প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ‘মন কী বাত’ অনুষ্ঠানত হোলী ফেমিলি সংঘৰ পৃষ্ঠপোষক ব্লেজ. মাদাৰ মেৰিয়ম থ্ৰেছিয়াক কৰা প্ৰশংসাৰ বাবে হোলী ফেমিলি সংঘই তেওঁক ধন্যবাদ জনাইছে৷
হোলী ফেমিলিয়ে প্ৰধানমন্ত্ৰীলৈ লিখা এখনি পত্ৰ উল্লেখ কৰে, “মই ছিনিয়ৰ উদয়া, চিএইচএছ, হোলী ফেমিলি সংঘৰ ছুপিৰিয়ৰ জেনেৰেলে মন কী বাত’ অনুষ্ঠানত হোলী ফেমিলি সংঘৰ পৃষ্ঠপোষক ব্লেজ. মাদাৰ মেৰিয়ম থ্ৰেছিয়াক কৰা প্ৰশংসাৰ বাবে আপোনাক ধন্যবাদ জনাইছো৷ তেওঁ এগৰাকী দূৰদৃষ্টিসম্পন্না তথা পূন্যাত্মা মহিলা, মহান ফকীৰ আছিল, যিগৰাকীয়ে বিভিন্ন জটিলতাৰ বিৰুদ্ধে যুঁজি যুঁজি তেওঁৰ অভিযান সফল কৰিছিল৷ আপুনি নতুন ভাৰতৰ পূন্যাত্মা মেৰিয়াম থ্রেছিয়াৰ প্রতি আপোনাৰ সম্পূর্ণ আন্তৰিক প্রশংসা প্রকাশ কৰিছে, যিগৰাকীয়ে আশেপাশে থকা পৰিয়ালসমূহত ভালপোৱা আৰু শান্তি প্রদান আৰু শিক্ষাৰ জৰিয়তে তথা পৰিয়ালসমূহৰ উন্নতিৰ বাবে অতি কঠোৰ পৰিশ্রম কৰিছিল৷ সেইদৰে তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি আগবঢ়াইছিল৷ মাননীয় মোদী ডাঙৰীয়া, ‘মন কী বাত’ৰ জৰিয়তে আপোনাৰ প্ৰশংসাৰ বাৰ্তাই হৃদয় চুই গৈছে আৰু আমাৰ সংঘৰ লগতে সকলোৱেই ইয়াৰ প্ৰশংসা কৰিছে৷”
আকাশবাণীৰ মাহেকীয়া অনুষ্ঠান ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেৰিয়ম থ্ৰেছিয়াৰ কাম-কাজক লৈ সন্তোষ্টি প্ৰকাশ কৰি কয়, “এইটো প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ কথা যে অহা ১৩ অক্টোবৰত মহমহিম পোপ ফ্ৰান্সিছে ছিষ্টাৰ মেৰিয়ম থ্ৰেছিয়াক এগৰাকী পূন্যাত্মা হিচাপে ঘোষণা কৰিব৷ মই ছিষ্টাৰ মেৰিয়ম থ্ৰেছিয়াৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু ভাৰতৰ নাগৰিকসকলক, বিশেষকৈ খ্ৰীষ্টান ভাই-ভনীসকলক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো৷”