meets Prime Minister
July 16, 2025

The Governor of Gujarat, Shri Acharya Devvrat, met the Prime Minister, Shri Narendra Modi in New Delhi today.

The PMO India handle posted on X:

“Governor of Gujarat, Shri @ADevvrat, met Prime Minister @narendramodi.”